1 ULB হে মোৰ ভাই সকল, আমাৰ গৌৰৱময় প্ৰভু যীচু খ্ৰীষ্টৰ সম্বন্ধীয় বিশ্বাস, পক্ষপাতেৰে ধাৰণ নকৰিব। BSB BSB: My brothers, as you hold out your faith in our glorious Lord Jesus Christ, do not show favoritism.
2 ULB কিয়নো যদি আপোনালোকৰ সভালৈ সোণৰ আঙঠি আৰু সুন্দৰ বস্ত্ৰেৰে এজন মানুহ সোমাই আহে আৰু মলিয়ন বস্ত্ৰেৰে দৰিদ্ৰ এজনো আহে, BSB BSB: Suppose a man comes into your meeting wearing a gold ring and fine clothes, and a poor man in shabby clothes also comes in.
3 ULB তেতিয়া আপোনালোকে সেই পৰিষ্কাৰ বস্ত্ৰ পিন্ধা জনক যদি মনোযোগেৰে কয়, “আপুনি ইয়াতে স্বচ্ছন্দে বহক” আৰু সেই দৰিদ্ৰ জনক যদি কয়, “তই তাতে থিয় হৈ থাক” বা “মোৰ এই ভৰি-পীৰাৰ তলতে বহ”; BSB BSB: If you lavish attention on the man in fine clothes and say, “Here is a seat of honor,” but say to the poor man, “You must stand” or “Sit at my feet,”
4 ULB তেনেহলে আপোনালোকে নিজৰ মাজতে প্ৰভেদ ৰাখি, কু-বিবেচনা কৰা বিচাৰকৰ্তা সকলৰ দৰে পক্ষপাতী নহ’ল নে? BSB BSB: have you not discriminated among yourselves and become judges with evil thoughts?
5 ULB হে মোৰ প্ৰিয় ভাই সকল, শুনক, জগতত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে? BSB BSB: Listen, my beloved brothers: Has not God chosen the poor of this world to be rich in faith and to inherit the kingdom He promised those who love Him?
6 ULB কিন্তু আপোনালোকে সেই দৰিদ্ৰ সকলক কিয় সন্মান নকৰিলে! ধনৱন্ত লোকে আপোনালোকক অত্যাচাৰ নকৰে নে? তেওঁলোকে আপোনালোকক সোধ-বিচাৰৰ আসনৰ সন্মূখলৈ টানি নিনিয়ে নে? BSB BSB: But you have dishonored the poor. Is it not the rich who oppress you and drag you into court?
7 ULB আৰু যি নামেৰে আপোনালোক নিমন্ত্ৰীত হৈছে, সেই উত্তম নাম ক তেওঁলোকে নিন্দা নকৰে নে? BSB BSB: Are they not the ones who blaspheme the noble name by which you have been called?
8 ULB যদিহে বিধান-শাস্ত্ৰৰ বচনত লিখাৰ দৰে, “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”, এই ৰাজকীয় বিধান যদি আপোনালোকে সত্য ৰূপত সিদ্ধ কৰে, তেনেহলে আপোনালোকে ভাল কৰিছে; BSB BSB: If you really fulfill the royal law stated in Scripture, “Love your neighbor as yourself,” you are doing well.
9 ULB কিন্তু যদি পক্ষপাত কৰে, তেনেহলে পাপ কৰিছে, আৰু আজ্ঞা-লঙ্ঘনকাৰী বুলি বিধানৰ দ্বাৰাই দোষী কৰা হৈছে। BSB BSB: But if you show favoritism, you sin and are convicted by the law as transgressors.
10 ULB কিয়নো কোনোৱে যদি সকলো বিধান পালন কৰোঁতে, এটা বিধানো যদি তেওঁৰ ত্ৰুটি হয়, তেনেহলে তেওঁ সকলো আইন ভংগ কৰিলে আৰু দোষী হ’ল৷ BSB BSB: Whoever keeps the whole law but stumbles at just one point is guilty of breaking all of it.
11 ULB কিয়নো যি জন ঈশ্ৱৰ, তেওঁ কৈছে, “তুমি ব্যভিচাৰ নকৰিবা”, সেই জন ঈশ্ৱৰেই পুনৰ কৈছিল, “তুমি নৰ-বধ নকৰিবা৷” এই হেতুকে আপোনালোকে ব্যভিচাৰ নকৰিও যদি নৰ-বধ কৰে, তেনেহলেও ঈশ্ৱৰৰ বিধান লঙ্ঘনকাৰী হ’ল। BSB BSB: For He who said, “Do not commit adultery,” also said, “Do not murder.” If you do not commit adultery, but do commit murder, you have become a lawbreaker.
12 ULB যি লোক সকলৰ সোধ-বিচাৰ স্বাধীনতা স্বৰূপ বিধানৰ দ্বাৰাই হ’ব, আপোনালোকে নিজকে সেই লোক সকলৰ নিচিনা কথা কৈ সেইবোৰ পালন কৰক৷ BSB BSB: Speak and act as those who are going to be judged by the law that gives freedom.
13 ULB কিয়নো যি জনে দয়া নকৰে, সোধ-বিচাৰো তেওঁলৈ নিৰ্দয়ী হয়৷ দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে! BSB BSB: For judgment without mercy will be shown to anyone who has not been merciful. Mercy triumphs over judgment.
15 ULB কোনো ভাই বা ভনী উদঙে আৰু দৈনিক আহাৰৰ অভাৱত থাকিলে, BSB BSB: Suppose a brother or sister is without clothes and daily food.
16 ULB আপোনালোকৰ মাজৰ এজনে যদি সিহঁতক কয়, “তোমালোকে কুশলে যোৱা আৰু উম লগাই তৃপ্ত হবা;” কিন্তু আপোনালোকে সিহঁতৰ শৰীৰৰ প্ৰয়োজনীয় বস্তু যদি নিদিয়ে, তেনেহলে কি লাভ? BSB BSB: If one of you tells him, “Go in peace; stay warm and well fed,” but does not provide for his physical needs, what good is that?
17 ULB ঠিক সেইদৰে বিশ্বাসৰ লগত যদি কৰ্ম নাথাকে, তেনেহলে সি অকলে মৰা। BSB BSB: So too, faith by itself, if it does not result in action, is dead.
18 ULB তথাপি কোনোবাই ক’ব পাৰে, “তোমাৰ বিশ্বাস আছে আৰু মোৰ কৰ্ম আছে।” বাৰু, তেনেহলে বিনাকৰ্মৰে আপোনাৰ বিশ্বাস মোক দেখুৱাওঁক আৰু মই মোৰ কৰ্মৰ দ্বাৰাই অাপোনাক মোৰ বিশ্বাস দেখুৱাম। BSB BSB: But someone will say, “You have faith and I have deeds.” Show me your faith without deeds, and I will show you my faith by my deeds.
20 ULB কিন্তু, হে নির্বোধ মানুহ, কৰ্মহীন বনুৱাৰ বিশ্বাস যে ব্যৰ্থ, ইয়াক আপুনি জানিবলৈ ইচ্ছা কৰে নে? BSB BSB: O foolish man, do you want evidence that faith without deeds is worthless?
21 ULB আমাৰ পিতৃ অব্ৰাহামে বেদীৰ ওপৰত নিজ পুত্ৰ ইচহাকক উৎসৰ্গ কৰাৰ সময়ত, সেই কৰ্মৰ দ্বাৰাই ধার্মিক বুলি গণিত হোৱা নাছিল নে? BSB BSB: Was not our father Abraham justified by what he did when he offered his son Isaac on the altar?
22 ULB এইদৰে চালে দেখিব যে, বিশ্বাস তেওঁৰ কৰ্মৰ সহকাৰী আছিল আৰু সেই কৰ্মৰ দ্বাৰাই বিশ্বাস সিদ্ধ হ’ল। BSB BSB: You see that his faith was working with his actions, and his faith was perfected by what he did.
23 ULB এই শাস্ত্ৰীয় বচন সিদ্ধ হ’ল, যত কোৱা আছে, “অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত, সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল” আৰু সেই বাবে তেওঁক ঈশ্বৰৰ মিতিৰ বোলা হ’ল। BSB BSB: And the Scripture was fulfilled that says, “Abraham believed God, and it was credited to him as righteousness,” and he was called a friend of God.
25 ULB সেইদৰে ৰাহব বেশ্যায়ো কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত নহ’ল নে; যেতিয়া তেওঁ বার্তাবাহক সকলক আলহী কৰি ৰাখিছিল আৰু পাছত আন বাটেদি পঠিয়াই দিছিল? BSB BSB: In the same way, was not even Rahab the prostitute justified by her actions when she welcomed the spies and sent them off on another route?
26 ULB কিয়নো যেনেকৈ আত্মা-বিহীন শৰীৰ মৰা, তেনেকৈ কৰ্মবিহীন বিশ্বাসো মৰা। BSB BSB: As the body without the spirit is dead, so faith without deeds is dead.
Select verses for actions: Enter goes to them and Escape comes back.