1 ULB তেতিয়া ইয়োবে উত্তৰ কৰি কলে, BSB BSB: Then Job replied:
2 ULB অস, মোৰ মনৰ বেজাৰ জুখিব পৰা হলে, আৰু তাৰ লগতে এফালে মোৰ ক্লেশকো দিব পৰা হলে, কেনে ভাল আছিল। BSB BSB: “If only my grief could be weighed and placed with my calamity on the scales.
3 ULB কিয়নো সেয়ে হোৱা হলে, ই সমুদ্ৰৰ বালিত্কয়ো গধুৰ হলহেঁতেন; এই হেতুকে মোৰ বাক্য অবিবেচনাযুক্ত। BSB BSB: For then it would outweigh the sand of the seas—no wonder my words have been rash.
4 ULB কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল, মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে; ঈশ্বৰীয় ত্ৰাস-সৈন্যসমুহে মোৰ বিৰুদ্ধে বেহু পাতিছে। BSB BSB: For the arrows of the Almighty have pierced me; my spirit drinks in their poison; the terrors of God are arrayed against me.
5 ULB বনৰীয়া গাধই ঘাঁ পালে জানো চিঞৰে? বা গৰুৱে দানা পালে জানো হেম্বেলিয়ায়? BSB BSB: Does a wild donkey bray over fresh grass, or an ox low over its fodder?
6 ULB যিহৰ সোৱাদ নাই, তাক জানো লোণ নিদিয়াকৈ খোৱা যায়? বা কণীৰ বিজত জানো আস্বাদ আছে? BSB BSB: Is tasteless food eaten without salt, or is there flavor in the white of an egg?
7 ULB মোৰ প্ৰণে যি যি চুবলৈ অসন্মত, সেইবোৰেই মোৰ ঘিণলগীয়া আহাৰস্বৰূপ হল। BSB BSB: My soul refuses to touch them; they are loathsome food to me.
8 ULB অস, মোৰ নিবেদন সাম্ফল হোৱা হলে, আৰু ঈশ্বৰে মোৰ বাঞ্ছনীয় দিয়া হলে, কেনে ভাল আছিল। BSB BSB: If only my request were granted and God would fulfill my hope:
9 ULB অস, ঈশ্বৰে অনুগ্ৰহ কৰি মোক গুড়ি কৰা হলে, তেওঁ হাত মেলি মোক কাটি পেলোৱা হলে, কেনে ভাল আছিল। BSB BSB: that God would be willing to crush me, to unleash His hand and cut me off!
10 ULB সেয়ে হোৱা হলেও মই শান্তনা পালোহেঁতেন, এনে কি, মই নিদাৰুণ যান্ত্ৰণাতো উল্লাস কৰিলোহেঁতেন; কিয়নো মই পবিত্ৰ জনাৰ বাক্য অস্বীকাৰ কৰা নাই। BSB BSB: It still brings me comfort, and joy through unrelenting pain, that I have not denied the words of the Holy One.
11 ULB মোৰ বলনো কি, যে, মই অপেক্ষা কৰিম? আৰু মোৰ শেষগতি নো কি, যে, মই সহি থাকিম? BSB BSB: What strength do I have, that I should still hope? What is my future, that I should be patient?
12 ULB মোৰ বল জানো শিলৰ বল? বা মোৰ মাংস জানো পিতলৰ? BSB BSB: Is my strength like that of stone, or my flesh made of bronze?
13 ULB মই একেবাৰেই উপায়হীন নহওঁ নে? আৰু বুদ্ধি-কৌশল মোৰ পৰা সমুলি দূৰ কৰা নহল নে? BSB BSB: Is there any help within me now that success is driven from me?
14 ULB নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে; সেয়ে নহলে, কিজানি তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব। BSB BSB: A despairing man should have the kindness of his friend, even if he forsakes the fear of the Almighty.
15 ULB মোৰ ভাইবিলাক পৰ্ব্বতৰ জুৰিৰ নিচিনা বিশ্বাস-ঘাতক, বৈ শুকাই যোৱা জুৰিৰ লোৰৰ নিচিনা অবিশ্বাসী। BSB BSB: But my brothers are as faithless as wadis, as seasonal streams that overflow,
16 ULB সেইবোৰ বৰফৰ কাৰণে ঘোলা হৈ পৰে, আৰু হিম সেইবোৰত লীন হৈ যায়; BSB BSB: darkened because of the ice and the inflow of melting snow,
17 ULB কিন্তু জহকাল হোৱামাত্ৰে সেইবোৰ লুপ্ত হয়, আৰু ঘামকালত নিজ ঠাইৰ পৰা নাইকীয়া হয়। BSB BSB: but ceasing in the dry season and vanishing from their channels in the heat.
18 ULB সেইবোৰৰ কাষে কাষে যোৱা পতিকদলবোৰে বাট এৰি, উঠি গৈ অৰণ্যত সোমাই বিনষ্ট হয়। BSB BSB: Caravans turn aside from their routes; they go into the wasteland and perish.
19 ULB তোমাৰ পতিকদলবোৰ সেইবোৰক বিচাৰে, আৰু চিবাৰ যাত্ৰীসমূহে সেইবোৰলৈ অপেক্ষা কৰে; BSB BSB: The caravans of Tema look for water; the travelers of Sheba hope to find it.
20 ULB কিন্তু তেওঁবিলাক আশাত বঞ্চিত হয়, তেওঁবিলাক সেই ঠাইলৈ গৈ হতাশ হয়। BSB BSB: They are confounded because they had hoped; their arrival brings disappointment.
21 ULB কিয়নো এতিয়া তোমালোক একো নোহোৱা; তোমালোকে আপদ দেখি ভয় পাইছা। BSB BSB: For now you are of no help; you see terror, and you are afraid.
22 ULB মই জানো তোমালোকক কৈছিলোঁ, যে, মোক কিছু দিয়া, তোমালোকৰ সম্পত্তিৰ পৰা মোক উপহাৰ দিয়া, BSB BSB: Have I ever said, ‘Give me something; offer me a bribe from your wealth;
23 ULB বা শত্ৰূৰ হাতৰ পৰা মোক ৰক্ষা কৰা, নাইবা সত্যাচাৰীহঁতৰ হাতৰ পৰা মোক মুক্ত কৰা? BSB BSB: deliver me from the hand of the enemy; redeem me from the grasp of the ruthless’?
24 ULB মোক শিক্ষা দিয়া, তাতে মই নিমাতে থাকিম; আৰু মোৰ ভুল কি তাক মোক বুজায় দিয়া। BSB BSB: Teach me, and I will be silent. Help me understand how I have erred.
25 ULB ন্যায় বাক্য কেনে বলৱান! কিন্তু তোমালোকৰ তৰ্ক-বিতৰ্কত কি দোষ প্ৰকাশিত হয়? BSB BSB: How painful are honest words! But what does your argument prove?
26 ULB নিৰাশ হোৱা লোকৰ বাক্য বায়ুতুল্য দেখিও, তোমালোককে কথাতেহে দোষ দিব খুজিছা নে? BSB BSB: Do you intend to correct my words, and treat as wind my cry of despair?
27 ULB তোমালোকে দেখোন পিতৃহীনৰেই চিঠি খেলালাহেঁতেন, আৰু নিজ বন্ধুকো বেপাৰৰ বস্তু কৰিলাহেঁতেন। BSB BSB: You would even cast lots for an orphan and barter away your friend.
28 ULB এতিয়া তোমালোকে অনুগ্ৰহ কৰি মোলৈ চোৱা; কিয়নো মই নিশ্চয়ে তোমালোকৰ আগত মিছা কথা নকওঁ। BSB BSB: But now, please look at me. Would I lie to your face?
29 ULB মই মিনতি কৰোঁ, তোমালোকে পুনৰায় আৰম্ভ কৰা, কোনো অন্যায় নহওঁক; আকৌ কওঁ, পুনৰায় আৰম্ভ কৰা, মোৰ ধাৰ্ম্মীকতা এতিয়াও থিৰে আছে। BSB BSB: Reconsider; do not be unjust. Reconsider, for my righteousness is at stake.
30 ULB মোৰ জিবাত জানো অন্যায় আছে? মোৰ জিবাই জানো চাকি চায় মন্দ বিষয়ৰ আস্বাদ বুজিব নোৱাৰে? BSB BSB: Is there iniquity on my tongue? Can my mouth not discern malice?
Select verses for actions: Enter goes to them and Escape comes back.