2 ULB হানান আৰু কায়াফা আছিল ইহুদী সকলৰ মহা-পুৰোহিত। সেই সময়তে অৰণ্যত জখৰিয়াৰ পুতেক যোহনলৈ ঈশ্বৰৰ বাক্য আহিল। BSB BSB: during the high priesthood of Annas and Caiaphas, the word of God came to John son of Zechariah in the wilderness.
3 ULB তেতিয়া যোহনে যর্দন নদীৰ চৌদিশৰ সকলো প্রান্তলৈ গৈ প্রচাৰ কৰিবলৈ ধৰিলে যাতে, লোক সকলে পাপৰ ক্ষমা লাভৰ কাৰণে মন পালটন কৰে আৰু বাপ্তিস্ম লয়। BSB BSB: He went into all the region around the Jordan, preaching a baptism of repentance for the forgiveness of sins,
4 ULB ভাৱবাদী যিচয়াৰ পুস্তকত যেনেকৈ লিখা আছে:“মৰুপ্রান্তত এজনৰ কন্ঠস্বৰে ৰিঙিয়াই কৈছে, প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা। BSB BSB: as it is written in the book of the words of Isaiah the prophet: “A voice of one calling in the wilderness, ‘Prepare the way for the Lord, make straight paths for Him.
5 ULB আটাই উপত্যকা পূৰ কৰা হব, প্রতিটো পর্বত আৰু পাহাৰ সমান কৰা হব, একা-বেকা পথবোৰ পোন হব, খলা-বমা পথবোৰ সমান কৰা হব। BSB BSB: Every valley shall be filled in, and every mountain and hill made low. The crooked ways shall be made straight, and the rough ways smooth.
6 ULB সকলো মর্ত্ত্যই ঈশ্বৰৰ পৰিত্ৰাণ দেখিব।” যিচয়া 40:3-5 BSB BSB: And all humanity will see God’s salvation.’”
7 ULB তাতে বাপ্তিস্ম লবৰ কাৰণে অনেক লোক যোহনৰ ওচৰলৈ আহিব ধৰিলে। তেওঁ তেওঁলোকক ক’লে, “হে দুষ্ট সর্পৰ বংশধৰ! ঈশ্বৰৰ যি ক্ৰোধ আহি আছে তাৰ পৰা পলাবৰ বাবে কোনে আপোনালোকক সতর্ক কৰি দিলে? BSB BSB: Then John said to the crowds coming out to be baptized by him, “You brood of vipers, who warned you to flee from the coming wrath?
8 ULB আপোনালোকে যে মন পালটন কৰিছে, তাৰ উপযুক্ত ফলেৰে ফলবান হওঁক। নিজৰ মনতে নাভাৱিব যে ‘অব্রাহাম আমাৰ পিতৃপুৰুষ’। কিয়নো মই আপোনালোকক কওঁ যে, এই শিলবোৰৰ পৰাও ঈশ্বৰে অব্রাহামৰ কাৰণে সন্তান উৎপন্ন কৰিব পাৰে। BSB BSB: Produce fruit, then, in keeping with repentance. And do not begin to say to yourselves, ‘We have Abraham as our father.’ For I tell you that out of these stones God can raise up children for Abraham.
9 ULB গছৰ গুৰিত ইতিমধ্যে কুঠাৰ লাগিয়েই আছে; যি গছে ভাল ফল নিদিয়ে, তাক কাটি জুইত পেলোৱা হব। BSB BSB: The axe lies ready at the root of the trees, and every tree that does not produce good fruit will be cut down and thrown into the fire.”
10 ULB তেতিয়া লোক সকলে তেওঁক সুধিলে, “তেন্তে আমি এতিয়া কি কৰিব লাগিব?” BSB BSB: The crowds asked him, “What then should we do?”
11 ULB তেওঁ উত্তৰ দি তেওঁলোকক কলে, “যদি কাৰোবাৰ দুটা চোলা আছে, তেনেহলে যাৰ নাই তেওঁক এটা চোলা দিয়ক আৰু যাৰ খোৱা বস্তু আছে, তেৱোঁ সেইদৰে কৰক।” BSB BSB: John replied, “Whoever has two tunics should share with him who has none, and whoever has food should do the same.”
12 ULB তেতিয়া কেইজনমান কৰ সংগ্রহকাৰীয়ো বাপ্তিস্ম লবৰ বাবে আহিল। তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আমি কি কৰিব লাগে?” BSB BSB: Even tax collectors came to be baptized. “Teacher,” they asked, “what should we do?”
13 ULB তেওঁ সেই লোক সকলক কলে, “যিমান কৰ আদায় কৰিব লাগে তাতকৈ অধিক ধন নলব।” BSB BSB: “Collect no more than you are authorized,” he answered.
14 ULB কেইজনমান সৈনিকেও তেওঁক সুধিলে, “আৰু আমাৰ বিষয়েনো কি হব? আমি কি কৰিম?” তেওঁ তেওঁলোকক কলে, “বলেৰে কাৰো পৰা ধন নলব। কাকো মিছাকৈ দোষাৰোপ নকৰিব। আপোনালোকৰ যি বেতন তাতে সন্তুষ্ট হৈ থাকিব।” BSB BSB: Then some soldiers asked him, “And what should we do?” “Do not take money by force or false accusation,” he said. “Be content with your wages.”
15 ULB লোক সকলে যিহেতু অতি আগ্রহেৰে খ্রীষ্টৰ আগমণলৈ অপেক্ষা কৰি আছিল, সেয়ে এই যোহনেই তেওঁলোকৰ সেই প্রত্যাশিত অভিষিক্ত জন হয় নে নহয় সেই বিষয়ে তেওঁলোকে মনে মনে বিবেচনা কৰি আছিল। BSB BSB: The people were waiting expectantly and were all wondering in their hearts if John could be the Christ.
16 ULB যোহনে উত্তৰ দি সকলোকে কলে, “মই আপোনালোকক পানীতহে বাপ্তিস্ম দিওঁ, কিন্তু মোতকৈ অধিক শক্তিমান এজন আহিছে; মই তেওঁৰ পাদুকাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ; তেৱেঁই আপোনালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তিস্ম দিব। BSB BSB: John answered all of them: “I baptize you with water, but One more powerful than I will come, the straps of whose sandals I am not worthy to untie. He will baptize you with the Holy Spirit and with fire.
17 ULB খলা ভালকৈ পৰিষ্কাৰ কৰিবলৈ আৰু ধান নিজৰ ভৰালত চপাই থবলৈ তেওঁৰ কুলা তেওঁৰ হাতত আছে আৰু যি জুই কেতিয়াও নুনুমায়, তাত তেওঁ ঘুলা পুৰি পেলাব। BSB BSB: His winnowing fork is in His hand to clear His threshing floor and to gather the wheat into His barn; but He will burn up the chaff with unquenchable fire.”
18 ULB এইদৰে আন বহুতো উপদেশ দি যোহনে লোক সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিলে। BSB BSB: With these and many other exhortations, John proclaimed the good news to the people.
19 ULB ৰজা হেৰোদে নিজৰ ভায়েকৰ ভার্য্যা হেৰোদিয়াক বিয়া কৰোৱা আৰু তেওঁ কৰা অন্যান্য কু-কর্মবোৰৰ কাৰণে যোহনে হেৰোদকো তিৰস্কাৰ কৰিলে। BSB BSB: But when he rebuked Herod the tetrarch regarding his brother’s wife Herodias and all the evils he had done,
20 ULB তেতিয়া হেৰোদে আন এক দুষ্কর্ম কৰিলে; তেওঁ যোহনক বন্দী কৰি বন্দীশালত থলে। BSB BSB: Herod added this to them all: He locked John up in prison.
21 ULB সকলো মানুহে যেতিয়া যোহনৰ দ্বাৰা বাপ্তিস্ম লৈ আছিল, যীচুয়েও বাপ্তিস্ম ললে। পাছত তেওঁ যেতিয়া প্ৰার্থনা কৰিলে, তেতিয়া আকাশৰ দুৱাৰ মুকলি হল। BSB BSB: When all the people were being baptized, Jesus was baptized too. And as He was praying, heaven was opened,
22 ULB সেই সময়ত পবিত্ৰ আত্মা এক কপৌৰ আকৃতিৰে তেওঁৰ ওপৰলৈ নামি আহিল আৰু স্বর্গৰ পৰা এই মাত শুনা গ’ল, “তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট।” BSB BSB: and the Holy Spirit descended on Him in a bodily form like a dove. And a voice came from heaven: “You are My beloved Son; in You I am well pleased.”
24 ULB এলি মত্ততৰ পুত্ৰ; মত্তৎ লেবীৰ, লেবী মল্কিৰ; মল্কি যান্নায়ৰ; যান্নায় যোচেফৰ পুত্র; BSB BSB: the son of Matthat, the son of Levi, the son of Melchi, the son of Jannai, the son of Joseph,
25 ULB যোচেফ মত্তথিয়ৰ পুত্র; মত্তথিয় আমোচৰ; আমোচ নহূমৰ; নহূম ইচলিৰ; ইচলি নগিৰ পুত্র; BSB BSB: the son of Mattathias, the son of Amos, the son of Nahum, the son of Esli, the son of Naggai,
26 ULB নগি মাটৰ পুত্র; মাট মত্তথিয়ৰ; মত্তথিয় চিমিয়িনৰ; চিমিয়িন যোচেফৰ; যোচেফ যোদাৰ পুত্র; BSB BSB: the son of Maath, the son of Mattathias, the son of Semein, the son of Josech, the son of Joda,
27 ULB যোদা যোহাননৰ পুত্র; যোহানন ৰীচাৰ; ৰীচা, জৰুব্বাবিলৰ; জৰুব্বাবিল চল্টীয়েলৰ; চল্টীয়েল নেৰিৰ; BSB BSB: the son of Joanan, the son of Rhesa, the son of Zerubbabel, the son of Shealtiel, the son of Neri,
28 ULB নেৰি মল্কিৰ পুত্র; মল্কি অদ্দীৰ; অদ্দী কোচমৰ; কোচম ইলমাদমৰ; ইলমাদম এৰৰ; BSB BSB: the son of Melchi, the son of Addi, the son of Cosam, the son of Elmadam, the son of Er,
29 ULB এৰ যিহোচূৱাৰ পুত্র; যিহোচূৱা ইলীয়েচৰৰ; ইলীয়েচৰ যোৰীমৰ; যোৰীম মত্ততৰ; মত্তত লেবীৰ; BSB BSB: the son of Joshua, the son of Eliezer, the son of Jorim, the son of Matthat, the son of Levi,
30 ULB লেবী চিমিয়োনৰ পুত্র; চিমিয়োন যুদাৰ; যুদা যোচেফৰ; যোচেফ যোনমৰ; যোনম ইলীয়াকীমৰ; BSB BSB: the son of Simeon, the son of Judah, the son of Joseph, the son of Jonam, the son of Eliakim,
32 ULB দায়ুদ যিচয়ৰ পুত্র; যিচয় ওবেদৰ; ওবেদ বোৱজৰ; বোৱজ চালমোন; চলমোন নহচোনৰ; BSB BSB: the son of Jesse, the son of Obed, the son of Boaz, the son of Sala, the son of Nahshon,
33 ULB নহচোন অম্মীনাদবৰ পুত্র; অম্মীনাদব অদমীন; অদমীন অর্ণীৰ পুত্ৰ; অর্ণী হিষ্ৰোণৰ; হিষ্রোণ পেৰচৰ; পেৰচ যিহূদাৰ পুত্ৰ; BSB BSB: the son of Amminadab, the son of Admin, the son of Arni, the son of Hezron, the son of Perez, the son of Judah,
34 ULB যিহূদা যাকোবৰ পুত্র; যাকোব ইচহাকৰ; ইচহাক অব্ৰাহামৰ; অব্ৰাহাম তেৰহৰ; তেৰহ নাহোৰৰ পুত্ৰ; BSB BSB: the son of Jacob, the son of Isaac, the son of Abraham, the son of Terah, the son of Nahor,
35 ULB নাহোৰ চৰূগৰ পুত্র; চৰূগ ৰিয়ূৰ; ৰিয়ূ পেলগৰ; পেলগ এবৰৰ; এবৰ চেলহৰ পুত্ৰ; BSB BSB: the son of Serug, the son of Reu, the son of Peleg, the son of Eber, the son of Shelah,
37 ULB লেমক মথূচেলহৰ পুত্র; মথূচেলহ হনোকৰ; হনোক যেৰদৰ; যেৰদ মহলালেলৰ; মহলালেল কৈননৰ পুত্ৰ; BSB BSB: the son of Methuselah, the son of Enoch, the son of Jared, the son of Mahalalel, the son of Cainan,