1 ULB যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, "যিহৰ দ্বাৰা পাপ হয়, সেয়া আহিবই: কিন্তু যাৰ দ্বাৰা আহে, তেওঁ সন্তাপৰ পাত্ৰ। BSB BSB: Jesus said to His disciples, “It is inevitable that stumbling blocks will come, but woe to the one through whom they come!
2 ULB সৰু সকলৰ মাজৰ এজনকো যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁৰ ডিঙিত জাঁত আৰি সাগৰত পেলাই দিয়া ভাল। BSB BSB: It would be better for him to have a millstone hung around his neck and to be thrown into the sea than to cause one of these little ones to stumble.
3 ULB তোমালোকে নিজৰ বিষয়ত সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে, তেওঁক তিৰস্কাৰ কৰা আৰু তেওঁ যদি অনুতাপ কৰে তেনেহলে তেওঁক ক্ষমা কৰা। BSB BSB: Watch yourselves. If your brother sins, rebuke him; and if he repents, forgive him.
4 ULB তেওঁ যদি এদিনৰ ভিতৰত তোমাৰ বিৰুদ্ধে সাত বাৰ পাপ কৰে আৰু সাত বাৰেই উভতি আহি কয়, ''মই মন-পালটন কৰিছোঁ"; তেতিয়াও তেওঁক ক্ষমা কৰিবা।" BSB BSB: Even if he sins against you seven times in a day, and seven times returns to say, ‘I repent,’ you must forgive him.”
5 ULB তেতিয়া পাঁচনি সকলে প্ৰভুক ক’লে, "আমাৰ বিশ্বাস বঢ়াই দিয়ক।" BSB BSB: The apostles said to the Lord, “Increase our faith!”
6 ULB তেতিয়া প্ৰভুৱে কলে, "এটি সৰিয়হ গুটিৰ সমান যদি তোমালোকৰ বিশ্বাস হয়, তেনেহলে তুমি এই নুনি গছক কব পাৰিবা 'উভালি যা আৰু সাগৰত ৰোৱা হ'; তেতিয়া দেখিবা সি তোমাৰ কথা শুনিছে। BSB BSB: And the Lord answered, “If you have faith the size of a mustard seed, you can say to this mulberry tree, ‘Be uprooted and planted in the sea,’ and it will obey you.
7 ULB তোমালোকৰ মাজত কাৰোবাৰ দাসে হাল বাই, বা ভেৰা চৰাই পথাৰৰ পৰা যেতিয়া আহে, তেতিয়া তেওঁক কবা নে- "তুমি এতিয়াই আহা, ভোজনত বহা৷" BSB BSB: Which of you whose servant comes in from plowing or shepherding in the field will say to him, ‘Come at once and sit down to eat’?
8 ULB তাতকৈ তেওঁক নকবা নে, “মোৰ খোৱা বস্তু যুগুত কৰা আৰু মই খাই বৈ আজৰি নহওঁ মানে, কঁকালত গামোচা বান্ধি মোৰ আলপৈচান ধৰা; পাছত তুমিও খোৱা-বোৱা কৰিবা৷” BSB BSB: Instead, won’t he tell him, ‘Prepare my meal and dress yourself to serve me while I eat and drink, and afterward you may eat and drink’?
9 ULB সেই দাসে তেওঁৰ আজ্ঞা দিয়া অনুসাৰে কাৰ্য কৰা কাৰণে তেওঁক কি ধন্যবাদ দিব? BSB BSB: Does he thank the servant because he did what he was told?
10 ULB তোমালোকৰ বাবেও সেই একেই কথাৰ প্ৰযোজ্য। তোমালোকক যি কার্য কৰিবলৈ আজ্ঞা দিয়া হৈছে, সেইদৰে সকলোবোৰ কার্য কৰাৰ পাছত কবা, 'আমি অযোগ্য দাস, আমাৰ কৰ্তব্যহে আমি কৰিলোঁ।'" BSB BSB: So you also, when you have done everything commanded of you, should say, ‘We are unworthy servants; we have only done our duty.’”
11 ULB যীচুৱে যিৰূচালেমলৈ যাওঁতে, চমৰীয়া আৰু গালীলৰ কাষেদি গৈ আছিল। BSB BSB: While Jesus was on His way to Jerusalem, He was passing between Samaria and Galilee.
12 ULB সেই সময়ত এখন গাঁৱত সোমাওঁতে দহ জন কুষ্ঠ ৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি, BSB BSB: As He entered one of the villages, He was met by ten lepers. They stood at a distance
13 ULB বৰ মাতেৰে ক’লে, “হে যীচু, মহাশয়, আমাক দয়া কৰক।" BSB BSB: and raised their voices, shouting, “Jesus, Master, have mercy on us!”
14 ULB তেতিয়া তেওঁ তেওঁলোকক দেখি ক’লে, “তোমালোকে গৈ পুৰোহিত সকলৰ আগত নিজকে নিজে দেখুওৱাগৈ।" পাছত তেওঁলোক গৈ থাকোতে শুচি হ’ল। BSB BSB: When Jesus saw them, He said, “Go, show yourselves to the priests.” And as they were on their way, they were cleansed.
15 ULB তাতে তেওঁলোকৰ মাজৰ এজনে, নিজকে সুস্থ হোৱা দেখি, বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি উলটি আহিল; BSB BSB: When one of them saw that he was healed, he came back, praising God in a loud voice.
16 ULB আৰু যীচুৰ চৰণত উবুৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে; সেই লোক জন, চমৰীয়া আছিল। BSB BSB: He fell facedown at Jesus’ feet in thanksgiving to Him—and he was a Samaritan.
17 ULB ইয়াকে দেখি যীচুৱে কলে, "তোমালোক দহ জনেই শুচি নহলা নে? তেনেহলে আন ন জন ক’ত? BSB BSB: “Were not all ten cleansed?” Jesus asked. “Where then are the other nine?
18 ULB এই অন্য জাতি মানুহ জনৰ বাহিৰে আন কোনো এজনে ঈশ্বৰক স্তুতি কৰিবলৈ কিয় উলটি নাহিল?" BSB BSB: Was no one found except this foreigner to return and give glory to God?”
19 ULB পাছত যীচুৱে তেওঁক ক’লে, “উঠা আৰু যোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে৷' BSB BSB: Then Jesus said to him, “Rise and go; your faith has made you well!”
20 ULB ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব বুলি ফৰীচী সকলে এই কথা সোধাত, তেওঁ উত্তৰ দি ক’লে, BSB BSB: When asked by the Pharisees when the kingdom of God would come, Jesus replied, “The kingdom of God will not come with observable signs.
21 ULB “ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে; ইয়াতে বা সেইখিনিতে চোৱা, এনে কথা কোনোৱে নকব; কাৰণ চাওঁক, ঈশ্বৰৰ ৰাজ্য আপোনালোকৰ ভিতৰতে আছে।” BSB BSB: Nor will people say, ‘Look, here it is,’ or ‘There it is.’ For you see, the kingdom of God is in your midst.”
22 ULB পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যি কালত তোমালোকে মানুহৰ পুত্ৰৰ এটা দিন দেখিবলৈ ইচ্ছা কৰিবা, কিন্তু দেখিবলৈ নাপাবা, সেই কাল আহিব। BSB BSB: Then He said to the disciples, “The time is coming when you will long to see one of the days of the Son of Man, but you will not see it.
23 ULB মানুহবোৰে তেতিয়া চোৱা, সৌ তাত আছে; চোৱা, ইয়াত আছে, এই বুলি তোমালোকক ক’ব; কিন্তু তোমালোক নাযাবা আৰু তেওঁলোকৰ পাছে পাছে নচলিবা। BSB BSB: People will tell you, ‘Look, there He is!’ or ‘Look, here He is!’ Do not go out or chase after them.
24 ULB কিয়নো বিজুলীয়ে যেনেকৈ আকাশৰ এফালে ওলালে, আকাশৰ আন ফাললৈকে পোহৰ কৰে, মানুহৰ পুত্ৰৰ দিনতো সেইদৰেই হ’ব। BSB BSB: For just as the lightning flashes and lights up the sky from one end to the other, so will be the Son of Man in His day.
25 ULB কিন্তু প্ৰথমতে তেওঁ অনেক দুখ ভোগ কৰি, এই কালৰ মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ব লাগিব। BSB BSB: But first He must suffer many things and be rejected by this generation.
26 ULB নোহৰ সময়ত যেনেকুৱা হৈছিল, মানুহৰ পুত্ৰৰ সময়তো তেনেকুৱাই হ’ব। BSB BSB: Just as it was in the days of Noah, so also will it be in the days of the Son of Man:
27 ULB নোহ জাহাজত উঠা দিনলৈকে লোক সকলে ভোজন-পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল। BSB BSB: People were eating and drinking, marrying and being given in marriage, up to the day Noah entered the ark. Then the flood came and destroyed them all.
28 ULB সেইদৰে লোটৰ সময়তো লোক সকলে ভোজন-পান কৰিছিল, কিনা-বেচা, ৰুৱা-পোতা আৰু ঘৰ সাজিছিল। BSB BSB: It was the same in the days of Lot: People were eating and drinking, buying and selling, planting and building.
29 ULB কিন্তু যিদিনা লোট চদোমৰ পৰা ওলাই আহিল, সেই দিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰষিল আৰু সেই ঠাইৰ সকলোকে ধ্বংস কৰিলে। BSB BSB: But on the day Lot left Sodom, fire and sulfur rained down from heaven and destroyed them all.
30 ULB সেইদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ’ব। BSB BSB: It will be just like that on the day the Son of Man is revealed.
31 ULB সেইদিনা কোনোবা যদি ঘৰৰ ওপৰত আছে কিন্তু তেওঁৰ নিজৰ বস্তুবোৰ যদি ঘৰৰ ভিতৰত আছে, তেন্তে তেওঁ বস্তুবোৰ আনিবলৈ নানামক। তেনেদৰে কোনোবা যদি পথাৰত আছে, তেৱোঁ কোনো বস্তু লবলৈ উলটি নাহক। BSB BSB: On that day, let no one on the housetop come down to retrieve his possessions. Likewise, let no one in the field return for anything he has left behind.
32 ULB লোটৰ তিৰোতাক সোঁৱৰা। BSB BSB: Remember Lot’s wife!
33 ULB যি কোনোৱে নিজৰ প্ৰাণ ৰাখিবলৈ বিচাৰে, তেওঁ তাক হেৰুৱাব। কিন্তু যি কোনোৱে প্ৰাণ হেৰুৱায়, তেওঁ তাক বচাব। BSB BSB: Whoever tries to save his life will lose it, but whoever loses his life will preserve it.
34 ULB মই তোমালোকক কওঁ, সেই ৰাতি দুজন মানুহ একে শয্যাতে থাকোঁতে, এজনক গ্ৰহণ কৰা হ’ব, আন জনক ত্যাগ কৰা হ’ব। BSB BSB: I tell you, on that night two people will be in one bed: one will be taken and the other left.
35 ULB দুজনী তিৰোতাই একে লগে জাঁতেৰে ডলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ’ব। BSB BSB: Two women will be grinding grain together: one will be taken and the other left.”
36 ULB দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ’ব, এজনক ত্যাগ কৰা হ’ব।" BSB BSB: Not in the BSB
37 ULB তেতিয়া তেওঁলোকে উত্তৰ দি তেওঁক সুধিলে, "ক’ত প্ৰভু?" তেতিয়া তেওঁ তেওঁলোকক কলে, "য’ত মৰা শ থাকে, তাতে শগুনো গোট খায়।" BSB BSB: “Where, Lord?” they asked. Jesus answered, “Wherever there is a carcass, there the vultures will gather.”