1 ULB পাছে ইলীহুৱে আৰু উত্তৰ কৰি কলে, BSB BSB: Then Elihu continued:
2 ULB হে জ্ঞানী লোকবিলাক, মোৰ কথা শুনা; হে বিজ্ঞলোকবিলাক, মোলৈ কাণ পাতা। BSB BSB: “Hear my words, O wise men; give ear to me, O men of learning.
3 ULB কিয়নো জীবাই যেনেকৈ আহাৰৰ আস্বাদ লয়, তেনেকৈ কাণে কথাৰ পৰীক্ষা কৰে। BSB BSB: For the ear tests words as the mouth tastes food.
4 ULB আহাঁ, যি ন্যায়, তাক আমি বাচি লওঁহঁক; যই ভাল, তাক আমাৰ মাজত নিশ্চয় কৰোঁহঁক। BSB BSB: Let us choose for ourselves what is right; let us learn together what is good.
5 ULB কিয়নো ইয়োবে কৈছিল, যে,মই ধাৰ্ম্মিক, তথাপি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে; BSB BSB: For Job has declared, ‘I am righteous, yet God has deprived me of justice.
6 ULB মই ন্যায়ৱান হলেও, মিছলীয়া বুলি গণিত হৈছোঁ, বিনাদোষে মোৰ গাত চিকিৎসা কৰিব নোৱাৰা ঘা লাগিছে। BSB BSB: Would I lie about my case? My wound is incurable, though I am without transgression.’
7 ULB পানী পি তৃপ্ত হোৱাৰ দৰে বিদ্ৰূপ কৰি তৃপ্ত হোৱা, BSB BSB: What man is like Job, who drinks up derision like water?
8 ULB দুৰাচাৰীবোৰৰ লগত ফুৰা, আৰু দুষ্টৰ সঙ্গী হোৱা, ইয়োবৰ নিচিনা কোন আছে? BSB BSB: He keeps company with evildoers and walks with wicked men.
9 ULB কিয়নো তেওঁ কৈছিল, “ঈশ্বৰৰ লগত প্ৰণয় ৰাখিলে, মানুহৰ একো লাভ নহয়।” BSB BSB: For he has said, ‘It profits a man nothing that he should delight in God.’
10 ULB এতেকে হে বিজ্ঞ লোকবিলাক মোলৈ কাণ পাতা; ঈশ্বৰে যে কু-কৰ্ম্ম কৰিব, আৰু সৰ্ব্ব–শক্তিমান জনাই যে অন্যায় কৰিব, এইয়ে তেওঁৰ পৰা দুৰা থাকক। BSB BSB: Therefore listen to me, O men of understanding. Far be it from God to do wrong, and from the Almighty to act unjustly.
11 ULB কিয়নো তেওঁ মানুহৰ কৰ্ম্মৰ দৰে তাক ফল দিয়ে, আৰু যাৰ যেনে আচৰণ, তাৰ তেনে দশা ঘটাই। BSB BSB: For according to a man’s deeds He repays him; according to a man’s ways He brings consequences.
12 ULB বাস্তৱিক ঈশ্বৰে কু-কৰ্ম্ম নকৰে। সৰ্ব্ব–শক্তিমান জনাই ন্যায়ৰ বিপৰীত নকৰে। BSB BSB: Indeed, it is true that God does not act wickedly, and the Almighty does not pervert justice.
13 ULB তেওঁক পৃথিবীৰ ওপৰত ক্ষমতা কোনে দিলে? আৰু গোটেইখন জগত কোনে স্থাপন কৰিলে? BSB BSB: Who gave Him charge over the earth? Who appointed Him over the whole world?
14 ULB যদি তেওঁ নিজেই নিজতেই মন দি থাকে, যদি নিজে দিয়া আত্মা আৰু নিশ্বাস নিজলৈ চপাই নিয়ে, BSB BSB: If He were to set His heart to it and withdraw His Spirit and breath,
15 ULB তেন্তে সকলো মৰ্ত্ত্য একেবাৰে মৰি যাব, আৰু মনুষ্য পুনৰায় ধুলি লীন হৈ যাব। BSB BSB: all flesh would perish together and mankind would return to the dust.
16 ULB যদি তোমাৰ বিবেচনা থাকে, তেন্তে এই কথা শুনা, আৰু মোৰ বাক্যলৈ কাণ পাতা। BSB BSB: If you have understanding, hear this; listen to my words.
17 ULB ন্যায় ঘিণ কৰোঁতাজনে জানো শাসন কৰিব পাৰে? তুমি ধাৰ্ম্মিক আৰু পৰাক্ৰমী জনাক জানো দোষী কৰিব পাৰা? BSB BSB: Could one who hates justice govern? Will you condemn the just and mighty One,
18 ULB ৰজাক জানো “তুমি অধম,” এই বুলি কব পাৰি? আৰু সম্ভ্ৰান্ত লোকবিলাকক, “তোমালোকে দুষ্ট,” এই বুলি জানো কব পাৰি? BSB BSB: who says to kings, ‘You are worthless!’ and to nobles, ‘You are wicked,’
19 ULB তেন্তে, যি জনাই অধ্যক্ষবিলাকক মুখলৈ নাচায়, আৰু দৰিদ্ৰতকৈ ধনীকো উত্তম বুলি জ্ঞান নকৰে, এনে জনাক কিমান কম পৰিমাণে তাক কব পাৰি! কিয়নো সকলোৱেই তেওঁৰ হাতেৰে কৰা বস্তু। BSB BSB: who is not partial to princes and does not favor rich over poor? For they are all the work of His hands.
20 ULB সিবিলাক নিমিষতে, এনে কি মাজ নিশাতেই মৰে; লোকবিলাকে কঁপি কঁপি পৰলোকলৈ গমণ কৰে, আৰু পৰাক্ৰমী বিলাকক বিনাহাতে কাঢ়ি নিয়া হয়। BSB BSB: They die in an instant, in the middle of the night. The people convulse and pass away; the mighty are removed without human hand.
21 ULB কিয়নো তেওঁ মানুহৰ কথাত চকু দিয়ে, আৰু তাৰ সকলো গতি দেখে। BSB BSB: For His eyes are on the ways of a man, and He sees his every step.
22 ULB য’ত দুৰাচাৰীবোৰ লুকাই থাকিব পাৰে, এনেকুৱা অন্ধকাৰ কি মৃত্যুছায়া নাই। BSB BSB: There is no darkness or deep shadow where the workers of iniquity can hide.
23 ULB যি স্থলত মনুষ্য বিচাৰৰ অৰ্থে ঈশ্বৰৰ ওচৰলৈ যাব, এনে স্থলত তেওঁ তাৰ বিষয়ে বৰ চিন্তা কৰিব লগীয়া হয়। BSB BSB: For God need not examine a man further or have him approach for judgment.
24 ULB তেওঁ অনুসন্ধান নকৰি পৰাক্ৰমীবিলাকক খণ্ড খণ্ড কৰি, আৰু তেওঁবিলাকৰ ঠাইত আন লোকক স্থাপন কৰে। BSB BSB: He shatters the mighty without inquiry and sets up others in their place.
25 ULB এই হেতুকে তেওঁ তেওঁবিলাকৰ কাৰ্য্যবোৰ জানে, আৰু ৰাতিতে সকলো লুটিয়াই পেলায়, তাতে তেওঁবিলাক চুৰ্ণীকৃত হয়। BSB BSB: Therefore, He recognizes their deeds; He overthrows them in the night and they are crushed.
26 ULB তেওঁ সকলোৰে দেখাতে তেওঁবিলাকক দুৰ্জ্জন বুলি প্ৰহাৰ কৰে; BSB BSB: He strikes them for their wickedness in full view,
27 ULB কিয়নো তেওঁবিলাকে তেওঁ পাছে পাছে যাবলৈ এৰি, আৰু তেওঁৰ এটি পথকো নামানি, BSB BSB: because they turned aside from Him and had no regard for any of His ways.
28 ULB দৰিদ্ৰৰ কাঁতৰোক্তি তাৰ আগত উপস্থিত কৰে, আৰু দুখিত বিলাকৰ কাঁতৰোক্তি তেওঁৰ কাণত পেলায়। BSB BSB: They caused the cry of the poor to come before Him, and He heard the outcry of the afflicted.
29 ULB তেওঁ শাস্তি দিলে কোনে তেওঁক দোষ দিব পাৰে? BSB BSB: But when He remains silent, who can condemn Him? When He hides His face, who can see Him? Yet He watches over both man and nation,
30 ULB অধৰ্ম্মী লোকে যেন ৰাজত্ত্ব নকৰে; আৰু প্ৰজাবিলাকক ফান্দত পেলাবলৈ যেন কোনো নাথাকে, এই নিমিত্তে, জাতিৰ পৰাই হওক, বা মানুহৰ পৰাই হওক, তেওঁ মুখ ঢাকিলে কোনে তেওঁৰ দৰ্শন পাব পাৰে? BSB BSB: that godless men should not rule or lay snares for the people.
31 ULB “মই শাস্তি ভোগ কৰিলোঁ, মই আৰু অধৰ্ম্ম আচৰণ নকৰোঁ;” BSB BSB: Suppose someone says to God, ‘I have endured my punishment; I will offend no more.
32 ULB যি নেদেখোঁ, তাক মোক দেখুৱাই দিয়া; যদি মই অন্যায় কৰিলোঁ, তেন্তে মই আৰু নকৰোঁ,“এই বুলি ঈশ্বৰৰ আগত কোৱা উচিত নে? BSB BSB: Teach me what I cannot see; if I have done wrong, I will not do it again.’
33 ULB ঈশ্বৰে দিয়া প্ৰতিফল তোমাৰ ইচ্ছাৰ দৰে হয়নে যে, তুমি তাক অগ্ৰাহ্য কৰিলা? কিয়নো মনোনীত কৰা কাৰ্য্য তোমাৰ হে, মোৰ নহয়; এই হেতুকে তুমি যি জানা, তাক কোৱা। BSB BSB: Should God repay you on your own terms when you have disavowed Him? You must choose, not I; so tell me what you know.
34 ULB বুদ্ধিমান লোকে মোক কব, এনে কি, মোৰ কথা শুনা প্ৰত্যেক জ্ঞানৱানে কব BSB BSB: Men of understanding will declare to me, and the wise men who hear me will say:
35 ULB “ইয়োবে জ্ঞানশূণ্য কথা কৈছে, আৰু তেওঁৰ বাক্য বিবেচনাযুক্ত।” BSB BSB: ‘Job speaks without knowledge; his words lack insight.’
36 ULB ইয়োবে দুষ্টলোকৰ দৰে উত্তৰ দিয়াৰ কাৰণে তেওঁৰ পৰীক্ষা শেষলৈকে হলেই ভাল। BSB BSB: If only Job were tried to the utmost for answering like a wicked man.
37 ULB কিয়নো তেওঁ নিজৰ পাপত বিদ্ৰোহ লগ লগাইছে, তেওঁ আমাৰ মাজত হাত-তালি দিছে, আৰু ঈশ্বৰৰ বিৰুদ্ধে অনেক কথা কৈছে। BSB BSB: For he adds rebellion to his sin; he claps his hands among us and multiplies his words against God.”
Select verses for actions: Enter goes to them and Escape comes back.