1 ULB তেতিয়া তৈমনীয়া ইলীফজে উত্তৰ কৰি কলে, BSB BSB: Then Eliphaz the Temanite replied:
2 ULB কোনোৱে তোমাৰ লগত কথা কবলে আগ বাঢ়িলে, তুমি বেজাৰ পাবা নে? কিন্তু কথা নোকোৱাকৈ তোনে থাকিব পাৰে? BSB BSB: “If one ventures a word with you, will you be wearied? Yet who can keep from speaking?
3 ULB চোৱা, তুমি অনেকক শিক্ষা দিছিলা, দুৰ্ব্বল হাতক সবল কৰিছিলা; BSB BSB: Surely you have instructed many, and have strengthened their feeble hands.
4 ULB তোমাৰ বাক্যই উজুটি খাই পৰিব খোজা লোককো ধৰি ৰাখিছিল, আৰু তুমি দুৰ্ব্বল আঁঠুক সবল ৰাখিছিলা। BSB BSB: Your words have steadied those who stumbled; you have braced the knees that were buckling.
5 ULB কিন্তু এতিয়া তোমালৈ তেনে হোৱাত তুমি বেজাৰ পাইছা, আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা। BSB BSB: But now trouble has come upon you, and you are weary. It strikes you, and you are dismayed.
6 ULB তোমাৰ ঈশ্বৰ-ভয়েই জানো তোমাৰ বিশ্বাস-ভুমি নহয়? আৰু তোমাৰ আচৰণৰ সিদ্ধতাত জানো তোমাৰ আশা নাই? BSB BSB: Is your reverence not your confidence, and the uprightness of your ways your hope?
7 ULB ভাবি চোৱাচোন, নিৰ্দোষী হৈ কোনে কেতিয়া বিনষ্ট হৈছিল? আৰু সৰল আচৰণ কৰাবিলাক ক’ত সংহাৰ হৈছিল? BSB BSB: Consider now, I plead: Who, being innocent, has ever perished? Or where have the upright been destroyed?
8 ULB মই দেখাৰ দৰে হলে, যিবিলাকে অধৰ্ম্মৰ খেতি কৰে, আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়; BSB BSB: As I have observed, those who plow iniquity and those who sow trouble reap the same.
9 ULB সিহঁত ঈশ্বৰৰ ফুঁতে বিনষ্ট হয়, আৰু তেওঁৰ কোপৰূপ প্ৰশ্বাসতে সংহাৰ পায়। BSB BSB: By the breath of God they perish, and by the blast of His anger they are consumed.
10 ULB সিংহৰ গৰ্জ্জন আৰু মৃগৰাজৰ গোঁজৰণি বন্ধ কৰা হয়, আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়। BSB BSB: The lion may roar, and the fierce lion may growl, yet the teeth of the young lions are broken.
11 ULB আহাৰৰ অভাৱত পশুৰাজে প্ৰাণত্যাগ কৰে; সিংহিনিৰ পোৱালিবোৰ ঠান ঠান হয়। BSB BSB: The old lion perishes for lack of prey, and the cubs of the lioness are scattered.
12 ULB মোলৈ কথা এটা গুপ্তৰূপে আহিল; মোৰ কানত তাৰ ফুচ্ফুচনি পৰিল। BSB BSB: Now a word came to me secretly; my ears caught a whisper of it.
13 ULB ৰাতি সপোন দেখাত যোতিয়া ভাবনা আহে, যেতিয়া মানুবিলাক ঘোৰ নিদ্ৰা যায়, BSB BSB: In disquieting visions in the night, when deep sleep falls on men,
14 ULB তেতিয়া মোলৈ ভয় আৰু কম্পন আহিল; সেয়ে মোৰ হাড়বোৰ জোকাৰ খুৱালে। BSB BSB: fear and trembling came over me and made all my bones shudder.
15 ULB যেতিয়া মোৰ আগেদি এক ছাঁ চলি গল; তাতে মোৰ গাৰ নোমবোৰ সিয়ৰি উঠিল। BSB BSB: Then a spirit glided past my face, and the hair on my body bristled.
16 ULB সেয়ে ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ; এটা মূৰ্ত্তি মোৰ চকুৰ আগত আছিল; মই মৃদুস্বৰ আৰু এটা বাণী শুনিলোঁ। BSB BSB: It stood still, but I could not discern its appearance; a form loomed before my eyes, and I heard a whispering voice:
17 ULB “ঈশ্বৰৰ সাক্ষাতে মৰ্ত্ত্য জানো ধাৰ্ম্মিক হব পাৰে? বা নিজ সৃষ্টিকৰ্ত্তাৰ সাক্ষাতে মনুষ্য জানো শুচি হব পাৰে? BSB BSB: ‘Can a mortal be more righteous than God, or a man more pure than his Maker?
18 ULB চোৱা, তেওঁ নিজৰ দাসবিলাকতো বিশ্বাস নকৰে, নিজ দুতবিলাকৰো ত্ৰূটিৰ দোষ ধৰে; BSB BSB: If God puts no trust in His servants, and He charges His angels with error,
19 ULB তেন্তে, যিবিলাকে মাটিৰ ঘৰত বাস কৰে, যিবিলাকৰ উৎপত্তি ধূলিত, আৰু য়িবিলাক পোকৰ সম্মুখত চুৰ্ণীকৃত হয়, তেওঁ সিহঁতৰ আৰু কিমান অধিক ত্ৰূটিৰ দোষ ধৰিব! BSB BSB: how much more those who dwell in houses of clay, whose foundations are in the dust, who can be crushed like a moth!
20 ULB প্ৰভাত আৰু সন্ধ্যা কালৰ মাজত সিহঁতক গুড়ি কৰা যায়; সিহঁত কোনোৱে মন নিদিয়াকৈ চিৰকাললৈকে বিনষ্ট হয় যায়। BSB BSB: They are smashed to pieces from dawn to dusk; unnoticed, they perish forever.
21 ULB সিহঁতৰ অন্তৰিক তম্বু-জৰী জানো সোলোকোৱা নাযায়? সিহঁত মৰে, এনে কি, অজ্ঞান অৱস্থাতেই মৰে।“ BSB BSB: Are not their tent cords pulled up, so that they die without wisdom?’
Select verses for actions: Enter goes to them and Escape comes back.