1 ULB ইয়োবে নিজৰ দৃষ্টিত নিজকে ধাৰ্ম্মিক বুলি মনাত, সেই তিনিজনে তেওঁক উত্তৰ দিবলৈ এৰিলে। BSB BSB: So these three men stopped answering Job, because he was righteous in his own eyes.
2 ULB এতিয়া ৰামৰ গোষ্ঠীৰ বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৰ ক্ৰোধ জ্বলি উঠিল; ইয়োবে ঈশ্বৰক ধাৰ্ম্মিক নাপাতি নিজকে পতাত্হে তেওঁৰ ওপৰত ইলীহুৰ ক্ৰোধ জ্বলি উঠিল। BSB BSB: This kindled the anger of Elihu son of Barachel the Buzite, of the family of Ram. He burned with anger against Job for justifying himself rather than God,
3 ULB আৰু বন্ধু তিনি জনে ইয়োবক উত্তৰ দিব নোৱাৰিও তেওঁক দোষী কৰাত, তেওঁলাকলৈকো ইলীহুৰ ক্ৰোধ জ্বলি উঠিল। BSB BSB: and he burned with anger against Job’s three friends because they had failed to refute Job, and yet had condemned him.
4 ULB তেওঁবিলাক ইলীহুত্কৈ বয়সত ডাঙৰ দেখি, ইলীহুৱে ইয়োবক কথা কবলৈ বাট চাইছিল। BSB BSB: Now Elihu had waited to speak to Job because the others were older than he.
5 ULB পাছে সেই তিনিজন লোকৰ মুখত উত্তৰ নোহোৱা দেখি, ইলীহুৰ ক্ৰোধ জ্বলি উঠিল। BSB BSB: But when he saw that the three men had no further reply, his anger was kindled.
6 ULB তাতে বুজীয়া বৰখলৰ পুত্ৰ ইলীহুৱে উত্তৰ কৰি কলে, মই ডেকা, তোমালোক বুঢ়া; এই নিমিত্তে, মই তোমালোকৰ আগত মোৰ মত জনাবলৈ, ভয় কৰি কোঁচ খাই আছিলোঁ। BSB BSB: So Elihu son of Barachel the Buzite declared: “I am young in years, while you are old; that is why I was timid and afraid to tell you what I know.
7 ULB মই মনতে কৈছিলোঁ, বহুদিনিয়া লোকেই কওক, আৰু অধিক বয়সীয়া লোকেই জ্ঞান শিক্ষা দিয়ক। BSB BSB: I thought that age should speak, and many years should teach wisdom.
8 ULB কিন্তু মনুষ্যৰ অন্তৰত আত্মা আছে, সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসে সিহঁতক বিবেচনা কৰে। BSB BSB: But there is a spirit in a man, the breath of the Almighty, that gives him understanding.
9 ULB বৰ বৰ লোক যে জ্ঞানী, এনে নহয়; আৰু বৃদ্ধবিলাকেই যে বিচাৰ বুজে, সিও নহয়। BSB BSB: It is not only the old who are wise, or the elderly who understand justice.
10 ULB এই হেতুকে মই কওঁ, মোলৈ কাণ পাতা; মইও মোৰ মত প্ৰকাশ কৰোঁ। BSB BSB: Therefore I say, ‘Listen to me; I too will declare what I know.’
11 ULB চোৱা, যেতিয়ালৈকে তোমালোকে কথা বিচাৰিছিলা, তেতিয়ালৈকে মই তোমালোকৰ বাক্যলৈ বাট চাইছিলোঁ, তোমালোকৰ হেতুবাদলৈ কাণ পাতিছিলোঁ। BSB BSB: Indeed, I waited while you spoke; I listened to your reasoning; as you searched for words,
12 ULB মই তোমালোকলৈ মন দি আছিলোঁ, কিন্তু চোৱা, ইয়োবক ঘটুৱাব পৰা, বা তেওঁৰ উত্তৰ কাটিব পৰা, তোমালোকৰ মাজত কোনো নাছিল। BSB BSB: I paid you full attention. But no one proved Job wrong; not one of you rebutted his arguments.
13 ULB সাৱধান, তোমালোকে নকবা, যে, “তেওঁত আমি জ্ঞান পালোঁ; তেওঁক পৰাজয় কৰা ঈশ্বৰৰহে সাধ্য, মানুহৰ অসাধ্য;” BSB BSB: So do not claim, ‘We have found wisdom; let God, not man, refute him.’
14 ULB কিয়নো তেওঁ মোৰ অহিতে কথা কোৱা নাই; আৰু মইও তোমালোকৰ কথাৰে তেওঁক উত্তৰ নিদিম। BSB BSB: But Job has not directed his words against me, and I will not answer him with your arguments.
15 ULB তোমালোকে তধা লাগিল, উত্তৰ নিদিয়ে আৰু; তেওঁবিলাকৰ কবলৈকে কথা নাইকিয়া হল। BSB BSB: Job’s friends are dismayed, with no more to say; words have escaped them.
16 ULB মই আৰু কিয় বাট চাম? তেওঁবিলাকে কথা নকয়; তেওঁবিলাকে ঠৰ লাগি ৰল, উত্তৰ নিদিয়ে আৰু। BSB BSB: Must I wait, now that they are silent, now that they stand and no longer reply?
17 ULB মইও নিজৰ পক্ষে উত্তৰ দিম; মইও নিজৰ মন জনাম। BSB BSB: I too will answer; yes, I will declare what I know.
18 ULB কিয়নো মই কথাৰে পৰিপূৰ্ণ, মোৰ অল্তৰত থকা আত্মাই মোক বল কৰিছে। BSB BSB: For I am full of words, and my spirit within me compels me.
19 ULB চোৱা, মোৰ পেট বন্ধ কৰি থোৱা দ্ৰাক্ষা ৰসৰ নিচিনা। সেয়ে নতুন ৰসৰ মোটৰ দৰে ফাটি যাওঁ যাওঁ হৈছে। BSB BSB: Behold, my belly is like unvented wine; it is about to burst like a new wineskin.
20 ULB মই উপশম পাবৰ নিমিত্তে কথা কম; মই মুখ মেলি উত্তৰ কৰিম। BSB BSB: I must speak and find relief; I must open my lips and respond.
21 ULB মই কাৰো মুখলৈ নাচাম, আৰু মই কাকো খুচামোদ নকৰিম। BSB BSB: I will be partial to no one, nor will I flatter any man.
22 ULB কিয়নো মই খুচামোদ কৰিব নাজানো; কৰিলে, মোৰ সৃষ্টিকৰ্ত্তাই শীগ্ৰে মোক ইহলোকৰ পৰা লৈ যাব। BSB BSB: For I do not know how to flatter, or my Maker would remove me in an instant.
Select verses for actions: Enter goes to them and Escape comes back.