2 ULB যীচুৱে উত্তৰ দি তেওঁলোকক কলে, "আপোনালোকে ভাবিছে নে যে, এই গালীলীয়া সকলে দুখ-ভোগ কৰাৰ কাৰণে আন গালীলীয়া সকলতকৈ অধিক পাপী আছিল? BSB BSB: To this He replied, “Do you think that these Galileans were worse sinners than all the other Galileans, because they suffered this way?
3 ULB মই অাপোনালোকক কওঁ তেনে নহয়; কিন্তু মন পালটন নকৰিলে, অাপোনালোক সকলোৱে সেইদৰে বিনষ্ট হব। BSB BSB: No, I tell you. But unless you repent, you too will all perish.
4 ULB চীলোহত এটা ওখ দুর্গৰ পতনত যি ওঠৰ জন মানুহৰ মৃত্যু হৈছিল, আপোনালোকে ভাবে নেকি যে যিৰূচালেমৰ বাকী মানুহতকৈ তেওঁলোক বেছি পাপী আছিল? BSB BSB: Or those eighteen who were killed when the tower of Siloam collapsed on them: Do you think that they were more sinful than all the others living in Jerusalem?
5 ULB মই অাপোনালোকক কওঁ তেনে নহয়; কিন্তু মন পালটন নকৰিলে, আপোনালোকো বিনষ্ট হব। BSB BSB: No, I tell you. But unless you repent, you too will all perish.”
7 ULB তেতিয়া গৰাকীয়ে বাৰীচোৱাক কলে, 'চোৱা, মই তিনি বছৰ ধৰি এই ডিমৰু গছৰ ফল বিচাৰি আছো, কিন্তু একোৱে নাপাও; সেয়েহে ইয়াক কাটি পেলোৱা। কিয় ইয়াক অযথা ভূমি নষ্ট কৰিব দিওঁ?' BSB BSB: So he said to the keeper of the vineyard, ‘Look, for the past three years I have come to search for fruit on this fig tree and haven’t found any. Therefore cut it down! Why should it use up the soil?’
8 ULB তাতে বাৰীচোৱাই তেওঁক উত্তৰ দি কলে, 'হে প্ৰভু এই বছৰো থাকিবলৈ দিয়ক। মই ইয়াৰ চাৰিওফালে খান্দি সাৰ দিম৷ BSB BSB: ‘Sir,’ the man replied, ‘leave it alone again this year, until I dig around it and fertilize it.
9 ULB পাছত যদি ফল ধৰে, তেন্তে ভালেই; নহলে ইয়াক কাটি পেলাব।" BSB BSB: If it bears fruit next year, fine. But if not, you can cut it down.’”
10 ULB এদিন বিশ্ৰাম বাৰে এটা নাম-ঘৰত যীচুৱে উপদেশ দি আছিল। BSB BSB: One Sabbath Jesus was teaching in one of the synagogues,
11 ULB তাত এনে এগৰাকী মহিলা আছিল, যি মহিলা গৰাকীয়ে এটা শক্তিহীন কৰা দুষ্ট আত্মাৰ অধিনত ওঁঠৰ বছৰ ধৰি কষ্ট ভোগ কৰি আছিল আৰু তাই কুঁজী হৈ গৈছিল, একেবাৰে পোন হব পৰা নাছিল। BSB BSB: and a woman there had been disabled by a spirit for eighteen years. She was hunched over and could not stand up straight.
12 ULB যীচুৱে তাইক দেখি মাতিলে আৰু কলে, “হে নাৰী তোমাৰ শক্তিহীন অৱস্থাৰ পৰা তুমি মুক্ত হোৱা”। BSB BSB: When Jesus saw her, He called her over and said, “Woman, you are set free from your disability.”
13 ULB তাৰ পাছত যীচুৱে তাইৰ ওপৰত হাত ৰাখিলে আৰু লগে লগে তাই পোন হৈ ঈশ্বৰৰ স্তুতি কৰিলে। BSB BSB: Then He placed His hands on her, and immediately she straightened up and began to glorify God.
14 ULB কিন্তু যীচুৱে বিশ্ৰাম বাৰে সুস্থ কৰাৰ কাৰণে, নাম-ঘৰৰ নেতা জনে ক্ৰোধিত হৈ লোক সকলক কলে, "কাম কৰাৰ কাৰণে ছদিন আছে৷ গতিকে সেই ছদিনত আহিবা আৰু সুস্হ হবা, বিশ্ৰাম বাৰত নহয়।" BSB BSB: But the synagogue leader was indignant that Jesus had healed on the Sabbath. “There are six days for work,” he told the crowd. “So come and be healed on those days and not on the Sabbath.”
15 ULB প্ৰভুৱে তেওঁক উত্তৰ দি কলে, "কপটীয়া সকল! বিশ্ৰামবাৰে আপোনালোক সকলোৱে জানো নিজৰ গাধ বা গৰু গোহালিৰ পৰা মেলি পানী খোৱাবলৈ নিনিয়ে? BSB BSB: “You hypocrites!” the Lord replied. “Does not each of you on the Sabbath untie his ox or donkey from the stall and lead it to water?
16 ULB তেনেহলে সুদীর্ঘ ওঠৰ বছৰ ধৰি চয়তানৰ বন্ধনত থকা অব্ৰাহামৰ বংশৰ এই মহিলা গৰাকীক বিশ্ৰাম বাৰৰ দিনা এই বন্ধনৰ পৰা মুকলি কৰা উচিত নহয় নে?" BSB BSB: Then should not this daughter of Abraham, whom Satan has kept bound for eighteen long years, be released from her bondage on the Sabbath day?”
17 ULB তেওঁ এইবোৰ কথা কোৱাৰ পাছত, তেওঁৰ বিৰুদ্ধে যি সকল লোক আছিল: সেই লোক সকলে লাজ পালে৷ কিন্তু তেওঁ কৰা সকলো মহান কার্যবোৰ দেখি লোক সকলে আনন্দ কৰিলে৷ 18 BSB BSB: When Jesus said this, all His adversaries were humiliated. And the whole crowd rejoiced at all the glorious things He was doing.
18 ULB তাৰ পাছত যীচুৱে কলে, "ঈশ্বৰৰ ৰাজ্য কিহৰ নিচিনা? আৰু কিহৰ লগত মই ইয়াৰ তুলনা দিম? BSB BSB: Then Jesus asked, “What is the kingdom of God like? To what can I compare it?
19 ULB ই হল এটা সৰু সৰিয়হৰ বীজৰদৰে; এজন লোকে সেইবোৰ আনি নিজৰ বাগিছাত সিঁচিলে আৰু তাৰ পৰা গজালি ওলাই বাঢ়ি এজোপা ডাঙৰ গছ হৈ উঠিল; তাতে আকাশৰ চৰাইবোৰে আহি তাৰ ডালবোৰত বাহ সাজিলে।" BSB BSB: It is like a mustard seed that a man tossed into his garden. It grew and became a tree, and the birds of the air nested in its branches.”
20 ULB তেওঁ আকৌ কলে, “ঈশ্বৰৰ ৰাজ্যক মই কিহৰ লগত তুলনা কৰিম? BSB BSB: Again He asked, “To what can I compare the kingdom of God?
21 ULB ঈশ্বৰৰ ৰাজ্য খমীৰৰদৰে৷ এগৰাকী মহিলাই তাকে লৈ প্ৰায় তিনি দোণ ময়দাৰ সৈতে মিহলায় আৰু আটাইখিনি ময়দা নুফুলালৈকে ঢাকি থয়৷" BSB BSB: It is like leaven that a woman took and mixed into three measures of flour, until all of it was leavened.”
22 ULB এইদৰে তেওঁ নগৰে নগৰে গাঁৱে গাঁৱে উপদেশ দি দি যিৰূচালেমলৈ গ'ল। BSB BSB: Then Jesus traveled throughout the towns and villages, teaching as He made His way toward Jerusalem.
23 ULB তেতিয়া কোনো এজনে সুধিলে, "প্ৰভু, তাকৰ লোকেহে উদ্ধাৰ পাব নে?" তেতিয়া তেওঁ তেওঁলোকক ক'লে BSB BSB: “Lord,” someone asked Him, “will only a few people be saved?” Jesus answered,
24 ULB " ঠেক দুৱাৰেদি সোমাবলৈ বহুত কষ্ট, প্ৰাণপণে চেষ্টা কৰা; মই তোমালোকক কওঁ, অনেক লোকে তাত সোমাবৰ বাবে যত্ন কৰিব, কিন্তু নোৱাৰিব৷ BSB BSB: “Make every effort to enter through the narrow door. For many, I tell you, will try to enter and will not be able.
25 ULB কাৰণ ঘৰৰ গৰাকীয়ে উঠি দুৱাৰ বন্ধ কৰিব,তেতিয়া তোমালোকে বাহিৰত থিয় হৈ দুৱাৰত টুকুৰিয়াই ক'বা, প্ৰভু আমালৈ দুৱাৰ মেলি দিয়ক, তেওঁ উত্তৰ দি আপোনালোকক কব, ‘তোমালোক কৰ মানুহ, সেই বিষয়ে মই নাজানো৷'; BSB BSB: After the master of the house gets up and shuts the door, you will stand outside knocking and saying, ‘Lord, open the door for us.’ But he will reply, ‘I do not know where you are from.’
26 ULB তেতিয়া তোমালোকে ক'বা, আপোনাৰ সাক্ষাতে আমি ভোজন পান কৰিলোঁ আৰু আমাৰ আলি বাটতে আপুনি উপদেশ দিলে। BSB BSB: Then you will say, ‘We ate and drank with you, and you taught in our streets.’
27 ULB কিন্তু তেওঁ উত্তৰ দি কব, মই তোমালোকক কওঁ, 'এই সকল কৰ মানুহ, সেই বিষয়ে মই নাজানো; হে দুৰাচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হ!' BSB BSB: And he will answer, ‘I tell you, I do not know where you are from. Depart from me, all you evildoers.’
28 ULB তেতিয়া ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব! তাতে তোমালোকে অব্ৰাহাম, ইচহাক, যাকোব আৰু ভাববাদী সকলক ঈশ্বৰৰ ৰাজ্যত দেখা পাবা, কিন্তু তোমালোকক বাহিৰত পেলোৱা হ'ব৷ BSB BSB: There will be weeping and gnashing of teeth when you see Abraham, Isaac, Jacob, and all the prophets in the kingdom of God, but you yourselves are thrown out.
29 ULB তেতে পূব, পশ্চিম, উত্তৰ, দক্ষিণৰ পৰা মানুহবোৰ আহি ঈশ্বৰৰ ৰাজ্যত ভোজনত বহিব, BSB BSB: People will come from east and west and north and south, and will recline at the table in the kingdom of God.
30 ULB আৰু চোৱা যি সকল আগ হব, সেই সকলোবোৰ পাছ পৰিব; আৰু যি সকল পাছ পৰিব তেওঁলোক আগবাঢ়িব৷" BSB BSB: And indeed, some who are last will be first, and some who are first will be last.”
31 ULB কিছু সময়ৰ পাছত কেইজনমান ফৰিচী আহি তেওঁক কলে, "তুমি ইয়াৰ পৰা অাতৰি যোৱা; কাৰণ হেৰোদে তোমাক বধ কৰিবলৈ বিচাৰি আছে।" BSB BSB: At that very hour, some Pharisees came to Jesus and told Him, “Leave this place and get away, because Herod wants to kill You.”
32 ULB যীচুয়ে তেওঁলোকক কলে, “যোৱা তোমালোকে গৈ সেই শিয়ালক এই কথা কোৱাগৈ, মই আজি আৰু কাইলৈ ভূত খেদাম নৰিয়াক সুস্থ কৰিম, তৃতীয় দিনা মই মোৰ কার্য সিদ্ধ কৰিম। BSB BSB: But Jesus replied, “Go tell that fox, ‘Look, I will keep driving out demons and healing people today and tomorrow, and on the third day I will reach My goal.’
33 ULB যি কি নহওঁক আজি, কাইলৈ আৰু পৰহিলৈ মই যাত্ৰাত আগবাঢ়ি থাকিব লাগিব; কোনো কাৰণতেই এজনো ভাৱবাদী যিৰূচালেমৰ পৰা দুৰৈত মৃত্যু হব নোৱাৰে৷ BSB BSB: Nevertheless, I must keep going today and tomorrow and the next day, for it is not admissible for a prophet to perish outside of Jerusalem.
34 ULB হে যিৰূচালেম! যিৰূচালেম! যি জনে ভাববাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলৰ ওপৰত শিল দলিয়াই ৷ বহুবাৰ মই তোমাৰ এই ল'ৰা ছোৱালীবোৰক বচাব খুজিছিলোঁ, কুকুৰাই যেনেকৈ নিজ পোৱালীবোৰক ডেউকাৰ তলত সুৰক্ষা দি ৰাখে তেনেকৈ ৰাখিব খুজিছিলোঁ: কিন্তু আপুনি সন্মত নহ’ল৷ BSB BSB: O Jerusalem, Jerusalem, who kills the prophets and stones those sent to her, how often I have longed to gather your children together as a hen gathers her chicks under her wings, but you were unwilling!
35 ULB চোৱা' তোমালোকৰ ঘৰ ধংস হৈ গৈছে; মই তোমালোকক কওঁ- যেতিয়ালৈকে তোমালোকে এই কথা নোকোৱা “প্ৰভুৰ নামেৰে যি জন আহিছে তেওঁ ধন্য” তেতিয়ালৈকে তোমালোকে মোক দেখিবলৈ নাপাবা। BSB BSB: Look, your house is left to you desolate. And I tell you that you will not see Me again until you say, ‘Blessed is He who comes in the name of the Lord.’”