1 ULB এহূদৰ মৃত্যুৰ পাছত, ইস্ৰায়েলৰ সন্তানসকলে পুণৰ যিহোৱাৰ দৃষ্টিত আকৌ কু-আচৰণ কৰিলে। BSB BSB: After Ehud died, the Israelites again did evil in the sight of the LORD.
3 ULB সেই সেনাপতিৰ নশ লোহাৰ ৰথ আছিল আৰু তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলীয়া লোকসমূহৰ ওপৰত অতিশয় উৎপীড়ন চলাইছিল। সেয়ে, ইস্রায়েলবাসীয়ে যিহোৱাৰ ওচৰত সহায় বিচাৰি কাতৰোক্তি কৰিবলৈ ধৰিলে। BSB BSB: Then the Israelites cried out to the LORD, because Jabin had nine hundred chariots of iron, and he had harshly oppressed the Israelites for twenty years.
4 ULB সেই সময়ত লপ্পীদোতৰ ভাৰ্য্যা দবোৰা নামৰ এগৰাকী মহিলা ভাববাদী আছিল। তেওঁ তেতিয়া ইস্ৰায়েলৰ বিচাৰকর্তা আছিল। BSB BSB: Now Deborah, a prophetess, the wife of Lappidoth, was judging Israel at that time.
5 ULB তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলৰ ৰামা আৰু বৈৎএলৰ মাজৰ দবোৰাৰ খাজুৰ গছ নামেৰে জনাজাত খাজুৰ গছৰ তলত বহে আৰু ইস্ৰায়েলৰ সন্তানসকলে নিজৰ কাজিয়া-পেচালৰ মীমাংসাৰ কাৰণে তেওঁৰ গুৰিলৈ আহে। BSB BSB: And she would sit under the Palm of Deborah between Ramah and Bethel in the hill country of Ephraim, where the Israelites would go up to her for judgment.
6 ULB তেওঁ নপ্তালী দেশৰ কেদচৰ পৰা অবীনোৱমৰ পুত্ৰ বাৰাকক মাতি আনি ক’লে, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই আপোনাক এই আজ্ঞা দিছে, ‘তুমি নপ্তালীৰ আৰু জবুলুনৰ বংশৰ দহ হাজাৰ লোক লগত লৈ তবোৰ পৰ্ব্বতৰ ফালে যোৱা। BSB BSB: She summoned Barak son of Abinoam from Kedesh in Naphtali and said to him, “Surely the LORD, the God of Israel, is commanding you: ‘Go and march to Mount Tabor, taking with you ten thousand men of Naphtali and Zebulun.
7 ULB মই যাবীনৰ সেনাপতি চীচৰাক, তেওঁৰ ৰথ আৰু সৈন্যদলৰ সৈতে কিচোন নদীৰ ওচৰলৈ লৈ যাম আৰু মই তোমাক তেওঁৰ ওপৰত জয়যুক্ত কৰিম’।” BSB BSB: And I will draw out Sisera the commander of Jabin’s army, his chariots, and his troops to the River Kishon, and I will deliver him into your hand.’”
8 ULB তেতিয়া বাৰাকে দাবোৰাক ক’লে, “আপুনি যদি মোৰ লগত যায়, তেতিয়াহে মই যাম; কিন্তু যদি আপুনি নাযায়, তেনেহ’লে মই নাযাওঁ।” BSB BSB: Barak said to her, “If you will go with me, I will go; but if you will not go with me, I will not go.”
9 ULB তেওঁ ক’লে, “ঠিক আছে, মই আপোনাৰ লগত নিশ্চয়ে যাম। কিন্তু এই যুদ্ধ-যাত্ৰাৰ গৌৰৱ হ’লে আপুনি নাপাব; কিয়নো যিহোৱাই এগৰাকী মহিলাৰ শক্তিৰ দ্বাৰাই চীচৰাক পৰাস্ত কৰিব।” তাৰ পাছত দবোৰাই উঠি বাৰাকেৰে সৈতে কেদচলৈ গ’ল। BSB BSB: “I will certainly go with you,” Deborah replied, “but the road you are taking will bring you no honor, because the LORD will be selling Sisera into the hand of a woman.” So Deborah got up and went with Barak to Kedesh,
10 ULB বাৰাকে জবুলুন আৰু নপ্তালী বংশৰ লোকসমূহক কেদচলৈ একলগে মাতি আনিলে। দহ হাজাৰ লোক তেওঁৰ লগত গ’ল আৰু দবোৰাও তেওঁৰ লগত গ’ল। BSB BSB: where he summoned Zebulun and Naphtali. Ten thousand men followed him, and Deborah also went with him.
11 ULB সেই সময়ত হেবৰ নামৰ কেনীয়া সম্প্রদায়ৰ এজন লোক আছিল; তেওঁ অন্যান্য কেনীয়াসকলক এৰি নিজে পৃথকে আছিল। কেনীয়াসকল আছিল মোচিৰ শহুৰেক হোববৰ উত্তৰপুৰুষ। হেবৰে কাদেচৰ ওচৰৰ চনন্নীমত থকা ওক গছৰ দাঁতিত নিজৰ তম্বু তৰিছিল। BSB BSB: Now Heber the Kenite had moved away from the Kenites, the descendants of Hobab the father-in-law of Moses, and had pitched his tent by the great tree of Zaanannim, which was near Kedesh.
12 ULB চীচৰাই এই খবৰ পালে যে, অবীনোৱমৰ পুত্ৰ বাৰাক তাবোৰ পৰ্ব্বতলৈ উঠি গৈছে। BSB BSB: When Sisera was told that Barak son of Abinoam had gone up Mount Tabor,
13 ULB চীচৰাই তেতিয়া নিজৰ নশ লোহাৰ ৰথ আৰু তেওঁৰ লগত থকা সকলো সৈন্যকে গোটাই লৈ অনা-ইস্রায়েলী জাতিৰ হৰোচৎৰ পৰা কিচোন নদীৰ পাৰলৈ আহিল। BSB BSB: he summoned all nine hundred of his iron chariots and all the men with him, from Harosheth-hagoyim to the River Kishon.
14 ULB তেতিয়া দবোৰাই বাৰাকক ক’লে, “আপুনি আগবাঢ়ি যাওঁক! কিয়নো চীচৰাক পৰাজয় কৰিবৰ কাৰণে যিহোৱাই আজিয়েই এই সময় আপোনাক দিছে; যিহোৱাই জানো আপোনাক পথ দেখুৱাই নিয়া নাই?” তেতিয়া বাৰাক আৰু তেওঁৰ পাছে পাছে যোৱা দহ হাজাৰ লোক তাবোৰ পৰ্ব্বতৰ পৰা নামিল। BSB BSB: Then Deborah said to Barak, “Arise, for this is the day that the LORD has delivered Sisera into your hand. Has not the LORD gone before you?” So Barak came down from Mount Tabor with ten thousand men following him.
15 ULB বাৰাকৰ লোকসকলে যেতিয়া তেওঁলোকক আক্রমণ কৰিলে, তেতিয়া যিহোৱাই চীচৰা, তেওঁৰ সকলো ৰথবোৰ আৰু সৈন্যসামন্তক বিভ্রান্ত কৰি তুলিলে; তাতে চীচৰাই ৰথৰ পৰা নামি দৌৰি পলাই গ’ল। BSB BSB: And in front of him the LORD routed with the sword Sisera, all his charioteers, and all his army. Sisera abandoned his chariot and fled on foot.
16 ULB কিন্তু বাৰাকে অনা-ইস্রায়েলীৰ হৰোচৎ পর্যন্ত তেওঁলোকৰ ৰথ আৰু সৈন্যসামন্তৰ পাছে পাছে খেদি গ’ল; চীচৰাৰ সকলো সৈন্যকে তৰোৱালেৰে আঘাট কৰি বধ কৰা হ’ল, এজন লোকও বাচি নাথাকিল। BSB BSB: Then Barak pursued the chariots and army as far as Harosheth-hagoyim, and the whole army of Sisera fell by the sword; not a single man was left.
17 ULB কিন্তু চীচৰাই দৌৰি পলাই গৈ সেই কেনীয়া হেবৰৰ ভার্য্যা যায়েলৰ তম্বুলৈ আহিল; কাৰণ সেই সময়ত হাচোৰৰ ৰজা যাবীন আৰু কেনীয়া হেবৰৰ বংশৰ মাজত বন্ধুত্ব আছিল। BSB BSB: Meanwhile, Sisera had fled on foot to the tent of Jael, the wife of Heber the Kenite, because there was peace between Jabin king of Hazor and the house of Heber the Kenite.
18 ULB যায়েলে চীচৰাক আগবঢ়ায় আনিবলৈ ওলাই গৈ তেওঁক ক’লে, “হে মোৰ প্ৰভু, ভিতৰলৈ আহঁক, মোৰ ভিতৰলৈকে আহঁক, ভয় নকৰিব।” তাতে চীচৰা যায়েলৰ তম্বুৰ ভিতৰলৈ গ’ল আৰু যায়েলে এখন কম্বলেৰে চীচৰাক ঢাকি দিলে। BSB BSB: Jael went out to greet Sisera and said to him, “Come in, my lord. Come in with me. Do not be afraid.” So he entered her tent, and she covered him with a blanket.
19 ULB চীচৰাই তেওঁক ক’লে, “মোৰ পিয়াহ লাগিছে, অনুগ্রহ কৰি মোক অলপ পানী পিবলৈ দিয়া।” যায়েলে এটা গাখীৰৰ মোট মেলি তেওঁক পান কৰিবলৈ দি পাছত আকৌ তেওঁক ঢাকি ৰাখিলে। BSB BSB: Sisera said to her, “Please give me a little water to drink, for I am thirsty.” So she opened a container of milk, gave him a drink, and covered him again.
20 ULB চীচৰাই তেওঁক ক’লে, “তুমি তম্বুৰ দুৱাৰ মুখত থিয় হৈ থাকা; যদি কোনো মানুহে আহি তোমাক সোধে, ইয়াতে কোনো মানুহ আছেনে? তুমি ‘নাই’ বুলি কবা।” BSB BSB: “Stand at the entrance to the tent,” he said, “and if anyone comes and asks you, ‘Is there a man here?’ say, ‘No.’”
21 ULB পাছত চীচৰা তাতে গভীৰ নিদ্রা গ’ল; এনে সময়তে হেবৰৰ ভার্য্যা যায়েলে তম্বুৰ এটা খুটি আৰু হাতুৰী হাতত ল’লে আৰু তাৰপাছত মনে মনে তেওঁৰ ওচৰলৈ গৈ তেওঁৰ মূৰৰ একাষে সেই খুটি হাতুৰিৰে সোমাৱাই দিলে; খুঁটিটো মূৰৰ মাজেদি ওলাই মাটিত গৈ হানিলে। এইদৰে চীচৰাৰ মৃত্যু হ’ল। BSB BSB: But as he lay sleeping from exhaustion, Heber’s wife Jael took a tent peg, grabbed a hammer, and went silently to Sisera. She drove the peg through his temple and into the ground, and he died.
22 ULB বাৰাকে চীচৰাৰ পাছে পাছে খেদি আহি সেই ঠাই পালে। যায়েলে তেওঁক মাতি আনিবলৈ বাহিৰলৈ ওলাই গৈ ক’লে, “আহঁক, আপুনি বিচাৰি ফুৰা মানুহজনক মই দেখুৱাই দিম।” তাতে বাৰাকে তেওঁৰ লগত তম্বুৰ ভিতৰলৈ সোমাই দেখিলে যে, চীচৰা মৰি পৰি আছে আৰু তেওঁৰ মূৰৰ কাষেদি তম্বুৰ খুটি সোমোৱা আছে। BSB BSB: When Barak arrived in pursuit of Sisera, Jael went out to greet him and said to him, “Come, and I will show you the man you are seeking.” So he went in with her, and there lay Sisera dead, with a tent peg through his temple.
23 ULB এইদৰে যিহোৱাই সেইদিনা ইস্ৰায়েলৰ সন্তানসকলৰ সন্মুখত কনানৰ ৰজা যাবীনক পৰাস্ত কৰিলে। BSB BSB: On that day God subdued Jabin king of Canaan before the Israelites.
24 ULB শেষত যাবীন ৰজাৰ বিনাশ নোহোৱালৈকে ইস্ৰায়েলৰ সন্তানসকল দিনে দিনে তেওঁৰ বিৰুদ্ধে অধিক শক্তিশালী হৈ উঠিল। BSB BSB: And the hand of the Israelites grew stronger and stronger against Jabin king of Canaan until they destroyed him.
Select verses for actions: Enter goes to them and Escape comes back.