1 ULB পাছত ইস্ৰায়েলৰ সন্তানসকল একত্রিত হ’ল আৰু তেওঁলোকৰ দানৰ পৰা বেৰচেবা পর্যন্ত, আনকি গিলিয়দ চহৰৰ পৰাও আহিছিল। তেওঁলোকে মিস্পাত যিহোৱাৰ সন্মুখত গোট খালে। BSB BSB: Then all the Israelites from Dan to Beersheba and from the land of Gilead came out, and the congregation assembled as one man before the LORD at Mizpah.
2 ULB লোকসকলৰ নেতা অৰ্থাৎ ইস্ৰায়েলৰ আটাই ফৈদবোৰৰ মুখ্যসকল ঈশ্বৰৰ প্ৰজাসকলৰ সেই সমাজত উপস্থিত হ’ল; তাত চাৰি লাখ তৰোৱাল ধৰা পদাতিক লোক আছিল। তেওঁলোক যুদ্ধ কৰিবলৈ সাজু হৈ আছিল। BSB BSB: The leaders of all the people and all the tribes of Israel presented themselves in the assembly of God’s people: 400,000 men on foot, armed with swords.
3 ULB ইস্ৰায়েলৰ সন্তানসকল মিস্পাত একত্রিত হোৱা কথা শুনি সকলোৱে তাত একত্রিত হ’ল। পাছত ইস্ৰায়েলৰ সন্তানসকলে সুধিলে, “কোৱাচোন এই দুষ্কৰ্ম্ম কেনেকৈ হ’ল?” BSB BSB: (Meanwhile the Benjamites heard that the Israelites had gone up to Mizpah.) And the Israelites asked, “Tell us, how did this wicked thing happen?”
4 ULB সেই হত হোৱা মহিলাজনীৰ গিৰীয়েক লেবীয়া পুৰুষ জনে উত্তৰ দি ক’লে, “মই আৰু মোৰ উপপত্নী ৰাতি থাকিবৰ কাৰণে বিন্যামীনৰ অধিকাৰত থকা গিবিয়াত সোমাইছিলোঁ। BSB BSB: So the Levite, the husband of the murdered woman, answered: “I and my concubine came to Gibeah in Benjamin to spend the night.
5 ULB তাতেই গিবিয়াৰ পৰিয়াল সকলে মোৰ বিৰুদ্ধে আহি ৰাতি মোক ঘৰৰ চাৰিওফালে বেৰি ধৰিলে; সিহঁতে মোক বধ কৰিবলৈ চেষ্টা কৰিছিল আৰু সিহঁতে মোৰ উপপত্নীক বলাৎকাৰ কৰাত তাই মৰিল। BSB BSB: And during the night, the men of Gibeah rose up against me and surrounded the house. They intended to kill me, but they abused my concubine, and she died.
6 ULB পাছত মই মোৰ উপপত্নীক ধৰি ডোখৰ ডোখৰ কৰি ইস্ৰায়েলৰ অধিকাৰত থকা দেশৰ সকলো ফালে পঠিয়ালো; কিয়নো সিহঁতে ইস্ৰায়েলৰ মাজত কু-কৰ্ম আৰু অজ্ঞানতাৰ কাৰ্য্য কৰিলে। BSB BSB: Then I took my concubine, cut her into pieces, and sent her throughout the land of Israel’s inheritance, because they had committed a lewd and disgraceful act in Israel.
7 ULB এতেকে হে ইস্ৰায়েলৰ সন্তানসকল, এতিয়া তোমালোক সকলোৱেই নিজৰ নিজৰ মতামত কি কোৱা।” BSB BSB: Behold, all you Israelites, give your advice and verdict here and now.”
8 ULB তাতে সকলো মানুহে একগোটহৈ ক’লে, “আমি কোনেও নিজ নিজ তম্বুলৈ নাযাওঁ, নিজ নিজ ঘৰলৈ উলটি নাযাওঁ; BSB BSB: Then all the people stood as one man and said, “Not one of us will return to his tent or to his house.
9 ULB কিন্তু এতিয়া আমি গিবিয়া চহৰৰ প্ৰতি কি কৰিম, তাকেই ভাবিছো, চিঠি খেলৰ দ্বাৰাই বুজি পাম যে ঈশ্বৰে তাৰ বিৰুদ্ধে কি কৰিব। BSB BSB: Now this is what we will do to Gibeah: We will go against it as the lot dictates.
10 ULB আমি বিন্যামীনৰ গিবিয়ালৈ গৈ ইস্ৰায়েলৰ মাজত কৰা আটাই অজ্ঞানতাৰ কাৰ্য্য অনুসাৰে যেন সিহঁতক প্ৰতিফল দিব পাৰোঁ, ইয়াৰ অর্থে তেওঁলোকে খোৱা বস্তু আনিবলৈ ইস্ৰায়েলৰ ফৈদসকলৰ মাজৰ পৰা এশ লোকলৈ দহজনক আৰু হাজাৰ লোকলৈ এশ জনক আৰু দহ হাজাৰ লোকলৈ এক হাজাৰলোকক আমি লওঁ।” BSB BSB: We will take ten men out of every hundred from all the tribes of Israel, and a hundred out of every thousand, and a thousand out of every ten thousand, to supply provisions for the army when they go to Gibeah in Benjamin to punish them for the atrocity they have committed in Israel.”
11 ULB এইদৰে ইস্ৰায়েলৰ সৈন্যসকলে একগোট হ’ল আৰু সেই নগৰখনৰ বিপক্ষে এক উদ্দেশ্যেৰেই গোট খালে। BSB BSB: So all the men of Israel gathered as one man, united against the city.
12 ULB ইস্ৰায়েলৰ সকলো জনগোষ্ঠীয়ে বিন্যামীন জনগোষ্ঠীৰ সকলো ফালে মানুহ পঠিয়াই এই কথা ক’লে, “তোমালোকৰ মাজত এয়া কি দুষ্কৰ্ম্ম হৈ আছে। BSB BSB: And the tribes of Israel sent men throughout the tribe of Benjamin, saying, “What is this wickedness that has occurred among you?
13 ULB এই কাৰণে তোমালোকে এই গিবিয়া-নিবাসী পাষণ্ডবোৰক শোধাই দিয়া; আমি সিহঁতক বধ কৰি ইস্ৰায়েলৰ পৰা দুষ্টতা দূৰ কৰোঁ।” কিন্তু বিন্যামীনৰ সন্তানসকলে নিজ ভাই ইস্ৰায়েলৰ সন্তানসকলৰ কথা শুনিব নুখুজিলে, BSB BSB: Hand over the wicked men of Gibeah so we can put them to death and purge Israel of this evil.” But the Benjamites refused to heed the voice of their fellow Israelites.
14 ULB বৰং ইস্ৰায়েলৰ সন্তানসকলৰ লগত যুদ্ধৰ অৰ্থে ওলাই বিন্যামীনৰ সন্তানসকলে নগৰৰ পৰা আহি গিবিয়াত গোট খালে। BSB BSB: And from their cities they came together at Gibeah to go out and fight against the Israelites.
15 ULB বিন্যামীন পৰিয়াল বংশৰ লোকসকলে মুঠ ছাব্বিশ হাজাৰ জন সৈন্য পালে। তেওঁলোক যুদ্ধ কৰাৰ বাবে বেচ দক্ষতা থকা সৈন্যিক আছিল আৰু ইয়াৰ বাহিৰেও গিবিয়া-নিবাসীৰ পৰা সাতশ নিপুণ সৈন্য পালে। BSB BSB: On that day the Benjamites mobilized 26,000 swordsmen from their cities, in addition to the 700 select men of Gibeah.
16 ULB ইয়াৰ উপৰিও তেওঁলোকে সাতশ প্রশিক্ষণপ্রাপ্ত সৈন্য পাইছিল। এইলোক সকল বাওঁহতীয়া আছিল; তেওঁলোকৰ প্ৰতিজনে এডাল চুলি লৈ ফিঙ্গাৰ শিল মাৰিছিল আৰু তেওঁলোকৰ লক্ষ্যভ্রষ্ট হোৱা নাছিল। BSB BSB: Among all these soldiers there were 700 select left-handers, each of whom could sling a stone at a hair without missing.
17 ULB বিন্যামীনৰ বাহিৰে ইস্ৰায়েলৰ তৰোৱাল ধৰা লোক লেখত চাৰি লাখ হ’ল, সেই সকলো লোক যুদ্ধাৰু আছিল। তেওঁলোক প্রশিক্ষণ প্রাপ্ত আছিল। BSB BSB: The Israelites, apart from Benjamin, mobilized 400,000 swordsmen, each one an experienced warrior.
18 ULB পাছত ইস্ৰায়েলৰ সন্তানসকলে ওলাই বৈৎএললৈ গৈ ঈশ্বৰক সুধিলে, “কোন বংশৰ লোক সকলোতকৈ আগেয়ে বিন্যামীনৰ সন্তানসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই যাব?” তাতে যিহোৱাই ক’লে, “প্ৰথমে যিহূদাৰ বংশৰ লোকসকলে আক্রমণ কৰিব।” BSB BSB: The Israelites set out, went up to Bethel, and inquired of God, “Who of us shall go up first to fight against the Benjamites?” “Judah will be first,” the LORD replied.
19 ULB পাছদিনা পুৱাতে ইস্ৰায়েলৰ সন্তানসকলে উঠি গিবিয়াৰ বিৰুদ্ধে ছাউনি পাতিলে। BSB BSB: The next morning the Israelites set out and camped near Gibeah.
20 ULB আৰু ইস্ৰায়েলৰ সৈন্যসকলে বিন্যামীনেৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই গৈ, গিবিয়াৰ ওচৰত সিহঁতৰ বিৰুদ্ধে সৈন্যৰ চাউনি পাতিলে; BSB BSB: And the men of Israel went out to fight against Benjamin and took up their battle positions at Gibeah.
21 ULB তাতে বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহিল আৰু সেইদিনা ইস্ৰায়েলৰ মাজৰ বাইশ হাজাৰলোকক সংহাৰ কৰিলে। BSB BSB: And the Benjamites came out of Gibeah and cut down 22,000 Israelites on the battlefield that day.
22 ULB পাছত ইস্ৰায়েলৰ সৈন্যসকল তেওঁলোকতকৈও বেছি শক্তিশালী আছিল, তেওঁলোকে প্ৰথম দিনা যি ঠাইত সৈন্যৰ বেহু পাতিছিল আকৌ সেই ঠাইতে বেহু পাতিলে। BSB BSB: But the Israelite army took courage and again took their battle positions in the same place where they had arrayed themselves on the first day.
23 ULB ইস্ৰায়েলৰ সন্তানসকলে উঠি গৈ সন্ধিয়ালৈকে যিহোৱাৰ ওচৰত ক্ৰন্দন কৰিলে আৰু যিহোৱাক সুধিলে, “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ পূণৰ যাম নে?” তাতে যিহোৱাই কলে, “তেওঁলোকক আক্ৰমণ কৰা!” BSB BSB: They went up and wept before the LORD until evening, inquiring of Him, “Should we again draw near for battle against our brothers the Benjamites?” And the LORD answered, “Go up against them.”
24 ULB এইবাৰ ইস্ৰায়েলৰ সৈন্যসকল বিন্যামীনৰ সৈন্যসকলৰ ওচৰ আহি পালে। এইদিনটো আছিল যুদ্ধৰ দ্বিতীয় দিন। BSB BSB: On the second day the Israelites advanced against the Benjamites.
25 ULB বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহি দ্বিতীয় দিনা পুনৰাই ইস্ৰায়েলৰ সৈন্যসকলক আক্রমণ কৰি ওঠৰ হাজাৰ লোকক হত্যা কৰিলে; এই সকলো ইস্ৰায়েলীয় সৈন্যসকল প্ৰশিক্ষণ প্ৰাপ্ত আছিল। BSB BSB: That same day the Benjamites came out against them from Gibeah and cut down another 18,000 Israelites, all of them armed with swords.
26 ULB তেতিয়া ইস্ৰায়েলৰ সকলো সৈন্য আৰু আটাই লোকসকলে বৈৎএললৈ উঠি গ’ল আৰু সেই ঠাইতে যিহোৱাৰ সাক্ষাতে ক্ৰন্দন কৰি বহি থাকিল। সেই দিনা সন্ধিয়ালৈকে লঘোনে থাকিল আৰু যিহোৱাৰ সাক্ষাতে হোম আৰু শান্তিৰ বলি উৎসৰ্গ কৰিলে। BSB BSB: Then the Israelites, all the people, went up to Bethel, where they sat weeping before the LORD. That day they fasted until evening and presented burnt offerings and peace offerings to the LORD.
27 ULB ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাক সুধিলে, কিয়নো সেই সময়ত ইস্ৰায়েলৰ নিয়ম-চন্দুক সেই ঠাইত আছিল, BSB BSB: And the Israelites inquired of the LORD. (In those days the ark of the covenant of God was there,
28 ULB আৰু সেই কালত হাৰোণৰ নাতিয়েক ইলীয়াজৰৰ পুত্ৰ পিনহচে তাৰ আগত পৰিচৰ্য্যা কৰি আছিল। তাতে তেওঁলোকে ক’লে “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ আকৌ যাম নে, বা ক্ষান্ত হম?” তাতে যিহোৱাই ক’লে, “আক্রমণ কৰা, কিয়নো কাইলৈ মই তোমালোকৰ হাতত সিহঁতক সোধাই দিম।” BSB BSB: and Phinehas son of Eleazar, the son of Aaron, served before it.) The Israelites asked, “Should we again go out to battle against our brothers the Benjamites, or should we stop?” The LORD answered, “Fight, for tomorrow I will deliver them into your hand.”
29 ULB পাছত ইস্ৰায়েলেৰ সন্তানসকলে চাৰিওফালে গোপন ঠাইত গিবিয়াৰ বিৰুদ্ধে মানুহ লুকুৱাই ৰাখিলে। BSB BSB: So Israel set up an ambush around Gibeah.
30 ULB পাছত তৃতীয় দিনা ইস্ৰায়েলৰ সৈন্যসকলে বিন্যামীনৰ সৈন্যসকলৰ বিৰুদ্ধে উঠি গৈ আগৰ দৰে গিবিয়াৰ বিৰুদ্ধে সৈন্যৰ বেহু পাতিলে। BSB BSB: On the third day the Israelites went up against the Benjamites and arrayed themselves against Gibeah as they had done before.
31 ULB তেতিয়া বিন্যামীনৰ সন্তানসকলে গিবিয়াৰ পৰা ওলাই আহি ইস্রায়েলীসকলৰ বিৰুদ্ধে যুজ কৰিবলৈ আহিল আৰু তেওঁলোকক ওচৰৰ পৰা দূৰলৈ লৈ যোৱা হ’ল। আৰু তেওঁলোকে আগৰ দৰে লোক সকলৰ মাজত প্ৰহাৰ কৰি বৈৎএললৈ যোৱা আৰু পথাৰৰ মাজেদি গিবিয়ালৈ যোৱা এই দুই ৰাজ বাটত ইস্ৰায়েলৰ মাজৰ ত্ৰিশজন মান লোকক বধ কৰিলে। BSB BSB: The Benjamites came out against them and were drawn away from the city. They began to attack the people as before, killing about thirty men of Israel in the fields and on the roads, one of which led up to Bethel and the other to Gibeah.
32 ULB তেতিয়া বিন্যামীনৰ সন্তানসকলে ক’লে, “তেওঁলোক পৰাজিতহৈ যিমান সোনকালে পাৰে তাৰ পৰা পলাই গ’ল।” কিন্তু ইস্ৰায়েলৰ সৈন্যসকলে ক’লে, “আহাঁ আমি দৌৰি গৈ তেওঁলোকক নগৰৰ পৰা ধৰি ৰাজবাটলৈ লৈ আহোঁ।” BSB BSB: “We are defeating them as before,” said the Benjamites. But the Israelites said, “Let us retreat and draw them away from the city onto the roads.”
33 ULB এই কাৰণে ইস্ৰায়েলৰ সৈন্যসকলে নিজ নিজ ঠাইৰ পৰা ওলাই গৈ বালতামৰত সৈন্যৰ বেহু পাতিলে; আৰু ইয়াৰ ভিতৰতে ইস্ৰায়েলৰ লুকাই থকা সৈন্যসকলে গোপণ ঠাইৰ পৰা দৌৰি ওলাই আহি মাৰেই গেবিয়া আক্রমণ কৰিলে। BSB BSB: So all the men of Israel got up from their places and arrayed themselves at Baal-tamar, and the Israelites in ambush charged from their positions west of Gibeah.
34 ULB তেওঁলোক গিবিয়ালৈ ওলাই আহিল আৰু গোটেই ইস্ৰায়েলৰ মাজত মনোনীত হোৱা দহ হাজাৰ লোকৰ ঘোৰ যুদ্ধ হ’ল; কিন্তু বিন্যামীনৰ লোকসকলে নাজানিলে যে, শেষত দুর্যোগ ঘটি তেওঁলোকৰ কি হ’ব। BSB BSB: Then 10,000 select men from all Israel made a frontal assault against Gibeah, and the battle was fierce. But the Benjamites did not realize that disaster was upon them.
35 ULB যিদিনা যিহোৱাই ইস্ৰায়েলৰ সৈন্যসকলক ব্যৱহাৰ কৰি বিন্যামীনৰ সৈন্যসকলক পৰাজিত কৰিলে, সেইদিনা ইস্ৰায়েলৰ সন্তানসকলে বিন্যামীনৰ পঁচিশ হাজাৰ সৈন্যক বধ কৰিলে। এই সকল লোক তৰোৱাল ধৰাত পাকৈত প্রশিক্ষণ প্রাপ্ত সৈনিক আছিল। BSB BSB: The LORD defeated Benjamin in the presence of Israel, and on that day the Israelites slaughtered 25,100 Benjamites, all armed with swords.
36 ULB এইবাৰ বিন্যামীনে দেখা পালে যে, তেওঁৰ সৈন্যসকল পৰাজিত হ’ল আৰু ইস্ৰায়েলৰ লোকসকলও বিন্যামীনৰ পৰা পিছুৱাই গৈছিল; তেওঁলোক পিছুৱাই যোৱাৰ কাৰণ আছিল, তেওঁলোকে হঠাৎ গিবিয়াৰ বিৰুদ্ধে আক্রমণ কৰাৰ কৌশল। এইদৰে গিবিয়াৰ ওচৰৰ এটুকুৰা ঠাইত তেওঁলোক লুকাই থাকিল। BSB BSB: Then the Benjamites realized they had been defeated. Now the men of Israel had retreated before Benjamin because they were relying on the ambush they had set against Gibeah.
37 ULB পাছত সেই লুকাই থকা লোকসকলে গিবিয়া নগৰত জপিয়াই পৰিল আৰু গিবিয়া আক্ৰমণ কৰি তৰোৱালৰ ধাৰেৰে প্রত্যেককে সংহাৰ কৰিলে। BSB BSB: The men in ambush rushed suddenly against Gibeah; they advanced and put the whole city to the sword.
38 ULB সেই লুকাই থকা সৈন্যসকলে ইস্ৰায়েলী লোকসকলৰ সৈতে এটা সংকেত বা চিন স্থিৰ কৰিছিল যে, যেতিয়া নগৰৰ পৰা মেঘ-স্তম্ভৰ দৰে বৰকৈ ধোঁৱা উৎপন্ন হ’ব, তেতিয়া সেই সংকেত চাই আটাইয়ে নগৰৰ বাহিৰলৈ ওলাই আহিব। BSB BSB: The men of Israel had arranged a signal with the men in ambush: When they sent up a great cloud of smoke from the city,
39 ULB এতেকে ইস্ৰায়েলৰ সৈন্যসকলে ঘূৰি যুদ্ধ কৰিবলৈ ধৰিলে, বিন্যামীনে তেওঁলোকৰ মাজত প্ৰহাৰ কৰি প্ৰায় ত্ৰিশজন মানুহক বধ কৰিলে; কিয়নো সিহঁতে কৈছিল, “প্ৰথম যুদ্ধৰ নিচিনাকৈ ইহঁত আমাৰ আগত নিশ্চয়কৈ পৰাজিত হ’ব।” BSB BSB: the men of Israel would turn in the battle. When the Benjamites had begun to strike them down, killing about thirty men of Israel, they said, “They are defeated before us as in the first battle.”
40 ULB কিন্তু যেতিয়া নগৰৰ পৰা স্তম্ভৰ আকৃতিৰে ধোঁৱা উঠিবলৈ ধৰিলে, তেতিয়া বিন্যামীন জনগোষ্ঠীৰ লোকসকলে পাছলৈ চাই দেখিলে যে, গোটেই নগৰ ধোঁৱাময় হৈ আকাশলৈ উঠি গৈছে। BSB BSB: But when the column of smoke began to go up from the city, the Benjamites looked behind them and saw the whole city going up in smoke.
41 ULB তেতিয়া ইস্ৰায়েলৰ সৈন্যসকলেও তেওঁলোকৰ ফালে মুখ ঘূৰালে, ইয়াকে দেখি বিন্যামীনৰ লোকসকল অতিশয় আতংকিত হ’ল, তেওঁলোকে দেখিলে যে তেওঁলোকলৈ দুর্যোগ নামি আহিছে। BSB BSB: Then the men of Israel turned back on them, and the men of Benjamin were terrified when they realized that disaster had come upon them.
42 ULB সেয়েহে তেওঁলোকে ইস্ৰায়েলৰ সৈন্যসকলৰ সন্মুখেৰে নগৈ অৰণ্যৰ বাটেদি যাবৰ বাবে পিঠি দি উভতি গ’ল; কিন্তু তেওঁলোকক যুদ্ধই পাছ নেৰিলে। তেওঁলোকক নগৰৰ পৰা ওলাই অহা ইস্রায়েলৰ সৈন্যসকলে বাটৰ মাজতে বধ কৰিলে। BSB BSB: So they fled before the men of Israel toward the wilderness, but the battle overtook them, and the men coming out of the cities struck them down there.
43 ULB তেওঁলোকে বিন্যামীনীয়াহঁতক চাৰিওফালে বেৰি ধৰি নোহালৈ খেদি নিলে, তেওঁলোকক জিৰণি লবলৈ নিদি গিবিয়াৰ পূব ফালে থকা সূৰ্য্য উদয়ৰ দিশত তেওঁলোকক বধ কৰিলে। BSB BSB: They surrounded the Benjamites, pursued them, and easily overtook them in the vicinity of Gibeah on the east.
44 ULB তাতে বিন্যামীনীয়াহঁতৰ ওঠৰ হাজাৰ সাহসী ও শক্তিশালী সৈন্য নিহত হ’ল। BSB BSB: And 18,000 Benjamites fell, all men of valor.
45 ULB পাছত অৱশিষ্ট লোকসকল অৰণ্যৰ ফালে ৰিম্মোনৰ শিললৈ পলাবলৈ ধৰাত, সিহঁতৰ অৱশিষ্ট লোকৰ মাজত আন পাঁচ হাজাৰ লোকক তেওঁলোকে ৰাজ আলিত বধ কৰিলে; আৰু সিহঁতৰ পাছে পাছে গিদোমলৈকে খেদি গৈ, সিহঁতৰ পুনৰ দুই হাজাৰ লোকক বধ কৰিলে। BSB BSB: Then the Benjamites turned and fled toward the wilderness to the rock of Rimmon, and Israel cut down 5,000 men on the roads. And they overtook them at Gidom and struck down 2,000 more.
46 ULB এই দৰে সেইদিনা বিন্যামীনীয়হঁতৰ মাজৰ সৰ্ব্বমুঠ তৰোৱাললৈ যুদ্ধ কৰা পঁচিশ হাজাৰ সৈন্য নিহত হ’ল, তেওঁলোক সকলোৱেই যুদ্ধত বীৰ পুৰুষ আছিল। BSB BSB: That day 25,000 Benjamite swordsmen fell, all men of valor.
47 ULB কিন্তু ছশ লোকে ঘূৰি অৰণ্যৰ ৰিম্মোন শিললৈ পলাই গ’ল আৰু সেই ৰিম্মোন শিলত চাৰি মাহ থাকিল। BSB BSB: But 600 men turned and fled into the wilderness to the rock of Rimmon, where they stayed four months.
48 ULB ইস্ৰায়েলৰ সৈন্যসকল বিন্যামীনৰ লোকসকলৰ ওচৰলৈ পুনৰায় ঘূৰি আহি নগৰত থকা আটাই মানুহ আৰু পশু আদি যি যি পালে, সেই সকলোকে তৰোৱালৰ ধাৰেৰে আঘাট কৰিলে; আৰু যিমান নগৰ পোৱা গ’ল, সেই সকলোকে জুই দি পুৰি ভষ্ম কৰিলে। BSB BSB: And the men of Israel turned back against the other Benjamites and put to the sword all the cities, including the animals and everything else they found. And they burned down all the cities in their path.
Select verses for actions: Enter goes to them and Escape comes back.