1 ULB যি হওক, হে ইয়োব, মিনতি কৰো, মোৰ কথা শুনা, আৰু মোৰ সকলো বাক্যলৈ কাণ পাতা। BSB BSB: “But now, O Job, hear my speech, and listen to all my words.
2 ULB চোৱা, মই এতিয়া মুখ মেলিলোঁ; মোৰ মুখত থকা জিবাই কথা কৈছে। BSB BSB: Behold, I will open my mouth; my address is on the tip of my tongue.
3 ULB মোৰ বাক্যই মোৰ মনৰ সৰলতা প্ৰকাশ কৰিব, মোৰ ওঁঠে যি জানে, তাক অকপটভাবে কব। BSB BSB: My words are from an upright heart, and my lips speak sincerely what I know.
4 ULB ঈশ্বৰৰ আত্মাইহে মোক নিৰ্ম্মাণ কৰিলে, আৰু সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসেহে মোক জীৱন দিছে। BSB BSB: The Spirit of God has made me, and the breath of the Almighty gives me life.
5 ULB তুমি যদি পাৰা, তেন্তে মোক উত্তৰ দিয়া; মোৰ আগত কথা কোৱা, উঠি থিয় হোৱ। BSB BSB: Refute me if you can; prepare your case and confront me.
6 ULB চোৱা, ঈশ্বৰৰ দৃষ্টিত মইও তোমাৰ নিচিনা; মইও মৃত্তিকাৰে নিৰ্ম্মিত হৈছোঁ। BSB BSB: I am just like you before God; I was also formed from clay.
7 ULB চোৱা, মোৰ ভয়ানকতাই তোমাক ভয় নলগাব, আৰু মোৰ কথাৰ ভাৰো তোমালৈ গধুৰ নহব। BSB BSB: Surely no fear of me should terrify you; nor will my hand be heavy upon you.
8 ULB বাস্তৱিক তুমি মোৰ কাণে শুনাকৈ কথা কলা; তুমি কথা কোৱা মই শুনিলোঁ। BSB BSB: Surely you have spoken in my hearing, and I have heard these very words:
9 ULB তুমি কলা, “মি শুচি, মি নিৰপৰাধী, মই নিষ্কলঙ্ক, মোত কোনো দোষ নাই। BSB BSB: ‘I am pure, without transgression; I am clean, with no iniquity in me.
10 ULB চোৱা, তেওঁ মোৰ অহিতে ছিদ্ৰ বিচাৰে, তেওঁ মোক শত্ৰূ যেন জ্ঞান কৰে; BSB BSB: Yet God finds occasions against me; He counts me as His enemy.
11 ULB তেওঁ মোৰ ভৰি কুন্দাত বন্ধ কৰিছে; তেওঁ মোৰ সকলো পথত চকু দিয়ে।“ BSB BSB: He puts my feet in the stocks; He watches over all my paths.’
12 ULB চোৱা, মই তোমাক উত্তৰ দিওঁ, এই বিষয়ত তোমাৰ কথা ন্যায় নহয়; কিয়নো মনুষ্যত্কৈ ঈশ্বৰ মহান। BSB BSB: Behold, you are not right in this matter. I will answer you, for God is greater than man.
13 ULB তুমি তেওঁৰে সৈতে কিয় বিবাদ কৰিছা? কিয়নো তেওঁ নিজৰ কাৰ্য্যবোৰৰ এটিৰো নেদেখুৱায়। BSB BSB: Why do you complain to Him that He answers nothing a man asks?
14 ULB তথাপি ঈশ্বৰে এক প্ৰকাৰে কথা কয়, এনে কি, দুই প্ৰকাৰেও কথা কয়; কিন্তু মানুহে তালৈ মন নিদিয়ে। BSB BSB: For God speaks in one way and in another, yet no one notices.
15 ULB যেতিয়া মানুহবিলাক ঘোৰ নিদ্ৰাত মগ্ন হৈ শয্যাত পৰি টোপনি যায়, তেতিয়া তেওঁ সপোনত ৰাতিৰ দৰ্শনত কথা কয়। BSB BSB: In a dream, in a vision in the night, when deep sleep falls upon men as they slumber on their beds,
16 ULB এই দৰে, মানুহক কুকাৰ্য্যৰ পৰা এৰুৱাবৰ নিমিত্তে, মানুহৰ পৰা অহঙ্কাৰ গুপ্ত ৰাখিবৰ নিমিত্তে, BSB BSB: He opens their ears and terrifies them with warnings
17 ULB গাঁৰ পৰা তাৰ জীবাত্মা ৰক্ষা কৰিবৰ নিমিত্তে, আৰু অস্ত্ৰৰ দ্ধাৰাই বিনষ্ট নোহোৱাকৈ তাৰ প্ৰাণ ৰাখিবৰ নিমিত্তে, BSB BSB: to turn a man from wrongdoing and keep him from pride,
18 ULB তেওঁ সেই সময়ত মানুহৰ কাণ মুকলি কৰি দিয়ে, আৰু সিবিলাকক দিয়া শিক্ষা মোহৰ মাৰে। BSB BSB: to preserve his soul from the Pit and his life from perishing by the sword.
19 ULB সি নিজ শয্যাত বেদনাৰ দ্বাৰাই শাস্তি পায়, আৰু তাৰ হাড়বোৰৰ মাজত যেন সদায় যুজ্হে লাগিছে, এনে শাস্তি ভোগ কৰে, BSB BSB: A man is also chastened on his bed with pain and constant distress in his bones,
20 ULB তাতে তাৰ প্ৰাণে আহাৰ ঘিণ কৰে, আৰু সুস্বাদু খাদ্যলৈ তাৰ জীৱাত্মাৰ অৰুচি জন্মে। BSB BSB: so that he detests his bread, and his soul loathes his favorite food.
21 ULB তাৰ মাংস ক্ষয় পায় অদৃশ্য হয়, আৰু আগেয়ে নেদেখা হাড়বোৰ জক্জককৈ ওলাই পৰে; BSB BSB: His flesh wastes away from sight, and his hidden bones protrude.
22 ULB এনে কি, তাৰ জীৱাত্ম গাঁতৰ ওচৰ চাপে, আৰু তাৰ প্ৰাণে সংহাৰকবোৰৰ গুৰি পায়। BSB BSB: He draws near to the Pit, and his life to the messengers of death.
23 ULB মানুহক যথাৰ্থ পথ দেখুৱাবৰ নিমিত্তে, তাৰ পক্ষে যদি হাজাৰৰ ভিতৰত এজন দুত মধ্যস্থ থাকে, BSB BSB: Yet if there is a messenger on his side, one mediator in a thousand, to tell a man what is right for him,
24 ULB তেন্তে তেওঁ তালৈ কৃপা কৰি কব, “গাতলৈ যোৱাৰ পৰা তাক মুক্ত কৰা, মই প্ৰায়শ্চিত্ত পালোঁ। BSB BSB: to be gracious to him and say, ‘Spare him from going down to the Pit; I have found his ransom,’
25 ULB তাৰ গা লৰাত্কৈয়ো চিকণ হব; সি পুনৰ্ব্বাৰ যৌৱনকাল পাব। BSB BSB: then his flesh is refreshed like a child’s; he returns to the days of his youth.
26 ULB সি ঈশ্বৰৰ আগত প্ৰাথনা কৰিলে, তেওঁ তালৈ প্ৰসন্ন হব; তাতে সি তেওঁৰ মুখ আনন্দেৰে দেখিব, আৰু তেওঁ মানুহক তাৰ ধাৰ্ম্মিকতা ওলোটাই দিব। BSB BSB: He prays to God and finds favor; he sees God’s face and shouts for joy, and God restores His righteousness to that man.
27 ULB সি মানুহৰ আগত গীত গাই কব, “মি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ; তথাপি মই তাৰ উচিত ফল পোৱা নাই। BSB BSB: Then he sings before men with these words: ‘I have sinned and perverted what was right; yet I did not get what I deserved.
28 ULB গাঁতলৈ যোৱাৰ পৰা তেওঁ মোৰ জীৱাত্মা মুক্ত কৰিলে, আৰু মো প্ৰাণ পোহৰত আনন্দিত হব।“ BSB BSB: He redeemed my soul from going down to the Pit, and I will live to see the light.’
29 ULB চোৱা, মানুহক জীৱন স্বৰূপ পোহৰেৰে আলোকিত কৰিবৰ নিমিত্তে, তাৰ প্ৰাণ বিনাশক গাঁতৰ পৰা ওলোটাই আনিবলৈ, BSB BSB: Behold, all these things God does to a man, two or even three times,
30 ULB ঈশ্বৰে মনুষ্যে সৈতে এই সকলো ব্যৱহাৰ দুবাৰ, এনে কি, তিনি বাৰ কৰে। BSB BSB: to bring back his soul from the Pit, that he may be enlightened with the light of life.
31 ULB হে ইয়োব, মন দিয়া, মোৰ কথা শুনা; মনে মনে থাকা, ময়েই কওঁ। BSB BSB: Pay attention, Job, and listen to me; be silent, and I will speak.
32 ULB যদি তোমাৰ কিবা কব লগা আছে,তেন্তে মোক উত্তৰ দিয়া; কোৱা, কিয়নো মই তোমাক নিৰ্দোষী কৰিবলৈ বাঞ্ছা কৰোঁ। BSB BSB: But if you have something to say, answer me; speak up, for I would like to vindicate you.
33 ULB যদি নাইহে, তেন্তে মোলৈ কাণ পাতি, মনে মনে থাকা; মই তোমাক জ্ঞান শিক্ষা দিওঁ। BSB BSB: But if not, then listen to me; be quiet, and I will teach you wisdom.”
Select verses for actions: Enter goes to them and Escape comes back.