1 ULB যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ সময়ত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ এই বাক্য আহিল, বোলে, BSB BSB: This is the word that came to Jeremiah from the LORD in the days of Jehoiakim son of Josiah king of Judah:
2 ULB “তুমি ৰেখব-বংশীয় লোকসকলৰ ওচৰলৈ যোৱা, আৰু তেওঁলোকৰ লগত কথা বতৰা কৰা। তাৰ পাছত তেওঁলোকক যিহোৱাৰ গৃহৰ কোনো এটা কোঁঠালিলৈ আনি, পান কৰিবলৈ দ্ৰাক্ষাৰস দিয়া।” BSB BSB: “Go to the house of the Rechabites, speak to them, and bring them to one of the chambers of the house of the LORD to offer them a drink of wine.”
3 ULB তেতিয়া মই হবচিনিয়াৰ নাতিয়েক যিৰিমিয়াৰ পুত্ৰ যাজনিয়া, তেওঁৰ কঁকায়েক-ভায়েকসকলক, তেওঁৰ পুত্রসকলক আৰু ৰেখবীয়াৰ গোটেই বংশক লগত লৈ গ’লো। BSB BSB: So I took Jaazaniah son of Jeremiah, the son of Habazziniah, and his brothers and all his sons—the entire house of the Rechabites—
4 ULB মই তেওঁলোকক যিহোৱাৰ গৃহলৈ, ঈশ্বৰৰ লোক যিগ্দলিয়াৰ পুত্ৰ হাননৰ পুত্রসকলৰ কোঁঠালিলৈ নিলোঁ। সেই কোঁঠালি চল্লুমৰ পুত্ৰ মাচেয়া নামেৰে দুৱৰীৰ কোঁঠালিৰ ওপৰত প্ৰধান লোকসকলৰ কোঁঠালিৰ কাষত আছিল। BSB BSB: and I brought them into the house of the LORD, to a chamber occupied by the sons of Hanan son of Igdaliah, a man of God. This room was near the chamber of the officials, which was above the chamber of Maaseiah son of Shallum the doorkeeper.
5 ULB তাৰ পাছত মই ৰেখব-বংশৰ লোকসকলৰ সন্মুখত দ্ৰাক্ষাৰসেৰে ভৰা কলহ আৰু বাতি আগত ৰাখি তেওঁলোকক ক’লোঁ, “তোমালোকে কিছু দ্ৰাক্ষাৰস পান কৰা।” BSB BSB: Then I set pitchers full of wine and some cups before the men of the house of the Rechabites, and I said to them, “Drink some wine.”
6 ULB কিন্তু তেওঁলোকে ক’লে, “আমি একো দ্ৰাক্ষাৰস পান নকৰোঁ, কিয়নো আমাৰ পূৰ্ব্ব–পুৰুষ ৰেখবৰ পুত্ৰ যোনাদবে আমাক এই আজ্ঞা দিছিল, ‘তোমালোকে আৰু তোমালোকৰ সন্তানসকলে কোনেও চিৰকালৈকে দ্ৰাক্ষাৰস পান নকৰিবা। BSB BSB: “We do not drink wine,” they replied, “for our forefather Jonadab son of Rechab commanded us, ‘Neither you nor your descendants are ever to drink wine.
7 ULB আৰু কোনো ঘৰ নাসাজিবা, গুটি নিসিচিবা, দ্ৰাক্ষাবাৰী নাপাতিবা আৰু এইবোৰৰ একোৰো অধিকাৰি নহ’বা; কিয়নো তোমালোকে প্ৰবাস কৰা দেশত বহু দিন থাকিবৰ কাৰণে, তোমালোকৰ সকলো কালত তম্বুত বাস কৰিবা।’ BSB BSB: Nor are you ever to build a house or sow seed or plant a vineyard. Those things are not for you. Instead, you must live in tents all your lives, so that you may live a long time in the land where you wander.’
8 ULB আমি আমাৰ পত্নী, লৰা আৰু ছোৱালী সকলোৱে আমাৰ গোটেই জীৱনৰ কালত দ্ৰাক্ষাৰস পান নকৰিবলৈ, আৰু আমাৰ পুৰ্ব্ব–পুৰুষ ৰেখবৰ পুত্ৰ যোনাদবে দিয়া সকলো আজ্ঞাবোৰ পালন কৰিছোঁ। BSB BSB: And we have obeyed the voice of our forefather Jonadab son of Rechab in all he commanded us. So we have not drunk wine all our lives—neither we nor our wives nor our sons and daughters.
9 ULB আমি নিবাসৰ অৰ্থে ঘৰ কেতিয়াও নাসাজিম, আৰু আমাৰ দ্ৰাক্ষাবাৰী, শস্যক্ষেত্ৰ আৰু কঠীয়াত আমাৰ কোনো অধিকাৰ নাই। BSB BSB: Nor have we built houses in which to live, and we have not owned any vineyards or fields or crops.
10 ULB কিন্তু আমি তম্বুত থাকি, আমাৰ পূৰ্ব্ব-পুৰুষ যোনাদবে দিয়া আজ্ঞা মানি, সেই অনুসাৰে সকলো কাম কৰি আহিছোঁ। BSB BSB: But we have lived in tents and have obeyed and done exactly as our forefather Jonadab commanded us.
11 ULB কিন্তু যেতিয়া বাবিলৰ ৰজা নবূখদৰেচৰ এই দেশ আক্রমণ কৰিছিল, তেতিয়া আমি ক’লোঁ, ‘আহাঁ, আমি কলদীয়া আৰু অৰামীয়াসকলৰ সৈন্যসামন্তৰ পৰা হাৰি যিৰূচালেমলৈ যাওহঁক।’ এই কাৰণে আমি যিৰূচালেমত বাস কৰিছোঁ।” BSB BSB: So when Nebuchadnezzar king of Babylon marched into the land, we said: ‘Come, let us go into Jerusalem to escape the armies of the Chaldeans and the Arameans.’ So we have remained in Jerusalem.”
12 ULB পাছত যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে, BSB BSB: Then the word of the LORD came to Jeremiah:
13 ULB “বাহিনীসকলৰ যিহোৱাই, ইস্ৰায়েলৰ ঈশ্বৰে এই কথা কৈছে: তুমি গৈ যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱা, যিহোৱাই কৈছে, ‘তোমালোকে মোৰ বাক্যলৈ কাণ দিবলৈ উপদেশ গ্ৰহণ নকৰিবা নে?’ BSB BSB: “This is what the LORD of Hosts, the God of Israel, says: Go and tell the men of Judah and the residents of Jerusalem: ‘Will you not accept discipline and obey My words?’ declares the LORD.
14 ULB ৰেখবৰ পুত্ৰ যোনাদবে দ্ৰাক্ষাৰস পান নকৰিবলৈ তেওঁৰ সন্তানসকলক যি বাক্যৰে আজ্ঞা কৰিছিল, তেওঁৰ সেই বাক্য আজিলৈকে সিদ্ধ আছে। তেওঁলোকে তেওঁলোকৰ পূৰ্ব্ব-পুৰুষৰ আজ্ঞা মানে; কিন্তু মই অতি প্ৰভাতে উঠি তোমালোকক কৈ আছোঁ, তথাপি তোমালোকে মোৰ বাক্য নামানা। BSB BSB: The words of Jonadab son of Rechab have been carried out. He commanded his sons not to drink wine, and they have not drunk it to this very day because they have obeyed the command of their forefather. But I have spoken to you again and again, and you have not obeyed Me!
15 ULB মই মোৰ সকলো দাস, ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াইছিলোঁ আৰু প্ৰভাতে উঠি তেওঁলোকক পঠিয়াই তোমালোকক কোৱাইছিলোঁ, “তোমালোকে এতিয়া নিজ নিজ কু-পথৰ পৰা ঘূৰি নিজ নিজ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰা। আন আন দেৱতাবোৰক সেৱাপূজা কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যাওঁতা নহ’বা। তাৰ পৰিবৰ্ত্তে মই তোমালোকক আৰু তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক দিয়া দেশলৈ তোমালোকে ঘূৰি আহা। তথাপিও তোমালোকে মোৰ কথালৈ কাণ দিয়া নাই আৰু মোৰ বাক্যলৈ মনকো দিয়া নাই।” BSB BSB: Again and again I have sent you all My servants the prophets, proclaiming: ‘Turn now, each of you, from your wicked ways, and correct your actions. Do not go after other gods to serve them. Live in the land that I have given to you and your fathers.’ But you have not inclined your ear or listened to Me.
16 ULB ৰেখবৰ পুত্ৰ যোনাদবৰ সন্তানসকলে তেওঁলোকক দিয়া তেওঁলোকৰ পুৰ্ব্ব–পুৰুষৰ আজ্ঞা পালন কৰি আহিছে, কিন্তু এই জাতিৰ লোকসকলে মোৰ কথালৈ কাণ দিবলৈ অস্ৱীকাৰ কৰিছে।’ BSB BSB: Yes, the sons of Jonadab son of Rechab carried out the command their forefather gave them, but these people have not listened to Me.
17 ULB এই কাৰণে বাহিনীসকলৰ ঈশ্বৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই, এই কথা কৈছে: ‘চোৱা, যিহূদা আৰু যিৰূচালেম-নিবাসীসকলৰ অহিতে মই কোৱা সকলো অমঙ্গলৰ কথা তেওঁলোকলৈ ঘটাম, কিয়নো মই তেওঁলোকক যি ঘোষণা কৰিছিলোঁ, সেই বিষয়ে তেওঁলোকে নুশুনিলে। মই তেওঁলোকক মাতিলো কিন্তু তেওঁলোকে উত্তৰ নিদিলে’।” BSB BSB: Therefore this is what the LORD God of Hosts, the God of Israel, says: ‘Behold, I will bring to Judah and to all the residents of Jerusalem all the disaster I have pronounced against them, because I have spoken to them but they have not obeyed, and I have called to them but they have not answered.’”
18 ULB যিৰিমিয়াই ৰেখবীয়া বংশক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ পূৰ্ব্ব-পুৰুষ যোনাদবৰ আজ্ঞালৈ মনোযোগ কৰি তেওঁৰ সকলো আদেশ পালন কৰিছা, আৰু তেওঁ তোমালোকক দিয়া আটাই আজ্ঞা অনুসাৰে কাৰ্য্য কৰিছা; BSB BSB: Then Jeremiah said to the house of the Rechabites: “This is what the LORD of Hosts, the God of Israel, says: ‘Because you have obeyed the command of your forefather Jonadab and have kept all his commandments and have done all that he charged you to do,
19 ULB এই কাৰণে বাহিনীসকলৰ যিহোৱা আৰু ইস্ৰায়েলৰ ঈশ্বৰে এই কথা কৈছে: মোক সেৱা কৰিবৰ কাৰণে ৰেখবৰ পুত্ৰ যোনাদবৰ বংশৰ পৰা কেতিয়াও কোনো এজন লোকৰ অভাৱ নহ’ব’।” BSB BSB: this is what the LORD of Hosts, the God of Israel, says: Jonadab son of Rechab will never fail to have a man to stand before Me.’”
Select verses for actions: Enter goes to them and Escape comes back.