2 ULB যিচয়া ভাববাদীৰ পুস্তকত যেনেকৈ লিখা আছে, "চোৱা, মই মোৰ দূতক তোমাৰ আগত পঠিয়াইছো, তেওঁ তোমাৰ বাট যুগুত কৰিব৷ BSB BSB: As it is written in Isaiah the prophet: “Behold, I will send My messenger ahead of You, who will prepare Your way.”
3 ULB মৰুপ্ৰান্তত ৰিঙিওৱা এজনৰ মাত এই, 'প্রভূৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা৷'" BSB BSB: “A voice of one calling in the wilderness, ‘Prepare the way for the Lord, make straight paths for Him.’”
4 ULB এইদৰে মৰুপ্ৰান্তত বাপ্তিস্ম কৰোতা আৰু পাপ মোচনৰ অৰ্থে মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আহিল। BSB BSB: John the Baptist appeared in the wilderness, preaching a baptism of repentance for the forgiveness of sins.
5 ULB তাতে গোটেই যিহূদিয়া আৰু যিৰূচালেমৰ সকলো লোক তেওঁৰ ওচৰ চাপিবলৈ ওলাই আহিল আৰু নিজৰ নিজৰ পাপ স্বীকাৰ কৰি, তেওঁৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল'লে। BSB BSB: People went out to him from all of Jerusalem and the countryside of Judea. Confessing their sins, they were baptized by him in the Jordan River.
6 ULB সেই যোহনে উটৰ নোমৰ কাপোৰ আৰু কঁকালত ছালৰ টঙালি বান্ধিছিল৷ আৰু তেওঁ কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল। BSB BSB: John was clothed in camel’s hair, with a leather belt around his waist. His food was locusts and wild honey.
7 ULB তেওঁ ঘোষণা কৰি কলে, "মোতকৈ শক্তিমান এজন মোৰ পাছত আহিছে আৰু মই, তেওঁৰ পাদুকাৰ বান্ধ তল মূৰ কৰি খুলিবৰো যোগ্য নহওঁ। BSB BSB: And he proclaimed: “After me will come One more powerful than I, the straps of whose sandals I am not worthy to stoop down and untie.
8 ULB মই আপোনালোকক পানীত বাপ্তিস্ম দিলো; কিন্তু তেওঁ পবিত্র আত্মাত বাপ্তিস্ম দিব৷ BSB BSB: I baptize you with water, but He will baptize you with the Holy Spirit.”
9 ULB সেই সময়ত যীচু গালীল দেশৰ নাচৰতৰ পৰা আহি, যোহনৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল'লে। BSB BSB: In those days Jesus came from Nazareth in Galilee and was baptized by John in the Jordan.
10 ULB তেওঁ পানীৰ পৰা উঠি আহোতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে। BSB BSB: As soon as Jesus came up out of the water, He saw the heavens breaking open and the Spirit descending on Him like a dove.
11 ULB আৰু এইদৰে আকাশ বাণী হ'ল যে, "তুমি মোৰ প্রিয় পুত্র৷ তোমাত মই পৰম সন্তুষ্ট।" BSB BSB: And a voice came from heaven: “You are My beloved Son; in You I am well pleased.”
12 ULB তেতিয়া আত্মাই তেওঁক মৰুপ্ৰান্তলৈ চালিত কৰি নিলে। BSB BSB: At once the Spirit drove Jesus into the wilderness,
13 ULB সেই মৰুপ্ৰান্তত তেওঁ চল্লিশ দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকোতে চয়তানৰ দ্বাৰাই পৰীক্ষিত হল; আৰু স্বৰ্গৰ দূত সকলে তেওঁৰ শুশ্রূষা কৰিলে। BSB BSB: and He was there for forty days, being tempted by Satan. He was with the wild animals, and the angels ministered to Him.
15 ULB যীচুৱে প্ৰচাৰ কৰিলে আৰু কলে, "কাল সম্পূৰ্ণ হল, আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ হল৷ তোমালোকে মন পালটন কৰা আৰু শুভবাৰ্ত্তাত বিশ্বাস কৰা।" BSB BSB: “The time is fulfilled,” He said, “and the kingdom of God is near. Repent and believe in the gospel!”
16 ULB পাছত তেওঁ গালীল সাগৰৰ তীৰেদি গৈ থাকোতে, চিমোন আৰু চিমোনৰ ভায়েক আন্দ্রিয়ক সাগৰত জাল বাই থকা দেখিলে; কিয়নো তেওঁলোক জালোৱা আছিল। BSB BSB: As Jesus was walking beside the Sea of Galilee, He saw Simon and his brother Andrew. They were casting a net into the sea, for they were fishermen.
17 ULB তেতিয়া যীচুৱে তেওঁলোকক কলে, "মোৰ পাছত আহা; মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম।" BSB BSB: “Come, follow Me,” Jesus said, “and I will make you fishers of men.”
18 ULB তেতিয়াই তেওঁলোকে জালবোৰ এৰি যীচুৰ পাছে পাছে গল। BSB BSB: And at once they left their nets and followed Him.
20 ULB তেওঁ তেতিয়াই তেওঁলোকক মাতিলে; তাতে তেওঁলোকে নিজৰ বাপেক চিবদিয়ক কাম কৰা বনুৱাৰ লগত নাৱতে এৰি যীচুৰ পাছে পাছে গ'ল। BSB BSB: Immediately Jesus called them, and they left their father Zebedee in the boat with the hired men and followed Him.
22 ULB তেওঁৰ উপদেশত লোক সকলে বিস্ময় মানিলে, কিয়নো তেওঁ অধ্যাপক সকলে উপদেশ দিয়াৰ নিচিনাকৈ নিদি ক্ষমতাপন্ন ব্যক্তিৰ দৰে তেওঁলোকক উপদেশ দিলে। BSB BSB: The people were astonished at His teaching, because He taught as one who had authority, and not as the scribes.
23 ULB সেই সময়ত তেওঁলোকৰ সেই নাম-ঘৰতে অশুচি আত্মাই ধৰা এজন মানুহ আছিল। তেওঁ আটাহ পাৰি কলে, BSB BSB: Suddenly a man with an unclean spirit cried out in the synagogue:
24 ULB "হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলে নে? আপুনি কোন, মই জানো৷ আপুনি ঈশ্বৰৰ পবিত্ৰ জন।" BSB BSB: “What do You want with us, Jesus of Nazareth? Have You come to destroy us? I know who You are—the Holy One of God!”
25 ULB কিন্তু যীচুৱে তাক ডাবি দি কলে, "মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা!" BSB BSB: But Jesus rebuked the spirit. “Be silent!” He said. “Come out of him!”
26 ULB তেতিয়া সেই অশুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞঁৰি মানুহ জনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গ’ল। BSB BSB: At this, the unclean spirit threw the man into convulsions and came out with a loud shriek.
27 ULB তাতে সকলোৱে বিস্ময় মানি, ইজনে সিজনে সোধা-সুধি কৰি কলে, "এইটো কি? ক্ষমতাপন্ন জনৰ সৈতে এক নতুন উপদেশ! এওঁ অশুচি আত্মাকো আজ্ঞা দিয়াত, সিহঁতেও দেখোন এওঁক মানে।" BSB BSB: All the people were amazed and began to ask one another, “What is this? A new teaching with authority! He commands even the unclean spirits, and they obey Him!”
28 ULB তেতিয়া তেওঁৰ খ্যাতি গালীলৰ চৌদিশে আৰু সেই অঞ্চলৰ সকলো ঠাইলৈ বিয়পি গ'ল। BSB BSB: And the news about Jesus spread quickly through the whole region of Galilee.
30 ULB তাতে চিমোনৰ শাহুৱেক জ্বৰত অসুস্থ হৈ পৰি আছিল৷ তেতিয়াই তেওঁলোকে তেওঁৰ বিষয়ে যীচুক কলে। BSB BSB: Simon’s mother-in-law was sick in bed with a fever, and they promptly told Jesus about her.
31 ULB তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক উঠাই দিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা শুশ্রূষা কৰিবলৈ ধৰিলে। BSB BSB: So He went to her, took her by the hand, and helped her up. The fever left her, and she began to serve them.
33 ULB আৰু নগৰৰ লোক সকল আহি দুৱাৰ-মুখতে গোট খালে। BSB BSB: and the whole town gathered at the door.
34 ULB তাতে তেওঁ নানা বিধ ৰোগত কষ্ট পাই থকা অনেক ৰোগীক সুস্হ কৰিলে আৰু ভূতে পোৱা বহু লোকৰ পৰা ভুত খেদালে৷ কিন্তু ভূতবোৰক একো কথা কবলৈ নিদিলে; কিয়নো সিহঁতে তেওঁক জানিছিল৷ BSB BSB: And He healed many who were ill with various diseases and drove out many demons. But He would not allow the demons to speak, because they knew who He was.
35 ULB তেওঁ অতি ৰাতিপুৱা উঠিছিল, তেতিয়া প্ৰায় আন্ধাৰ হৈ আছিল; সেই সময়তে যীচুৱে বাহিৰলৈ ওলাই গৈ নির্জন ঠাইত প্রার্থনা কৰি আছিল। BSB BSB: Early in the morning, while it was still dark, Jesus got up and went out to a solitary place to pray.
36 ULB পাছত চিমোন আৰু লগৰবোৰে তেওঁক বিচাৰি গ'ল৷ BSB BSB: Simon and his companions went to look for Him,
37 ULB পাছত তেওঁক পাই কলে, "সকলোৱে আপোনাক বিচাৰি আছে।" BSB BSB: and when they found Him, they said, “Everyone is looking for You!”
38 ULB তাতে তেওঁ তেওঁলোকক কলে, "ব'লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই ঘোষণা কৰিম; কিয়নো এই বাবেই মই ওলাই আহিলো।" BSB BSB: But Jesus answered, “Let us go on to the neighboring towns so I can preach there as well, for that is why I have come.”
39 ULB পাছত তেওঁ গৈ, গালীল দেশ খনৰ সকলো ঠাইতে, তেওঁলোকৰ নাম-ঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদালে। BSB BSB: So He went throughout Galilee, preaching in their synagogues and driving out demons.
41 ULB তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই কলে, "মই ইচ্ছা কৰিছোঁ৷ শুচি হোৱা।" BSB BSB: Moved with compassion, Jesus reached out His hand and touched the man. “I am willing,” He said. “Be clean!”
42 ULB তেতিয়া তেওঁৰ শৰীৰৰ পৰা কুষ্ঠ ৰোগ আতৰিল আৰু তেওঁ শুচি হ'ল। BSB BSB: And immediately the leprosy left him, and the man was cleansed.
43 ULB যীচুৱে তেওঁক কঠোৰ আজ্ঞা দি বিদায় দিলে। BSB BSB: Jesus promptly sent him away with a stern warning:
44 ULB যীচুৱে তেওঁক কলে, "সাৱধান হোৱা; কোনো ব্যক্তিক একো নকবা; কিন্তু যোৱা, পুৰোহিতৰ ওচৰত গৈ নিজকে দেখুওৱা আৰু তুমি শুচি হবৰ অৰ্থে মোচিয়ে যি যি উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে, তেওঁলোকক সাক্ষ্য দিবৰ বাবে সেইবোৰ উৎসৰ্গ কৰাগৈ। BSB BSB: “See that you don’t tell anyone. But go, show yourself to the priest and present the offering Moses prescribed for your cleansing, as a testimony to them.”
45 ULB কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনেধৰনে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ'ল৷ তেওঁ গৈ বাহিৰত নিৰ্জ্জন ঠাইবোৰত থাকিবলগীয়া হ'ল যাতে চাৰিওফালৰ পৰা লোক সকলে তেওঁৰ ওচৰলৈ আহিব পাৰে। BSB BSB: But the man went out and openly began to proclaim and spread the news. Consequently, Jesus could no longer enter a town in plain view, but He stayed out in solitary places. Yet people came to Him from every quarter.