1 ULB সৰ্ব্বশক্তিমান জনাৰ দ্বাৰাই কিয় সময় নিৰূপিত নহয়? তেওঁক জনালোকে কিয় তেওঁৰ দিন দেখিবলৈ নাপায়? BSB BSB: “Why does the Almighty not reserve times for judgment? Why may those who know Him never see His days?
2 ULB কোনো কোনোৱে মাটিৰ সীমাৰ চিন লৰায়, আৰু মেৰৰ জাকক বলেৰে সৈ চৰায়। BSB BSB: Men move boundary stones; they pasture stolen flocks.
3 ULB সিহঁতে পিতৃহীনবিলাকৰ গাধ খেদি লৈ যায়, আৰু বিধৱাৰ গৰু বন্ধক লয়। BSB BSB: They drive away the donkey of the fatherless and take the widow’s ox in pledge.
4 ULB সিহঁতে দৰিদ্ৰবিলাকক বাটৰ পৰা খেদি দিয়ে, আৰু দেশৰ দুখীয়াবিলাক একেবাৰে লুকাই থাকিব লগীয়া হয়। BSB BSB: They push the needy off the road and force all the poor of the land into hiding.
5 ULB চোৱা, কোনোৱে অৰণ্যত থকা বনৰীয়া গাধৰ নিচিনাকৈ, নিজৰ আহাৰ যত্নেৰে বিচৰা কামলৈ ওলাই যায়; অৰণ্যে সিহঁতৰ সন্তানবিলাকৰ নিমিত্তে সিহঁতক আহাৰ দিয়ে। BSB BSB: Indeed, like wild donkeys in the desert, the poor go to work foraging for food; the wasteland is food for their children.
6 ULB সিহঁতে খাবৰ নিমিত্তে পথাৰত পহুৰ যোগ্য শস্য কাটে; আৰু দুৰ্জ্জনৰ শেষতীয়া দ্ৰাক্ষাগুটি চপায়। BSB BSB: They gather fodder in the fields and glean the vineyards of the wicked.
7 ULB সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ৰাতি কটায়, আৰু জাৰত গাত লবলৈ সিহঁতৰ একো নাই। BSB BSB: Without clothing, they spend the night naked; they have no covering against the cold.
8 ULB সিহঁতে পৰ্ব্বতৰ বৰষুণত তিতে, আৰু আশ্ৰয় নথকাত বৰ বৰ শিলত আঁকোৱাল মাৰি ধৰে। BSB BSB: Drenched by mountain rains, they huddle against the rocks for want of shelter.
9 ULB আৰু কোনোৱে পিতৃহীন কেঁচুৱা ল’ৰাক মাকৰ বুকুৰ পৰা কাঢ়ি লয়, আৰু দুখীয়াৰ পৰা বন্ধক লয়। BSB BSB: The fatherless infant is snatched from the breast; the nursing child of the poor is seized for a debt.
10 ULB তাতে সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ফুৰে, আৰু ভোকতে থাকি ডাঙৰী কঢ়িয়ায়। BSB BSB: Without clothing, they wander about naked. They carry the sheaves, but still go hungry.
11 ULB সিহঁতে সেই দুষ্টবোৰৰ বেৰৰ ওচৰত তেল পেৰে, আৰু দ্ৰাক্ষাশালত দ্ৰাক্ষাগুটি গচকি পিয়াহত আতুৰ হৈ থাকে। BSB BSB: They crush olives within their walls; they tread the winepresses, but go thirsty.
12 ULB জনপূৰ্ণ নগৰৰ মাজত লোকবিলাকে কেঁকাই, আৰু সাংঘাতিকৰূপে আঘাত পোৱালোকৰ প্ৰাণে চিঞৰে; তথাপি ঈশ্বৰে এই অন্যায়লৈ মন নিদিয়ে। BSB BSB: From the city, men groan, and the souls of the wounded cry out, yet God charges no one with wrongdoing.
13 ULB আৰু কোনোৱে পোহৰৰ বিদ্ৰোহী হয়, তাৰ আওভাও নাজানে, আৰু তাৰ পথতো নচলে। BSB BSB: Then there are those who rebel against the light, not knowing its ways or staying on its paths.
14 ULB নৰ-বধীয়ে দোকমোকতে উঠি দুখী-দৰিদ্ৰক মাৰি পেলাই; আৰু ৰাতি সি চোৰৰ নিচিনা হয়। BSB BSB: When daylight is gone, the murderer rises to kill the poor and needy; in the night he is like a thief.
15 ULB কাৰো চকুৱে মোক নেদেখিব, এইবুলি পৰস্ত্ৰীগামীৰ চকুৱে সন্ধ্যা কাললৈ বাট চাই থাকে; আৰু সি নিজৰ মুখ ঢাকি ৰাখে। BSB BSB: The eye of the adulterer watches for twilight. Thinking, ‘No eye will see me,’ he covers his face.
16 ULB কোনো কোনোৱে আন্ধাৰত ঘৰবোৰত সিন্ধি দিয়ে; সিহঁতে দিনত দোৱাৰ বন্ধ কৰি সোমাই থাকে; পোহৰ কি, সিহঁতে নাজানে। BSB BSB: In the dark they dig through houses; by day they shut themselves in, never to experience the light.
17 ULB কিয়নো সিহঁত সকলোৰে নিমিত্তে প্ৰভাত মৃত্যুচ্ছায়াস্বৰূপ; কাৰণ সিহঁতে মৃত্যুচ্ছায়াৰ ভয়ানক কথা জানে। BSB BSB: For to them, deep darkness is their morning; surely they are friends with the terrors of darkness!
18 ULB এনে লোক পানীৰ সোঁতত বেগেৰে উটি যায়; সিহঁতৰ অধিপত্যৰ ভাগ দেশত অভিশপ্ত হয়; সিহঁতে দ্ৰাক্ষাবাৰীৰ বাটৰ ফাললৈ মুখ নুঘূৰায়। BSB BSB: They are but foam on the surface of the water; their portion of the land is cursed, so that no one turns toward their vineyards.
19 ULB অনাবৃষ্টি আৰু জহে যেনেকৈ হিমৰ পানী শুকুৱাই নিয়ে, তেনেকৈ চিয়োলে পাপীবোৰক গ্ৰাস কৰে। BSB BSB: As drought and heat consume the melting snow, so Sheol steals those who have sinned.
20 ULB যিজনে সন্তান নোপজোৱা বাঁজী তিৰোতাক লুটে, আৰু বিধবালৈ কোনো অনুগ্ৰহ নকৰে, BSB BSB: The womb forgets them; the worm feeds on them; they are remembered no more. So injustice is broken like a tree.
21 ULB এনে লোকক মাতৃ-গৰ্ভেও পাহৰে, পোকে তাক সন্তোষেৰে খায়; কোনেও তাক সোঁৱৰণ নকৰে; এইদৰে অধাৰ্ম্মিকতা গছৰ নিচিনাকৈ ভাগি যায়। BSB BSB: They prey on the barren and childless, and show no kindness to the widow.
22 ULB তেওঁ নিজ পৰাক্ৰমৰ দ্বাৰাই বলৱন্তবিলাকৰ আয়ুস দীঘল কৰে; এনেকুৱা লোকে নিজীম বুলি নিৰাশ হৈয়ো শয্যাৰ পৰা উঠে। BSB BSB: Yet by His power, God drags away the mighty; though rising up, they have no assurance of life.
23 ULB তেওঁ সিহঁতক নিৰ্ভয়ে থাকিবলৈ দিয়াত, সিহঁত অতি শান্তিৰে থাকে; আৰু তেওঁৰ চকু সিহঁতৰ পথৰ ওপৰত থাকে। BSB BSB: He gives them a sense of security, but His eyes are on their ways.
24 ULB সিহঁতৰ উন্নতি হয়, আকৌ অলপতে নাইকিয়া হয়; এনে কি, সিহঁতক নত কৰি, আন সকলোৰ দৰে নিয়া হয়, আৰু ধানৰ থোকৰ দৰে কটা হয়। BSB BSB: They are exalted for a moment, then they are gone; they are brought low and gathered up like all others; they are cut off like heads of grain.
25 ULB এনেকুৱা যদি নহয়, তেন্তে কোনে মোক মিছলীয়া বুলি, আৰু মোৰ বাক্য অসাৰ্থক বুলি প্ৰমাণ কৰিব? BSB BSB: If this is not so, then who can prove me a liar and reduce my words to nothing?”
Select verses for actions: Enter goes to them and Escape comes back.