2 ULB চিৰিয়াৰ ৰাজ্যপাল কুৰীণীয়ৰ সময়ত এয়ে প্ৰথম লোক পিয়ল হৈছিল। BSB BSB: This was the first census to take place while Quirinius was governor of Syria.
3 ULB সেয়ে, নাম লিখাবৰ বাবে প্রত্যেকে নিজৰ নিজৰ নগৰলৈ গ’ল। BSB BSB: And everyone went to his own town to register.
5 ULB যোচেফে তেওঁলৈ বাগ্দান কৰা মৰিয়মক লগত লৈ নাম লিখাবৰ বাবে গ’ল। সেই সময়ত মৰিয়ম গর্ভৱতী আছিল। BSB BSB: He went there to register with Mary, who was pledged to him in marriage and was expecting a child.
6 ULB পাছত তেওঁলোক তাতে থাকোতে, মৰিয়মৰ প্ৰসৱৰ কাল পূৰ হল। BSB BSB: While they were there, the time came for her Child to be born.
7 ULB তেওঁ নিজৰ প্রথম পুত্ৰ সন্তান প্ৰসৱ কৰিলে আৰু তেওঁক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থলে; কাৰণ অতিথিশালাত তেওঁলোকৰ কাৰণে থকা ঠাই নাছিল। BSB BSB: And she gave birth to her firstborn, a Son. She wrapped Him in swaddling cloths and laid Him in a manger, because there was no room for them in the inn.
9 ULB হঠাতে প্ৰভুৰ এজন স্বর্গদূত আহি তেওঁলোকৰ ওচৰত উপস্থিত হল আৰু প্রভুৰ মহিমা তেওঁলোকৰ চাৰিওফালে উজ্জ্বল হৈ প্ৰকাশিত হল; তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল। BSB BSB: Just then an angel of the Lord stood before them, and the glory of the Lord shone around them, and they were terrified.
10 ULB তেতিয়া দূতে তেওঁলোকক কলে, “ভয় নকৰিবা; কিয়নো চোৱা, যি শুভবার্তা সকলো লোকৰ কাৰণে হব, সেই মহা আনন্দৰ শুভবার্তা মই তোমালোকক জনাওঁ যে, BSB BSB: But the angel said to them, “Do not be afraid! For behold, I bring you good news of great joy that will be for all the people:
11 ULB আজি দায়ুদৰ নগৰত তোমালোকৰ কাৰণে ত্ৰাণকর্ত্তা জন্মিল; তেওঁ অভিষিক্ত প্ৰভু। BSB BSB: Today in the city of David a Savior has been born to you. He is Christ the Lord!
12 ULB তোমালোকলৈ এয়ে চিন হব যে, লৰা জনক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থোৱা দেখা পাবা।” BSB BSB: And this will be a sign to you: You will find a baby wrapped in swaddling cloths and lying in a manger.”
13 ULB তেতিয়া অকস্মাতে স্বর্গবাহিনীৰ এক বৃহৎ দলে সেই দূতৰ লগ ললে আৰু ঈশ্বৰৰ প্রশংসা কৰি কবলৈ ধৰিলে, BSB BSB: And suddenly there appeared with the angel a great multitude of the heavenly host, praising God and saying:
14 ULB “ঊর্দ্বলোকত ঈশ্বৰৰ মহিমা, আৰু পৃথিৱীত তেওঁৰ প্ৰীতিৰ পাত্ৰ মানুহবোৰৰ মাজত শান্তি।” BSB BSB: “Glory to God in the highest, and on earth peace to men on whom His favor rests!”
15 ULB পাছত স্বর্গদূত সকল তেওঁলোকৰ ওচৰৰ পৰা স্বর্গলৈ উলটি যোৱাত ভেড়াৰখীয়াবোৰে পৰস্পৰে কোৱাকুই কৰিলে, “ব’লা, এতিয়া আমি বৈৎলেহেমলৈ যাওঁহক; যি ঘটনাৰ কথা প্রভুৱে আমাক জনালে, তাক চাবলৈ যাওঁ।” BSB BSB: When the angels had left them and gone into heaven, the shepherds said to one another, “Let us go to Bethlehem and see this thing that has happened, which the Lord has made known to us.”
16 ULB তাতে তেওঁলোকে বেগাই গৈ, মৰিয়ম, যোচেফ, আৰু দানা পাত্ৰত শুৱাই থোৱা লৰা জনক বিচাৰি দেখা পালে। BSB BSB: So they hurried off and found Mary and Joseph and the Baby, who was lying in the manger.
17 ULB এইদৰে দেখাৰ পাছত শিশুটিৰ বিষয়ে তেওঁলোকক যি যি কথা দূতে কৈছিল, সেই কথা সকলোকে জনালে। BSB BSB: After they had seen the Child, they spread the message they had received about Him.
18 ULB তাতে ভেড়াৰখীয়া সকলৰ কথা শুনি সকলোৱে বিস্ময় মানিলে। BSB BSB: And all who heard it were amazed at what the shepherds said to them.
19 ULB কিন্তু মৰিয়মে হলে সেইবোৰ কথা মনতে সাঁচি থলে আৰু সেই বিষয়ে চিন্তা কৰিবলৈ ধৰিলে। BSB BSB: But Mary treasured up all these things and pondered them in her heart.
20 ULB ইয়াৰ পাছত ভেড়াৰখীয়াবোৰে তেওঁলোকক যিদৰে কোৱা হৈছিল, সেই অনুসাৰে সকলো দেখি আৰু শুনি তেওঁলোকে ঈশ্বৰৰ প্রশংসা-স্তুতি কৰি ঘৰলৈ উলটি গল। BSB BSB: The shepherds returned, glorifying and praising God for all they had heard and seen, which was just as the angel had told them.
22 ULB মোচিৰ বিধান অনুসাৰে শুচিকৰণৰ উপস্থিত হোৱাত যোচেফ আৰু মৰিয়মে শিশু যীচুক প্রভুৰ ওচৰত উপস্থিত কৰিবৰ কাৰণে যিৰূচালেমত থকা মন্দিৰলৈ নিলে। BSB BSB: And when the time of purification according to the Law of Moses was complete, His parents brought Him to Jerusalem to present Him to the Lord
23 ULB কাৰণ প্রভুৰ বিধি-ব্যৱস্থাত লিখা আছে যে “প্ৰথমে জন্মা প্ৰতিজন পুত্র সন্তানক প্রভুৰ উদ্দেশ্যে পবিত্ৰ বোলা যাব।” BSB BSB: (as it is written in the Law of the Lord: “Every firstborn male shall be consecrated to the Lord”),
24 ULB আৰু “এযোৰ কপৌ বা দুটা পাৰ পোৱালি” বলিদান কৰাৰ কথা যিদৰে প্রভুৰ বিধানত লিখা আছে, তাক উৎসর্গ কৰিবলৈকো তেওঁলোক যিৰূচালেমলৈ আহিল। BSB BSB: and to offer the sacrifice specified in the Law of the Lord: “A pair of turtledoves or two young pigeons.”
25 ULB তেতিয়া যিৰূচালেমত চিমিয়োন নামেৰে এজন ধার্মিক আৰু ঈশ্বৰভক্ত লোক আছিল আৰু তেওঁ ইস্রায়েলৰ শান্ত্বনাৰ কাৰণে অপেক্ষা কৰি আছিল। পবিত্ৰ আত্মা তেওঁৰ ওপৰত আছিল। BSB BSB: Now there was a man in Jerusalem named Simeon, who was righteous and devout. He was waiting for the consolation of Israel, and the Holy Spirit was upon him.
26 ULB প্ৰভুৰ অভিষিক্ত জনক দেখা নাপায় মানে, তেওঁ মৃত্যুভোগ নকৰিব, এই কথা পবিত্ৰ আত্মাৰ দ্বাৰাই তেওঁলৈ প্ৰকাশ কৰা হৈছিল। BSB BSB: The Holy Spirit had revealed to him that he would not see death before he had seen the Lord’s Christ.
27 ULB পবিত্র আত্মাৰ দ্বাৰা চালিত হৈ চিমিয়োন সেইদিনা মন্দিৰলৈ আহিছিল। বিধানৰ বিধি পালন কৰিবলৈ মাক-বাপেকে শিশু যীচুক ভিতৰলৈ আনিলে। BSB BSB: Led by the Spirit, he went into the temple courts. And when the parents brought in the child Jesus to do for Him what was customary under the Law,
28 ULB তেতিয়া চিমিয়োনে যীচুক কোলাত লৈ ঈশ্বৰৰ স্তুতি কৰি কলে, BSB BSB: Simeon took Him in his arms and blessed God, saying:
29 ULB “হে প্ৰভু, এতিয়া আপুনি নিজৰ প্রতিশ্রুতি অনুসাৰে আপোনাৰ দাসক শান্তিৰে বিদায় দিয়ক। BSB BSB: “Sovereign Lord, as You have promised, You now dismiss Your servant in peace.
30 ULB কিয়নো মোৰ চকুৱে আপোনাৰ পৰিত্রাণ দেখা পালে, BSB BSB: For my eyes have seen Your salvation,
31 ULB যি পৰিত্রাণ আপুনি সকলো লোকৰ সাক্ষাতে প্রস্তুত কৰিলে। BSB BSB: which You have prepared in the sight of all people,
32 ULB তেওঁ অনা-ইহুদী সকলৰ আগত সত্য প্রকাশ কৰাৰ এক পোহৰ হব আৰু তেৱেঁই আপোনাৰ প্রজা ইস্রায়েল লোকৰ গৌৰৱ হব।” BSB BSB: a light for revelation to the Gentiles, and for glory to Your people Israel.”
33 ULB শিশুটিৰ বিষয়ে চিমিয়োনে যি সকলো কথা ক’লে, সেই বিষয় শুনি মাক বাপেক বিস্মিত হৈ গ’ল। BSB BSB: The Child’s father and mother were amazed at what was spoken about Him.
34 ULB তাৰ পাছত চিমিয়োনে তেওঁলোকক আশীর্ব্বাদ কৰি যীচুৰ মাক মৰিয়মক কলে, “মনোযোগেৰে শুনা! এই শিশুটিয়েই ইস্রায়েলৰ মাজত অনেকৰ পতন আৰু উত্থানৰ কাৰণ হব আৰু তেওঁ এনে এক চিন হব যাৰ বিৰুদ্ধে অনেকেই কথা কব। BSB BSB: Then Simeon blessed them and said to His mother Mary: “Behold, this Child is appointed to cause the rise and fall of many in Israel, and to be a sign that will be spoken against,
35 ULB তাতে বহু লোকৰ মনৰ ভাৱনা প্রকাশ হৈ পৰিব আৰু তোমাৰ নিজৰ হৃদয় শূলে বিন্ধিব। BSB BSB: so that the thoughts of many hearts will be revealed—and a sword will pierce your soul as well.”
36 ULB সেই ঠাইতে হান্না নামৰ এগৰাকী ভাৱবাদিনী আছিল। তেওঁ আচেৰ ফৈদৰ পনুৱেলৰ জীয়েক। তেওঁৰ অনেক বয়স হৈছিল। বিবাহৰ পিছত তেওঁ স্বামীৰ সৈতে সাত বছৰ থাকিল BSB BSB: There was also a prophetess named Anna, the daughter of Phanuel, of the tribe of Asher, who was well along in years. She had been married for seven years,
37 ULB আৰু পাছত চৌৰাশী বছৰ বয়সলৈকে তেওঁ বিধৱাৰ জীৱন কটালে। তেওঁ মন্দিৰ এৰি কলৈকো যোৱা নাছিল; দিনে ৰাতিয়ে উপবাস আৰু প্রার্থনাৰে ঈশ্বৰৰ আৰাধনা কৰিছিল। BSB BSB: and then was a widow to the age of eighty-four. She never left the temple, but worshiped night and day, fasting and praying.
38 ULB ঠিক সেই সময়তে, তেওঁ তেওঁলোকৰ ফালে আগবাঢ়ি আহি ঈশ্বৰক ধন্যবাদ দিবলৈ আৰম্ভ কৰিলে আৰু যিৰূচালেমৰ মুক্তিৰ অপেক্ষাত থকা সকলোকে সেই শিশুটিৰ বিষয়ে কবলৈ ধৰিলে। BSB BSB: Coming forward at that moment, she gave thanks to God and spoke about the Child to all who were waiting for the redemption of Jerusalem.
40 ULB পাছে শিশুটি ক্রমে ক্রমে বৃদ্ধি পাই শক্তিমান হব ধৰিলে আৰু জ্ঞানেৰেও পূর্ণ হব ধৰিলে; ঈশ্বৰৰ অনুগ্ৰহ তেওঁৰ ওপৰত আছিল। BSB BSB: And the Child grew and became strong. He was filled with wisdom, and the grace of God was upon Him.
42 ULB যীচুৰ বয়স যেতিয়া বাৰ বছৰ, তেতিয়া তেওঁলোকে যথা ৰীতি মতে সেই পর্বলৈ গৈছিল। BSB BSB: And when He was twelve years old, they went up according to the custom of the Feast.
43 ULB পর্বৰ সকলো ৰীতি শেষ কৰি তেওঁলোক যেতিয়া ঘৰলৈ উলটি আহিছিল, তেতিয়া ল’ৰা যীচু যিৰূচালেমতে ৰৈ গ’ল; কিন্তু তেওঁৰ মাক বাপেকে এই কথা জনা নাছিল। BSB BSB: When those days were over and they were returning home, the boy Jesus remained behind in Jerusalem, but His parents were unaware He had stayed.
44 ULB তেওঁলোকৰ সৈতে যাত্রা কৰা দলৰ লগতে যীচু আছে বুলি ভাৱি তেওঁলোক এদিনৰ বাট গ’ল। পাছত তেওঁলোকে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত তেওঁক বিচাৰিবলৈ ধৰিলে। BSB BSB: Assuming He was in their company, they traveled on for a day before they began to look for Him among their relatives and friends.
45 ULB কিন্তু মানুহৰ মাজত বিচাৰি নাপায় যিৰূচালেমলৈ পুণৰ ঘূৰি আহি তেওঁলোকে যীচুক তাত বিচাৰি ফুৰিব ধৰিলে। BSB BSB: When they could not find Him, they returned to Jerusalem to search for Him.
46 ULB তিনি দিনৰ পাছত তেওঁলোকে যীচুক মন্দিৰত পালে। তেওঁ অধ্যাপক সকলৰ মাজত বহি তেওঁলোকৰ কথা শুনি আছিল আৰু নানা প্ৰশ্ন সুধি আছিল। BSB BSB: Finally, after three days they found Him in the temple courts, sitting among the teachers, listening to them and asking them questions.
47 ULB আৰু যি সকলে তেওঁৰ কথা শুনিলে, তেওঁলোক সকলোৱে তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলে। BSB BSB: And all who heard Him were astounded at His understanding and His answers.
48 ULB মাক বাপেকেও তেওঁক দেখি আচৰিত হ'ল৷ মাকে তেওঁক কলে, “বোপা, তুমি আমালৈ কিয় এইদৰে কৰিলা? তোমাৰ দেউতাৰা আৰু মই তোমাক বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ।” BSB BSB: When His parents saw Him, they were astonished. “Child, why have You done this to us?” His mother asked. “Your father and I have been anxiously searching for You.”
49 ULB তেতিয়া তেওঁলোকক তেওঁ কলে, “তোমালোকে কি কাৰণে মোক বিচাৰি ফুৰিছা? মই মোৰ পিতৃৰ ঘৰত থকা যে উচিত, ইয়াক জানো তোমালোকে নাজানা? BSB BSB: “Why were you looking for Me?” He asked. “Did you not know that I had to be in My Father’s house?”
50 ULB কিন্তু তেওঁ কি কথা কব বিচাৰিছিল, সেই কথাৰ অৰ্থ তেওঁলোকে নুবুজিলে। BSB BSB: But they did not understand the statement He was making to them.
52 ULB কিন্তু এইদৰে যীচু জ্ঞান আৰু বয়সত বৃদ্ধি পাব ধৰিলে; আৰু অধিককৈ ঈশ্বৰৰ আশীর্ব্বাদ আৰু মানুহৰ প্রেমত বাঢ়ি যাবলৈ ধৰিলে। BSB BSB: And Jesus grew in wisdom and stature, and in favor with God and man.