1 ULB ইলীহুৱে আৰু কথা কলে, BSB BSB: And Elihu continued:
2 ULB আৰু অলপমান ধৈৰ্য্য ধৰা, মই তোমাক বুজাওঁ, কিয়নো ঈশ্বৰৰ পক্ষে মোৰ আৰু কথা আছে; BSB BSB: “Bear with me a little longer, and I will show you that there is more to be said on God’s behalf.
3 ULB মই দুৰৈৰ পৰা মোৰ জ্ঞান সংগ্ৰহ কৰিম, আৰু মই মোৰ সৃষ্টিকৰ্তাৰ ধাৰ্ম্মিকতা-গুণৰ বৰ্ণনা কৰিম। BSB BSB: I get my knowledge from afar, and I will ascribe justice to my Maker.
4 ULB কিয়নো মোৰ কথা নিশ্চয়ে মিছা নহয়; জ্ঞানত সিদ্ধজন তোমাৰ লগতে আছে। BSB BSB: For truly my words are free of falsehood; one perfect in knowledge is with you.
5 ULB চোৱা, ঈশ্বৰ পৰাক্ৰমী, তথাপি তেওঁ কাকো হেয়জ্ঞান নকৰে; তেওঁ বুদ্ধিৰ বলতো পৰাক্ৰমী। BSB BSB: Indeed, God is mighty, but He despises no one; He is mighty in strength of understanding.
6 ULB তেওঁ দুষ্টৰ প্ৰাণ ৰক্ষা নকৰে, কিন্তু দুখীয়াবিলাকৰ পক্ষে ন্যায় বিচাৰ কৰে। BSB BSB: He does not keep the wicked alive, but He grants justice to the afflicted.
7 ULB তেওঁ ধাৰ্ম্মিকলোকৰ পৰা চকু নুঘুৰাই; কিন্তু সিংহাসনত বহা ৰজাবিলাকৰ লগত, তেওঁ সৰ্ব্বতিকাললৈকে তেওঁবিলাকক বহুৱাই, তাত তেওঁবিলাকৰ উন্নতি হয়। BSB BSB: He does not take His eyes off the righteous, but He enthrones them with kings and exalts them forever.
8 ULB আৰু যদি তেওঁবিলাকক শিকলিৰে বন্ধা হয়, আৰু তেওঁবিলাক দুখৰ লেজুত বান্ধ খায়, BSB BSB: And if men are bound with chains, caught in cords of affliction,
9 ULB তেন্তে তেওঁ তেওঁবিলাকক তেওঁবিলাকৰ কৰ্ম্ম আৰু অপৰাধ দেখুৱাই, তেওঁবিলাকে যে অহঙ্কাৰ কৰিলে, তাক তেওঁবিলাকক জনায়। BSB BSB: then He tells them their deeds and how arrogantly they have transgressed.
10 ULB শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁ তেওঁবিলাকৰ কাণ মুকলি কৰে, আৰু অধৰ্ম্ম-পথৰ পৰা ঘুৰিবলৈ তেওঁবিলাকক আজ্ঞা দিয়ে। BSB BSB: He opens their ears to correction and commands that they turn from iniquity.
11 ULB যদি তেওঁবিলাকে তেওঁৰ কথা শুনে, আৰু তেওঁৰ সেৱা কৰে, তেন্তে তেওঁবিলাকে তেওঁবিলাকৰ দিন সুখে সম্পদে নিয়ায়, আৰু তেওঁবিলাকৰ বছৰ কেইটা সন্তোষেৰে কটায়। BSB BSB: If they obey and serve Him, then they end their days in prosperity and their years in happiness.
12 ULB কিন্তু যদি তেওঁবিলাকে নুশুনে তেন্তে অস্ত্ৰাঘাতত বিনষ্ট হয়, আৰু জ্ঞানৰ অভাৱত প্ৰাণত্যাগ কৰে। BSB BSB: But if they do not obey, then they perish by the sword and die without knowledge.
13 ULB অধৰ্ম্মচিত্তীয়াবোৰে ক্ৰোধ সাঁচি থয়; ঈশ্বৰে সিহঁতক বান্ধিলেও সিহঁতে কাঁতৰোক্তি নকৰে। BSB BSB: The godless in heart harbor resentment; even when He binds them, they do not cry for help.
14 ULB সিহঁত ডেকা কালতে মৰে, আৰু ভ্ৰষ্টাচাৰীবোৰৰ মাজত সিহঁতৰ প্ৰাণ নষ্ট হয়। BSB BSB: They die in their youth, among the male shrine prostitutes.
15 ULB তেওঁ দুৰ্গতিত পৰা জনক তাৰ দুৰ্গতিৰ দ্বাৰাই উদ্ধাৰ কৰে, আৰু উপদ্ৰৱৰ দ্বাৰাই তেওঁবিলাকৰ কাণ মুকলি কৰে। BSB BSB: God rescues the afflicted by their affliction and opens their ears in oppression.
16 ULB তেওঁ তোমাক সঙ্কটৰ মুখৰ পৰা, ক্লেশ নোহোৱা বহল ঠাইলৈ উলিয়াই আনিছে; আৰু তোমাৰ মেজ অতি তেলীয়া আহাৰেৰে সজোৱা হব; BSB BSB: Indeed, He drew you from the jaws of distress to a spacious and broad place, to a table full of richness.
17 ULB কিন্তু তুমি দুষ্টৰ বিচাৰেৰে পৰিপুৰ্ণ হলে, তোমাক বিচাৰ আৰু ন্যায় দণ্ডই ধৰিব। BSB BSB: But now you are laden with the judgment due the wicked; judgment and justice have seized you.
18 ULB সাৱধান, ক্ৰোধে তোমাক নিন্দা পথলৈ নিনিয়ক, আৰু মুক্তিৰ অধিক মুল্যই তোমাক অবাটে লৈ নাযাওক। BSB BSB: Be careful that no one lures you with riches; do not let a large bribe lead you astray.
19 ULB তোমাৰ ধন, আৰু শক্তি সমস্ত বল, তুমি দুখত নপৰিবলৈ জানো যথেষ্ট হব? BSB BSB: Can your wealth or all your mighty effort keep you from distress?
20 ULB যি ৰাতিত লোকবিলাকক নিজ নিজ ঠাইত উচ্ছন্ন কৰা হয়, এনে ৰাতিলৈ তুমি বাঞ্ছা নকৰিবা। BSB BSB: Do not long for the night, when people vanish from their homes.
21 ULB সাৱধান, তুমি অধৰ্ম্মলৈ মুখ নকৰিবা; কিয়নো তুমি দুখ ভোগতকৈ তাকেই মনোনীত কৰিছা। BSB BSB: Be careful not to turn to iniquity, for this you have preferred to affliction.
22 ULB চোৱা, ঈশ্বৰে নিজ পৰাক্ৰমত মহৎ কাৰ্য্য কৰে; তেওঁৰ নিচিনা শিক্ষা দিওঁতা কোন আছে? BSB BSB: Behold, God is exalted in His power. Who is a teacher like Him?
23 ULB কোনে তেওঁৰ নিমিত্তে তেওঁৰ পথ নিৰূপণ কৰিলে? বা তুমি অন্যায় কৰিলা, এই বুলি তেওঁক কোনে কব পাৰে? BSB BSB: Who has appointed His way for Him, or told Him, ‘You have done wrong’?
24 ULB ঈশ্বৰৰ যি কাৰ্য্যৰ বিষয়ে মানুহে গানৰ দ্বাৰাই কীৰ্ত্তন কৰিলে, তুমি সেই কাৰ্য্যৰ মহিমাৰ প্ৰশংসা কৰিবলৈ মনত ৰাখিবা। BSB BSB: Remember to magnify His work, which men have praised in song.
25 ULB সকলো মানুহে তাক নিৰীক্ষণ কৰে; মৰ্ত্ত্যই দূৰৈৰ পৰা তালৈ দৃষ্টি কৰে। BSB BSB: All mankind has seen it; men behold it from afar.
26 ULB চোৱা, ঈশ্বৰ মহান, আৰু আমাৰ জ্ঞানৰ অগম্য; তেওঁৰ বছৰৰ সংখ্যাৰ অনুসন্ধান কৰা অসাধ্য। BSB BSB: Indeed, God is great—beyond our knowledge; the number of His years is unsearchable.
27 ULB কিয়নো তেওঁ জনৰ কণিকাবোৰ আকৰ্ষণ কৰে; সেইবোৰেই তেওঁৰ ভাপৰ পৰা জৰি জৰি পৰে; BSB BSB: For He draws up drops of water which distill the rain from the mist,
28 ULB সেইবোৰক আকাশে বৰষায়, মানুহৰ ওপৰত অধিককৈ টোপে টোপে পেলায়। BSB BSB: which the clouds pour out and shower abundantly on mankind.
29 ULB বাস্তৱিক তেওঁৰ মেঘৰ বিস্তাৰণ, আৰু তেওঁৰ তম্বুৰূপ মেঘৰ গৰ্জ্জন কোনে বুজিব পাৰে? BSB BSB: Furthermore, who can understand how the clouds spread out, how the thunder roars from His pavilion?
30 ULB চোৱা, তেওঁ নিজৰ চাৰিওফালে নিজৰ পোহৰ বিস্তাৰ কৰে; আৰু তেওঁ সাগৰৰ তলি ঢাকে। BSB BSB: See how He scatters His lightning around Him and covers the depths of the sea.
31 ULB কিয়নো তেওঁ এইবোৰৰ দ্বাৰাই লোকবিলাকক শাসন কৰে, আৰু প্ৰচুৰ পৰিমাণে খোৱা বস্তু দান কৰে। BSB BSB: For by these He judges the nations and provides food in abundance.
32 ULB তেওঁ বিজুলীৰে নিজৰ অঞ্জলি ভৰায়, লক্ষত লাগিবলৈ তেওঁ তাক আজ্ঞা দিয়ে। BSB BSB: He fills His hands with lightning and commands it to strike its mark.
33 ULB তাৰ মহা শব্দই তেওঁৰ বিষয়ে সম্বাদ দিয়ে, পশুবোৰকো তেওঁৰ আগমণৰ কথা জনায়। BSB BSB: The thunder declares His presence; even the cattle regard the rising storm.
Select verses for actions: Enter goes to them and Escape comes back.