1 ULB সেই সময়ত ইস্ৰায়েলৰ সন্তানসকলৰ ভয়ত যিৰীহো নগৰৰ প্ৰৱেশ পথবোৰ বন্ধ আছিল; ভিতৰলৈ কি বাহিৰলৈ কোনেও ওলোৱা-সোমোৱা কৰা নাছিল। BSB BSB: Now Jericho was tightly shut up because of the Israelites. No one went out and no one came in.
2 ULB পাছত যিহোৱাই যিহোচূৱাক ক’লে, “চোৱা, মই যিৰীহোক, ইয়াৰ ৰজাক আৰু তাৰ প্ৰশিক্ষিত বীৰপুৰুষসকলক তোমাৰ হাতত সমৰ্পণ কৰিলোঁ। BSB BSB: And the LORD said to Joshua, “Behold, I have delivered Jericho into your hand, along with its king and its mighty men of valor.
3 ULB তোমালোকৰ আটাই যুদ্ধাৰু লোকে নগৰখনৰ চাৰিওকাষে এবাৰ কুচকাৱাজ কৰি প্ৰদক্ষিণ কৰিবা৷ এইদৰে তুমি ছদিন কৰিবা। BSB BSB: March around the city with all the men of war, circling the city one time. Do this for six days.
4 ULB আৰু সাতজন পুৰোহিতক নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যাবলৈ দিবা৷ পাছত সপ্তম দিনা তোমালোকে সাতবাৰ নগৰখন প্ৰদক্ষিণ কৰিবা আৰু পুৰোহিতসকলক উচ্চ শব্দেৰে শিঙা বজাবলৈ দিবা। BSB BSB: Have seven priests carry seven rams’ horns in front of the ark. Then on the seventh day, march around the city seven times, while the priests blow the horns.
5 ULB আৰু যেতিয়া তেওঁলোকে মহাশব্দকাৰী শিঙা দীঘলীয়াকৈ উচ্চ শব্দেৰে বজাব আৰু তোমালোকে যেতিয়া শিঙাৰ শব্দ শুনিবা, তেতিয়া সকলো লোকে মহাধ্বনি কৰিবা; তাতে নগৰৰ গড় মাটিৰ সমান হৈ পৰিব আৰু প্ৰতিজন লোকে নিজৰ সন্মুখেদি পোনে পোনে উঠি যাবা।” BSB BSB: And when there is a long blast of the ram’s horn and you hear its sound, have all the people give a mighty shout. Then the wall of the city will collapse and all your people will charge straight into the city.”
6 ULB তেতিয়া নুনৰ পুত্ৰ যিহোচূৱাই পুৰোহিতসকলক মাতি আনি ক’লে, “তোমালোকে নিয়ম-চন্দুক দাঙি লোৱা আৰু পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যোৱা।” BSB BSB: So Joshua son of Nun summoned the priests and said, “Take up the ark of the covenant and have seven priests carry seven rams’ horns in front of the ark of the LORD.”
7 ULB পাছত তেওঁ লোকসকলক ক’লে, “তোমালোকে গৈ নগৰ প্ৰদক্ষিণ কৰা আৰু যুদ্ধলৈ সাজু হৈ থকা সৈন্যসকল যিহোৱাৰ চন্দুকৰ আগে আগে যোৱা।” BSB BSB: And he told the people, “Advance and march around the city, with the armed troops going ahead of the ark of the LORD.”
8 ULB এইদৰে যিহোচূৱাই লোকসকলক কোৱাৰ দৰে, মহাশব্দকাৰী শিঙা লৈ যোৱা পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে উচ্চ শব্দেৰে শিঙা বজাই বজাই যাবলৈ ধৰিলে আৰু যিহোৱাৰ নিয়ম-চন্দুক তেওঁলোকৰ পাছে পাছে লৈ গৈ থাকিল। BSB BSB: After Joshua had spoken to the people, seven priests carrying seven rams’ horns before the LORD advanced and blew the horns, and the ark of the covenant of the LORD followed them.
9 ULB ৰণলৈ সাজু হোৱা সৈন্যসকল শিঙা বজোৱা পুৰোহিতসকলৰ আগে আগে গ’ল আৰু তেওঁলোকৰ পাছত যোৱা লোকৰ দলটো নিয়ম-চন্দুকৰ পাছে পাছে গ’ল; যাওঁতে পুৰোহিতসকলে শিঙা বজাই বজাই গ’ল। BSB BSB: While the horns continued to sound, the armed troops marched ahead of the priests who blew the horns, and the rear guard followed the ark.
10 ULB তাৰ পাছত যিহোচূৱাই লোকসকলক আজ্ঞা দি ক’লে, “মই তোমালোকক মহাধ্বনি কৰিবলৈ আজ্ঞা দিয়া দিনটো নহালৈকে, তোমালোকে ধ্বনি নকৰিবা আৰু নিজ নিজ মাত নুশুনাবা, তোমালোকৰ মুখৰ পৰা কোনো কথা নোলাওক; মই যিদিনা আজ্ঞা দিম, সেই দিনাহে তোমালোকে মহাধ্বনি কৰিবা।” BSB BSB: But Joshua had commanded the people: “Do not give a battle cry or let your voice be heard; do not let one word come out of your mouth until the day I tell you to shout. Then you are to shout!”
11 ULB এইদৰে তেওঁ নগৰৰ চাৰিওফালে যিহোৱাৰ নিয়ম-চন্দুক এবাৰ প্ৰদক্ষিণ কৰোৱালে আৰু তেওঁলোকে ছাউনিলৈ আহি ৰাতি ছাউনিতে থাকিল। BSB BSB: So he had the ark of the LORD carried around the city, circling it once. And the people returned to the camp and spent the night there.
12 ULB তাৰ পাছদিনা যিহোচূৱা ৰাতিপুৱাতে উঠিল আৰু পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুক দাঙি ল’লে৷ BSB BSB: Joshua got up early the next morning, and the priests took the ark of the LORD.
13 ULB মহাশব্দকাৰী সাতোটা শিঙা লোৱা পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে শিঙা বজাই বজাই গ’ল আৰু পাছত যাবলগীয়াসকলে পাছে পাছে গমন কৰিলে; পুৰোহিতসকলে যাওঁতে উচ্চ শব্দেৰে শিঙা বজাই বজাই গ’ল। BSB BSB: And the seven priests carrying seven rams’ horns kept marching ahead of the ark of the LORD and blowing the horns. The armed troops went in front of them and the rear guard followed the ark of the LORD, while the horns kept sounding.
14 ULB তেওঁলোকে দ্বিতীয় দিনাও নগৰখন এবাৰ প্ৰদক্ষিণ কৰি ছাউনিলৈ উলটি আহিল৷ এইদৰে তেওঁলোকে ছয় দিন কৰিলে। কৰিলে। BSB BSB: So on the second day they marched around the city once and returned to the camp. They did this for six days.
15 ULB পাছত সপ্তম দিনা সূৰ্য উদয় হোৱা সময়ত তেওঁলোকে সোনকালে উঠিল, আৰু আগেয়ে কৰি অহাৰ দৰে নগৰ খন সাত বাৰ প্ৰদক্ষিণ কৰিলে; কেৱল সেই দিনাহে নগৰখন সাতবাৰ প্ৰদক্ষিণ কৰিলে। BSB BSB: Then on the seventh day, they got up at dawn and marched around the city seven times in the same manner. That was the only day they circled the city seven times.
16 ULB সপ্তম-বাৰত পুৰোহিতসকলে শিঙা বজোৱাৰ পাছত যিহোচুৱাই লোকসকলক ক’লে, “তোমালোকে মহাধ্বনি কৰা; কিয়নো যিহোৱাই তোমালোকক নগৰখন দিলে। BSB BSB: After the seventh time around, the priests blew the horns, and Joshua commanded the people, “Shout! For the LORD has given you the city!
17 ULB কিন্তু নগৰ আৰু তাৰ ভিতৰত থকা সকলোৱেই যিহোৱাৰ উদ্দেশে বৰ্জিত হ’ব৷ কেৱল ৰাহাব বেশ্যা আৰু তাইৰ ঘৰত তাইৰ লগত থকা আটাইবোৰ লোক জীয়াই থাকিব; কিয়নো আমি পঠোৱা দূতকেইজনক তাই লুকুৱাই ৰাখিছিল। BSB BSB: Now the city and everything in it must be devoted to the LORD for destruction. Only Rahab the prostitute and all those with her in her house will live, because she hid the spies we sent.
18 ULB তোমালোকে সেই বৰ্জিত বস্তুৰ পৰা সাৱধানে থাখিবা; নহলে তাক বৰ্জিত কৰাৰ পাছত বৰ্জিত বস্তুৰ কিছু ল’লে, তোমালোকে ইস্ৰায়েলৰ ছাউনিকো বৰ্জিত কৰি দুখত পেলাবা। BSB BSB: But keep away from the things devoted to destruction, lest you yourself be set apart for destruction. If you take any of these, you will set apart the camp of Israel for destruction and bring disaster upon it.
19 ULB সমুদায় ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ উদ্দেশে পবিত্ৰ হ’ব; সেইবোৰক যিহোৱাৰ ভৰাললৈ অনা হ’ব।” BSB BSB: For all the silver and gold and all the articles of bronze and iron are holy to the LORD; they must go into His treasury.”
21 ULB তাতে তেওঁলোকে নগৰৰ পুৰুষ, মহিলা, ডেকা, বুঢ়া আৰু গৰু, মেৰ, গাধ আদি সকলোকে তৰোৱালৰ ধাৰেৰে নিঃশেষে বিনষ্ট কৰিলে। BSB BSB: With the edge of the sword they devoted to destruction everything in the city—man and woman, young and old, oxen, sheep, and donkeys.
22 ULB তেতিয়া গুপুতে দেশৰ বুজ-বিচাৰ লোৱা মানুহ দুজনক যিহোচূৱাই ক’লে, “তোমালোকে সেই বেশ্যাৰ ঘৰত সোমাই তিৰোতা জনীৰ আগত তোমালোকে শপত খোৱাৰ দৰে তাইক আৰু তাইৰ সকলোকে উলিয়াই আনাগৈ।” BSB BSB: Meanwhile, Joshua told the two men who had spied out the land, “Go into the house of the prostitute and bring out the woman and all who are with her, just as you promised her.”
23 ULB তেতিয়া সেই ডেকা চোৰাংচোৱা দুজনে সোমাই গৈ ৰাহাব আৰু তাইৰ বাপেক, মাক আৰু ভাই ককাই আদি কৰি তাইৰ সম্পৰ্কীয় সকলোকে আৰু আটাইবোৰ জ্ঞাতি-কুটুম্বক উলিয়াই আনি, ইস্ৰায়েলৰ ছাউনিৰ বাহিৰত থ’লে। BSB BSB: So the young spies went in and brought out Rahab, her father and mother and brothers, and all who belonged to her. They brought out her whole family and settled them outside the camp of Israel.
25 ULB কিন্তু যিহোচূৱাই ৰাহাব বেশ্যাক আৰু তাইৰ বাপেকৰ বংশৰ লগতে তাইৰ সকলোকে জীয়াই ৰাখিলে৷ তাই আজিলৈকে ইস্ৰায়েলৰ মাজত বাস কৰি আছে; কিয়নো যিহোচূৱাই গোপনে যিৰীহোৰ বুজ-বিচাৰ ল’বলৈ পঠোৱা চোৰাংচোৱা দূত কেইজনক তাই লুকুৱাই ৰাখিছিল। BSB BSB: And Joshua spared Rahab the prostitute, with her father’s household and all who belonged to her, because she hid the men Joshua had sent to spy out Jericho. So she has lived among the Israelites to this day.
26 ULB সেই সময়ত যিহোচূৱাই শপত খাই লোকসকলক ক’লে, “যি কোনোৱে উঠি পুনৰায় যিৰীহো নগৰ নিৰ্ম্মাণ কৰিব, সি যিহোৱাৰ সাক্ষাতে অভিশপ্ত হওঁক; সি ভিত্তিমূল স্থাপন কৰি দণ্ডস্বৰূপে বৰ পুতেকক আৰু তাৰ দুৱৰি লগাই দণ্ডস্বৰূপে সৰু পুতেকক দিব।” BSB BSB: At that time Joshua invoked this solemn oath: “Cursed before the LORD is the man who rises up and rebuilds this city, Jericho; at the cost of his firstborn he will lay its foundations; at the cost of his youngest he will set up its gates.”
27 ULB এইদৰে যিহোৱা যিহোচূৱাৰ লগত আছিল আৰু তেওঁৰ যশস্যা গোটেই দেশত বিয়পি গ’ল। BSB BSB: So the LORD was with Joshua, and his fame spread throughout the land.
Select verses for actions: Enter goes to them and Escape comes back.