1 ULB যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ চতুৰ্থ বছৰত যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল, বোলে, BSB BSB: In the fourth year of Jehoiakim son of Josiah king of Judah, this word came to Jeremiah from the LORD:
2 ULB “তুমি এখন নুৰিওৱা পুথি লোৱা; আৰু মই তোমাক প্ৰথমে কোৱা দিনৰে পৰা, যোচিয়াৰ ৰাজত্বৰ কালৰে পৰা আজিলৈকে, ইস্ৰায়েলৰ, যিহূদাৰ, আৰু সকলো জাতিৰ বিৰুদ্ধে যি যি কথা মই তোমাৰ আগত কৈ আছো, সেই সকলো কথা সেই পুথিত লিখা। BSB BSB: “Take a scroll and write on it all the words I have spoken to you concerning Israel, Judah, and all the nations, from the day I first spoke to you during the reign of Josiah until today.
3 ULB যিহূদা বংশলৈ মই যি অমঙ্গল ঘটাবলৈ কল্পনা কৰিছো, কিজানি নিজ নিজ কুপথৰ পৰা ঘূৰিবলৈ তেওঁলোকে সেই সকলো অমঙ্গলৰ কথা শুনিব; তেতিয়া মই তেওঁলোকৰ অপৰাধ আৰু পাপ ক্ষমা কৰিম।” BSB BSB: Perhaps when the people of Judah hear about all the calamity I plan to bring upon them, each of them will turn from his wicked way. Then I will forgive their iniquity and their sin.”
5 ULB পাছে যিৰিমিয়াই বাৰূকক আজ্ঞা দি কলে, মই বন্ধ আছোঁ, যিহোৱাৰ গৃহলৈ যাব নোৱাৰোঁ। BSB BSB: Then Jeremiah commanded Baruch, “I am restricted; I cannot enter the house of the LORD;
6 ULB এই হেতুকে তুমি গৈ যিহোৱাৰ গৃহত উপবাসৰ দিনা, মোৰ মুখৰ পৰা পুথিখনত লিখা যিহোৱাৰ বাক্যবোৰ তেওঁৰ গৃহত থকা লোকসকলে আৰু বিভিন্ন নগৰৰ পৰা অহা যিহূদাৰ সকলো লোকে শুনাকৈ পাঠ কৰা। BSB BSB: so you are to go to the house of the LORD on a day of fasting, and in the hearing of the people you are to read the words of the LORD from the scroll you have written at my dictation. Read them in the hearing of all the people of Judah who are coming from their cities.
7 ULB কিজানি তেওঁলোকে নিজ নিজ নিবেদন যিহোৱাৰ আগত জনাব। আৰু তেওঁলোক প্ৰতিজনে নিজ নিজ কুপথৰ পৰা ঘূৰিব; কিয়নো এই জাতিৰ বিৰুদ্ধে প্ৰকাশ কৰা যিহোৱাৰ ক্ৰোধ আৰু কোপ অতি প্ৰবল। BSB BSB: Perhaps they will bring their petition before the LORD, and each one will turn from his wicked way; for great are the anger and fury that the LORD has pronounced against this people.”
8 ULB পাছে পুথিখনত লিখা যিহোৱাৰ বাক্যবোৰ নেৰিয়াৰ পুত্ৰ বাৰূকে যিহোৱাৰ গৃহত পাঠ কৰি যিৰিমিয়া ভাববাদীৰ আজ্ঞা পালন কৰিলে। BSB BSB: So Baruch son of Neriah did everything that Jeremiah the prophet had commanded him. In the house of the LORD he read the words of the LORD from the scroll.
9 ULB যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ পঞ্চম বছৰৰ নৱম মাহত যিৰূচালেমত থকা লোকসকলে, আৰু যিহূদাৰ নগৰবোৰৰ পৰা যিৰূচালেমলৈ অহা প্ৰজাসকলে যিহোৱাৰ উদ্দেশ্যে উপবাস ঘোষণা কৰিলে। BSB BSB: Now in the ninth month of the fifth year of Jehoiakim son of Josiah king of Judah, a fast before the LORD was proclaimed to all the people of Jerusalem and all who had come there from the cities of Judah.
11 ULB আৰু চাফনৰ নাতিয়েক গমৰিয়াৰ পুত্ৰ মীখায়াই সেই পুথিখনৰ পৰা যিহোৱাৰ সকলো বাক্য শুনিলে। BSB BSB: When Micaiah son of Gemariah, the son of Shaphan, heard all the words of the LORD from the scroll,
12 ULB তেওঁ ৰাজ-গৃহলৈ লিখকৰ কোঁঠালিলৈ নামি গ’ল; চোৱা, সেই সময়ত সকলো প্ৰধান লোক, অৰ্থাৎ ইলীচামা লিখক, চমৰিয়াৰ পুত্ৰ দলায়া, অকবোৰৰ পুত্ৰ ইলনাথন, চফনৰ পুত্ৰ গমৰিয়া, আৰু হননিয়াৰ পুত্ৰ চিদিকিয়া আদি সকলো প্ৰধান লোক তাত বহি আছিল। BSB BSB: he went down to the scribe’s chamber in the king’s palace, where all the officials were sitting: Elishama the scribe, Delaiah son of Shemaiah, Elnathan son of Achbor, Gemariah son of Shaphan, Zedekiah son of Hananiah, and all the other officials.
13 ULB তেতিয়া লোকসকলে শুনিবলৈ বাৰূকে পুথিখন পাঠ কৰা সময়ত মীখায়াই যি সকলো বাক্য শুনিছিল, তেওঁ তাক তেওঁলোকৰ আগত প্ৰকাশ কৰিলে। BSB BSB: And Micaiah reported to them all the words he had heard Baruch read from the scroll in the hearing of the people.
14 ULB এই হেতুকে সকলো প্ৰধান লোকে কুচীৰ প্ৰপৌত্ৰ চেলেমিয়াৰ নাতিয়েক নথনিয়াৰ পুত্ৰ যিহূদীক বাৰূকৰ ওচৰলৈ এই কথা কৈ পঠিয়ালে, “লোকসকলে শুনাকৈ তুমি পাঠ কৰা নুৰিওৱা পুথিখন তুমি হাতত লৈ আহাঁ।” BSB BSB: Then all the officials sent word to Baruch through Jehudi son of Nethaniah, the son of Shelemiah, the son of Cushi, saying, “Bring the scroll that you read in the hearing of the people, and come here.” So Baruch son of Neriah took the scroll and went to them.
15 ULB তেওঁলোকে তেওঁক ক’লে, “এতিয়া বহি আমি শুনাকৈ পাঠ কৰা; তেতিয়া বাৰূকে তেওঁলোকে শুনাকৈ পাঠ কৰিলে।” BSB BSB: “Please sit down,” they said, “and read it in our hearing.” So Baruch read it in their hearing.
16 ULB তেতিয়া সেই সকলো কথা শুনি তেওঁলোক আটাইৰে ভয় লাগি ইজনে সিজনলৈ চোৱা-চোই কৰি বাৰূকক ক’লে, “আমি এই সকলো কথাৰ বিষয়ে অৱশ্যে ৰজাক জনাব লাগিব।” BSB BSB: When they had heard all these words, they turned to one another in fear and said to Baruch, “Surely we must report all these words to the king.”
17 ULB পাছে তেওঁলোকে বাৰূকক সোধিলে, “কোৱাচোন, তুমি কেনেকৈ তেওঁৰ মুখৰ পৰা এইবোৰ কথা লিখিছিলা? BSB BSB: “Tell us now,” they asked Baruch, “how did you write all these words? Was it at Jeremiah’s dictation?”
18 ULB তেতিয়া বাৰূকে উত্তৰ দি ক’লে, “তেওঁ মুখেৰে মোৰ আগত এই সকলো বাক্য উচ্ছাৰণ কৰিছিল, আৰু মই চিয়াঁহীৰে এই পুথিত এই সকলো লিখিছিলোঁ। BSB BSB: “It was at his dictation,” Baruch replied. “He recited all these words to me and I wrote them in ink on the scroll.”
19 ULB তেতিয়া প্ৰধান লোকসকলে বাৰূকক ক’লে, “তুমি আৰু যিৰিমিয়া গৈ, তোমালোকৰ থকা ঠাই কোনেও নজনাকৈ লোকাই থাকাগৈ।” BSB BSB: Then the officials said to Baruch, “You and Jeremiah must hide yourselves and tell no one where you are.”
20 ULB তেতিয়া তেওঁলোকে ইলীচামা লিখকৰ কোঁঠালিত পুথিখন থৈ ৰজাৰ ওচৰলৈ অৰ্থাৎ চোতাললৈ সোমাই গ’ল, আৰু ৰজাই শুনাকৈ সেই সকলো বাক্য প্ৰকাশ কৰিলে। BSB BSB: So the officials went to the king in the courtyard. And having stored the scroll in the chamber of Elishama the scribe, they reported everything to the king.
21 ULB তেতিয়া ৰজাই পুথিখন আনিবলৈ যিহূদীক পঠিয়ালে, যিহূদীয়ে ইলীচামা লিখকৰ কোঠালিৰ পৰা তাক আনিলে। আৰু ৰজাই শুনাকৈ, আৰু তেওঁৰ ওচৰত থিয় হৈ থকা সকলো প্ৰধান লোকে শুনাকৈ যিহূদীয়ে তাক পাঠ কৰিলে। BSB BSB: Then the king sent Jehudi to get the scroll, and he took it from the chamber of Elishama the scribe. And Jehudi read it in the hearing of the king and all the officials who were standing beside him.
22 ULB সেই সময়ত ৰজাই নৱম মাহত জাৰকালিত থকা ঘৰত বহি আছিল, আৰু তেওঁৰ আগত টিফাইত জুই জ্বলি আছিল। BSB BSB: Since it was the ninth month, the king was sitting in his winter quarters with a fire burning before him.
23 ULB পাছত যিহূদীয়ে পৃষ্ঠাৰ তিনি চাৰি অংশ পাঠ কৰাৰ পাছত ৰজাই লিখকৰ কলম কটা কটাৰীৰে তাক কাটি টিফাইৰ জুইত পেলায়; এইদৰে গোটেই পুথিখন টিফাইৰ জুইত নষ্ট নোহোৱালৈকে তেওঁ কাটি কাটি পেলাই আছিল। BSB BSB: And as soon as Jehudi had read three or four columns, Jehoiakim would cut them off with a scribe’s knife and throw them into the firepot, until the entire scroll had been consumed by the fire.
24 ULB সেই সকলো বাক্য শুনিও ৰজা আৰু মন্ত্ৰী কোনেও ভয় নকৰিলে, বা নিজ নিজ বস্ত্ৰ নাফালিলে। BSB BSB: Yet in hearing all these words, the king and his servants did not become frightened or tear their garments.
25 ULB ইলনাথন, দলায়া, আৰু গমৰিয়াই পুথিখন নুপুৰিবলৈ ৰজাক বিনয় কৰিলে; তথাপি তেওঁ তেওঁলোকৰ কথা নুশুনিলে। BSB BSB: Even though Elnathan, Delaiah, and Gemariah urged the king not to burn the scroll, he would not listen to them.
26 ULB পাছত ৰজাই যিৰহমেল কোঁৱৰক, অজ্ৰীয়েলৰ পুত্ৰ চৰায়াক, অব্দয়েলৰ পুত্ৰ চেলেমীয়াক, বাৰূক লিখক আৰু যিৰিমিয়া ভাববাদীক ধৰিবলৈ আজ্ঞা কৰিলে; কিন্তু যিহোৱাই তেওঁলোকক লুকুৱাই থৈছিল। BSB BSB: Instead, the king commanded Jerahmeel, a son of the king, as well as Seraiah son of Azriel and Shelemiah son of Abdeel, to seize Baruch the scribe and Jeremiah the prophet. But the LORD had hidden them.
28 ULB “তুমি পুনৰায় আৰু এখন নুৰিওৱা পুথি কোৱা, আৰু যিহূদাৰ ৰজা যিহোয়াকীমে পুৰি পেলোৱা সেই প্ৰথম পুথিত আগেয়ে যি যি লিখা আছিল, সেই সকলো তাত লিখা। BSB BSB: “Take another scroll and rewrite on it the very words that were on the original scroll, which Jehoiakim king of Judah has burned.
29 ULB তেতিয়া যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে নিশ্চয়ে তুমি ক’বা, ‘যিহোৱাই এই কথা কৈছে, যে, বাবিলৰ ৰজাই অৱশ্যে আহি এই দেশ নষ্ট কৰিব, আৰু ইয়াত পশু আৰু মানুহ নোহোৱা কৰিব, এনে কথা এই পুথিখনত কিয় লিখিছা? এই বুলি তুমি তাক পুৰি পেলালা!’ BSB BSB: You are to proclaim concerning Jehoiakim king of Judah that this is what the LORD says: You have burned the scroll and said, ‘Why have you written on it that the king of Babylon would surely come and destroy this land and deprive it of man and beast?’
30 ULB এই হেতুকে যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে যিহোৱাই এই কথা কৈছে, যে, যিহূদাৰ সিংহাসনত বহিবলৈ তেওঁৰ বংশৰ কোনো নাথাকিব, আৰু তেওঁৰ শৱ দিনত ৰ’দত আৰু ৰাতি হিমত পৰি থাকিব। BSB BSB: Therefore this is what the LORD says about Jehoiakim king of Judah: He will have no one to sit on David’s throne, and his body will be thrown out and exposed to heat by day and frost by night.
31 ULB আৰু মই তোমাক, “তোমাৰ বংশক, আৰু তোমাৰ মন্ত্ৰীসকলক তোমালোকৰ অপৰাধৰ কাৰণে দণ্ড দিম। আৰু তোমালোকৰ অহিতে, যিৰূচালেম-নিবাসীসকল আৰু যিহূদী লোকসকলৰ অহিতে যি অমঙ্গলৰ কথা ক’লোঁ, কিন্তু তোমালোকে নুশুনিলা, সেই সকলো অমঙ্গল মই তোমালোকলৈ ঘটাম।” BSB BSB: I will punish him and his descendants and servants for their iniquity. I will bring on them, on the residents of Jerusalem, and on the men of Judah, all the calamity about which I warned them but they did not listen.”
32 ULB তেতিয়া যিৰিমিয়াই আৰু এখন নুৰিওৱা পুথি লৈ নেৰিয়াৰ পুত্ৰ বাৰূক লিখকক দিলে। বাৰূকে যিহূদাৰ ৰজা যিহোয়াকীমে, যিৰিমিয়াৰ মুখৰ পৰা ওলোৱা সকলো বাক্য জুইত পুৰি পেলোৱা পুথিখনৰ সকলো বাক্য তাত লিখিলে। তাৰ বাহিৰে তেনেকুৱা আৰু অনেক কথাও তাত যোগ দিয়া হ’ল। BSB BSB: Then Jeremiah took another scroll and gave it to the scribe Baruch son of Neriah, and at Jeremiah’s dictation he wrote on it all the words of the scroll that Jehoiakim king of Judah had burned in the fire. And many similar words were added to them.
Select verses for actions: Enter goes to them and Escape comes back.