1 ULB এদিন আকৌ ঈশ্বৰৰ সন্তনবিলাক যিহোৱাৰ সম্মুখত থিয় হবলৈ উপস্থিত হলত, তেওঁবিলাকৰ মাজত চয়তানো যিহোৱাৰ আগত থিয় হবলৈ উপস্থিত হল। BSB BSB: On another day the sons of God came to present themselves before the LORD, and Satan also came with them to present himself before Him.
2 ULB তাতে যিহোৱাই চয়তানক সুধিলে, তুমি ক’ৰ পৰা আহিলা? চয়তানে যিহোৱাক উত্তৰ দি কলে, মই পৃথিৱী ভ্ৰমণ কৰি, আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলো। BSB BSB: “Where have you come from?” said the LORD to Satan. “From roaming through the earth,” he replied, “and walking back and forth in it.”
3 ULB তেতিয়া যিহোৱাই চয়তানক সুধিলে, মোৰ দাস ইয়োবলৈ তুমি মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই; যদিও তুমি অকাৰণে তেওঁৰ সৰ্ব্বনাশ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মোৰ প্ৰবৃত্তি জন্মালা, তথাপি তেওঁ এতিয়াও নিজ সিদ্ধতা ৰক্ষা কৰি আছে। BSB BSB: Then the LORD said to Satan, “Have you considered My servant Job? For there is no one on earth like him, a man who is blameless and upright, who fears God and shuns evil. He still retains his integrity, even though you incited Me against him to ruin him without cause.”
4 ULB তাতে চয়তানে উত্তৰ কৰি যিহোৱাক কলে, ছালৰ অৰ্থে ছাল, এনে কি প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব। BSB BSB: “Skin for skin!” Satan replied. “A man will give up all he owns in exchange for his life.
5 ULB কিন্তু আপুনি আৰু এবাৰ হাত মেলি তেওঁৰ অস্থি আৰু মাংস স্পৰ্শ কৰক; তাতে তেওঁ অৱশ্যে আপোনাৰ সাক্ষাতেই আপোনাক বিদায় দিব। BSB BSB: But stretch out Your hand and strike his flesh and bones, and he will surely curse You to Your face.”
6 ULB তেতিয়া যিহোৱাই চয়তানক কলে, চোৱা, তেওঁ তোমাৰ হাতত আছে; কেৱল তেওঁৰ প্ৰাণৰ বিষয়ে সাৱধান হবা। BSB BSB: “Very well,” said the LORD to Satan. “He is in your hands, but you must spare his life.”
7 ULB পাচে চয়তানে যিবোৱাৰ আগৰ পৰা ওলাই গৈ ইয়োবক আঘাত কৰি, তেওঁৰ মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিষম খহু উৎপন্ন কৰিলে। BSB BSB: So Satan went out from the presence of the LORD and infected Job with terrible boils from the soles of his feet to the crown of his head.
8 ULB তাতে তেওঁ ছাইৰ মাজত বহি এডোখৰ খোলা লৈ গা চুঁচিবলৈ ধৰিলে; BSB BSB: And Job took a piece of broken pottery to scrape himself as he sat among the ashes.
9 ULB পাছে তেওঁৰ তিৰোতাই তেওঁক কলে, আপুনি এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি থাকিব নে? ঈশ্বৰক বিদায় দি প্ৰাণত্যাগ কৰক। BSB BSB: Then Job’s wife said to him, “Do you still retain your integrity? Curse God and die!”
10 ULB তাতে তেওঁ তাইক কলে, তুমি এজনী অজ্ঞানী তিৰোতাৰ দৰে কথা কৈছা। আমি ঈশ্বৰৰ পৰা মঙ্গলহে গ্ৰহণ কৰিম নে? অমঙ্গলকো জানো গ্ৰহণ নকৰিম? এই সকলোতো ইয়োবে নিজ ওঁঠেৰে পাপ নকৰিলে। BSB BSB: “You speak as a foolish woman speaks,” he told her. “Should we accept from God only good and not adversity?” In all this, Job did not sin in what he said.
11 ULB পাছে ইয়োবলৈ ঘটা এইবোৰ আপদৰ কথা তেওঁৰ তিনি জন বন্ধুৰ কাণত পৰিলত, তেওঁবিলাক অৰ্থাৎ তৈমনীয়া ইলীফজ, চপহীয়া বিল্দাদ আৰু নামাথী চোফৰে নিজ নিজ ঠাইৰ পৰা আহি এক পৰামৰ্শ হৈ, তেওঁৰ লগত শোক, আৰু তেওঁক শান্তনা কৰিবৰ নিমিত্তে তেওঁৰ ওচৰলৈ আহিবলৈ থিৰ কৰিলে। BSB BSB: Now when Job’s three friends—Eliphaz the Temanite, Bildad the Shuhite, and Zophar the Naamathite—heard about all this adversity that had come upon him, each of them came from his home, and they met together to go and sympathize with Job and comfort him.
12 ULB পাছে তেওঁবিলাকে দুৰৈৰ পৰা চকু তুলি চাই, তেওঁক দেখি চিনিব নোৱাৰিলে। তাতে তেওঁবিলাকে বৰকৈ চিঞঁৰি কান্দিবলৈ ধৰিলে, আৰু নিজ নিজ চোলা ফালি, নিজ নিজ মূৰৰ ওপৰলৈ আকাশৰ ফাললৈ ধুলি ছটিয়ালে। BSB BSB: When they lifted up their eyes from afar, they could barely recognize Job. They began to weep aloud, and each man tore his robe and threw dust in the air over his head.
13 ULB আৰু তেওঁবিলাকে সাত দিন সাত ৰাতি তেওঁৰ লগত মাটিতে বহি থাকিল, তেওঁক কোনেও কথা এষাৰকে নকলে; কাৰণ তেওঁবিলাকে তেওঁৰ দুখ অতি অধিক দেখিলে। BSB BSB: Then they sat on the ground with him for seven days and seven nights, but no one spoke a word to him because they saw how intense his suffering was.
Select verses for actions: Enter goes to them and Escape comes back.