1 ULB প্ৰভুৱে নিজ ক্ৰোধত কেনে এটা ডাঙৰ মেঘেৰে চিয়োন-জীয়াৰীক সম্পূৰ্ণৰূপে ঢাকিলে! তেওঁ স্বৰ্গৰ পৰা ইস্ৰায়েলৰ শোভাক পৃথিৱীলৈ পঠিয়াই দিলে; আৰু নিজ ক্ৰোধৰ দিনত নিজৰ ভৰি-পীৰালৈ সোঁৱৰণ নকৰিলে। BSB BSB: How the Lord has covered the Daughter of Zion with the cloud of His anger! He has cast the glory of Israel from heaven to earth. He has abandoned His footstool in the day of His anger.
2 ULB প্ৰভুৱে দয়া নকৰি যাকোবৰ সকলো নগৰবোৰ গ্ৰাস কৰিলে। তেওঁ নিজ ক্ৰোধত যিহূদা-জীয়াৰীৰ দু্ৰ্গবোৰ ভাঙি পেলালে; তেওঁ সেইবোৰক অপমানেৰে মাটিৰ সমান কৰিলে, সেই ৰাজ্য আৰু তাইৰ ৰাজকুমাৰসকলক অপবিত্ৰ কৰিলে। BSB BSB: Without pity the Lord has swallowed up all the dwellings of Jacob. In His wrath He has demolished the fortified cities of the Daughter of Judah. He brought to the ground and defiled her kingdom and its princes.
3 ULB তেওঁ প্ৰচণ্ড ক্ৰোধত ইস্ৰায়েলৰ সকলো শক্তি ছেদন কৰিলে। তেওঁ শত্ৰুৰ সন্মুখৰ পৰা নিজৰ সোঁ হাত কোঁচালে। আৰু চাৰিওফালে সকলো গ্ৰাস কৰোঁতা জ্বলন্ত অগ্নি-শিখাৰ দৰে তেওঁ যাকোবক দগ্ধ কৰিলে। BSB BSB: In fierce anger He has cut off every horn of Israel and withdrawn His right hand at the approach of the enemy. He has burned in Jacob like a flaming fire that consumes everything around it.
4 ULB শত্ৰুৰ নিচিনাকৈ তেওঁৰ নিজৰ ধনু আমাৰ দিশে ভাঁজ কৰিলে। তেওঁ যুদ্ধত থকা শত্রুৰ দৰে, আমালৈ মাৰি পঠিয়াবৰ বাবে নিজ হাতক সাজু কৰালে। তেওঁৰ দৃষ্টিত তৃপ্তিজনক সকলোকে বধ কৰিলে। চিয়োন-জিয়াৰীৰ তম্বুৰ ওপৰত তেওঁ নিজৰ ক্ৰোধ অগ্নিৰ দৰে বৰষালে। BSB BSB: He has bent His bow like an enemy; His right hand is positioned. Like a foe He has killed all who were pleasing to the eye; He has poured out His wrath like fire on the tent of the Daughter of Zion.
5 ULB প্ৰভুৱে শত্ৰু যেন হ’ল। তেওঁ ইস্ৰায়েলক গ্ৰাস কৰিলে। তেওঁ ইস্ৰায়েলৰ আটাই ৰাজ-অট্ৰালিকাবোৰ গ্ৰাস কৰিলে; আৰু তাৰ দুৰ্গবোৰ ধ্ৱংস কৰিলে। তেওঁ যিহূদা-জীয়াৰীৰ মাজত শোক আৰু বিলাপ বঢ়ালে। BSB BSB: The Lord is like an enemy; He has swallowed up Israel. He has swallowed up all her palaces and destroyed her strongholds. He has multiplied mourning and lamentation for the Daughter of Judah.
6 ULB তেওঁ নিজ তম্বু বাৰীৰ টঙি ধ্ৱংস কৰাৰ দৰে ধ্ৱংস কৰিলে আৰু নিজৰ সমাজ পতা ঠাই বিনষ্ট কৰিলে। যিহোৱাই চিয়োনত পৰ্ব্ব আৰু বিশ্ৰাম দিন পাহৰালে, কিয়নো তেওঁৰ প্ৰচণ্ড ক্ৰোধত ৰজা আৰু পুৰোহিতসকলক তেওঁ হেয়জ্ঞান কৰিলে। BSB BSB: He has laid waste His tabernacle like a garden booth; He has destroyed His place of meeting. The LORD has made Zion forget her appointed feasts and Sabbaths. In His fierce anger He has despised both king and priest.
7 ULB প্ৰভুৱে তেওঁৰ যজ্ঞবেদী অগ্রাহ্য কৰিলে; আৰু তেওঁৰ পবিত্ৰ স্থান ঘিণ কৰিলে। তেওঁ তাইৰ অট্টালিকাৰ গড়বোৰ শত্ৰুৰ হাতত সমৰ্পণ কৰিলে। তেতিয়া তেওঁলোকে পৰ্ব্বদিনৰ নিচিনাকৈ যিহোৱাৰ গৃহত জয়েৰে কোলাহল কৰিলে। BSB BSB: The Lord has rejected His altar; He has abandoned His sanctuary; He has delivered the walls of her palaces into the hand of the enemy. They have raised a shout in the house of the LORD as on the day of an appointed feast.
8 ULB যিহোৱাই উদ্দেশ্যমূলকভাৱে চিয়োন-জীয়াৰীৰ গড় নষ্ট কৰিবলৈ মনস্থ কৰিলে। তেওঁ পৰিমান-জৰী পাৰি সেই গড় বিনষ্ট কৰাৰ পৰা তেওঁৰ হাত নোকোঁচালে। আৰু তেওঁ দুৰ্গৰ চৰিওফালে থকা গড়বোৰক বিলাপ কৰালে আৰু দুৰ্গবোৰ শক্তিহীন কৰিলে। BSB BSB: The LORD determined to destroy the wall of the Daughter of Zion. He stretched out a measuring line and did not withdraw His hand from destroying. He made the ramparts and walls lament; together they waste away.
9 ULB চিয়োন-জীয়াৰীৰ দুৱাৰবোৰ মাটিত পোত গ’ল; তাইৰ দুৱাৰৰ ডাংবোৰ যিহোৱাই নষ্ট কৰিলে আৰু ভাঙিলে। তাইৰ ৰজা আৰু ৰাজকুৱৰসকল অনা-ইহুদীসকলৰ মাজত আছে, য’ত মোচিৰ কোনো বিধান নাই। আনকি তাইৰ ভাববাদীসকলে যিহোৱাৰ পৰা কোনো দৰ্শন পোৱা নাছিল। BSB BSB: Her gates have sunk into the ground; He has destroyed and shattered their bars. Her king and her princes are exiled among the nations, the law is no more, and even her prophets find no vision from the LORD.
10 ULB চিয়োন-জীয়াৰীৰ বৃদ্ধসকলে মাটিত বহি নীৰৱে শোক কৰি আছে। তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াইছে; আৰু কঁকালত চট কাপোৰ বান্ধিছে। যিৰূচালেমৰ কুমাৰীসকলে মাটিলৈ মূৰ দোঁৱাই আছে। BSB BSB: The elders of the Daughter of Zion sit on the ground in silence. They have thrown dust on their heads and put on sackcloth. The young women of Jerusalem have bowed their heads to the ground.
11 ULB মোৰ চকু-লো বন্ধ হৈ ৰঙা হ’ল; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে। মোৰ জাতিস্বৰূপ জীয়াৰীৰ লোকসকলৰ ধ্বংসৰ কাৰণে মোৰ কলিজাৰ পিত্তপানী মাটিত ঢলা হৈছে, কিয়নো নগৰৰ বাটবোৰত শিশু আৰু পিয়াহ খোৱা কেঁচুৱাসকল মুৰ্চ্ছিত হৈছে আৰু মৃত্যুৰ মুখত পৰিছে। BSB BSB: My eyes fail from weeping; I am churning within. My heart is poured out in grief over the destruction of the daughter of my people, because children and infants faint in the streets of the city.
12 ULB “আহাৰ আৰু দ্ৰাক্ষাৰস ক’ত?” এই বুলি তেওঁলোকে নিজ নিজ মাতৃসকলক প্রশ্ন কৰে। সিহত নগৰৰ বাটবোৰত আহত হোৱা মানুহৰ দৰে মুৰ্চ্ছিত হৈছে, আৰু নিজ নিজ মাতৃৰ কোলাত প্ৰাণত্যাগ কৰিছে। BSB BSB: They cry out to their mothers: “Where is the grain and wine?” as they faint like the wounded in the streets of the city, as their lives fade away in the arms of their mothers.
13 ULB হে যিৰূচালেম-জীয়াৰী, তোমাৰ বিষয়ে মই কি সাক্ষ্য দিম? তোমাক শান্ত্বনা দিবৰ বাবে তোমাৰে সৈতে কিহৰ তুলনা দিম? হে কুমাৰী চিয়োন-জীয়াৰী, কিয়নো তোমাৰ ভঙা-ৰূপ সাগৰৰ দৰে বৃহৎ; কোনে তোমাক সুস্থ কৰিব পাৰে? BSB BSB: What can I say for you? To what can I compare you, O Daughter of Jerusalem? To what can I liken you, that I may console you, O Virgin Daughter of Zion? For your wound is as deep as the sea. Who can ever heal you?
14 ULB তোমাৰ ভাববাদীসকলে তোমাৰ পক্ষে মিছা আৰু মুৰ্খতাৰ দৰ্শন পালে। আৰু তোমাৰ সম্পত্তিবোৰ পুনৰায় ঘূৰাই পাবলৈ তেওঁলোকে তোমাৰ অপৰাধবোৰ প্ৰকাশ নকৰিলে, কিন্তু তেওঁলোকে দৰ্শন পাই তোমাৰ পক্ষে অসাৰ্থক বাণী আৰু দেশান্তৰৰ কাৰণ প্ৰচাৰ কৰিলে। BSB BSB: The visions of your prophets were empty and deceptive; they did not expose your guilt to ward off your captivity. The burdens they envisioned for you were empty and misleading.
15 ULB আটাই বাটৰুৱাই তোমাক দেখি হাত-তালি দিছে। তেওঁলোকে যিৰূচালেম-জীয়াৰীক সুহুৰিয়াই মূৰ জোকাৰি কয় বোলে, “পৰম সুন্দৰী আৰু গোটেই পৃথিৱীৰ আনন্দদায়িনী বুলি মানুহে কোৱা নগৰী এইখনে নে?” BSB BSB: All who pass by clap their hands at you in scorn. They hiss and shake their heads at the Daughter of Jerusalem: “Is this the city that was called the perfection of beauty, the joy of all the earth?”
16 ULB তোমাৰ আটাই শত্ৰুৱে তোমাৰ অহিতে মুখ বহলকৈ মেলিলে আৰু তোমাৰ বিপক্ষে ঠাট্টা কৰিলে। তেওঁলোকে সুহুৰিয়াই আৰু দাঁত কৰচি কয়, “আমি তাইক গ্ৰাস কৰিলোঁ। আমি বাট চাই থকা দিন, নিশ্চয় এই দিনটোৱেই; আমি পালোঁ, আমি দেখিলোঁ!” BSB BSB: All your enemies open their mouths against you. They hiss and gnash their teeth, saying, “We have swallowed her up. This is the day for which we have waited. We have lived to see it!”
17 ULB যিহোৱাই নিজেই কৰা সংকল্প সিদ্ধ কৰিলে, পূৰ্ব্বকালত আজ্ঞা কৰা তেওঁৰ বাক্য পূৰ্ণ কৰিলে। তেওঁ দয়া নকৰি ভাঙি পেলালে, আৰু তাৰ ওপৰত শত্ৰুক আনন্দ কৰালে; তেওঁ তোমাৰ বৈৰীবোৰৰ শিংটো উন্নত কৰিলে। BSB BSB: The LORD has done what He planned; He has accomplished His decree, which He ordained in days of old; He has overthrown you without pity. He has let the enemy gloat over you and exalted the horn of your foes.
18 ULB তেওঁলোকে মনতে প্ৰভুৰ আগত কাতৰোক্তি কৰি ক’লে, “হে চিয়োন-জীয়াৰীৰ গড়, দিনে-ৰাতিয়ে চকু লো নৈৰ নিচিনাকৈ বৈ থাকক। তুমি নিজকে অলপো বিশ্ৰাম নিদিবা। তোমাৰ চকুৰ মনিক শান্ত হ’বলৈ নিদিবা। BSB BSB: The hearts of the people cry out to the Lord. O wall of the Daughter of Zion, let your tears run down like a river day and night. Give yourself no relief, and your eyes no rest.
19 ULB উঠা আৰু প্ৰত্যেক প্ৰহৰৰ আৰম্ভণতে ৰাতি চিঞৰি কান্দা প্ৰভুৰ আগত তোমাৰ হৃদয় পানীৰ দৰে ঢালি দিয়া। তোমাৰ যি শিশুসকলক প্ৰত্যেক আলিৰ মূৰত ভোকত মূৰ্চ্ছিত হৈছে, তেওঁলোকৰ প্ৰাণৰক্ষাৰ অৰ্থে তেওঁলৈ হাত তোলা।” BSB BSB: Arise, cry out in the night from the first watch of the night. Pour out your heart like water in the presence of the Lord. Lift up your hands to Him for the lives of your children who are fainting from hunger on the corner of every street.
21 ULB ডেকা আৰু বুঢ়া লোক, আলিবাটৰ মাটিত পৰি আছে। মোৰ যুৱতী আৰু যুৱকসকল তৰোৱালৰ দ্বাৰাই পতিত হৈছে। তুমি তোমাৰ ক্ৰোধৰ দিনাত তেওঁলোকক বধ কৰিলা; তুমি দয়া নকৰি হত্যা কৰিলা। BSB BSB: Both young and old lie together in the dust of the streets. My young men and maidens have fallen by the sword. You have slain them in the day of Your anger; You have slaughtered them without compassion.
22 ULB তুমি পৰ্ব্বদিনৰ নিচিনাকৈ চাৰিওফালৰ পৰা মোলৈ নানা ত্ৰাস মাতিলা; আৰু যিহোৱাৰ ক্ৰোধৰ দিনত ৰক্ষা পোৱা, কি বাকি থকা কোনো নাছিল। মই নিচুকাই ডাঙৰ-দীঘল কৰা সকলক মোৰ শত্ৰুৱে সংহাৰ কৰিলে। BSB BSB: You summoned my terrors on every side, as for the day of an appointed feast. In the day of the LORD’s anger no one escaped or survived; my enemy has destroyed those I nurtured and reared.
Select verses for actions: Enter goes to them and Escape comes back.