1 ULB সেইদিনাখন দবোৰা আৰু অবীনোৱমৰ পুত্ৰ বাৰাকে এই গীত গালে, BSB BSB: On that day Deborah and Barak son of Abinoam sang this song:
2 ULB “নেতাসকলে ইস্রায়েলৰ লোকক যুদ্ধত পৰিচালনা কৰিলে, লোকসকলে স্বেচ্ছায় আনন্দেৰে আগবাঢ়ি গ’ল- আমি যিহোৱাৰ প্রশংসা গীত কৰো! BSB BSB: “When the princes take the lead in Israel, when the people volunteer, bless the LORD.
3 ULB হে ৰজাসকল শুনা! নেতাসকল, মনোযোগ দিয়া! মই, ময়েই যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম। BSB BSB: Listen, O kings! Give ear, O princes! I will sing to the LORD; I will sing praise to the LORD, the God of Israel.
4 ULB হে যিহোৱা, তুমি যেতিয়া চেয়ীৰৰ পৰা ওলাই আহিছিলা, ইদোমৰ পৰা আগুৱাই আহিছিলা, পৃথিবী কঁপি উঠিছিল, আকাশে গৰজি উঠিছিল, এনেকি মেঘেও জল বৰষালে। BSB BSB: O LORD, when You went out from Seir, when You marched from the land of Edom, the earth trembled, the heavens poured out rain, and the clouds poured down water.
5 ULB যিহোৱাৰ সাক্ষাতে পর্বতমালা কঁপি উঠিছিল; এনেকি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে চীনয় পর্বত কঁপি উঠিল। BSB BSB: The mountains quaked before the LORD, the One of Sinai, before the LORD, the God of Israel.
6 ULB চমগৰ (অনাতৰ পুত্ৰ) আৰু যায়েলৰ দিনত ৰাজআলিবোৰ জনশূণ্য হৈ পৰিছিল আৰু পথিকসকলে বেঁকা বাটেদি যাতায়ত কৰিছিল। BSB BSB: In the days of Shamgar son of Anath, in the days of Jael, the highways were deserted and the travelers took the byways.
7 ULB মই, দবোৰাই নেতৃত্ব নিদিয়ালৈকে, ইস্রায়েলৰ ভূমিত কৃষকসকল নাছিল, মই ইস্রায়েলবাসীৰ মাতৃৰ দৰে হ’লো। BSB BSB: Life in the villages ceased; it ended in Israel, until I, Deborah, arose, a mother in Israel.
8 ULB লোকসকলে নতুন দেৱতাবোৰক মনোনীত কৰিছিল; তেতিয়া নগৰৰ দুৱাৰত যুদ্ধ লাগিল। চল্লিশ হাজাৰ ইস্রায়েল লোকৰ মাজত এখনো ঢাল বা এপাত যাঠি দেখা পোৱা নাছিলো। BSB BSB: When they chose new gods, then war came to their gates. Not a shield or spear was found among forty thousand in Israel.
9 ULB মোৰ মন ইস্রায়েলৰ নেতাসকলৰ লগতে আছে, যিসকলে স্বেচ্ছায় আনন্দেৰে যুদ্ধলৈ গৈছিল, সেইসকলৰ বাবে আমি যিহোৱাৰ ধন্যবাদ কৰো! BSB BSB: My heart is with the princes of Israel, with the volunteers among the people. Bless the LORD!
10 ULB তোমালোক যিসকলে বগা গাধত উঠি, পিঠিত আসনৰ বাবে কম্বলৰ গদিত বহি ঘূৰি ফুৰা আৰু তোমালোক যিসকলে পথত খোজ কাঢ়ি ফুৰা, তোমালোকে এই সকলো বিষয়ে ভাৱা! BSB BSB: You who ride white donkeys, who sit on saddle blankets, and you who travel the road, ponder
11 ULB তোমালোকে পশুবোৰে পানী পিবলৈ অহা ঠাইত লোকসকলৰ মাত কথা শুনা, তাত তেওঁলোকে যিহোৱাৰ ধার্মিকতাৰ কার্যবোৰৰ কথা পুণৰ কয় আৰু ইস্রায়েলত যিহোৱাৰ সৈনিকসকলে কৰা ধার্মিকতাৰ কার্যবোৰ বর্ণনা কৰে। “তাৰ পাছত যিহোৱাৰ সন্তানসকল নগৰৰ দুৱাৰবোৰলৈ নামি গ’ল। BSB BSB: the voices of the singers at the watering places. There they shall recount the righteous acts of the LORD, the righteous deeds of His villagers in Israel. Then the people of the LORD went down to the gates:
12 ULB সাৰ পোৱা দবোৰা, সাৰ পোৱা! সাৰ পোৱা, সাৰ পোৱা, গীতগান কৰা! হে অবীনোৱমৰ পুত্ৰ বাৰাক, উঠা আৰু যুদ্ধত যিসকলক তোমালোকে ধৰিলা, বন্দী কৰি লৈ যোৱা। BSB BSB: ‘Awake, awake, O Deborah! Awake, awake, sing a song! Arise, O Barak, and take hold of your captives, O son of Abinoam!’
13 ULB তাৰ পাছত জীয়াই থকা লোকসকল গণ্য-মান্য লোকৰ ওচৰলৈ নামি আহিল; যিহোৱাৰ লোকসকলে যুদ্ধ কৰিবৰ বাবে মোৰ ওচৰলৈ নামি আহিল। BSB BSB: Then the survivors came down to the nobles; the people of the LORD came down to me against the mighty.
14 ULB কিছু লোক আহিল ইফ্রয়িমৰ পৰা, য’ত অমালেকীয়াসকলে বাস কৰিছিল; তোমালোকৰ পাছে পাছে বিন্যামীন বংশৰ লোক আহিল; মাখীৰৰ পৰা সেনাপতিসকল নামি আহিল; আৰু জবুলুনৰ বংশৰ লোকসকলে শাসনকর্তাৰ দণ্ড লৈ নামি আহিল। BSB BSB: Some came from Ephraim, with their roots in Amalek; Benjamin came with your people after you. The commanders came down from Machir, the bearers of the marshal’s staff from Zebulun.
15 ULB ইচাখৰৰ মুখ্য লোকসকল দবোৰাৰ লগত আছিল আৰু ইচাখৰ বাৰাকৰ লগত আছিল। বাৰাকৰ পাছে পাছে দৌৰি লোকসকলে শীঘ্ৰে উপত্যকালৈ নামি গ’ল। ৰূবেনৰ জনগোষ্ঠীৰ মাজত অনেক দৃঢ়মনৰ লোক আছিল। BSB BSB: The princes of Issachar were with Deborah, and Issachar was with Barak, rushing into the valley at his heels. In the clans of Reuben there was great indecision.
16 ULB তোমালোকে ভেড়াৰখীয়াবোৰৰ বাঁহীৰ শব্দ শুনি শুনি কিয় ভেড়াৰ জুহালৰ মাজত বহি আছিলা? যিহেতু ৰূবেনৰ বংশত অনেক দৃঢ়মনা লোক আছিল। BSB BSB: Why did you sit among the sheepfolds to hear the whistling for the flocks? In the clans of Reuben there was great indecision.
17 ULB গিলিয়দৰ বংশৰ লোকসকল যৰ্দ্দনৰ সিপাৰে বাস কৰিলে; আৰু দান জনগোষ্ঠীৰ লোকে কিয় জাহাজৰ কাষত বাস কৰিলে? আচেৰৰ লোকসকল সমুদ্ৰৰ তীৰত থাকি বন্দৰবোৰৰ কাষত বাস কৰিলে। BSB BSB: Gilead remained beyond the Jordan. Dan, why did you linger by the ships? Asher stayed at the coast and remained in his harbors.
18 ULB জবুলুন আৰু নপ্তালীৰ জনগোষ্ঠী ৰণস্থলীত প্ৰাণক মৰণলৈকে তুচ্ছজ্ঞান কৰা লোক। BSB BSB: Zebulun was a people who risked their lives; Naphtali, too, on the heights of the battlefield.
19 ULB ৰজাসকলে আহি যুদ্ধ কৰিলে; কনানৰ ৰজাসকলে যুদ্ধ কৰিলে; মগিদ্দোৰ পানীৰ কাষত থকা তানকত তেওঁলোকে যুদ্ধ কৰিলে; কিন্তু তেওঁলোকে কোনো ৰূপ লুটি নিব নোৱাৰিলে। BSB BSB: Kings came and fought; then the kings of Canaan fought at Taanach by the waters of Megiddo, but they took no plunder of silver.
20 ULB আকাশৰ পৰা তৰাবোৰে যুদ্ধ কৰিলে; নিজ নিজ পথবোৰৰ পৰা তৰাবোৰে চীচৰাৰ বিৰুদ্ধে যুদ্ধ কৰিলে। BSB BSB: From the heavens the stars fought; from their courses they fought against Sisera.
21 ULB কীচোন নদীয়ে সিহঁতক উটাই নিলে; সেই প্ৰাচীন কালৰ নদীৰপানী, কীচোন নদীয়ে শত্রুবোৰক উটুৱাই নিলে। হে মোৰ মন, শক্তিশালী হৈ আগবাঢ়া। BSB BSB: The River Kishon swept them away, the ancient river, the River Kishon. March on, O my soul, in strength!
22 ULB তেতিয়া ঘোঁৰাবোৰৰ খুৰাৰ আঘাটত মাটি কঁপি উঠিল; তেওঁৰ শক্তিশালী ঘোঁৰাবোৰে চেঁকুৰি দৌৰিবলৈ ধৰিলে। BSB BSB: Then the hooves of horses thundered—the mad galloping of his stallions.
23 ULB যিহোৱাৰ দূতে কৈছে, “মেৰোজ চহৰক অভিশাপ দিয়া”! তাৰ নিবাসীসকলক অতিশয় শাও দিয়া! কিয়নো সিহঁত যিহোৱাৰ সহায়ৰ অৰ্থে নাহিল- বীৰসকলৰ বিৰুদ্ধে যুদ্ধত যিহোৱাক সহায় কৰিবলৈ নাহিল। BSB BSB: ‘Curse Meroz,’ says the angel of the LORD. ‘Bitterly curse her inhabitants; for they did not come to help the LORD, to help the LORD against the mighty.’
24 ULB কেনীয়া হেবৰৰ ভার্য্যা যায়েল, আন মহিলাসকলতকৈ ধন্যা মহিলা; তেওঁ সকলো তম্বুবাসী মহিলাতকৈও অতি ধন্যা। BSB BSB: Most blessed among women is Jael, the wife of Heber the Kenite, most blessed of tent-dwelling women.
25 ULB চীচৰাই পানী খুজিলত তেওঁ গাখীৰ দিলে; এটি ৰাজকীয় পাত্ৰত তেওঁ ঘন গাখীৰ আনি দিলে। BSB BSB: He asked for water, and she gave him milk. In a magnificent bowl she brought him curds.
26 ULB তেওঁ তম্বু বন্ধা খুটীটোলৈ নিজৰ হাত মেলিলে, বনুৱাৰ হাতুৰীটো সোঁ হাতত ল’লে; চীচৰাক হাতুৰীৰে আঘাট কৰি তেওঁৰ মূৰ ভাঙিলে; মূৰৰ কাষেদি খুঁটি বিন্ধাই চীচৰাৰ মূৰৰ লাওখোলা গুড়ি কৰিলে। BSB BSB: She reached for the tent peg, her right hand for the workman’s hammer. She struck Sisera and crushed his skull; she shattered and pierced his temple.
27 ULB তেওঁৰ ভৰিৰ ওচৰত মূৰ গুজি চীচৰা পৰি গ’ল, আৰু য’ত পৰিছিল, তাতে পৰি থাকিল। ভৰিৰ ওচৰত যি ঠাইত পৰিছিল, সেই ঠাইতে তেওঁক নিশংসভাবে বধ কৰা হ’ল। BSB BSB: At her feet he collapsed, he fell, there he lay still; at her feet he collapsed, he fell; where he collapsed, there he fell dead.
28 ULB চীচৰাৰ মাতৃয়ে এখন খিড়িকীয়েদি জুমি চালে- তেওঁ জালিকটা খিড়িকীৰে চাই চিঞঁৰি ক’লে, “চীচৰাৰ ৰথ আহিবলৈ কিয় ইমান পলম হৈছে? তেওঁৰ ৰথবোৰ টনা ঘোঁৰাবোৰৰ চেকুৰাৰ শব্দ কিয় এতিয়ালৈকে শুনা নাই?” BSB BSB: Sisera’s mother looked through the window; she peered through the lattice and lamented: ‘Why is his chariot so long in coming? What has delayed the clatter of his chariots?’
29 ULB তেওঁৰ জ্ঞানৱতী লিগিৰীবোৰে উত্তৰ দিলে আৰু তেঁৱো একে উত্তৰকে নিজকে নিজে দিলে: BSB BSB: Her wisest ladies answer; indeed she keeps telling herself,
30 ULB তেওঁলোকে লুটদ্ৰব্য পাই ভাগ কৰা নাই নেকি?- প্ৰতিজন পুৰুষৰ কাৰণে এজনী বা দুজনী ৰমণী; চীচৰাৰ কাৰণে খমখমীয়া ৰঙীন পোছাক, ফুল কৰা ৰঙীন পোছাক, ডিঙিৰ চৌপাশে ফুল বচা দুটাকৈ পোছাক- এইবোৰ লুট কৰা সকলে পোৱা নাই নেকি? BSB BSB: ‘Are they not finding and dividing the spoil—a girl or two for each warrior, a plunder of dyed garments for Sisera, the spoil of embroidered garments for the neck of the looter?’
31 ULB হে যিহোৱা, তোমাৰ সকলো শত্ৰুবোৰ যেন এনেদৰেই বিনষ্ট হয়! কিন্তু যিসকলে তোমাক প্রেম কৰে, সেইসকল যেন প্ৰতাপেৰে উদয় হোৱা সূৰ্য্যৰ নিচিনা হৈ উঠে। ইয়াৰ পাছত দেশত চল্লিশ বছৰলৈকে শান্তি আছিল। BSB BSB: So may all Your enemies perish, O LORD! But may those who love You shine like the sun at its brightest.” And the land had rest for forty years.
Select verses for actions: Enter goes to them and Escape comes back.