1 ULB এই ঘটনাৰ পাছত যীচু যিৰূচালেমলৈ গ’ল, কাৰণ সেই সময়ত ইহুদী সকলৰ এটা পৰ্ব্ব আছিল। BSB BSB: Some time later there was a feast of the Jews, and Jesus went up to Jerusalem.
3 ULB সেইবোৰত কণা, খোৰা, নিচলা আদি কৰি অনেক ৰুগীয়া মানুহ পৰি থাকে। সেই লোকসকলে পানীত খলকনি উঠাৰ অপেক্ষাত থাকে। কাৰণ সময়ে সময়ে প্রভুৰ এজন দূতে সেই পুখুৰীলৈ নামি গৈ পানীত আলোড়ন তোলে আৰু সেই আলোড়নৰ পাছতেই প্রথমে যিজনে পানীত নামিব পাৰে, তেওঁৰ যিকোনো ৰোগ ভাল হৈ যায়। BSB BSB: On these walkways lay a great number of the sick, the blind, the lame, and the paralyzed.
5 ULB তাত আঠত্রিশ বছৰ ধৰি বেমাৰ ভোগ কৰি থকা এজন ৰুগীয়া মানুহ আছিল। BSB BSB: One man there had been an invalid for thirty-eight years.
6 ULB যীচুৱে তেওঁক পৰি থকা দেখি আৰু বহু দিনৰ ৰোগী যেন জানি, তেওঁক সুধিলে, “তুমি সুস্থ হ’বলৈ ইচ্ছা কৰা নে?” BSB BSB: When Jesus saw him lying there and realized that he had spent a long time in this condition, He asked him, “Do you want to get well?”
7 ULB ৰোগী জনে তেওঁক উত্তৰ দিলে, “মহাশয়, যেতিয়া পানীত খলকনি উঠে, তেতিয়া পুখুৰীত নমাই দিবলৈ মোৰ কোনো মানুহ নাই; সেয়ে, মই যাওঁতে যাওঁতে মোতকৈ আগেয়ে আনে নামেগৈ।” BSB BSB: “Sir,” the invalid replied, “I have no one to help me into the pool when the water is stirred. While I am on my way, someone else goes in before me.”
8 ULB যীচুৱে তেওঁক ক’লে, “উঠা, তোমাৰ শয্যা তুলি লৈ খোজ কাঢ়ি ফুৰা।” BSB BSB: Then Jesus told him, “Get up, pick up your mat, and walk.”
9 ULB তেতিয়াই সেই মানুহ জনে সুস্থ হ'ল আৰু নিজৰ শয্যা তুলি লৈ খোজ কাঢ়িবলৈ ধৰিলে। BSB BSB: Immediately the man was made well, and he picked up his mat and began to walk. Now this happened on the Sabbath day,
10 ULB সেই দিনটো বিশ্ৰাম বাৰ আছিল; সেয়েহে ইহুদী সকলে সুস্থ হোৱা জনক ক’লে, “আজি বিশ্ৰাম বাৰ; বিধানৰ মতে শয্যা তুলি নিব নাপায়।” BSB BSB: so the Jews said to the man who had been healed, “This is the Sabbath! It is unlawful for you to carry your mat.”
11 ULB কিন্তু তেওঁ তেওঁলোকক উত্তৰ দিলে, “যি জনে মোক সুস্থ কৰিলে, সেই জনেই মোক ক’লে, বোলে তোমাৰ শয্যা তুলি লৈ খোজ কাঢ়ি ফুৰা।” BSB BSB: But he answered, “The man who made me well told me, ‘Pick up your mat and walk.’”
12 ULB তেওঁলোকে তেওঁক সুধিলে, “তোমাৰ শয্যা তুলি লৈ খোজ কাঢ়ি যোৱা’ বুলি কোৱা সেই মানুহ জন কোন?” BSB BSB: “Who is this man who told you to pick it up and walk?” they asked.
13 ULB কিন্তু সুস্থ হোৱা মানুহ জনে ‘তেওঁ কোন আছিল’ তাক জনা নাছিল। কিয়নো সেই ঠাইত অনেকে ভিৰ কৰাত, যীচু আতৰি গৈছিল। BSB BSB: But the man who was healed did not know who it was, for Jesus had slipped away while the crowd was there.
14 ULB পাছত যীচুৱে মন্দিৰত তেওঁক দেখা পাই ক’লে, “চোৱা তুমি এতিয়া সুস্থ হ’লা!! আৰু পাপ নকৰিবা, যাতে তোমাৰ অধিক ক্ষতি নহয়।” BSB BSB: Afterward, Jesus found the man at the temple and said to him, “See, you have been made well. Stop sinning, or something worse may happen to you.”
15 ULB তেতিয়া সেই মানুহে গৈ ইহুদী সকলক ক’লে, “যি জনে মোক সুস্থ কৰিলে, তেওঁ যীচু।” BSB BSB: And the man went away and told the Jews that it was Jesus who had made him well.
16 ULB এই কাৰণতে ইহুদী সকলে যীচুক তাড়না কৰিবলৈ ধৰিলে, কাৰণ তেওঁ বিশ্রাম বাৰে এইবোৰ কৰ্ম কৰিলে। BSB BSB: Now because Jesus was doing these things on the Sabbath, the Jews began to persecute Him.
17 ULB যীচুৱে তেওঁলোকক ক’লে, “মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম কৰি আছে, ময়ো কৰিছোঁ। BSB BSB: But Jesus answered them, “To this very day My Father is at His work, and I too am working.”
19 ULB ইয়াৰ উত্তৰত যীচুৱে তেওঁলোকক ক’লে, “মই সচাঁকৈয়ে আপোনালোকক কওঁ, পুত্ৰই নিজৰ পৰা একো কৰিব নোৱাৰে। পিতৃক যি যি কৰা দেখে, কেৱল তাকেহে কৰিব পাৰে। BSB BSB: So Jesus replied, “Truly, truly, I tell you, the Son can do nothing by Himself, unless He sees the Father doing it. For whatever the Father does, the Son also does.
20 ULB কাৰণ, পিতৃয়ে পুত্ৰক ভাল পায় আৰু নিজে যি কৰে সেই সকলোকে পুত্রক দেখুৱায়। আপোনালোক যেন অধিক আচৰিত হৈ যায়, তাৰ বাবে তেওঁ ইয়াতকৈয়ো মহৎ মহৎ কৰ্ম পুত্রক দেখুৱাব। BSB BSB: The Father loves the Son and shows Him all He does. And to your amazement, He will show Him even greater works than these.
21 ULB পিতৃয়ে যেনেকৈ মৃতকক তুলি জীৱন দিয়ে, পুত্ৰয়ো যি জনকে ইচ্ছা কৰে, তেওঁক জীৱন দিয়ে। BSB BSB: For just as the Father raises the dead and gives them life, so also the Son gives life to whom He wishes.
22 ULB পিতৃয়ে কোনো জনৰ সোধ-বিচাৰ নকৰে, কিন্তু সমস্ত বিচাৰৰ ভাৰ তেওঁ পুত্রক দিলে, BSB BSB: Furthermore, the Father judges no one, but has assigned all judgment to the Son,
23 ULB যাতে পিতৃক যেনেকৈ সকলোৱে সন্মান কৰে, তেনেকৈ পুত্ৰকো যেন সন্মান কৰে; যি জনে পুত্ৰক সন্মান নকৰে, তেওঁ তেওঁক পঠোৱা পিতৃকো সন্মান নকৰে। BSB BSB: so that all may honor the Son just as they honor the Father. Whoever does not honor the Son does not honor the Father who sent Him.
24 ULB মই সচাঁকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল। BSB BSB: Truly, truly, I tell you, whoever hears My word and believes Him who sent Me has eternal life and will not come under judgment. Indeed, he has crossed over from death to life.
25 ULB আপোনালোকক সচাঁকৈয়ে কওঁ, যি সময়ত মৃত লোকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, এনে সময় আহি আছে, বৰং আহি পালেহি আৰু যি সকলে শুনিব, তেওঁলোক জীৱ। BSB BSB: Truly, truly, I tell you, the hour is coming and has now come when the dead will hear the voice of the Son of God, and those who hear will live.
26 ULB কিয়নো পিতৃ নিজে যেনেকৈ জীৱনৰ আধিকাৰী, তেনেকৈ তেওঁ পুত্রকো নিজে জীৱনৰ অধিকাৰী হবলৈ দিলে। BSB BSB: For as the Father has life in Himself, so also He has granted the Son to have life in Himself.
27 ULB পিতৃয়ে সেই পুত্রৰ হাতত মানুহৰ সকলো সোধ-বিচাৰৰ ক্ষমতা দিলে, কাৰণ তেওঁ মানুহৰ পুত্ৰ। BSB BSB: And He has given Him authority to execute judgment, because He is the Son of Man.
29 ULB আৰু ওলাই আহিব। সৎকৰ্ম্ম কৰা সকল জীৱনৰ পুনৰুত্থানলৈ, দুষ্টকৰ্ম্ম কৰা সকল সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাই আহিব। BSB BSB: and come out—those who have done good to the resurrection of life, and those who have done evil to the resurrection of judgment.
30 ULB মই নিজে একো কৰিব নোৱাৰো; যেনেকৈ শুনো, তেনেকৈয়ে বিচাৰ কৰোঁ আৰু মোৰ বিচাৰ ন্যায়; কিয়নো মই মোৰ নিজৰ ইচ্ছা বিচৰা নাই, কিন্তু যি জনে মোক পঠাইছে, তেওঁৰ ইচ্ছাহে বিচাৰোঁ। BSB BSB: I can do nothing by Myself; I judge only as I hear. And My judgment is just, because I do not seek My own will, but the will of Him who sent Me.
31 ULB মই যদি কেৱল নিজৰ বিষয়ে নিজে সাক্ষ্য দিওঁ, তেন্তে মোৰ সেই সাক্ষ্য সত্য নহয়। BSB BSB: If I testify about Myself, My testimony is not valid.
32 ULB আন এজন আছে, যি জনে মোৰ বিষয়ে সাক্ষ্য দিয়ে আৰু মই জানো যে তেওঁ মোৰ বিষয়ে যি সাক্ষ্য দিয়ে, সেই সাক্ষ্য সত্য। BSB BSB: There is another who testifies about Me, and I know that His testimony about Me is valid.
33 ULB আপোনালোকে যোহনৰ ওচৰলৈ লোক পঠাইছিল আৰু যোহনে সত্যৰ পক্ষে সাক্ষ্য দিছিল। BSB BSB: You have sent to John, and he has testified to the truth.
34 ULB অৱশ্যে মোৰ মানুহৰ পৰা পোৱা সাক্ষ্যৰ প্রয়োজন নাই; তথাপি মই এইবোৰ কথা কৈছো, যাতে আপোনালোকে পৰিত্ৰাণ পাব পাৰে। BSB BSB: Even though I do not accept human testimony, I say these things so that you may be saved.
35 ULB সেই যোহন আছিল এটি প্রদীপ স্বৰূপ, তেওঁ নিজে জ্বলি পোহৰ বিলাই আছিল। আপোনালোকে অলপ কালৰ বাবে তেওঁৰ পোহৰত আনন্দ উপভোগ কৰিবলৈ ইচ্ছুক হৈছিল। BSB BSB: John was a lamp that burned and gave light, and you were willing for a season to bask in his light.
36 ULB কিন্তু মোৰ যি সাক্ষ্য আছে, সেয়া যোহনৰ সাক্ষ্যতকৈয়ো মহত্বপূর্ণ; কাৰণ পিতৃয়ে মোক যি কামবোৰ সম্পূর্ণ কৰিবলৈ দিছে, মই সেইবোৰ কামেই কৰিছোঁ আৰু সেইবোৰে মোৰ বিষয়ে সাক্ষ্য দিয়ে যে পিতৃয়ে মোক পঠাইছে। BSB BSB: But I have testimony more substantial than that of John. For the works that the Father has given Me to accomplish—the very works I am doing—testify about Me that the Father has sent Me.
37 ULB সেই পিতৃ, যি জনে মোক পঠালে, তেওঁ মোৰ বিষয়ে সাক্ষ্য দিছে। আপোনালোকে তেওঁৰ মাত কোনোকালে শুনা নাই; তেওঁৰ আকৃতিও দেখা নাই। BSB BSB: And the Father who sent Me has Himself testified about Me. You have never heard His voice nor seen His form,
38 ULB তাৰ উপৰি তেওঁৰ বাক্যও আপোনালোকৰ অন্তৰত নাই; কিয়নো যি জনক তেওঁ পঠালে, আপোনালোকে সেই জনক বিশ্বাস নকৰে। BSB BSB: nor does His word abide in you, because you do not believe the One He sent.
39 ULB আপোনালোকে সকলো ধৰ্মশাস্ত্ৰ অতি মনোযোগ সহকাৰে পঢ়ে, কাৰণ আপোনালোকে ভাৱে সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব। সেই শাস্ত্ৰবোৰে মোৰ বিষয়েই সাক্ষ্য দিছে; BSB BSB: You pore over the Scriptures because you presume that by them you possess eternal life. These are the very words that testify about Me,
40 ULB তথাপি আপোনালোকে জীৱন লাভ কৰিবলৈ, মোৰ ওচৰলৈ আহিব নিবিচাৰে। BSB BSB: yet you refuse to come to Me to have life.
41 ULB মই মানুহৰ প্রশংসা(মহিমা) পাবলৈ চেষ্টা নকৰো; BSB BSB: I do not accept glory from men,
42 ULB কিন্তু মই আপোনালোকক জানো যে, আপোনালোকৰ অন্তৰত ঈশ্বৰৰ প্রতি প্ৰেম নাই। BSB BSB: but I know you, that you do not have the love of God within you.
43 ULB মই মোৰ পিতৃৰ নামেৰে আহিছোঁ আৰু আপোনালোকে মোক গ্ৰহণ নকৰে; কিন্তু আন কোনো যদি নিজৰ নামেৰে আহে, আপোনালোকে তেওঁক গ্ৰহণ কৰিব। BSB BSB: I have come in My Father’s name, and you have not received Me; but if someone else comes in his own name, you will receive him.
44 ULB আপোনালোকে এজনে আন জনৰ পৰা প্রশংসা(মহিমা) পাবলৈ আশা কৰে, কিন্তু যি প্রশংসা(মহিমা) একমাত্র ঈশ্বৰৰ পৰা পোৱা যায়, তালৈ আশা নকৰে। সেয়ে আপোনালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিব? BSB BSB: How can you believe if you accept glory from one another, yet do not seek the glory that comes from the only God?
45 ULB নাভাবিব যে পিতৃৰ আগত মই আপোনালোকক দোষী কৰিম; অাপোনালোকক দোষী কৰোঁতা আন এজন আছে। যি মোচিৰ ওপৰত আপোনালোকে আশা কৰিছে, তেৱেঁই আপোনালোকক দোষী কৰিছে। BSB BSB: Do not think that I will accuse you before the Father. Your accuser is Moses, in whom you have put your hope.
47 ULB কিন্তু তেওঁৰ লিখনি যদি আপোনালোকে বিশ্বাস নকৰে, তেন্তে কেনেকৈ মোৰ কথা বিশ্বাস কৰিব?” BSB BSB: But since you do not believe what he wrote, how will you believe what I say?”
Select verses for actions: Enter goes to them and Escape comes back.