1 ULB যীচুৱে শিষ্য সকলক ক'লে: "এজন ধনী মানুহৰ এজন ঘৰগিৰী আছিল, এই ঘৰগিৰীয়ে ধনী মানুহ জনৰ সম্পদ নষ্ট কৰিছে বুলি অভিযোগ আনিলে৷ BSB BSB: Jesus also said to His disciples, “There was a rich man whose manager was accused of wasting his possessions.
2 ULB তেতিয়া সেই ধনী ব্যক্তি জনে ঘৰগিৰী দায়িত্বত থকা ব্যক্তি জনক মাতি ক'লে, এইবোৰ তোমাৰ বিষয়ে মই কি শুনিছো? তোমাৰ কামৰ হিচাব মোক দিয়া, তুমি আৰু মোৰ ঘৰগিৰী দায়িত্বত থাকিব নোৱাৰা৷' BSB BSB: So he called him in to ask, ‘What is this I hear about you? Turn in an account of your management, for you cannot be manager any longer.’
3 ULB তেতিয়া সেই ঘৰগিৰী দায়িত্বত থকা ব্যক্তি জনে মনতে ভাবিলে, 'এতিয়া মই কি কৰিম,যদি মোক এই কর্মৰ পৰা অাতৰাই দিয়ে, মই দিন হাজিৰা কৰি খাবলৈ মোৰ শক্তি নাই আৰু ভিক্ষা কৰিবলৈও মোৰ লাজ লাগে৷ ৷ BSB BSB: The manager said to himself, ‘What shall I do, now that my master is taking away my position? I am too weak to dig and too ashamed to beg.
4 ULB মোক ঘৰগিৰী দায়িত্বৰ পৰা অাতৰালেও লোক সকলে যাতে তেওঁলোকৰ ঘৰলৈ মোক নিমন্ত্ৰণ কৰে, সেই কাৰণে কি কৰিব লাগিব তাক মই জানিছোঁ৷' BSB BSB: I know what I will do so that after my removal from management, people will welcome me into their homes.’
5 ULB তাৰ পাছত তেওঁ ধনী মানুহ জনৰ প্ৰতিজন ধৰুৱাক মাতিলে আৰু তেওঁ প্ৰথম জনক সুধিলে, 'আমাৰ গৰাকীক কিমান ঋণ পৰিশোধ কৰিবলৈ আছে?' BSB BSB: And he called in each one of his master’s debtors. ‘How much do you owe my master?’ he asked the first.
6 ULB তেওঁ ক'লে, এশ মোন তেল৷ ঘৰগিৰীয়ে তেওঁক ক'লে, 'তোমাৰ তালিকা পত্ৰ খন লোৱা আৰু ইয়াতে সোনকালে পঞ্চাশ লিখা'৷ BSB BSB: ‘A hundred measures of olive oil,’ he answered. ‘Take your bill,’ said the manager, ‘sit down quickly, and write fifty.’
7 ULB তাৰ পাছত আন জনক সুধিলে, 'তোমাৰ কিমান দিব লগীয়া ঋণ আছে?' তেওঁ ক'লে এশ মোন ঘেহুঁ'৷ তেতিয়া তেওঁক ক'লে "তোমাৰ তালিকা পত্ৰ খন লোৱা আৰু আশী লিখা ৷" BSB BSB: Then he asked another, ‘And how much do you owe?’ ‘A hundred measures of wheat,’ he replied. ‘Take your bill and write eighty,’ he told him.
8 ULB তেওঁ সকলো কাম আগ-পাছ বিচাৰ কৰি বুদ্ধিমান লোকৰদৰে কৰিছিল৷ এই হেতুকে ধনী লোক জনে ঘৰগিৰীক শলাগিলে, কিয়নো পোহৰৰ সন্তানতকৈ এই জগতৰ সন্তানবোৰ নিজ জাতিলৈ অধিক বুদ্ধিৱন্ত৷ BSB BSB: The master commended the dishonest manager because he had acted shrewdly. For the sons of this age are more shrewd in dealing with their own kind than are the sons of light.
9 ULB মই তোমালোকক কওঁ, অযথার্থ ধনেৰে অাপোনালোকে নিজলৈ বন্ধু লাভ কৰে, কিন্তু যেতিয়া সম্পদৰ অন্ত পৰিব, তেতিয়া তেওঁলোকে অাপোনালোকক অনন্ত নিবাসত গ্ৰহণ কৰিব৷ BSB BSB: I tell you, use worldly wealth to make friends for yourselves so that when it is gone, they will welcome you into eternal dwellings.
10 ULB যি জন অলপ কথাত বিশ্বাসী তেওঁ অধিক কথাতো বিশ্বাসী; যি জন সৰুতকৈ সৰুত অধর্মি, তেওঁ অধিকতো অধর্মি৷ BSB BSB: Whoever is faithful with very little will also be faithful with much, and whoever is dishonest with very little will also be dishonest with much.
11 ULB এই কাৰণে পার্থিৱ ধনত যদি অবিশ্বাসী হোৱা, তেন্তে প্ৰকৃত ধনত আপোনাক কোনে বিশ্বাস কৰিব? BSB BSB: So if you have not been faithful with worldly wealth, who will entrust you with true riches?
12 ULB যদি অন্য লোকৰ বিষয়ত বিশ্বাসী নহোৱা, তেন্তে যি অাপোনাৰ নিজৰ তাক কেনেকৈ অাপোনাক দিব৷ BSB BSB: And if you have not been faithful with the belongings of another, who will give you belongings of your own?
13 ULB কোনো চাকৰে দুজন গৰাকীৰ ওচৰত খাটিব নোৱাৰে, কিয়নো তেতিয়া তেওঁ এজনক ঘিণ কৰি আন জনক ভাল পাব, নাইবা এজনত আসক্তহৈ আন জনক হেয় ঞ্জান কৰিব৷ আপোনালোকে ঈশ্বৰ আৰু ধন এই দুয়োটা বিষয়তে একেলগে খাটিব নোৱাৰা৷" BSB BSB: No servant can serve two masters. Either he will hate the one and love the other, or he will be devoted to the one and despise the other. You cannot serve both God and money.”
14 ULB এই কথাবোৰ শুনি, ধন লুভীয়া ফৰীচী সকলে তেওঁক উপলুঙা কৰিলে৷ BSB BSB: The Pharisees, who were lovers of money, heard all of this and were scoffing at Jesus.
15 ULB তেতিয়া তেওঁ তেওঁলোকক ক'লে, "আপোনালোকে মানুহৰ আগত নিজকে নিজে ধার্মিক দেখুৱাওঁতা, কিন্তু ঈশ্বৰে আপোনালোকৰ হৃদয় জানে; এতেকে মানুহৰ মাজত যি উত্তম, ঈশ্বৰে দেখাত সেয়ে ঘিণলগীয়া৷ BSB BSB: So He said to them, “You are the ones who justify yourselves before men, but God knows your hearts. For what is prized among men is detestable before God.
16 ULB যোহন অহালৈকে বিধান আৰু ভাববাদী সকলৰ বাক্য আছিল; তেতিয়াৰ পৰা ঈশ্বৰৰ ৰাজ্যৰ শুভবার্ত্তা ঘোষণা কৰা হৈছে, প্ৰতিজনে অতি আগ্ৰহেৰে সেই ৰাজ্যত প্ৰৱেশ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে৷ BSB BSB: The Law and the Prophets were proclaimed until John. Since that time, the gospel of the kingdom of God is being preached, and everyone is forcing his way into it.
17 ULB কিন্তু বিধানৰ এক বিন্দু লুপ্ত হোৱাতকৈ আকাশ আৰু পৃথিবী লুপ্ত হোৱা সহজ৷ BSB BSB: But it is easier for heaven and earth to pass away than for a single stroke of a pen to drop out of the Law.
18 ULB যি কোনোৱে নিজৰ পত্নিক বিবাহ বিচ্ছেদ কৰি অন্য মহিলাক বিবাহ কৰায়, তেওঁ ব্যভিচাৰ কৰে; যদি সেই পৰিত্যক্তা মহিলা গৰাকীক আন কোনো লোকে বিয়া পাতে তেৱোঁ ব্যভিচাৰ কৰে৷ BSB BSB: Anyone who divorces his wife and marries another woman commits adultery, and he who marries a divorced woman commits adultery.
19 ULB কোনো এজন ধনী মানুহ আছিল৷ তেওঁ বেঙেনা বৰণীয়া শণ সূতাৰ কাপোৰ পিন্ধি, প্ৰতিদিনে নিজৰ বহুত সম্পত্তিত উল্লাস কৰি আছিল৷ BSB BSB: Now there was a rich man dressed in purple and fine linen, who lived each day in joyous splendor.
20 ULB লাজাৰ নামেৰে গোটেই শৰীৰত ঘা লগা এজন মগনীয়া সেই ধনী ব্যক্তি জনৰ দুৱাৰত থোৱা হৈছিল৷ BSB BSB: And a beggar named Lazarus lay at his gate, covered with sores
21 ULB সেই ধনী ব্যক্তি জনৰ টেবুলৰ তলত পৰা খোৱা বস্তুৰে পেট পুৰাবলৈ মগনীয়া জনে আশা কৰি ৰৈ থাকিছিল৷ তাতে কুকুৰবোৰেও আহি তাৰ ঘাঁবোৰ চেলেকি থাকে৷ BSB BSB: and longing to be fed with the crumbs that fell from the rich man’s table. Even the dogs came and licked his sores.
22 ULB কালক্ৰমে সেই মগনীয়া জন মৰিল, স্বর্গদূত সকলে আহি অব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ'ল৷ পাছত ধনী ব্যক্তি জনো মৰিল তাতে তেওঁক মৈদাম দিয়া হল৷ BSB BSB: One day the beggar died and was carried by the angels to Abraham’s side. And the rich man also died and was buried.
23 ULB ধনী ব্যক্তি জনে নৰকত অতি যাতনা পাই ওপৰলৈ চকু তুলি চাই বহু দুৰত অব্ৰাহাম আৰু তেওঁৰ কোলাত লাজাৰক দেখা পালে৷ BSB BSB: In Hades, where he was in torment, he looked up and saw Abraham from afar, with Lazarus by his side.
24 ULB তেতিয়া ধনী ব্যক্তি জনে চিঞৰি ক'লে, "পিতৃ অব্ৰাহাম, মোৰ প্ৰতি দয়া কৰক আৰু লাজাৰক ইয়ালৈ পঠাই দিয়ক৷ তেওঁ আঙুলিৰ আগ পানীত জুবুৰিয়াই, মোৰ জিভা চেঁচা কৰিবলৈ তেওঁক পঠিয়াই দিয়ক৷' BSB BSB: So he cried out, ‘Father Abraham, have mercy on me and send Lazarus to dip the tip of his finger in water and cool my tongue. For I am in agony in this fire.’
25 ULB কিন্তু অব্ৰাহামে তেওঁক ক'লে, 'বোপা, তুমি জীয়াই থকা কালত যেনেদৰে নিজকলৈ সুখত আছিলা, সেইদৰে লাজাৰে দুখ পাইছিল, এতিয়া সেই কথা সোঁৱৰণ কৰা; কিন্তু এতিয়া তেওঁ ইয়াত শান্তিত আছে আৰু তুমি হলে যাতনা পাই আছা৷ BSB BSB: But Abraham answered, ‘Child, remember that during your lifetime you received your good things, while Lazarus received bad things. But now he is comforted here, while you are in agony.
26 ULB এতিয়া তোমাৰ আৰু আমাৰ মাজত এক মহাশূন্য স্থাপন কৰা আছে৷ আমি ইচ্ছা কৰিলেও ইয়াৰ পৰা তুমি থকা ঠাইলৈ যাব নোৱাৰো'৷ BSB BSB: And besides all this, a great chasm has been fixed between us and you, so that even those who wish cannot cross from here to you, nor can anyone cross from there to us.’
27 ULB ধনী ব্যক্তি জনে ক'লে, "হে পিতৃ, তেনেহলে দয়া কৰি লাজাৰক মোৰ দেউতাৰ ঘৰলৈ পঠিয়াই দিয়ক৷ BSB BSB: ‘Then I beg you, father,’ he said, ‘send Lazarus to my father’s house,
28 ULB তাতে মোৰ পাঁচ জন ভাই আছে, সিহতক যেন তেওঁ গৈ, আহিবলগীয়া এই যাতনাৰ ঠাইৰ বিষয়ে সাক্ষ্য দি সাৱধান কৰি দিয়ে৷ BSB BSB: for I have five brothers. Let him warn them, so that they will not also end up in this place of torment.’
29 ULB কিন্তু অব্ৰাহামে তেওঁক ক'লে, তেওঁলোকৰ বাবে মোচি আৰু ভাববাদী সকল আছে; তেওঁলোকৰ কথা শুনক৷' BSB BSB: But Abraham replied, ‘They have Moses and the Prophets; let your brothers listen to them.’
30 ULB তেতিয়া সেই ধনী ব্যক্তি জনে ক'লে, ''তেনে নহওঁক পিতৃ অব্ৰাহাম, কিন্তু মৃত সকলৰ মাজৰ পৰা যদি কোনো এজন তেওঁলোকৰ ওচৰলৈ যায়, তেনেহলে তেওঁলোকে মন পালটাব৷ BSB BSB: ‘No, father Abraham,’ he said, ‘but if someone is sent to them from the dead, they will repent.’