1 ULB হে মোৰ ভাই সকল, আপোনালোকৰ মাজত অনেক লোকে শিক্ষক হোৱাৰ কাৰণে চেষ্টা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকে জানে যে আমাৰ দৃঢ় সোধ-বিচাৰ হ’ব। BSB BSB: Not many of you should become teachers, my brothers, because you know that we who teach will be judged more strictly.
2 ULB কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ। BSB BSB: We all stumble in many ways. If anyone is never at fault in what he says, he is a perfect man, able to control his whole body.
3 ULB ঘোঁৰাবোৰ আমাৰ বশীভূত হ’বলৈ আমি যেতিয়া সিহঁতৰ মুখত লেকাম বান্ধি দিওঁ, তেতিয়া আমি সিহঁতৰ গোটেই শৰীৰটোকে ঘূৰাব পাৰোঁ। BSB BSB: When we put bits into the mouths of horses to make them obey us, we can guide the whole animal.
4 ULB লক্ষ্য কৰিব যে, কেনেকৈ অতি ডাঙৰ জাহাজবোৰে প্ৰচণ্ড বায়ুৰ দ্বাৰাই চালিত হ’লেও, সেইবোৰক অতি সৰু বৃত্তাকাৰ হালিৰেহে গুৰিয়ালৰ ইচ্ছা অনুসাৰে ঘূৰুউৱা যায়। BSB BSB: Consider ships as well. Although they are so large and are driven by strong winds, they are steered by a very small rudder wherever the pilot is inclined.
5 ULB সেইদৰে জিভাও অতি ক্ষুদ্ৰ অঙ্গ কিন্তু ই মহা-দৰ্পৰ কথা কয়। লক্ষ্য কৰক, যে সৰু জুইৰ ফিৰিঙতি এটিয়ে কিমান ডাঙৰ হাবি পুৰি পেলায়! BSB BSB: In the same way, the tongue is a small part of the body, but it boasts of great things. Consider how small a spark sets a great forest ablaze.
6 ULB সেইদৰে জিভাও হৈছে এক অগ্নিস্বৰূপ; আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাজত জিভা অধৰ্মময় জগত স্বৰূপ; সেয়ে গোটেই শৰীৰক কলঙ্কিত কৰি আমাৰ জীৱনৰ পথৰ লগতে নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়। BSB BSB: The tongue also is a fire, a world of wickedness among the parts of the body. It pollutes the whole person, sets the course of his life on fire, and is itself set on fire by hell.
7 ULB কিয়নো পশু, পক্ষী, উৰগ আৰু জলজন্তু আদি কৰি সকলোৰে স্বভাৱক মানুহৰ স্বভাৱৰ দ্বাৰাই বশ কৰা হৈছে আৰু বশ কৰি অহা হৈছে; BSB BSB: All kinds of animals, birds, reptiles, and creatures of the sea are being tamed and have been tamed by man,
8 ULB কিন্তু জিভাক দমন কৰিবলৈ মানুহৰ মাজত কাৰো সাধ্য নাই; সেয়ে অশান্ত দুষ্টতা স্বৰূপ, মৃত্যুজনক বিহেৰে পৰিপূৰ্ণ। BSB BSB: but no man can tame the tongue. It is a restless evil, full of deadly poison.
9 ULB তাৰেই আমি আমাৰ পিতৃ প্ৰভুৰ ধন্যবাদ কৰোঁ; আৰু তাৰেই ঈশ্বৰৰ সদৃশ্যেৰে হোৱা লোক সকলক অভিশাপ দিওঁ। BSB BSB: With the tongue we bless our Lord and Father, and with it we curse men, who have been made in God’s likeness.
10 ULB একে মুখৰ পৰাই আশীৰ্বাদ আৰু অভিশাপৰ কথা ওলায়। হে মোৰ ভাই সকল, এনে হোৱা উচিত নহয়। BSB BSB: Out of the same mouth come blessing and cursing. My brothers, this should not be!
11 ULB একেটা ভুমুকৰ বিন্ধাইদি নির্মল আৰু তিতা, একেলগে দুবিধ পানী ওলাই নে? BSB BSB: Can both fresh water and salt water flow from the same spring?
12 ULB হে মোৰ ভাই সকল, ডিমৰু গছত জলফাই নাইবা দ্ৰাক্ষালতাত ডিমৰু ফল ধৰিব পাৰে নে? তেনেদৰে লুণীয়া পানীয়েও সোৱাদ পানী উৎপন্ন কৰিব নোৱাৰে। BSB BSB: My brothers, can a fig tree grow olives, or a grapevine bear figs? Neither can a salt spring produce fresh water.
13 ULB আপোনালোকৰ মাজত জ্ঞানী আৰু সুবুদ্ধি থকা লোক কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য দেখুৱাওঁক। BSB BSB: Who is wise and understanding among you? Let him show it by his good conduct, by deeds done in the humility that comes from wisdom.
14 ULB কিন্তু আপোনালোকৰ হৃদয়ত যদি তিক্ততা, ঈৰ্ষা আৰু বিৰোধ থাকে, তেনেহলে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিব আৰু মিছাকৈয়ো নক’ব। BSB BSB: But if you harbor bitter jealousy and selfish ambition in your hearts, do not boast in it or deny the truth.
15 ULB এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিৱ, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক। BSB BSB: Such wisdom does not come from above, but is earthly, unspiritual, demonic.
16 ULB কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতেই দ্বন্দ আৰু আটাই কুকৰ্ম্ম থাকে। BSB BSB: For where jealousy and selfish ambition exist, there will be disorder and every evil practice.
17 ULB কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, অকপট আৰু নিৰ্মল। BSB BSB: But the wisdom from above is first of all pure, then peace-loving, gentle, accommodating, full of mercy and good fruit, impartial, and sincere.
18 ULB যি সকল লোক মিলনকাৰী, তেওঁলোকৰ দ্বাৰাই ৰোপন কৰা শান্তিৰে ধাৰ্মিকতাৰ ফল পোৱা যায়। BSB BSB: Peacemakers who sow in peace reap the fruit of righteousness.
Select verses for actions: Enter goes to them and Escape comes back.