1 ULB অবীমেলকৰ পাছত তোলা নামৰ ইচাখৰ বংশৰ এজন লোকে ইস্রায়েলী লোকসকলক উদ্ধাৰ কৰিবলৈ আহিল। তোলা পোৱাৰ পুত্ৰ আৰু দোদোৰ নাতি তেওঁ ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলৰ চামীৰত বাস কৰিছিল। BSB BSB: After the time of Abimelech, a man of Issachar, Tola son of Puah, the son of Dodo, rose up to save Israel. He lived in Shamir, in the hill country of Ephraim.
2 ULB তেওঁ তেইশ বছৰ ধৰি ইস্ৰায়েলৰ বিচাৰকর্তা আছিল। তাৰ পাছত তেওঁৰ মৃত্যু হ’ল আৰু চামীৰত তেওঁক মৈদাম দিয়া হ’ল। BSB BSB: Tola judged Israel twenty-three years, and when he died, he was buried in Shamir.
3 ULB তোলাৰ পাছত গিলিয়দীয়া যায়ীৰ বাইশ বছৰ ইস্ৰায়েলী লোকসকলৰ বিচাৰকর্তা আছিল। BSB BSB: Tola was followed by Jair the Gileadite, who judged Israel twenty-two years.
4 ULB যায়ীৰৰ ত্ৰিশ জন পুতেক আছিল আৰু তেওঁলোকে ত্ৰিশটা গাধত উঠি ফুৰিছিল: তেওঁলোকৰ ত্ৰিশখন নগৰ আছিল; আজিও সেই নগৰবোৰক হব্বোৎ-যায়ীৰ বোলা হয়। BSB BSB: He had thirty sons who rode on thirty donkeys. And they had thirty towns in the land of Gilead, which to this day are called Havvoth-jair.
5 ULB যায়ীৰৰ মৃত্যুৰ পাছত কামোনত তেওঁক মৈদাম দিয়া হ’ল। BSB BSB: When Jair died, he was buried in Kamon.
6 ULB ইস্ৰায়েলী লোকসকলে যিহোৱাৰ দৃষ্টিত আকৌ কু-আচৰণ কৰিবলৈ ধৰিলে; তেওঁলোকে বাল-দেৱতা, অষ্টাৰেৎ দেবী আৰু অৰাম, চীদোন, মোৱাব, অম্মোন আৰু ফিলিস্তীনীয়াসকলৰ দেৱ-দেৱীসকলৰ পূজা কৰিবলৈ ধৰিলে। এইদৰে তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে আৰু তেওঁৰ উপাসনা নকৰিলে। BSB BSB: And again the Israelites did evil in the sight of the LORD. They served the Baals, the Ashtoreths, the gods of Aram, Sidon, and Moab, and the gods of the Ammonites and Philistines. Thus they forsook the LORD and did not serve Him.
7 ULB সেয়ে তেওঁলোকৰ বিৰুদ্ধে তেওঁ খঙত জ্বলি উঠিল আৰু ফিলিষ্টীয়া আৰু অম্মোনীয়াসকলৰ হাতত তেওঁলোকক তুলি দিলে। BSB BSB: So the anger of the LORD burned against Israel, and He sold them into the hands of the Philistines and Ammonites,
8 ULB তেওঁলোকে সেই বছৰত ইস্ৰায়েলীয়াসকলক উপদ্রৱ কৰি জয় কৰিলে; ওঠৰ বছৰ ধৰি যৰ্দ্দনৰ সিপাৰে থকা গিলিয়দৰ ইমোৰীয়া দেশত বাস কৰা সকলো ইস্ৰায়েলীয়া লোকক তেওঁলোকে উপদ্রৱ কৰিছিল। BSB BSB: who that very year harassed and oppressed the Israelites, and they did so for eighteen years to all the Israelites on the other side of the Jordan in Gilead, the land of the Amorites.
9 ULB অম্মোনীয়াসকলে যিহূদা, বিন্যামীন আৰু ইফ্রয়িম জনগোষ্ঠীৰ বিপক্ষে যুদ্ধ কৰিবলৈ যর্দ্দন পাৰ হৈ গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে অতিশয় কষ্ট ভোগ কৰিলে। BSB BSB: The Ammonites also crossed the Jordan to fight against Judah, Benjamin, and the house of Ephraim, and Israel was in deep distress.
10 ULB তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, “আমি নিজ ঈশ্বৰক ত্যাগ কৰি বাল-দেৱতাবোৰক পূজা কৰি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” BSB BSB: Then the Israelites cried out to the LORD, saying, “We have sinned against You, for we have indeed forsaken our God and served the Baals.”
11 ULB যিহোৱাই তেওঁলোকক ক’লে, “মই জানো মিচৰীয়া, ইমোৰীয়া, অম্মোনীয়া আৰু ফিলিষ্টীনীয়াসকলৰ পৰা তোমলোকক উদ্ধাৰ কৰা নাছিলো? BSB BSB: The LORD replied, “When the Egyptians, Amorites, Ammonites, Philistines,
12 ULB যেতিয়া চীদোনীয়া, অমালেকীয়া আৰু মায়োনীয়াসকলে তোমালোকক উপদ্ৰৱ কৰিছিল, তেতিয়া তোমালোকে মোৰ আগত কাতৰোক্তি কৰিছিলা আৰু মই তোমলোকক তেওঁলোকৰ অধীনৰ পৰা উদ্ধাৰ কৰিছিলোঁ। BSB BSB: Sidonians, Amalekites, and Maonites oppressed you and you cried out to Me, did I not save you from their hands?
13 ULB তথাপিও তোমালোকে মোক পুণৰ ত্যাগ কৰিলা আৰু আন দেৱ-দেৱীসকলক পূজা কৰিবলৈ ধৰিলা; গতিকে মই তোমালোকক বাৰে বাৰে ৰক্ষা কৰি নাথাকিম। BSB BSB: But you have forsaken Me and served other gods, so I will no longer save you.
14 ULB যি দেৱতাসকলক তোমালোকে পূজা কৰিছিলা তেওঁলোকৰ ওচৰলৈ গৈ কাতৰোক্তি কৰা; সঙ্কটৰ সময়ত তেওঁলোকেই তোমালোকক ৰক্ষা কৰক।” BSB BSB: Go and cry out to the gods you have chosen. Let them save you in your time of trouble.”
15 ULB কিন্তু ইস্ৰায়েলীয়াসকলে যিহোৱাক ক’লে,“আমি পাপ কৰিলো; আপোনাৰ দৃষ্টিত যি ভাল দেখে তাকেই আমালৈ কৰক; অনুগ্রহ কৰি কেবল এইবাৰ আপুনি আমাক উদ্ধাৰ কৰক।” BSB BSB: “We have sinned,” the Israelites said to the LORD. “Deal with us as You see fit; but please deliver us today!”
16 ULB তাৰ পাছত তেওঁলোকৰ মাজত ভিন্ন দেশীয় যি দেৱতাবোৰ আছিল, সেইসকলো দূৰ কৰি তেওঁলোকে যিহোৱাৰ সেৱা কৰিলে; তাতে ইস্ৰায়েলৰ কষ্ট দেখি যিহোৱাই দূখ কৰিলে। BSB BSB: So they put away the foreign gods from among them and served the LORD, and He could no longer bear the misery of Israel.
17 ULB তেতিয়া অম্মোনীয়াসকলে একগোট হৈ গিলিয়দত ছাউনি পাতিলে আৰু ইস্ৰায়েলী লোকসকলেও লগ হৈ মিস্পাত ছাউনি পাতিলে। BSB BSB: Then the Ammonites were called to arms and camped in Gilead, and the Israelites assembled and camped at Mizpah.
18 ULB গিলিয়দৰ নেতাসকলে এজনে আনজনক ক’লে, “অম্মোনীয়াসকলৰ লগত প্রথমে কোনে যুদ্ধ আৰম্ভ কৰিব? যিজনে কৰিব, তেঁৱেই গিলিয়দ-নিবাসী সকলো লোকৰ ওপৰত নেতা হ’ব। BSB BSB: And the rulers of Gilead said to one another, “Whoever will launch the attack against the Ammonites will be the head of all who live in Gilead.”
Select verses for actions: Enter goes to them and Escape comes back.