1 ULB ইয়াৰ পাছত যীচু গালীল সাগৰৰ সিপাৰলৈ গ’ল। এই সাগৰক তিবিৰিয়া সাগৰো কোৱা হয়। BSB BSB: After this, Jesus crossed to the other side of the Sea of Galilee (that is, the Sea of Tiberias).
2 ULB তেতিয়া বহু মানুহৰ এটা দল যীচুৰ পাছে পাছে গ’ল, কাৰণ যীচুৱে ৰোগী সকললৈ যি যি কৰিছিল, সেই সকলো আচৰিত কার্যৰ চিনবোৰ তেওঁলোকে দেখা পাইছিল। BSB BSB: A large crowd followed Him because they saw the signs He was performing on the sick.
3 ULB পাছত যীচু আৰু তেওঁৰ শিষ্য সকল পাহাৰৰ ওপৰলৈ উঠি গৈ বহিল। BSB BSB: Then Jesus went up on the mountain and sat down with His disciples.
4 ULB সেই সময়ত ইহুদী সকলৰ নিস্তাৰ-পৰ্ব্বৰ দিন ওচৰ চাপি আহিছিল। BSB BSB: Now the Jewish Feast of the Passover was near.
5 ULB যীচুৱে ওপৰৰ ফালে চাই দেখিলে যে এক বৃহৎ মানুহৰ দল তেওঁৰ ওচৰলৈ আহি আছে। তেতিয়া তেওঁ ফিলিপক সুধিলে, “এওঁলোকক খোৱাবৰ কাৰণে আমি ক’ৰ পৰা পিঠা কিনিবলৈ পাম?” BSB BSB: When Jesus looked up and saw a large crowd coming toward Him, He said to Philip, “Where can we buy bread for these people to eat?”
6 ULB ফিলিপক পৰীক্ষা কৰিবলৈকে যীচুৱে এইকথা ক’লে, কাৰণ যীচুৱে কি কৰিব তাক তেওঁ নিজে জানিছিল। BSB BSB: But He was asking this to test him, for He knew what He was about to do.
7 ULB ফিলিপে উত্তৰ দিলে, “এওঁলোক প্রত্যেকে যদি অলপকৈয়ো পায়, তথাপি দুশ আধলি(দীনাৰ)ৰ পিঠা কিনিলেও যথেষ্ট নহ’ব।” BSB BSB: Philip answered, “Two hundred denarii would not buy enough bread for each of them to have a small piece.”
8 ULB যীচুৰ শিষ্য সকলৰ মাজত এজনৰ নাম আছিল আন্দ্রিয়। তেওঁ চিমোন পিতৰৰ ভায়েক। তেওঁ যীচুক ক’লে, BSB BSB: One of His disciples, Andrew, Simon Peter’s brother, said to Him,
9 ULB “ইয়াত এজন সৰু ল’ৰা আছে আৰু তেওঁৰ ওচৰত পাঁচোটা যৱৰ পিঠা আৰু দুটা সৰু মাছ আছে; কিন্তু ইমান মানুহৰ মাজত তাৰে কি হ’ব?” BSB BSB: “Here is a boy with five barley loaves and two small fish. But what difference will these make among so many?”
10 ULB যীচুৱে ক’লে, “লোক সকলক বহিবলৈ দিয়া।” সেই ঠাইতে ভালেমান ঘাঁহ আছিল। তেতিয়া সকলো লোক তাৰ ওপৰতে বহিল। তাত পুৰুষৰ সংখ্যাই প্রায় পাঁচ হাজাৰ আছিল। BSB BSB: “Have the people sit down,” Jesus said. Now there was plenty of grass in that place, so the men sat down, about five thousand of them.
11 ULB তাৰ পাছত যীচুৱে সেই পিঠাকেইখন লৈ ঈশ্বৰক ধন্যবাদ দি বহি থকা সকলৰ মাজত ভগাই দিলে। তেনেদৰে তেওঁ পাছত মাছো ভগাই দিলে। যেয়ে যিমান বিচাৰিলে সিমানকৈ পালে। BSB BSB: Then Jesus took the loaves and the fish, gave thanks, and distributed to those who were seated as much as they wanted.
12 ULB তেনেকৈ তেওঁলোক পৰিতৃপ্ত হোৱাৰ পাছত যীচুৱে শিষ্য সকলক ক’লে, “যি টুকুৰাবোৰ বাকী থাকিল, তাৰ একোৱেই যেন নষ্ট নহয়; সেইবোৰ একেলগে গোটাই লোৱা।” BSB BSB: And when everyone was full, He said to His disciples, “Gather the pieces that are left over, so that nothing will be wasted.”
13 ULB তেতিয়া শিষ্য সকলে সেইবোৰ গোটালে আৰু লোক সকলে খোৱাৰ পাছত সেই পাঁচোটা যৱৰ পিঠাৰ যি টুকুৰাবোৰ বাকী থাকিল, সেইবোৰ গোটাই তেওঁলোকে বাৰটা পাচি পূৰ কৰিলে। BSB BSB: So they collected them and filled twelve baskets with the pieces of the five barley loaves left over by those who had eaten.
15 ULB যেতিয়া যীচুৱে বুজিলে যে লোক সকলে তেওঁক জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবৰ কাৰণে ধৰি নিবলৈ উদ্যত হৈছে; তেতিয়া তেওঁ আতৰি অকলে সেই পাহাৰলৈ পুণৰ উঠি গ’ল। BSB BSB: Then Jesus, realizing that they were about to come and make Him king by force, withdrew again to a mountain by Himself.
16 ULB যেতিয়া সন্ধ্যা নামি আহিল, যীচুৰ শিষ্য সকল সাগৰৰ তীৰলৈ নামি গ’ল। BSB BSB: When evening came, His disciples went down to the sea,
17 ULB তেওঁলোকে গৈ এখন নাৱত উঠিল আৰু কফৰনাহূম নগৰৰ ফালে সাগৰ পাৰ হৈ যাবলৈ ধৰিলে। ইতিমধ্যে আন্ধাৰ হৈ গৈছিল, কিন্তু যীচু তেতিয়াও তেওঁলোকৰ ওচৰ আহি নাপালে। BSB BSB: got into a boat, and started across the sea to Capernaum. It was already dark, and Jesus had not yet gone out to them.
18 ULB বৰ জোৰেৰে বতাহ বলাত সাগৰত ঢৌ উঠিছিল। BSB BSB: A strong wind was blowing, and the sea grew agitated.
19 ULB শিষ্য সকলে নাও বাই প্রায় পাঁচ ছয় কিলোমিটাৰমান যোৱাৰ পাছত দেখিলে, যীচু সাগৰৰ ওপৰেদি খোজ কাঢ়ি নাৱঁৰ ওচৰলৈ আহি আছে। তাকে দেখি তেওঁলোকে অতিশয় ভয় খালে। BSB BSB: When they had rowed about three or four miles, they saw Jesus approaching the boat, walking on the sea—and they were terrified.
20 ULB তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এয়া মইহে! ভয় নকৰিবা।” BSB BSB: But Jesus spoke up: “It is I; do not be afraid.”
21 ULB শিষ্য সকলে যীচুক নাৱত তুলি লবলৈ বিচাৰিলে আৰু তেওঁলোক যি ঠাইলৈ গৈ আছিল, নাও খন তেতিয়াই সেই ঠাই পালেগৈ। BSB BSB: Then they were willing to take Him into the boat, and at once the boat reached the shore where they were heading.
22 ULB পিছদিনা খনৰ কথা। যি সকল লোক সাগৰৰ আন পাৰত থিয় হৈ আছিল, তেওঁলোকে দেখিছিল যে কেৱল মাত্র এখন নাৱৰ বাহিৰে সেই ঠাইত আন এখনো নাও নাছিল আৰু যীচু তেওঁৰ শিষ্য সকলৰ সৈতে তাত নুঠিল, অকল শিষ্য সকলহে আতৰি গৈছিল। BSB BSB: The next day, the crowd that had remained on the other side of the sea realized that only one boat had been there, and that Jesus had not boarded it with His disciples, but they had gone away alone.
23 ULB কিন্তু, প্রভুৱে ধন্যবাদ দিয়াৰ পাছত লোক সকলে যি ঠাইত পিঠা খাইছিল, সেই ঠাইৰ ওচৰতে তিবিৰিয়াৰ পৰা অহা কিছুমান নাও আছিল। BSB BSB: However, some boats from Tiberias landed near the place where the people had eaten the bread after the Lord had given thanks.
24 ULB সেয়ে, লোক সকলে যেতিয়া জানিলে যে যীচু আৰু তেওঁৰ শিষ্য সকল সেই ঠাইত নাই, তেতিয়া তেওঁলোকে সেই নাওবোৰত উঠি যীচুক বিচাৰি কফৰনাহূমলৈ গ’ল। BSB BSB: So when the crowd saw that neither Jesus nor His disciples were there, they got into the boats and went to Capernaum to look for Him.
25 ULB সাগৰৰ সিটো পাৰত তেওঁলোকে যীচুক দেখা পাই ক’লে, “ৰব্বি, আপুনি ইয়ালৈ কেতিয়া আহিল?” BSB BSB: When they found Him on the other side of the sea, they asked Him, “Rabbi, when did You get here?”
26 ULB যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “মই আপোনালোকক অতি সত্যৰূপে কওঁ, আপোনালোকে আচৰিত চিন দেখিছে কাৰণে নহয়, বৰং পিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছে। BSB BSB: Jesus replied, “Truly, truly, I tell you, it is not because you saw these signs that you are looking for Me, but because you ate the loaves and had your fill.
27 ULB ক্ষয়ণীয় আহাৰৰ কাৰণে শ্ৰম কৰিবলৈ এৰক; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ কাৰণে শ্ৰম কৰক। সেই আহাৰ মানুহৰ পুত্ৰই আপোনালোকক দিব; কিয়নো পিতৃ ঈশ্বৰে তেওঁৰ ওপৰত নিজৰ মোহৰ মাৰিলে।” BSB BSB: Do not work for food that perishes, but for food that endures to eternal life, which the Son of Man will give you. For on Him God the Father has placed His seal of approval.”
28 ULB লোক সকলে তেওঁক সুধিলে, “তেনেহলে ঈশ্বৰৰ কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে?” BSB BSB: Then they inquired, “What must we do to perform the works of God?”
29 ULB যীচুৱে উত্তৰ দিলে, “ঈশ্বৰে যি জনক পঠালে, আপোনালোকে তেওঁত বিশ্বাস কৰাই হৈছে ঈশ্বৰৰ মনোনীত কৰ্ম।” BSB BSB: Jesus replied, “The work of God is this: to believe in the One He has sent.”
30 ULB তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি দেখি বিশ্বাস কৰিবলৈ আপুনি কি এনে কার্য কৰি আচৰিত চিন দেখুৱাব? আপুনি কি কৰ্ম কৰিব? BSB BSB: So they asked Him, “What sign then will You perform, so that we may see it and believe You? What will You do?
31 ULB আমাৰ পূর্বপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল; যেনেকৈ শাস্ত্রত লিখা আছে, ‘তেওঁ তেওঁলোকক খাবলৈ স্বৰ্গৰ পৰা ৰুটি দিলে’।” BSB BSB: Our fathers ate the manna in the wilderness, as it is written: ‘He gave them bread from heaven to eat.’”
32 ULB যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক সচাঁকৈয়ে কওঁ, স্বর্গৰ পৰা সেই ৰুটি মোচিয়ে আপোনালোকক দিয়া নাছিল, কিন্তু মোৰ পিতৃয়েহে আপোনালোকক স্বৰ্গৰ পৰা প্রকৃত ৰুটি দিয়ে BSB BSB: Jesus said to them, “Truly, truly, I tell you, it was not Moses who gave you the bread from heaven, but it is My Father who gives you the true bread from heaven.
33 ULB কিয়নো স্বৰ্গৰ পৰা নামি আহি যিহে জগতক জীৱন দান কৰে, সেয়ে ঈশ্বৰে দিয়া ৰুটি।” BSB BSB: For the bread of God is He who comes down from heaven and gives life to the world.”
34 ULB লোক সকলে ক’লে, “তেন্তে প্ৰভু, সেই ৰুটি আমাক সকলো সময়তে দিয়ক।” BSB BSB: “Sir,” they said, “give us this bread at all times.”
35 ULB যীচুৱে তেওঁ তেওঁলোকক ক’লে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। BSB BSB: Jesus answered, “I am the bread of life. Whoever comes to Me will never hunger, and whoever believes in Me will never thirst.
36 ULB মই আপোনালোকক কৈছোয়ে যে, আপোনালোকে মোক দেখিছে, কিন্তু আপোনালোকে বিশ্বাস নকৰে। BSB BSB: But as I stated, you have seen Me and still you do not believe.
39 ULB মোক পঠোৱা জনৰ ইচ্ছা এই যে, তেওঁ মোক যি সকলক দিলে, তেওঁলোকৰ এজনকো যেন মই নেহেৰুৱাও, কিন্তু শেষৰ দিনা তেওঁলোক সকলোকে যেন মই উঠাও। BSB BSB: And this is the will of Him who sent Me, that I shall lose none of those He has given Me, but raise them up at the last day.
40 ULB মোৰ পিতৃৰ ইচ্ছা এই- যি কোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে, তেওঁ যেন অনন্ত জীৱন পায়; আৰু শেষৰ দিনা মই তেওঁক তুলিম।” BSB BSB: For it is My Father’s will that everyone who looks to the Son and believes in Him shall have eternal life, and I will raise him up at the last day.”
41 ULB পাছত ইহুদী নেতা সকলে যীচুৰ বিষয়ে ভোৰভোৰনি আৰম্ভ কৰিলে; যিহেতু তেওঁ কৈছিল, “স্বৰ্গৰ পৰা নমা আহাৰ ময়েই;” BSB BSB: At this, the Jews began to grumble about Jesus because He had said, “I am the bread that came down from heaven.”
42 ULB সেই নেতা সকলে কৈছিল, “এওঁ যোচেফৰ পুতেক যীচু, যাৰ বাপেক-মাকক আমি জানো, সেইজনেই নহয়নে? তেন্তে ‘মই স্বৰ্গৰ পৰা নামি আহিছোঁ’ এই কথা এতিয়া তেওঁ কেনেকৈ কৈছে?” BSB BSB: They were asking, “Is this not Jesus, the son of Joseph, whose father and mother we know? How then can He say, ‘I have come down from heaven’?”
43 ULB যীচুৱে তেওঁলোকক উত্তৰ দি ক'লে,“আপোনালোকে নিজৰ মাজত সেই ভোৰভোৰনি বন্ধ কৰক। BSB BSB: “Stop grumbling among yourselves,” Jesus replied.
44 ULB যি জনে মোক পঠাইছে, সেই পিতৃয়ে চপাই নললে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু মই শেষৰ দিনা তেওঁক তুলিম। BSB BSB: “No one can come to Me unless the Father who sent Me draws him, and I will raise him up at the last day.
45 ULB ভাববাদী সকলৰ পুস্তকত এইবুলি লিখা আছে, “তেওঁলোক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা লাভ কৰিব।” যি জনে পিতৃৰ পৰা শুনি শিক্ষা পাইছে, তেৱেঁই মোৰ ওচৰলৈ আহে। BSB BSB: It is written in the Prophets: ‘And they will all be taught by God.’ Everyone who has heard the Father and learned from Him comes to Me—
46 ULB কোনোৱে যে পিতৃক দেখিলে, এনে নহয়, কেৱল যি জন ঈশ্বৰৰ পৰা হয়, তেৱেঁই পিতৃক দেখিলে। BSB BSB: not that anyone has seen the Father except the One who is from God; only He has seen the Father.
47 ULB মই সচাঁকৈয়ে কৈছো, যি জনে বিশ্বাস কৰে, সেই জনৰ অনন্ত জীৱন আছে। BSB BSB: Truly, truly, I tell you, he who believes has eternal life.
48 ULB জীৱন দিওঁতা আহাৰ ময়েই। BSB BSB: I am the bread of life.
49 ULB আপোনালোকৰ পিতৃপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল আৰু তেওঁলোক মৰিল৷ BSB BSB: Your fathers ate the manna in the wilderness, yet they died.
50 ULB স্বর্গৰ পৰা নামি অহা আহাৰ এয়ে; যি মানুহে ইয়াক খায়, তেওঁ পুনৰ নমৰে। BSB BSB: This is the bread that comes down from heaven, so that anyone may eat of it and not die.
51 ULB স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায়, তেন্তে তেওঁ চিৰকাল জীব; আৰু জগতৰ জীৱনৰ কাৰণে মই যি আহাৰ দিম, সেয়ে মোৰ মাংস।” BSB BSB: I am the living bread that came down from heaven. If anyone eats of this bread, he will live forever. And this bread, which I will give for the life of the world, is My flesh.”
52 ULB এই কথাত ইহুদী সকল খঙত জ্বলি উঠি পৰস্পৰে বাকযুদ্ধত লিপ্ত হৈ ক’লে, “কেনেকৈ এই মানুহ জনে তেওঁৰ দেহৰ মাংস আমাক খাবলৈ দিব পাৰে?” BSB BSB: At this, the Jews began to argue among themselves, “How can this man give us His flesh to eat?”
53 ULB যীচুৱে তেওঁলোকক ক’লে, “সচাঁকৈয়ে মই আপোনালোকক কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে, আপোনালোকৰ ভিতৰত জীৱন নাই। BSB BSB: So Jesus said to them, “Truly, truly, I tell you, unless you eat the flesh and drink the blood of the Son of Man, you have no life in you.
54 ULB যি কোনোৱে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, তেওঁৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম। BSB BSB: Whoever eats My flesh and drinks My blood has eternal life, and I will raise him up at the last day.
55 ULB কিয়নো মোৰ মাংসই প্রকৃত ভক্ষ্য আৰু মোৰ তেজেই প্রকৃত পানীয়। BSB BSB: For My flesh is real food, and My blood is real drink.
56 ULB যি জনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে, সেইজন মোত থাকে, ময়ো তেওঁত থাকোঁ। BSB BSB: Whoever eats My flesh and drinks My blood remains in Me, and I in him.
57 ULB যেনেকৈ জীৱিত পিতৃয়ে মোক পঠালে আৰু পিতৃৰ কাৰণে মই জীৱিত আছো, তেনেকৈ যি কোনোৱে মোক ভোজন কৰে, তেৱোঁ মোৰ দ্বাৰাই জীয়াই থাকিব। BSB BSB: Just as the living Father sent Me and I live because of the Father, so also the one who feeds on Me will live because of Me.
58 ULB স্বৰ্গৰ পৰা নমা আহাৰ এয়েই। পিতৃপুৰুষ সকলে যেনেকৈ খায়ো মৰিল, তাৰ নিচিনা নহয়; যি জনে এই আহাৰ খায়, সেই জন চিৰকাল জীৱ।” BSB BSB: This is the bread that came down from heaven. Unlike your fathers, who ate the manna and died, the one who eats this bread will live forever.”
60 ULB যীচুৰ শিষ্য সকলৰ মাজৰ অনেকে এই কথা শুনি ক’লে, “ই বৰ কঠিন শিক্ষা; কোনে ইয়াক গ্রহণ কৰিব পাৰে?” BSB BSB: On hearing it, many of His disciples said, “This is a difficult teaching. Who can accept it?”
61 ULB যীচুৱে নিজৰ মনতে জানিব পাৰিছিল যে তেওঁৰ শিষ্য সকলে এই বিষয়ত বু বু বা বা কৰি আছে; সেয়ে তেওঁ শিষ্য সকলক সুধিলে, “এই কথাত তোমালোকে মনত বিঘিনি পাইছা নেকি? BSB BSB: Aware that His disciples were grumbling about this teaching, Jesus asked them, “Does this offend you?
62 ULB মানুহৰ পুত্ৰক যেতিয়া উর্দ্ধত তেওঁৰ আগৰ থকা ঠাইলৈ উঠা দেখিবা, তেতিয়া তোমালোকে কি ক’বা? BSB BSB: Then what will happen if you see the Son of Man ascend to where He was before?
63 ULB আত্মাইহে জীৱন দিয়ে। মাংস একো উপকাৰত নাহে; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন। BSB BSB: The Spirit gives life; the flesh profits nothing. The words I have spoken to you are spirit and they are life.
64 ULB কিন্তু তোমালোকৰ মাজত এনে কিছুমান আছে, যি সকলে বিশ্বাস নকৰে।” কিয়নো যীচুৱে আদিৰে পৰা জানিছিল, কোনে কোনে বিশ্বাস নকৰে আৰু কোনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব। BSB BSB: However, there are some of you who do not believe.” (For Jesus had known from the beginning which of them did not believe and who would betray Him.)
65 ULB তেওঁ পুনৰ ক’লে, “এই কাৰণে মই তোমালোকক কৈছিলোঁ যে, পিতৃয়ে ইচ্ছা নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।” BSB BSB: Then Jesus said, “This is why I told you that no one can come to Me unless the Father has granted it to him.”
67 ULB যীচুৱে তেতিয়া সেই বাৰ জন পাঁচনিক ক’লে, “তোমালোকেও যাবলৈ ইচ্ছা কৰানে?” BSB BSB: So Jesus asked the Twelve, “Do you want to leave too?”
68 ULB চিমোন পিতৰে তেওঁক উত্তৰ দিলে, “প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰ ওচৰতহে আছে। BSB BSB: Simon Peter replied, “Lord, to whom would we go? You have the words of eternal life.
69 ULB আমি বিশ্বাস কৰিছোঁ আৰু জানিছোঁ যে আপুনিয়েই ঈশ্বৰৰ পবিত্ৰ জন।” BSB BSB: We believe and know that You are the Holy One of God.”
70 ULB যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোক বাৰ জনক মনোনীত কৰা নাই নে? কিন্তু তোমালোকৰ মাজতো এজন দিয়াবল(চয়তান) আছে।” BSB BSB: Jesus answered them, “Have I not chosen you, the Twelve? Yet one of you is a devil!”
71 ULB ইয়াত ঈষ্কৰিয়োতীয়া চিমোনৰ পুত্ৰ যিহূদাৰ বিষয়ে কৈছিল; কিয়নো যদিও তেওঁ বাৰ জনৰ মাজৰ এজন আছিল, তথাপি তেৱেঁ পাছত যীচুক শত্ৰুৰ হাতত শোধাই দিছিল। BSB BSB: He was speaking about Judas, the son of Simon Iscariot. For although Judas was one of the Twelve, he was later to betray Jesus.
Select verses for actions: Enter goes to them and Escape comes back.