1 ULB পাছত যিহোৱাই যে ইস্ৰায়েলৰ সন্তানসকল পাৰ নোহোৱালৈকে যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিলে, এই কথা যৰ্দ্দনৰ পশ্চিম পাৰে থকা ইমোৰীয়াসকলৰ সকলো ৰজাই আৰু সমুদ্ৰৰ ওচৰত থকা কনানীয়াসকলৰ সকলো ৰজাই যেতিয়া শুনিলে, তেতিয়া তেওঁলোকৰ হৃদয় ভয়ত আতুৰ হৈ গ’ল আৰু ইস্ৰায়েলৰ সন্তানসকলৰ কাৰণে তেওঁলোকৰ পুনৰ সাহস নহ’ল। BSB BSB: Now when all the Amorite kings west of the Jordan and all the Canaanite kings along the coast heard how the LORD had dried up the waters of the Jordan before the Israelites until they had crossed over, their hearts melted and their spirits failed for fear of the Israelites.
2 ULB সেই সময়ত যিহোৱাই যিহোচূৱাক ক’লে, “তুমি শিলৰ কটাৰী তৈয়াৰ কৰি পুনৰ ইস্রায়েলৰ সন্তানসকলক দ্বিতীয় বাৰৰ বাবে চুন্নৎ কৰোওৱা।” BSB BSB: At that time the LORD said to Joshua, “Make flint knives and circumcise the sons of Israel once again.”
3 ULB তেতিয়া যিহোচূৱাই শিলৰ কটাৰী তৈয়াৰ কৰি, অগ্ৰচৰ্ম্ম নামেৰে পৰ্বতৰ ওচৰত ইস্ৰায়েলৰ সন্তানসকলৰ চুন্নৎ কৰোৱালে। BSB BSB: So Joshua made flint knives and circumcised the sons of Israel at Gibeath-haaraloth.
4 ULB যিহোচূৱাই তেওঁলোকক চুন্নৎ কৰোৱাৰ কাৰণ এই যে, মিচৰ দেশৰ পৰা ওলাই অহা লোকসকলৰ মাজত যিমান যুদ্ধ কৰিব পৰা পুৰুষ আছিল, সেই পুৰুষসকল মিচৰৰ পৰা যাত্রা কৰি আহি থাকোতে মৰুভূমিৰ বাটৰ মাজতে মৰিল। BSB BSB: Now this is why Joshua circumcised them: All those who came out of Egypt—all the men of war—had died on the journey in the wilderness after they had left Egypt.
5 ULB যদিও মিচৰৰ পৰা ওলাই অহা সকলো লোকৰে চুন্নৎ কৰোৱা হৈছিল; কিন্তু ওলাই আহোঁতে মৰুভূমিৰ পথত জন্ম হোৱাসকলৰ কোনো এজনৰে চুন্নৎ কৰোৱা হোৱা নাছিল। BSB BSB: Though all who had come out were circumcised, none of those born in the wilderness on the journey from Egypt had been circumcised.
6 ULB কাৰণ মিচৰৰ পৰা ওলাই অাহোতে ইস্ৰায়েলৰ সন্তানসকলে চল্লিশ বছৰ মৰুভূমিত ভ্ৰমণ কৰি আছিল; তাতে যিহোৱাৰ গোটেই জাতিৰ লোকসকল, বিশেষকৈ যুদ্ধ কৰিব পৰা পুৰুষসকলে যিহোৱাৰ কথা নুশুনাৰ বাবে বিনষ্ট হৈছিল৷ যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্বপুৰুষসকলৰ আগত প্ৰতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌজোল বৈ থকা দেশ তেওঁলোকক দেখিবলৈ নিদিওঁ বুলি যিহোৱাই তেওঁলোকৰ আগত শপত খাইছিল। BSB BSB: For the Israelites had wandered in the wilderness forty years, until all the nation’s men of war who had come out of Egypt had died, since they did not obey the LORD. So the LORD vowed never to let them see the land He had sworn to their fathers to give us, a land flowing with milk and honey.
7 ULB পাছত তেওঁলোকৰ সলনি তেওঁলোকে পোৱা সন্তানসকলেহে দেখিবলৈ পালে; যিহোচূৱাই তেওঁলোকৰেই চুন্নৎ কৰোৱালে; কিয়নো তেওঁলোক অচুন্নৎ আছিল। আহি থাকোতে বাটত তেওঁলোকৰ চুন্নৎ কৰা হোৱা নাছিল। BSB BSB: And He raised up their sons in their place, and these were the ones Joshua circumcised. Until this time they were still uncircumcised, since they had not been circumcised along the way.
8 ULB এইদৰে গোটেই জাতিৰ চুন্নৎ কৰাৰ পাছত, তেওঁলোক সুস্থ নোহোৱালৈকে ছাউনিৰ মাজত নিজ নিজ ঠাইতেই থাকিল। BSB BSB: And after all the nation had been circumcised, they stayed there in the camp until they were healed.
9 ULB পাছত যিহোৱাই যিহোচূৱাক ক’লে, “আজি মই তোমালোকৰ পৰা মিচৰৰ দুৰ্নাম স্বৰূপ শিল বগৰাই পেলালোঁ।” এই হেতুকে সেই ঠাই গিলগল বগৰোৱা বুলি আজিলৈকে বিখ্যাত হৈ আছে। BSB BSB: Then the LORD said to Joshua, “Today I have rolled away the reproach of Egypt from you.” So that place has been called Gilgal to this day.
10 ULB ইস্ৰায়েলৰ সন্তানসকলে গিলগলত ছাউনি পাতিলে আৰু মাহৰ চতুৰ্দ্দশ দিনৰ গধুলি বেলা যিৰীহোৰ সমথলত নিস্তাৰ-পৰ্ব্ব পালন কৰিলে। BSB BSB: On the evening of the fourteenth day of the month, while the Israelites were camped at Gilgal on the plains of Jericho, they kept the Passover.
11 ULB সেই নিস্তাৰ-পৰ্ব্বৰ পাছদিনা তেওঁলোকে দেশত উৎপন্ন হোৱা শস্য ভোজন কৰিলে; সেই দিনাই তেওঁলোকে খমীৰ নিদিয়া পিঠা আৰু ভজা শস্য ভোজন কৰিলে। BSB BSB: The day after the Passover, on that very day, they ate unleavened bread and roasted grain from the produce of the land.
12 ULB আৰু তাৰ পাছদিনা, তেওঁলোকে দেশত উৎপন্ন হোৱা শস্য ভোজন কৰাৰ পাছত তেওঁলোকৰ মাজৰ পৰা মান্না নাইকিয়া হ’ল৷ তেতিয়াৰে পৰা ইস্ৰায়েলৰ সন্তানসকলে পুনৰ মান্না নাপালে, কিন্তু সেই বছৰৰ পৰা তেওঁলোকে কনান দেশৰ শস্যহে ভোজন কৰিলে। BSB BSB: And the day after they had eaten from the produce of the land, the manna ceased. There was no more manna for the Israelites, so that year they began to eat the crops of the land of Canaan.
13 ULB যিৰীহোৰ ওচৰত থকা সময়ত যিহোচূৱাই চকু তুলি চাই দেখিলে যে, তেওঁৰ সন্মুখত এজন পুৰুষ থিয় হৈ আছে আৰু সেই পুৰুষৰ হাতত আছে এখন ফাঁকৰ পৰা উলিওৱা তৰোৱাল; তেতিয়া যিহোচূৱাই তেওঁৰ ওচৰলৈ গৈ সুধিলে, “তুমি আমাৰ পক্ষৰ, নে আমাৰ শত্ৰুবোৰৰ পক্ষৰ?” BSB BSB: Now when Joshua was near Jericho, he looked up and saw a man standing in front of him with a drawn sword in His hand. Joshua approached Him and asked, “Are You for us or for our enemies?”
14 ULB তেতিয়া তেওঁ ক’লে, “মই কোনো পক্ষৰে নহও; মই যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতি৷ এতিয়া মই আহিলোঁ।” তেতিয়া যিহোচূৱাই মাটিলৈ মূৰ দোৱাই প্ৰণিপাত কৰি তেওঁক ক’লে, “মোৰ প্ৰভুৱে তেওঁৰ দাসক কি আজ্ঞা দিয়ে?” BSB BSB: “Neither,” He replied. “I have now come as Commander of the LORD’s army.” Then Joshua fell facedown in reverence and asked Him, “What does my Lord have to say to His servant?”
15 ULB যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতিয়ে যিহোচূৱাক ক’লে, “তোমাৰ ভৰিৰ পৰা তোমাৰ জোতা সোলোকোৱা; কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেই ঠাই পবিত্ৰ।” তেতিয়া যিহোচূৱাই সেইদৰেই কৰিলে৷ BSB BSB: The Commander of the LORD’s army replied, “Take off your sandals, for the place where you are standing is holy.” And Joshua did so.
Select verses for actions: Enter goes to them and Escape comes back.