2 ULB এই বাক্য আদিতে ঈশ্বৰে সৈতে আছিল। BSB BSB: He was with God in the beginning.
4 ULB জীৱন বাক্যতেই আৰু সেই জীৱনেই সকলো মানুহৰ বাবে পোহৰ। BSB BSB: In Him was life, and that life was the light of men.
5 ULB সেই পোহৰ আন্ধাৰত উজ্বলি উঠিল আৰু আন্ধাৰে তাক পৰাভূত নকৰিলে। BSB BSB: The Light shines in the darkness, and the darkness has not overcome it.
7 ULB তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ এজন সাক্ষীৰূপে আহিছিল যাতে তেওঁৰ দ্বাৰাই সকলোৱে বিশ্বাস কৰে। BSB BSB: He came as a witness to testify about the Light, so that through him everyone might believe.
8 ULB যোহন নিজে সেই পোহৰ নাছিল; তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈহে আহিছিল। BSB BSB: He himself was not the Light, but he came to testify about the Light.
9 ULB সেই পোহৰ জগতলৈ আহিছিল আৰু সকলো মানুহকে পোহৰ দিয়া, সেই সত্য পোহৰ আছিল। BSB BSB: The true Light, who gives light to everyone, was coming into the world.
10 ULB তেওঁ জগততে আছিল; জগত তেওঁৰ দ্বাৰাই সৃষ্টি হৈছিল, কিন্তু জগতে তেওঁক নাজানিলে। BSB BSB: He was in the world, and though the world was made through Him, the world did not recognize Him.
11 ULB যি জগত তেওঁৰ নিজৰেই, তেওঁ সেই ঠাইলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকেই তেওঁক গ্ৰহণ নকৰিলে। BSB BSB: He came to His own, and His own did not receive Him.
12 ULB কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোক সকলক ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে। BSB BSB: But to all who did receive Him, to those who believed in His name, He gave the right to become children of God—
13 ULB তেওঁলোকৰ জন্ম তেজৰ পৰা বা মাংসিক ইচ্ছাৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা হ’ল, এনে নহয়, কিন্তু ঈশ্বৰৰ পৰাহে হৈছে। BSB BSB: children born not of blood, nor of the desire or will of man, but born of God.
15 ULB যোহনে তেওঁৰ বিষয়ে সাক্ষ্য দি চিঞঁৰি ক’লে, “যি জনৰ বিষয়ে মই কৈছিলোঁ, এৱেঁই সেই জন। ‘যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ পূৰ্বেও আছিল।” BSB BSB: John testified concerning Him. He cried out, saying, “This is He of whom I said, ‘He who comes after me has surpassed me because He was before me.’”
16 ULB আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্রহৰ ওপৰিও বিনামূলীয়া অনুগ্রহ পালো। BSB BSB: From His fullness we have all received grace upon grace.
17 ULB কাৰণ মোচিৰ দ্বাৰা বিধান দিয়া হৈছিল; কিন্তু অনুগ্ৰহ আৰু সত্যতা যীচু খ্ৰীষ্টৰ দ্বাৰাহে আহিল। BSB BSB: For the law was given through Moses; grace and truth came through Jesus Christ.
19 ULB যোহনে এই সাক্ষ্য দিলে: ইহুদী সকলে যিৰূচালেমৰ পৰা কেইজনমান পুৰোহিত আৰু লেবীক যোহনৰ ওচৰলৈ পঠালে। তেওঁলোকে আহি যোহনক সুধিলে, “আপুনি কোন?” BSB BSB: And this was John’s testimony when the Jews of Jerusalem sent priests and Levites to ask him, “Who are you?”
20 ULB যোহনে অস্বীকাৰ নকৰি মুকলিকৈ উত্তৰ দিলে,“মই খ্ৰীষ্ট নহয়।" BSB BSB: He did not refuse to confess, but openly declared, “I am not the Christ.”
22 ULB তেতিয়া তেওঁলোকে তেওঁক ক’লে, "তেনেহলে আপুনি কোন হয়? আমাক কওক যাতে যি সকলে আমাক পঠাইছে, তেওঁলোকক আমি উত্তৰ দিব পাৰো। আপোনাৰ নিজৰ বিষয়ে আপুনি কি কয়?” BSB BSB: So they said to him, “Who are you? We need an answer for those who sent us. What do you say about yourself?”
23 ULB তেওঁ ক’লে,“যিচয়া ভাৱবাদীয়ে যিদৰে কৈছিল, ময়েই সেই মাত, যি জনে মৰুপ্রান্তত ৰিঙিয়াই কয়, প্ৰভুৰ পথ পোন কৰা।” BSB BSB: John replied in the words of Isaiah the prophet: “I am a voice of one calling in the wilderness, ‘Make straight the way for the Lord.’”
24 ULB যোহনৰ ওচৰলৈ যি সকলক পঠোৱা হৈছিল, তেওঁলোক ফৰীচী সম্প্রদায়ৰ আছিল। তেওঁলোকে যোহনক সুধিলে, BSB BSB: Then the Pharisees who had been sent
25 ULB “আপুনি যদি খ্ৰীষ্টও নহয়, এলিয়াও নহয় বা ভাৱবাদীও নহয়, তেন্তে কিয় বাপ্তিস্ম দিছে?” BSB BSB: asked him, “Why then do you baptize, if you are not the Christ, nor Elijah, nor the Prophet?”
26 ULB যোহনে তেওঁলোকক উত্তৰ দি ক’লে, “মই হ’লে পানীতহে বাপ্তিস্ম দিছো, কিন্তু আপোনালোকৰ মাজত এনে এজন থিয় হৈ আছে, যি জনক আপোনালোকে চিনি নাপায়। BSB BSB: “I baptize with water,” John replied, “but among you stands One you do not know.
27 ULB তেৱেঁই সেই লোক যি জন মোৰ পাছত আহিছে। মই তেওঁৰ ভৰিৰ পাদুকাৰ ফিটা খুলিবৰো যোগ্য নহওঁ। BSB BSB: He is the One who comes after me, the straps of whose sandals I am not worthy to untie.”
28 ULB যর্দন নদীৰ সিপাৰে বৈৎথনিয়া গাৱঁত, য’ত যোহনে বাপ্তিস্ম দি আছিল, তাতে এই সকলো ঘটিল। BSB BSB: All this happened at Bethany beyond the Jordan, where John was baptizing.
29 ULB পাছদিনা যোহনে যীচুক তেওঁৰ ওচৰলৈ অহা দেখি ক’লে, “সৌৱা চোৱা, ঈশ্বৰৰ মেৰ পোৱালি, জগতৰ পাপ বহন কৰি নিওঁতা জন! BSB BSB: The next day John saw Jesus coming toward him and said, “Look, the Lamb of God, who takes away the sin of the world!
30 ULB এৱেঁই সেই লোক যি জনৰ বিষয়ে মই কৈছিলোঁ যে, ‘যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ বহু আগেয়ে আছিল। BSB BSB: This is He of whom I said, ‘A man who comes after me has surpassed me because He was before me.’
31 ULB মই তেওঁক চিনি পোৱা নাছিলো; কিন্তু তেওঁ যেন ইস্ৰায়েলবাসীৰ আগত প্রকাশিত হব পাৰে, সেইবাবে মই আহি পানীত বাপ্তিস্ম দিছো।” BSB BSB: I myself did not know Him, but the reason I came baptizing with water was that He might be revealed to Israel.”
32 ULB তাৰ পাছত যোহনে সাক্ষ্য দি ক’লে, “মই স্বৰ্গৰ পৰা আত্মাক কপৌৰ নিচিনাকৈ নামি অহা, আৰু তেওঁৰ ওপৰত থকা দেখিলোঁ। BSB BSB: Then John testified, “I saw the Spirit descending from heaven like a dove and resting on Him.
33 ULB মই তেওঁক চিনি নাপালো। কিন্তু যি জনে পানীত বাপ্তিস্ম দিবলৈ মোক পঠালে, তেৱেঁ মোক কৈছিল, ‘তুমি যি জনৰ ওপৰত আত্মাক নামি অহা দেখিবা, তেৱেঁ সেই জন, সেইজনে পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।’ BSB BSB: I myself did not know Him, but the One who sent me to baptize with water told me, ‘The man on whom you see the Spirit descend and rest is He who will baptize with the Holy Spirit.’
34 ULB মই সেয়া দেখিলোঁ আৰু সাক্ষ্যও দিওঁ যে, এওঁ ঈশ্বৰৰ পুত্র।" BSB BSB: I have seen and testified that this is the Son of God.”
35 ULB পাছদিনা যোহন, তেওঁৰ দুজন শিষ্যৰে সৈতে থিয় হৈ আছিল। BSB BSB: The next day John was there again with two of his disciples.
36 ULB সেই সময়তে তেওঁলোকে যীচুক খোজকাঢ়ি যোৱা দেখি যোহনে ক’লে, “সৌৱা, ঈশ্বৰৰ মেৰ-পোৱালিক চোৱা!” BSB BSB: When he saw Jesus walking by, he said, “Look, the Lamb of God!”
37 ULB সেই দুজন শিষ্যই যোহনৰ কথা শুনি যীচুক অনুসৰণ কৰিবলৈ ধৰিলে। BSB BSB: And when the two disciples heard him say this, they followed Jesus.
38 ULB যীচুৱে মুখ ঘূৰাই তেওঁলোকক পাছে পাছে অহা দেখি ক’লে, “তোমালোকক কি লাগে?” তেওঁলোকে যীচুক ক’লে, “ৰব্বি, অৰ্থাৎ গুৰু, আপুনি ক’ত থাকে?” BSB BSB: Jesus turned and saw them following. “What do you want?” He asked. They said to Him, “Rabbi” (which means Teacher), “where are You staying?”
39 ULB যীচুৱে তেওঁলোকক ক’লে, “আহা, চোৱাহি।" তেতিয়া তেওঁলোকে গৈ তেওঁৰ থকা ঠাই চালে আৰু সেই দিনা তেওঁৰ লগতে থাকিল, কাৰণ তেতিয়া প্ৰায় সন্ধিয়া হবলৈ হৈছিল। BSB BSB: “Come and see,” He replied. So they went and saw where He was staying, and spent that day with Him. It was about the tenth hour.
40 ULB যি দুজনে যোহনৰ কথা শুনি, তেওঁৰ পাছে পাছে গৈছিল তেওঁলোকৰ মাজৰ এজন হৈছে চিমোন পিতৰৰ ভায়েক আন্দ্ৰিয়। BSB BSB: Andrew, Simon Peter’s brother, was one of the two who heard John’s testimony and followed Jesus.
41 ULB তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমোনক লগ পাই ক’লে, “আমি মচীহক অৰ্থাৎ খ্ৰীষ্টক দেখা পালোঁ।” BSB BSB: He first found his brother Simon and told him, “We have found the Messiah” (which is translated as Christ).
42 ULB আন্দ্রিয়ই চিমোনক যীচুৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলৈ চাই ক’লে, “তুমি যোহনৰ পুতেক চিমোন, তোমাক কৈফা বুলি মতা হব।” “কৈফা" নামৰ অৰ্থ ‘পিতৰ’ অৰ্থাৎ শিল। BSB BSB: Andrew brought him to Jesus, who looked at him and said, “You are Simon son of John. You will be called Cephas” (which is translated as Peter).
43 ULB পাছদিনা যীচুৱে যেতিয়া গালীল প্ৰদেশলৈ যাবৰ বাবে ইচ্ছা কৰিলে, তেতিয়া যীচুৱে ফিলিপক দেখা পাই ক’লে, “মোৰ পাছে পাছে আহা।” BSB BSB: The next day Jesus decided to set out for Galilee. Finding Philip, He told him, “Follow Me.”
45 ULB ফিলিপে পাছত নথনেলক দেখা পাই ক’লে, “মোচি আৰু ভাৱবাদী সকলে যি জনৰ বিষয়ে বিধান-শাস্ত্ৰত লিখিছিল, আমি তেওঁক দেখা পালোঁ; তেওঁ নাচৰত নিবাসী যোচেফৰ পুতেক যীচু। BSB BSB: Philip found Nathanael and told him, “We have found the One Moses wrote about in the Law, the One the prophets foretold—Jesus of Nazareth, the son of Joseph.”
46 ULB নথনেলে ফিলিপক ক’লে, “নাচৰতৰ পৰা কোনো উত্তম বস্তু জানো ওলাব পাৰে?” ফিলিপে তেওঁক ক’লে, “আহি চোৱাহি।” BSB BSB: “Can anything good come from Nazareth?” Nathanael asked. “Come and see,” said Philip.
47 ULB যীচুৱে নথনেলক নিজৰ ফালে আহি থকা দেখি, তেওঁৰ বিষয়ে ক’লে, “এওঁক চোৱা, এজন প্রকৃত ইস্রায়েলী লোক। তেওঁৰ ভিতৰত একো ছলনা নাই!" BSB BSB: When Jesus saw Nathanael approaching, He said of him, “Here is a true Israelite, in whom there is no deceit.”
48 ULB নথনেলে যীচুক সুধিলে, “আপুনি মোক কেনেকৈ চিনি পালে?” যীচুৱে উত্তৰ দি তেওঁক ক’লে, “ফিলিপে তোমাক মতাৰ আগেয়ে যেতিয়া তুমি ডিমৰু গছৰ তলত আছিলা, মই তেতিয়াই তোমাক দেখিছিলোঁ।” BSB BSB: “How do You know me?” Nathanael asked. Jesus replied, “Before Philip called you, I saw you under the fig tree.”
49 ULB নথনেলে তেওঁক উত্তৰ দিলে, “ৰব্বি, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ! আপুনিয়েই ইস্ৰায়েলৰ ৰজা!” BSB BSB: “Rabbi,” Nathanael answered, “You are the Son of God! You are the King of Israel!”
50 ULB যীচুৱে উত্তৰ দি তেওঁক ক’লে, “তোমাক ডিমৰু গছৰ তলত দেখিছিলোঁ, এই কথা কোৱাৰ কাৰণেই বিশ্বাস কৰিছা নেকি? ইয়াতকৈয়ো অনেক মহৎ বিষয় তুমি দেখিবলৈ পাবা।” BSB BSB: Jesus said to him, “Do you believe just because I told you I saw you under the fig tree? You will see greater things than these.”
51 ULB যীচুৱে ক’লে, “মই তোমালোকক সচাঁকৈয়ে কওঁ, তোমালোকে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা দেখিবা আৰু ঈশ্বৰৰ দূত সকলে মানুহৰ পুত্ৰৰ ওপৰেদি উঠি যোৱা আৰু নামি অহা দেখিবা।” BSB BSB: Then He declared, “Truly, truly, I tell you, you will all see heaven open and the angels of God ascending and descending on the Son of Man.”