1 ULB বজাবলৈ তোমাৰ মুখত শিঙা দিয়া। যিহোৱাৰ গৃহৰ বিৰুদ্ধে কুৰৰ পক্ষীৰ নিচিনাকৈ শত্ৰু আহিছে; কিয়নো লোকবিলাকে মোৰ নিয়মটি লঙ্ঘন কৰিলে, আৰু মোৰ ব্যৱস্থাৰ অহিতে অধৰ্ম্ম-আচৰণ কৰিলে। BSB BSB: Put the ram’s horn to your lips! An eagle looms over the house of the LORD, because the people have transgressed My covenant and rebelled against My law.
2 ULB তেওঁবিলাকে মোৰ আগত কাতৰোক্তি কৰি কব, হে মোৰ ইশ্বৰ, আমি ইস্ৰায়েলে তোমাক জানো। BSB BSB: Israel cries out to Me, “O our God, we know You!”
3 ULB যি উত্তম, ইস্ৰয়েলে তাক দলিয়াই পেলালে; শত্ৰুৱে তাৰ পাছে পাছে খেদি যাব। BSB BSB: But Israel has rejected good; an enemy will pursue him.
4 ULB তেওঁবিলাকে মোৰ অনুমতি নোলোৱাকৈ ৰজা পাতিলে; তেওঁবিলাকে মই নজনাকৈ অধিপতি নিযুক্তি কৰিলে, উচ্ছন্ন হবলৈ তেওঁবিলাকে তেওঁবিলাকৰ সোণ আৰু ৰূপেৰে নিজৰ নিমিত্তে মূৰ্ত্তি সাজিলে। BSB BSB: They set up kings, but not by Me. They make princes, but without My approval. With their silver and gold they make themselves idols, to their own destruction.
5 ULB হে চমৰিয়া, তোমাৰ দামুৰিৰ মূৰ্ত্তি ঘিণলগীয়া; তেওঁবিলাকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হল; তেওঁবিলাক নিৰ্দোষী হবলৈ কিমান কাল লাগিব? BSB BSB: He has rejected your calf, O Samaria. My anger burns against them. How long will they be incapable of innocence?
6 ULB কিয়নো ইস্ৰায়েলৰ পৰা সেইটোও হৈছে; শিল্পকৰে তাক সাজিলে, কিন্তু সি ঈশ্বৰ নহয়; স্বৰূপেই চমৰিয়াৰ দামুৰিৰ মূৰ্ত্তিটো ডোখৰ ডোখৰকৈ ভঙা হব। BSB BSB: For this thing is from Israel—a craftsman made it, and it is not God. It will be broken to pieces, that calf of Samaria.
7 ULB কিয়নো তেওঁবিলাকে বায়ুৰূপ গুটি বৈছে, আৰু বা’মৰলী বতাহৰূপ গুটি দাব; সেইবোৰৰ গোচা নধৰিব, বা চেঁইত চাউল নধৰিব, চাউল ধৰিলেও বিদেশীবোৰে তাক গ্ৰাস কৰিব। BSB BSB: For they sow the wind, and they shall reap the whirlwind. There is no standing grain; what sprouts fails to yield flour. Even if it should produce, the foreigners would swallow it up.
8 ULB ইস্ৰায়েলক গ্ৰাস কৰা হল; সম্প্ৰতি তেওঁবিলাক জাতিবিলাকৰ মাজত, লোকে ভাল নোপোৱা এটি পাত্ৰৰ নিচিনা হল। BSB BSB: Israel is swallowed up! Now they are among the nations like a worthless vessel.
9 ULB কিয়নো তেওঁবিলাক অকলশৰীয়া বনৰীয়া গাধৰ নিচিনাকৈ অচূৰলৈ উঠি গল; ইফ্ৰয়িমে প্ৰেমকাৰীবোৰক বেচ দিলে। BSB BSB: For they have gone up to Assyria like a wild donkey on its own. Ephraim has hired lovers.
10 ULB যদিও তেওঁবিলাকে জাতিবিলাকৰ মাজত লোকবিলাকক বেচ দিলে, তথাপি মই অলপতে তেওঁবিলাকক গোটাই লৈ যাম; তেওঁবিলাক ৰাজাধিৰাজৰ শাসনভাৰত তাকৰ হবলৈ ধৰিব। BSB BSB: Though they hire allies among the nations, I will now round them up, and they will begin to diminish under the oppression of the king of princes.
11 ULB ইফ্ৰয়িমে পাপ কৰিবলৈ অনেক যজ্ঞ-বেদি সাজিলে; এই হেতুকে যজ্ঞ- বেদিবোৰ তালৈ পাপজনক হল। BSB BSB: Though Ephraim multiplied the altars for sin, they became his altars for sinning.
12 ULB যদিও মই তাৰ নিমিত্তে মোৰ ব্যৱস্থাৰ দহ হাজাৰ কথা লিখোঁ, তথাপি সেইবোৰ বিজাতীয় কথা বুলি গণ্য হব। BSB BSB: Though I wrote for them the great things of My law, they regarded them as something strange.
13 ULB উপহাৰস্বৰূপে দিয়া মোৰ বলিবোৰৰ বিষয়ে হলে, তেওঁবিলাকে মাংস উৎসৰ্গ কৰি খায় হয়, কিন্তু যিহোৱাই তেওঁবিলাকক গ্ৰহণ নকৰে। তেওঁ এতিয়া তেওঁবিলাকৰ অপৰাধ সোঁৱৰণ কৰি তেওঁবিলাকৰ পাপৰ প্ৰতিফল দিব; তেওঁবিলাক পুনৰায় মিচৰলৈ যাব। BSB BSB: Though they offer sacrifices as gifts to Me, and though they eat the meat, the LORD does not accept them. Now He will remember their iniquity and punish their sins: They will return to Egypt.
14 ULB কিয়নো ইস্ৰায়েলে নিজ সৃষ্টিকৰ্ত্তাক পাহৰি ঠায়ে ঠায়ে ৰাজগৃহ সাজিলে, আৰু যিহূদাই গড়েৰে আবৃত নগৰৰ সংখ্যা বৃদ্ধি কৰিলে; কিন্তু মই তাৰ নগৰবোৰত জুই লগাম, আৰু সেয়ে তাৰ অট্টালিকাবোৰ গ্ৰাস কৰিব। BSB BSB: Israel has forgotten his Maker and built palaces; Judah has multiplied its fortified cities. But I will send fire upon their cities, and it will consume their citadels.