1 ULB ইয়াতো মোৰ হৃদয় কঁপিছে, আৰু বুকু ঢপ ঢপ কৰিছে। BSB BSB: “At this my heart also pounds and leaps from its place.
2 ULB শুনা, শুনা, সেইয়া তেওঁৰ গৰ্জ্জনৰ ধ্বনি, সেইয়া তেওঁৰ মুখৰ পৰা ওলোৱা শব্দ। BSB BSB: Listen closely to the thunder of His voice and the rumbling that comes from His mouth.
3 ULB তেওঁ তাক আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে পঠাই, আৰু পৃথিবীৰ অন্তলৈকে তেওঁ বিজুলী মৰায়। BSB BSB: He unleashes His lightning beneath the whole sky and sends it to the ends of the earth.
4 ULB তাৰ পাছত গাজনি মাৰে, তেওঁ নিজৰ মহৎ শব্দেৰে গৰ্জ্জন কৰে; যেতিয়া তেওঁ মাজ শুনা যায়, তেতিয়াই তেওঁ সেইবোৰক নথমায়। BSB BSB: Then there comes a roaring sound; He thunders with His majestic voice. He does not restrain the lightning when His voice resounds.
5 ULB ঈশ্বৰে নিজ মাতেৰে আচৰিতৰূপে গৰ্জ্জন কৰে; তেওঁ আমাৰ বোধৰ অগম্য মহৎ কাৰ্য্যবোৰ কৰে। BSB BSB: God thunders wondrously with His voice; He does great things we cannot comprehend.
6 ULB কিয়নো তেওঁ হিমক, তুমি পৃথিবীত পৰা, আৰু তেওঁ বৰষুণক, তেওঁৰ প্ৰবল বৃষ্টিৰ জাকক সেই একেৰূপে কথা কয়। BSB BSB: For He says to the snow, ‘Fall on the earth,’ and to the gentle rain, ‘Pour out a mighty downpour.’
7 ULB তেওঁ স্ৰজা সকলো মানুহে জানিবৰ নিমিত্তে তেওঁ প্ৰত্যেক মানুহৰ হাত বন্ধ কৰে। BSB BSB: He seals up the hand of every man, so that all men may know His work.
8 ULB তেতিয়া জন্তুবোৰ চোঙত সোমায়; আৰু নিজ নিজ বাসস্থানত থাকে। BSB BSB: The wild animals enter their lairs; they settle down in their dens.
9 ULB দক্ষিণৰ কোঠালিৰ পৰা ধুমুহা আহে, আৰু উত্তৰৰ পৰা জাৰ উপস্থিত হয়। BSB BSB: The tempest comes from its chamber, and the cold from the driving north winds.
10 ULB ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই বৰফ হয়, আৰু বহল জলসমুহ ঠেক হৈ যায়। BSB BSB: By the breath of God the ice is formed and the watery expanses are frozen.
11 ULB এনে কি, তেওঁ ঘন মেঘত পানী ভৰাই দিয়ে, তেওঁ নিজৰ বিজুলী থকা মেঘ বিস্তাৰ কৰে। BSB BSB: He loads the clouds with moisture; He scatters His lightning through them.
12 ULB গোটেই ভু-মণ্ডলত সেইবোৰে যেন তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য্য কৰে, এই নিমিত্তে সেইবোৰে তেওঁৰ পৰিচালনৰ দ্বাৰাই ঘুৰি ফুৰে। BSB BSB: They swirl about, whirling at His direction, accomplishing all that He commands over the face of all the earth.
13 ULB শাস্তিৰ নিমিত্তেই হওক, বা নিজ পৃথিবীৰ নিমিত্তেই হওক, নাইবা দয়াৰ নিমিত্তেই হওক, তেওঁ তাক ঘটায়। BSB BSB: Whether for punishment or for His land, He accomplishes this in His loving devotion.
14 ULB হে ইয়োব, তুমি ইয়ালৈ কাণ পাতা; থিৰে থাকি ঈশ্বৰৰ আচৰিত কৰ্ম্ম বিবেচনা কৰা। BSB BSB: Listen to this, O Job; stand still and consider the wonders of God.
15 ULB ঈশ্বৰে কেনেকৈ সেইবোৰক আদেশ দিয়ে, আৰু কেনেকা নিজৰ মেঘৰ বিজুলী প্ৰকাশিত কৰে, তাক তুমি জানা নে? BSB BSB: Do you know how God dispatches the clouds or makes the lightning flash?
16 ULB সেই জ্ঞান সিদ্ধ জনাই মেঘক আলাসতে ৰখা আদি কৰি আচৰিত কৰ্ম্মবোৰ তুমি জানা নে? BSB BSB: Do you understand how the clouds float, those wonders of Him who is perfect in knowledge?
17 ULB যেতিয়া দক্ষিণ বায়ুৰ দ্বাৰাই পৃথিবী নিস্তব্ধ হয়, তেতিয়া বস্ত্ৰ গৰম যেন বোধ কৰা যি তুমি, BSB BSB: You whose clothes get hot when the land lies hushed under the south wind,
18 ULB তুমি জানো ঢলা দৰ্পণৰ দৰে দৃঢ় আকাশ-মণ্ডলক তেওঁৰ লগত বিস্তাৰ কৰিব পাৰা? BSB BSB: can you, like Him, spread out the skies, as strong as a mirror of bronze?
19 ULB আমি তেওঁক কি ক’ম, তাক আমাক জনোৱা; কিয়নো আন্ধাৰৰ কাৰণে আমি কথা গাঁথিব নোৱাৰোঁ। BSB BSB: Teach us what we should say to Him; we cannot draw up our case because of our darkness.
20 ULB মই কথা কওঁ বুলি তেওঁৰ আগত জনোৱা হব নে? বা কাল গ্ৰাসত পৰিবলৈ কোনোবাই জানো ইচ্ছা কৰিব? BSB BSB: Should He be told that I want to speak? Would a man ask to be swallowed up?
21 ULB সম্প্ৰতি মানুহে আকাশত মহা-তেজস্বী জ্যোতি দেখা নাপায়; কিন্তু বতাহ চলিলে আকাশ নিৰ্ম্মল হব। BSB BSB: Now no one can gaze at the sun when it is bright in the skies after the wind has swept them clean.
22 ULB উত্তৰৰ পৰা সুৱৰ্ণময় জ্যোতি আহে; ঈশ্বৰত ভয়ানক প্ৰভাৱ আছে। BSB BSB: Out of the north He comes in golden splendor; awesome majesty surrounds Him.
23 ULB সৰ্ব্ব–শক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য, তেওঁ পৰাক্ৰমত মহান; তেওঁ ন্যায় বিচাৰ আৰু ধাৰ্ম্মিকতাৰ বিপৰীত কোনো ৰূপে নকৰে। BSB BSB: The Almighty is beyond our reach; He is exalted in power! In His justice and great righteousness He does not oppress.
24 ULB এই কাৰণে মানুহে তেওঁলৈ ভয় ৰাখে; তেওঁ অন্তৰেৰে জ্ঞানীবিলাকৰ কাৰো মুখলৈ নাচায়। BSB BSB: Therefore, men fear Him, for He is not partial to the wise in heart.”
Select verses for actions: Enter goes to them and Escape comes back.