2 ULB তেওঁলোকে মৈদামৰ মুখৰ পৰা শিল চটা বগৰাই থোৱা দেখিলে। BSB BSB: They found the stone rolled away from the tomb,
3 ULB পাছত তেওঁলোক মৈদামৰ ভিতৰলৈ সোমাই গ'ল কিন্তু তাত প্ৰভু যীচুৰ দেহ দেখা নাপালে। BSB BSB: but when they entered, they did not find the body of the Lord Jesus.
4 ULB তাতে তেওঁলোকে এই বিষয়ে সংশয় কৰি থাকোতে, সেই ঠাইত চক্মকীয়া বস্ত্ৰ পিন্ধা দুজন পুৰুষ তেওঁলোকৰ ওচৰত আহি থিয় হ'ল। BSB BSB: While they were puzzling over this, suddenly two men in radiant apparel stood beside them.
5 ULB পাছত তিৰোতা সকলে ভয় পাই মাটিৰ ফালে মূৰ দোৱাই থাকোতে, সেই দূতে তেওঁলোকক কলে, "তোমালোকে মৃত লোকৰ মাজত জীৱিত জনক কিয় বিচাৰিছা?" BSB BSB: As the women bowed their faces to the ground in terror, the two men asked them, “Why do you look for the living among the dead?
6 ULB "তেওঁ ইয়াত নাই, কিন্তু তেওঁ উঠিল! তেওঁ গালীল দেশত থাকোতেই, যি কথা কৈছিল, তোমালোকে সেই কথা সোঁৱৰণ কৰা, BSB BSB: He is not here; He has risen! Remember how He told you while He was still in Galilee:
7 ULB তেওঁ কৈছিল বোলে, মানুহৰ পুত্ৰ পাপী লোকৰ হাতত সমর্পিত হ'ব আৰু ক্ৰুচত হত হৈ, তৃতীয় দিনা পুনৰায় উঠিব লাগিব৷" BSB BSB: ‘The Son of Man must be delivered into the hands of sinful men, and be crucified, and on the third day rise again.’”
8 ULB সেই সময়ত তেওঁ কোৱা কথাবোৰ তিৰোতা সকলৰ মনত পৰাত, BSB BSB: Then they remembered His words.
9 ULB তেওঁলোকে মৈদামৰ পৰা ঘূৰি গৈ, এঘাৰ জন পাচঁনিকে আদি কৰি সকলোকে এই সকলো কথাৰ সম্বাদ দিলে। BSB BSB: And when they returned from the tomb, they reported all these things to the Eleven and to all the others.
10 ULB তেওঁলোকৰ মাজত মগ্দলীনী মৰিয়ম, যোহানা আৰু যকোবৰ মাক মৰিয়ম আছিল; আৰু তেওঁলোকে সৈতে আন কেইজনীয়েও পাঁচনি সকলক এইবোৰ কথা কলে৷ BSB BSB: It was Mary Magdalene, Joanna, Mary the mother of James, and the other women with them who told this to the apostles.
12 ULB তথাপিও পিতৰে উঠি মৈদামলৈ লৰি গৈ, চাপৰি চাই কেৱল শণ সূতাৰ মিহি কাপোৰ কেইখন দেখিলে৷ পাছে যি ঘটিল তাতে তেওঁ বিস্ময় মানি নিজ ঘৰলৈ গুচি গ'ল। BSB BSB: Peter, however, got up and ran to the tomb. And after bending down and seeing only the linen cloths, he went away, wondering to himself what had happened.
14 ULB তেওঁলোক দুয়ো জনে এই সকলো ঘটনাৰ বিষয়ে কথোপকথন কৰি গৈ আছিল। BSB BSB: They were talking with each other about everything that had happened.
15 ULB তেওঁলোকে কথোপকথন আৰু সোধা সুধি কৰি থাকোতেই, যীচুৱে নিজে ওচৰলৈ আহি তেওঁলোকৰ সৈতে যাব ধৰিলে। BSB BSB: And as they talked and deliberated, Jesus Himself came up and walked along with them.
16 ULB কিন্তু তেওঁলোকে যেন তেওঁক চিনিব নোৱাৰে, এই কাৰণে তেওঁলোকৰ চকু বন্ধ হ'ল৷ BSB BSB: But their eyes were kept from recognizing Him.
17 ULB যীচুৱে তেওঁলোকক সুধিলে, "তোমালোকে ইজনে সিজনে কি কথা পাতি গৈ আছা?" তাতে তেওঁলোক মলিন মুখেৰে থিয় হৈ ৰ'ল। BSB BSB: He asked them, “What are you discussing so intently as you walk along?” They stood still, with sadness on their faces.
18 ULB তেতিয়া ক্লিয়পা নামৰ এজনে উত্তৰ দি ক'লে, "যি যি কথা এই কেইদিনত ঘটি আছে, সেইবোৰ কথা যিৰূচালেমত বাস কৰি কেৱল আপুনিয়ে নাজানে হ'বলা?" BSB BSB: One of them, named Cleopas, asked Him, “Are You the only visitor to Jerusalem who does not know the things that have happened there in recent days?”
19 ULB যীচুৱে তেওঁলোকক সুধিলে "কি কথা?" তেওঁলোকে তেওঁক কলে, "যি নাচৰতীয়া যীচু, ঈশ্বৰ আৰু সকলো লোকৰ সাক্ষাতে কর্মত আৰু বাক্যত পৰাক্ৰমী ভাববাদী আছিল, BSB BSB: “What things?” He asked. “The events involving Jesus of Nazareth,” they answered. “This man was a prophet, powerful in speech and action before God and all the people.
20 ULB তেওঁক আমাৰ প্ৰধান পুৰোহিত আৰু শাসনকর্ত্তা সকলে কেনেকৈ প্ৰাণদণ্ডৰ অর্থে শোধাই দি ক্ৰুচত দিলে৷ BSB BSB: Our chief priests and rulers delivered Him up to the sentence of death, and they crucified Him.
21 ULB কিন্তু যি জনে ইস্ৰায়েল লোকক মুক্ত কৰিব, তেৱেঁই সেইজন বুলি আমি আশা কৰিছিলোঁ। কিন্তু এই সকলোৰ উপৰিও এই কথা ঘটা আজি তিনি দিন হৈছে। BSB BSB: But we were hoping He was the One who would redeem Israel. And besides all this, it is the third day since these things took place.
22 ULB ইয়াৰ উপৰিও আমাৰ লগৰ কেইবাগৰাকী তিৰোতাইয়ো ৰাতিপুৱাই মৈদামলৈ গৈ আমাক বিস্ময় লগালে; BSB BSB: Furthermore, some of our women astounded us. They were at the tomb early this morning,
23 ULB কিয়নো তেওঁৰ দেহ নাপাই উলটি আহি ক'লে যে, তেওঁলোকে দূত সকলক দেখা পালে আৰু তেওঁ জীৱিত হ'ল বুলি কোৱা শুনিলে। BSB BSB: but they did not find His body. They came and told us they had seen a vision of angels, who said that Jesus was alive.
24 ULB পাছত আমাৰ লগৰ কেইজনমান মানুহ মৈদামলৈ গৈ তিৰোতা সকলে কোৱাৰ দৰেই দেখিলে; কিন্তু তেওঁক দেখা নাপালে। BSB BSB: Then some of our companions went to the tomb and found it just as the women had described. But Him they did not see.”
26 ULB খ্ৰীষ্টে দুখ ভোগ কৰি নিজৰ প্ৰতাপত সোমাব নেলাগিছিল নে?" BSB BSB: Was it not necessary for the Christ to suffer these things and then to enter His glory?”
27 ULB পাছত তেওঁ মোচিৰ পৰা আৰু সকলো ভাববাদীৰে পৰা আৰম্ভ কৰি গোটেই শাস্ত্ৰত নিজৰ বিষয়ে লিখা কথা তেওঁলোকক বুজাই দিলে। BSB BSB: And beginning with Moses and all the Prophets, He explained to them what was written in all the Scriptures about Himself.
28 ULB এনেদৰে তেওঁলোকে যাব বিচৰা গাঁৱৰ ওচৰ পোৱাত, যীচুৱে আৰু দুৰ পথ যাবলৈ থকা যেন দেখুৱালে। BSB BSB: As they approached the village where they were headed, He seemed to be going farther.
29 ULB কিন্তু তেওঁলোকে যীচুক বৰকৈ অনুৰোধ কৰি ক'লে- “চাওঁক, এতিয়া দিনৰ শেষ; প্রায় সন্ধিয়া হবলৈ হৈছে। আপুনি আমাৰ সৈতে থাকি যাওঁক৷" BSB BSB: But they pleaded with Him, “Stay with us, for it is nearly evening and the day is almost over.” So He went in to stay with them.
30 ULB তেতিয়া তেওঁ তেওঁলোকৰ সৈতে থাকিল। পাছত তেওঁ ভোজন কৰিবলৈ তেওঁলোকৰ লগত বহোঁতে পিঠালৈ আশীর্ব্বাদ কৰি ভাঙি তেওঁলোকক দিলে। BSB BSB: While He was reclining at the table with them, He took bread, spoke a blessing and broke it, and gave it to them.
31 ULB এনেতে তেওঁলোকৰ চকু মুকলি হ'ল আৰু তেওঁক চিনি পালে; তেতিয়া তেওঁ তেওঁলোকৰ পৰা অদৃশ্য হল। BSB BSB: Then their eyes were opened and they recognized Jesus—and He disappeared from their sight.
32 ULB পাছত তেওঁলোকে পৰস্পৰে কোৱা-কুই কৰি কলে, "বাটত আহি থাকোতে তেওঁ যেতিয়া আমাৰ সৈতে কথোপকথন কৰিছিল আৰু শাস্ত্ৰৰ অর্থ বুজাই দিছিল, তেতিয়া আমাৰ হৃদয় প্ৰজ্বলিত নহৈছিল নে? BSB BSB: They asked each other, “Were not our hearts burning within us as He spoke with us on the road and opened the Scriptures to us?”
33 ULB সেই সময়তে তেওঁলোক দুজন উঠি, যিৰূচালেমলৈ উলটি আহিল; তাতে একে ঠাইতে গোট খোৱা এঘাৰ জন আৰু লগত থকা সকলক দেখা পাই, BSB BSB: And they got up that very hour and returned to Jerusalem. There they found the Eleven and those with them, gathered together
34 ULB তেওঁলোকক ক'লে, "নিশ্চয় প্ৰভু উঠিল; আৰু চিমোনক দেখা দিলে।" BSB BSB: and saying, “The Lord has indeed risen and has appeared to Simon!”
35 ULB পাছত বাটত যি যি হ'ল আৰু পিঠা ভাঙোতে তেওঁক কেনেকৈ চিনি পালে, সেই সকলোবোৰ সেই দুজন লোকে তেওঁলোকক ক'লে। BSB BSB: Then the two told what had happened on the road, and how they had recognized Jesus in the breaking of the bread.
37 ULB কিন্তু ভূত দেখিছোঁ বুলি ভাবি, তেওঁলোক ভয়াতুৰ আৰু আতংকিত হ'ল। BSB BSB: But they were startled and frightened, thinking they had seen a spirit.
38 ULB তেতিয়া যীচুৱে তেওঁলোকক কলে, তোমালোকৰ মনত কিয় উগুল-থুগুল লাগিছে? আৰু তোমালোকৰ অন্তৰত কি কাৰণে প্ৰশ্ন জাগিছে? BSB BSB: “Why are you troubled,” Jesus asked, “and why do doubts arise in your hearts?
39 ULB মোৰ হাত আৰু ভৰি চাই জ্ঞাত হোৱা যে মইহে, মোক স্পৰ্শ কৰি চোৱা৷ যি দৰে মোক দেখিছা, সেইদৰে আত্মাৰ হ'লে হাড়-মঙহ নাই; BSB BSB: Look at My hands and My feet. It is I Myself. Touch Me and see—for a spirit does not have flesh and bones, as you see I have.”
40 ULB ইয়াকে কৈ তেওঁ নিজৰ হাত ভৰি তেওঁলোকক দেখুৱালে। BSB BSB: And when He had said this, He showed them His hands and feet.
41 ULB কিন্তু তেওঁলোক আনন্দিত হ'লেও, তেতিয়াও অবিশ্বাস কৰি বিস্ময় মানি থকা বাবে, যীচুৱে তেওঁলোকক কলে, "তোমালোকৰ কিবা খোৱা বস্তু আছে নে?" BSB BSB: While they were still in disbelief because of their joy and amazement, He asked them, “Do you have anything here to eat?”
42 ULB তেতিয়া তেওঁলোকে তেওঁক এডোখৰ ভজা মাছ দিলে। BSB BSB: So they gave Him a piece of broiled fish,
43 ULB যীচুৱে তাকে লৈ তেওঁলোকৰ আগত খালে। BSB BSB: and He took it and ate it in front of them.
45 ULB তেতিয়া শাস্ত্ৰ বুজিবলৈ তেওঁ তেওঁলোকৰ চকু মুকলি কৰি দিলে; BSB BSB: Then He opened their minds to understand the Scriptures.
46 ULB আৰু তেওঁ তেওঁলোকক কলে, "এইদৰে লিখা আছে, যে খ্ৰীষ্টে দুখ-ভোগ কৰি তৃতীয় দিনা মৃত লোকৰ মাজৰ পৰা পুনৰায় উঠিব৷ BSB BSB: And He told them, “This is what is written: The Christ will suffer and rise from the dead on the third day,
47 ULB আৰু যিৰূচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন-পালটন আৰু পাপ মোচনৰ কথা তেওঁৰ নামেৰে ঘোষণা কৰা হব। BSB BSB: and in His name repentance and forgiveness of sins will be proclaimed to all nations, beginning in Jerusalem.
48 ULB তোমালোক এই সকলোৰে সাক্ষী আছা। BSB BSB: You are witnesses of these things.
49 ULB চোৱা মোৰ পিতৃয়ে যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা তোমালোকলৈ পঠাই দিম৷ কিন্তু ওপৰৰ পৰা শক্তি নোপোৱালৈকে এই নগৰতে থাকা। BSB BSB: And behold, I am sending the promise of My Father upon you. But remain in the city until you have been clothed with power from on high.”
50 ULB পাছত যীচুৱে তেওঁলোকক বৈথনিয়া গাৱঁৰ সন্মূখলৈকে আগবঢ়াই আনি, তেওঁ হাত উঠাই তেওঁলোকক আশীর্ব্বাদ কৰিলে। BSB BSB: When Jesus had led them out as far as Bethany, He lifted up His hands and blessed them.
51 ULB এইদৰে তেওঁলোকক আশীর্ব্বাদ কৰি থকা সময়ত, তেওঁ তেওঁলোকৰ পৰা পৃথক হ'ল আৰু তেওঁক স্বর্গলৈ নিয়া হল। BSB BSB: While He was blessing them, He left them and was carried up into heaven.
52 ULB তেতিয়া তেওঁলোকে তেওঁক স্তুতি কৰি, অতি আনন্দেৰে যিৰূচালেমলৈ উলটি আহিল; BSB BSB: And they worshiped Him and returned to Jerusalem with great joy,
53 ULB আৰু সদায় ধর্মধামত ঈশ্বৰৰ স্তুতি কৰি থাকিল। BSB BSB: praising God continually in the temple.