1 ULB উচ দেশত ইয়োব নামেৰে এজন মানুহ আছিল। সেই পুৰুষ সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা। BSB BSB: There was a man in the land of Uz whose name was Job. And this man was blameless and upright, fearing God and shunning evil.
2 ULB তেওঁৰ সাতোটা পুতেক আৰু তিনি জনী জীয়েক জন্ম হয়। BSB BSB: He had seven sons and three daughters,
3 ULB তেওঁৰ সাত হাজাৰ মেৰ ও ছাগ, তিনি হাজাৰ উট, পাঁচ শ হাল বলদ, পাচ শ গাধী, আৰু অতি অধিক দাস-দাসী আছিল; এই কাৰণে সেই পুৰুষ পুব দেশৰ লোকবিলাকৰ মাজত সকলোতকৈ মহান আছিল। BSB BSB: and he owned 7,000 sheep, 3,000 camels, 500 yoke of oxen, 500 female donkeys, and a very large number of servants. Job was the greatest man of all the people of the East.
4 ULB তেওঁৰ পুতেকবিলাকে গৈ, যি দিনা যাৰ পাল পৰে, সেই দিনা তাৰ ঘৰত ভোজ খায়গৈ, আৰু মানুহ পঠাই তেওঁবিলাকৰ তিনি জনী ভনীয়েককো তেওঁবিলাকৰ লগত ভোজন-পান কৰিবলৈ নিমন্ত্ৰণ কৰে। BSB BSB: Job’s sons would take turns holding feasts in their homes, and they would invite their three sisters to eat and drink with them.
5 ULB পাছে তেওঁবিলাকৰ ভোজনৰ দিন উকলি গলে, ইয়োবে মানুহ পঠাই তেওঁবিলাকক পৱিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁবিলাকৰ সকলোৰে সংখ্য়া অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, কিজানি মোৰ পো-হঁতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে। ইয়োবে সদায় এইদৰে কৰে। BSB BSB: And when the days of feasting were over, Job would send for his children to purify them, rising early in the morning to offer burnt offerings for all of them. For Job thought, “Perhaps my children have sinned and cursed God in their hearts.” This was Job’s regular practice.
6 ULB কোনো এদিন ঈশ্বৰৰ সন্তানবিলাক যিহোৱাৰ সম্মুখত থিয় হবলৈ উপস্থিত হলত, তেওঁবিলাকৰ লগত চয়তানো উপস্থিত হল। BSB BSB: One day the sons of God came to present themselves before the LORD, and Satan also came with them.
7 ULB তাতে যিহোৱাই চয়তানক সুধিলে, তুমি ক’ৰ পৰা আহিলা? চয়তানে যিহোৱাক উত্তৰ দি কলে, মই পৃথিৱী ভ্ৰমণ কৰি, আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলো। BSB BSB: “Where have you come from?” said the LORD to Satan. “From roaming through the earth,” he replied, “and walking back and forth in it.”
8 ULB তেতিয়া যিহোৱাই চয়তানক সুধিলে, তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই। BSB BSB: Then the LORD said to Satan, “Have you considered My servant Job? For there is no one on earth like him, a man who is blameless and upright, who fears God and shuns evil.”
9 ULB চয়তানে উত্তৰ দি যিহোৱাক কলে, ইয়োবে জানো বিনালাভে ঈশ্বৰলৈ ভয় ৰাখে? BSB BSB: Satan answered the LORD, “Does Job fear God for nothing?
10 ULB আপুনি তেওঁৰ চাৰিওফালে, আৰু তেওঁৰ ঘৰৰ ও সৰ্ব্বস্বৰ চাৰিওফালে জানো বেৰা দিয়া নাই? আপুনি তেওঁৰ হাতৰ কাৰ্য্যবোৰ আশীৰ্বাদযুক্ত কৰিলে আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি ফালে। BSB BSB: Have You not placed a hedge on every side around him and his household and all that he owns? You have blessed the work of his hands, and his possessions have increased in the land.
11 ULB কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তাতে তেওঁ অৱশ্যে আপোনাৰ সাক্ষাতেই আপোনাক বিদায় দিব। BSB BSB: But stretch out Your hand and strike all that he has, and he will surely curse You to Your face.”
12 ULB তাতে যিহোৱাই চয়তানক কলে, চোৱা, তেওৰ সৰ্ব্বস্বৰ ওপৰত তোমাৰ ওপৰত তোমাৰ ক্ষমতা আছে; কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা। তেতিয়া চয়তান যিহোৱাৰ ওচৰৰ পৰা ওলাই গল। BSB BSB: “Very well,” said the LORD to Satan. “Everything he has is in your hands, but you must not lay a hand on the man himself.” Then Satan went out from the presence of the LORD.
13 ULB কোনো এদিন ইয়োবৰ পুতেক-জীয়েকবিলাকৰ বৰককায়েকৰ ঘৰত ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰি থাকোঁতে, BSB BSB: One day, while Job’s sons and daughters were eating and drinking wine in their oldest brother’s house,
14 ULB ইয়োবৰ ওচৰলৈ এজন দুতে আহি কলে, গৰুবোৰে হাল টানিছিল আৰু গাধীবোৰ সেইবোৰৰ ওচৰত চৰি আছিল; BSB BSB: a messenger came and reported to Job: “While the oxen were plowing and the donkeys were grazing nearby,
15 ULB এনেতে চিবায়ীয়াহঁতে আক্ৰমণ কৰি সেই সকলোকে লৈ গল, এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাসবিলাকক বধ কৰিলে; আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। BSB BSB: the Sabeans swooped down and took them away. They put the servants to the sword, and I alone have escaped to tell you!”
16 ULB সি কৈ থাকোতেই আৰু এটাই আহি কলে, আকাশৰ পৰা ঈশ্বৰৰ অগ্নি পৰি, দাসে সৈতে মেৰৰ জাকক দগ্ধ কৰি সেইবোৰক গ্ৰাহ কৰিলে; আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। BSB BSB: While he was still speaking, another messenger came and reported: “The fire of God fell from heaven. It burned and consumed the sheep and the servants, and I alone have escaped to tell you!”
17 ULB সি কৈ থাকোঁতেই, আৰু এটাই আহি কলে, কলদীয়াহঁতে তিনি দল হৈ উটবোৰক আক্ৰমণ কৰি সেইবোৰক লৈ গল, এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাসবিলাকক বধ কৰিলে; আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। BSB BSB: While he was still speaking, another messenger came and reported: “The Chaldeans formed three bands, raided the camels, and took them away. They put the servants to the sword, and I alone have escaped to tell you!”
18 ULB সি কৈ থাকোতেই, আৰু এটাই আহি কলে, আপোনাৰ পো-জীবিলাকে তেওঁবিলাকৰ বৰ ককায়েকৰ ঘৰত ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰি আছিল; BSB BSB: While he was still speaking, another messenger came and reported: “Your sons and daughters were eating and drinking wine in their oldest brother’s house,
19 ULB এনেতে চাওক, অৰণ্যৰ সিফালৰ পৰা বৰ ধুমুহা এটা আহি ঘৰটোৰ চাৰিও চুকত লগাত, সেই ডেকাবিলাকৰ ওপৰত ঘৰটো পৰিল, তাতে তেওবিলাকে প্ৰাণত্যাগ কৰিলে; আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। BSB BSB: when suddenly a mighty wind swept in from the desert and struck the four corners of the house. It collapsed on the young people and they are dead, and I alone have escaped to tell you!”
20 ULB তেতিয়া ইয়োবে উঠি নিজৰ চোলা ফালি আৰু মুৰ খুৰাই, মাটিত পৰি প্ৰণিপাত কৰি কলে, BSB BSB: Then Job stood up, tore his robe, and shaved his head. He fell to the ground and worshiped,
21 ULB মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম; যিহোৱাই দিছিল, আৰু যিহোৱাই নিলে; যিহোৱাৰ নাম ধন্য হওক। BSB BSB: saying: “Naked I came from my mother’s womb, and naked I will return. The LORD gave, and the LORD has taken away. Blessed be the name of the LORD.”
22 ULB এই সকলোতো ইয়োবে পাপ নকৰিলে, আৰু ঈশ্বৰত অজ্ঞানতাৰ দোষাৰোপ নকৰিলে। BSB BSB: In all this, Job did not sin or charge God with wrongdoing.
Select verses for actions: Enter goes to them and Escape comes back.