1 ULB মাতাচোন, কোনোবাই তোমাক উত্তৰ দিব নে? আৰু পৱিত্ৰ লোকৰ মাজত তুমি কালৈ মুখ কৰিবা? BSB BSB: “Call out if you please, but who will answer? To which of the holy ones will you turn?
2 ULB কিয়নো মনৰ বেজাৰে অজ্ঞানক বধ কৰে, আৰু অসুয়াই নিৰ্ব্বোধক হত্যা কৰে। BSB BSB: For resentment kills a fool, and envy slays the simple.
3 ULB মই নিজে অজ্ঞানক শিপা ধৰা দেখিলোঁ, কিন্তু মই তৎক্ষণাৎ তাৰ বাসস্থানক শাও দিলোঁ। BSB BSB: I have seen a fool taking root, but suddenly his house was cursed.
4 ULB তাৰ সন্তানবিলাক নিস্তাৰৰ পৰা দূৰ হল, আৰু সিহঁতক ৰাজদুৱাৰত গুড়ি কৰা হল; সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল। BSB BSB: His sons are far from safety, crushed in court without a defender.
5 ULB ক্ষুধাতুৰ লোকে তাৰ শস্য খাই পেলালে, কাঁইটৰ বেৰাও ভাঙি তাক দিলে, আৰু ফান্দে সিহঁতৰ সম্পত্তিলৈ মুখ মেলিলে। BSB BSB: The hungry consume his harvest, taking it even from the thorns, and the thirsty pant after his wealth.
6 ULB কিয়নো অমঙ্গল ধুলিৰ পৰা উৎপন্ন নহয়, আৰু মাটিৰ পৰা ক্লেশ নগজে; BSB BSB: For distress does not spring from the dust, and trouble does not sprout from the ground.
7 ULB কিন্তু যেনেকৈ জুইৰ ফিৰিঙ্গটি ওপৰলৈ উড়ে, তেনেকৈ মানুহ দুখৰ নিমিত্তে জন্মে। BSB BSB: Yet man is born to trouble as surely as sparks fly upward.
8 ULB কিন্তু মই হোৱা হলে ঈশ্বৰৰ গুড়িলে গলোঁহেতেন, আৰু মোৰ গোচৰ ঈশ্বৰৰ আগত উপস্থিত কৰিলোহেতেন। BSB BSB: However, if I were you, I would appeal to God and lay my cause before Him—
9 ULB অনুসন্ধান কৰিব নোৱাৰা মহৎ কৰ্ম্মও ৰেওঁ কৰে; অসংখ্য অদ্ভত কাৰ্য্যও তেওঁ কৰে; BSB BSB: the One who does great and unsearchable things, wonders without number.
10 ULB তেওঁ পৃথিৱীৰ ওপৰত বৃষ্টি বৰষায়, আৰু পথাৰৰ ওপৰত জল বোৱায়; BSB BSB: He gives rain to the earth and sends water upon the fields.
11 ULB তেওঁ নীহ লোকবিলাকক ওখ কৰে, আৰু শোকাতুৰবিলাক সৌভাগ্যলৈ উন্নত হয়। BSB BSB: He sets the lowly on high, so that mourners are lifted to safety.
12 ULB তেওঁ ধূৰ্ত্তবোৰৰ কল্পনা ব্যৰ্থ কৰে; তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে। BSB BSB: He thwarts the schemes of the crafty, so that their hands find no success.
13 ULB তেওঁ জ্ঞানী লোকবিলাকক সিহঁতৰ নিজৰ চতুৰতাত ধৰে; তাতে কুটিলমনবোৰৰ কল্পনা নিস্ফল হৈ পৰে। BSB BSB: He catches the wise in their craftiness, and sweeps away the plans of the cunning.
14 ULB সিহঁতে দিনতেই আন্ধাৰৰ লগ পায়, ৰাতিৰ নিচিনাকৈ দিন-দুপৰতে খপিয়াই ফুৰে। BSB BSB: They encounter darkness by day and grope at noon as in the night.
15 ULB কিন্তু তেওঁ সিহঁতৰ মুখৰূপ তৰোৱালৰ পৰা, আৰু পৰাক্ৰমীৰ হাতৰ পৰা দৰিদ্ৰক নিস্তাৰ কৰে। BSB BSB: He saves the needy from the sword in their mouth and from the clutches of the powerful.
16 ULB এইদৰে দীনহীনে আশা পায় আৰু অধৰ্ম্মই নিজৰ মুখ বন্ধ কৰে। BSB BSB: So the poor have hope, and injustice shuts its mouth.
17 ULB চোৱা যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য; এই কাৰণে তুমি সৰ্ব্বশক্তিমানৰ শাস্তি হেয়জ্ঞান নকৰিবা। BSB BSB: Blessed indeed is the man whom God corrects; so do not despise the discipline of the Almighty.
18 ULB কিয়নো তেওঁ ঘা লগায়, আৰু তাক বান্ধে; তেওঁ আঘাত কৰে, আৰু নিজ হাতেৰে তাক সুস্থ কৰে। BSB BSB: For He wounds, but He also binds; He strikes, but His hands also heal.
19 ULB তেওঁ ছয় সঙ্কটৰ পৰা তোমাক উদ্ধাৰ কৰিব; এনে কি, সাত সঙ্কটতো অমঙ্গলে তোমাক স্পৰ্শ নকৰিব। BSB BSB: He will rescue you from six calamities; no harm will touch you in seven.
20 ULB তেওঁ আকালত মৃত্যুৰ পৰা তোমাক মুক্ত কৰিব, আৰু যুদ্ধত তৰোৱালৰ মুখৰ পৰা উদ্ধাৰ কৰিব, BSB BSB: In famine He will redeem you from death, and in battle from the stroke of the sword.
21 ULB তুমি জিবাস্বৰূপ চাবুকৰ কোবৰ পৰা লুকাই থাকিবা; আৰু বিনাশ আহিলে তুমি তাৰ পৰা ভয় নাপাবা। BSB BSB: You will be hidden from the scourge of the tongue, and will not fear havoc when it comes.
22 ULB বিনাশ আৰু দুৰ্ভিক্ষ দেখিলা তুমি হাঁহিবা, আৰু বনৰীয়া জন্তুৰ পৰা তুমি ভয় নাপাবা। BSB BSB: You will laugh at destruction and famine, and need not fear the beasts of the earth.
23 ULB কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হব, আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব। BSB BSB: For you will have a covenant with the stones of the field, and the wild animals will be at peace with you.
24 ULB তাতে তোমাৰ তম্বু যে কোশলে আছে তাক তুমি জানিবলৈ পাবা, আৰু তোমাৰ নিবাসৰ ঠাইত বুজ ললে, আশাত বঞ্চিত নহবা। BSB BSB: You will know that your tent is secure, and find nothing amiss when inspecting your home.
25 ULB আৰু তোমাৰ সন্তান-সন্তুতি যে অধিক হব, আৰু তোমাৰ বংশ যে পৃথিবীৰ তৃণৰ দৰে বাঢ়িব, ইয়াকো জানিবলৈ পাবা। BSB BSB: You will know that your offspring will be many, your descendants like the grass of the earth.
26 ULB ডাঙৰি যেনেকৈ উচিত সময়ত নিয়া হয়, তেনেকৈ তোমাকো সম্পুৰ্ণ আয়ুসত মৈদামলৈ নিয়া হব। BSB BSB: You will come to the grave in full vigor, like a sheaf of grain gathered in season.
27 ULB চোৱা, সেয়ে আমাৰ কথা, আমি বিবেচনা কৰি ইয়াকে নিশ্চয় পালোঁ; তাক শুনা, আৰু তুমি নিজৰ ভালৰ অৰ্থে তাক গ্ৰহণ কৰা। BSB BSB: Indeed, we have investigated, and it is true! So hear it and know for yourself.”
Select verses for actions: Enter goes to them and Escape comes back.