1 ULB পাছত যীচুৱে দৃষ্টান্তৰে ধর্মীয় নেতা সকলক ক’বলৈ ধৰিলে, "এজন মানুহে দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দিলে আৰু গাঁত খান্দি তাত আঙুৰৰ ৰস চেপি উলিয়াবৰ বাবে ঘোলনী থলে৷ আৰু এখন টঙী সাজি খেতিয়ক সকলৰ হাতত গতাই দি আন দেশলৈ গ’ল। BSB BSB: Then Jesus began to speak to them in parables: “A man planted a vineyard. He put a wall around it, dug a wine vat, and built a watchtower. Then he rented it out to some tenants and went away on a journey.
2 ULB পাছত তেওঁ বতৰৰ দিনত খেতিয়ক সকলৰ পৰা সেই দ্ৰাক্ষাবাৰীৰ কিছুমান গুটিৰ অংশ পাবলৈ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে। BSB BSB: At harvest time, he sent a servant to the tenants to collect his share of the fruit of the vineyard.
3 ULB কিন্তু তেওঁলোকে সেই দাস জনক ধৰি, কোবাই মেলি শুদা-হাতে পঠিয়াই দিলে। BSB BSB: But they seized the servant, beat him, and sent him away empty-handed.
4 ULB পাছত আন এজন দাসক পঠোৱা হ'ল, তাতে তেওঁলোকে সেই দাসক মুৰত আঘাত কৰিলে আৰু অপমানো কৰিলে। BSB BSB: Then he sent them another servant, and they struck him over the head and treated him shamefully.
5 ULB পুনৰ আন এজনক পঠোৱাত তেওঁলোকে তেওঁকো বধ কৰিলে৷ এনেদৰে কিছুমানক কোবালে আৰু কিছুমানক বধ কৰিলে। BSB BSB: He sent still another, and this one they killed. He sent many others; some they beat and others they killed.
6 ULB পাছত পঠিয়াবলৈ তেওঁৰ এজন মাথোন ব্যক্তি আছিল, সেই জন হ'ল তেওঁৰ প্ৰিয় পুত্ৰ৷ অৱশেষত তেওঁ, তেওঁকো তেওঁলোকৰ ওচৰলৈ পঠাই দিলে৷ তেওঁ কলে, "তেওঁলোকে নিশ্চয় মোৰ পুত্ৰক সন্মান কৰিব৷" BSB BSB: Finally, having one beloved son, he sent him to them. ‘They will respect my son,’ he said.
7 ULB কিন্তু সেই খেতিয়ক সকলে পৰস্পৰে আলোচনা কৰি কলে, "এই জনেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰো; তেতিয়া উত্তৰাধিকাৰ আমাৰেই হ’ব।" BSB BSB: But the tenants said to one another, ‘This is the heir. Come, let us kill him, and the inheritance will be ours.’
8 ULB তেতিয়া তেওঁলোকে তেওঁক ধৰিলে আৰু বধ কৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰত পেলাই দিলে। BSB BSB: So they seized the son, killed him, and threw him out of the vineyard.
9 ULB এতেকে শেষত সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে কি কৰিব? তেওঁ আহি, সেই খেতিয়ক সকলক সংহাৰ কৰি সেই বাৰী আন লোকক দিব। BSB BSB: What then will the owner of the vineyard do? He will come and kill those tenants and give the vineyard to others.
10 ULB এই শাস্ত্ৰীয় বচন তোমালোকে পঢ়া নাই নে? "ঘৰ-সজোতা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল; BSB BSB: Have you never read this Scripture: ‘The stone the builders rejected has become the cornerstone.
11 ULB এয়ে প্ৰভুৰ পৰা হ’ল আৰু আমাৰ দৃষ্টিত আচৰিত;" BSB BSB: This is from the Lord, and it is marvelous in our eyes’?”
12 ULB তেতিয়া তেখেত সকলে যীচুৰ সেই দৃষ্টান্তটো তেখেত সকলৰ বিপক্ষে কোৱা বুলি জানিবলৈ পাই তেওঁক বন্দী কৰিব খুজিলে কিন্তু লোক সকলকলৈ ভয় কৰি তেওঁক এৰি গুচি গ’ল। BSB BSB: At this, the leaders sought to arrest Jesus, for they knew that He had spoken this parable against them. But fearing the crowd, they left Him and went away.
13 ULB পাছত যীচুক বাক্যৰূপ ফান্দত ধৰিবৰ আশয়েৰে তেখেত সকলে কিছুমান ফৰীচী আৰু কেইজনমান হেৰোদীয়াৰ লোকক তেওঁৰ ওচৰলৈ পঠালে। BSB BSB: Later, they sent some of the Pharisees and Herodians to catch Jesus in His words.
14 ULB তেওঁলোকে আহি তেওঁক ক’লে, "হে গুৰু, আমি জানো যে আপুনি কোনো এজনৰে মত মানি নলয় আৰু মানুহৰ মাজত পক্ষপাতো নকৰে৷ আপুনি সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিয়ে৷ চীজাৰক কৰ আদায় দিয়াটো আইনসঙ্গত হয় নে নহয়? আমি কৰ আদায় দিম নে নিদিম?" BSB BSB: “Teacher,” they said, “we know that You are honest and seek favor from no one. Indeed, You are impartial and teach the way of God in accordance with the truth. Is it lawful to pay taxes to Caesar or not? Should we pay them or not?”
15 ULB কিন্তু তেওঁলোকৰ কপট ভাৱ বুজি পাই তেওঁ ক’লে, "তোমালোকে কিয় মোক পৰীক্ষা কৰিছা? মোৰ ওচৰলৈ এটা আধলি আনা, মই চাওঁ৷" BSB BSB: But Jesus saw through their hypocrisy and said, “Why are you testing Me? Bring Me a denarius to inspect.”
16 ULB তেতিয়া তেওঁলোকে এটা আধলি আনি যীচুক দিলে৷ যীচুৱে তেওঁলোকক সুধিলে, "এই মুৰ্ত্তি আৰু নাম কাৰ?" তেওঁলোকে তেওঁক ক’লে, "চীজাৰৰ।" BSB BSB: So they brought it, and He asked them, “Whose image is this? And whose inscription?” “Caesar’s,” they answered.
17 ULB তেতিয়া যীচুৱে তেওঁলোকক ক’লে, "যি চীজাৰৰ, সেয়া চীজাৰক দিয়া; আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়া।" তেতিয়া তেওঁলোকে তেওঁত অতিশয় বিস্ময় মানিলে। BSB BSB: Then Jesus told them, “Give to Caesar what is Caesar’s, and to God what is God’s.” And they marveled at Him.
18 ULB পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দূকী সকল তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে, BSB BSB: Then the Sadducees, who say there is no resurrection, came to Jesus and questioned Him:
19 ULB "হে গুৰু, মোচিয়ে আমাৰ বাবে লিখিলে 'কোনো ভাইৰ যদি নিজ ভার্য্যা জীয়াই থাকোতে মৃত্যু হয়, কিন্তু তেওঁৰ সন্তান নাই; তেনেহলে তেওঁ এৰি যোৱা ভার্য্যাক তেওঁৰ ভায়ে গ্ৰহন কৰিব আৰু তেওঁক সন্তান দিব৷ BSB BSB: “Teacher, Moses wrote for us that if a man’s brother dies and leaves a wife but no children, the man is to marry his brother’s widow and raise up offspring for him.
20 ULB সেই ঠাইত সাতজন ভাই-ককাই আছিল; প্ৰথম জনে এগৰাকী তিৰোতা বিয়া কৰিলে আৰু সন্তান নথকাকৈ তেওঁৰ মৃত্যু হ'ল। BSB BSB: Now there were seven brothers. The first one married and died, leaving no children.
21 ULB তাতে দ্বিতীয় জনেও তেওঁক বিয়া কৰি সন্তান নথকাকৈ তেওঁৰো মৃত্যু হ'ল; পাছত তৃতীয় জনৰো সেইদৰেই হ’ল। BSB BSB: Then the second one married the widow, but he also died and left no children. And the third did likewise.
22 ULB সেইদৰে সাত জনেই সন্তান নথকাকৈ মৃত্যু বৰণ কৰিলে আৰু অৱশেষত সেই তিৰোতা গৰাকীৰো মৃত্যু হ'ল। BSB BSB: In this way, none of the seven left any children. And last of all, the woman died.
23 ULB পুনৰুত্থানত তেওঁলোকৰ কোন জনৰ তাই ভাৰ্য্যা হ’ব? কিয়নো সাত জনেই তাইক বিয়া কৰাইছিল।" BSB BSB: In the resurrection, then, whose wife will she be? For all seven were married to her.”
24 ULB যীচুৱে তেওঁলোকক ক’লে, "ধৰ্ম্ম-শাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰমৰ বিষয়ে নজনাতোৱেই হৈছে তোমালোকৰ ভ্ৰান্তিৰ কাৰণ, নহয় নে?" BSB BSB: Jesus said to them, “Aren’t you mistaken, because you do not know the Scriptures or the power of God?
25 ULB কিয়নো তেওঁলোকে মৃত লোকৰ মাজৰ পৰা যেতিয়া পুনৰায় উঠে, তেতিয়া তেওঁলোকে বিয়া নকৰাই বা বিয়া দিয়াও নহয় কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়। BSB BSB: When the dead rise, they will neither marry nor be given in marriage. Instead, they will be like the angels in heaven.
26 ULB কিন্তু মৃত লোকৰ বিষয়ে অর্থাৎ তেওঁলোকক যে তোলা হয়, এই বিষয়ে তোমালোকে মোচিৰ পুস্তকত, জোপাৰ বৃত্তান্তত, 'মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ' বুলি ঈশ্বৰে মোচিক কেনেকৈ কৈছিল, সেই বিষয়ে পঢ়া নাই নে? BSB BSB: But concerning the dead rising, have you not read about the burning bush in the Book of Moses, how God told him, ‘I am the God of Abraham, the God of Isaac, and the God of Jacob’? 27 ULB তেওঁ মৃত লোকৰ ঈশ্বৰ নহয় কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; তোমালোকে বৰকৈ ভুল বুজি আছা।" BSB BSB: He is not the God of the dead, but of the living. You are badly mistaken!”
30 ULB আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা।' BSB BSB: Love the Lord your God with all your heart and with all your soul and with all your mind and with all your strength.’
31 ULB দ্বিতীয়টো এই, 'তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।' এই দুটাতকৈ প্ৰধান আন আজ্ঞা নাই। BSB BSB: The second is this: ‘Love your neighbor as yourself.’ No other commandment is greater than these.”
32 ULB তেতিয়া সেই অধ্যাপকে তেওঁক ক’লে, "হে সৎ গুৰু! আপুনি প্ৰকৃততে কৈছে যে তেওঁ এজন, তেওঁৰ বাহিৰে আন কোনো নাই; BSB BSB: “Right, Teacher,” the scribe replied. “You have stated correctly that God is One and there is no other but Him,
33 ULB আৰু সকলো হৃদয়, সকলো বুদ্ধি আৰু সকলো শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ নিচিনাকৈ চুবুৰীয়াক প্ৰেম কৰা, এয়ে সকলো হোম-বলিদানতকৈয়ো অধিক। BSB BSB: and to love Him with all your heart and with all your understanding and with all your strength, and to love your neighbor as yourself. This is more important than all burnt offerings and sacrifices.”
34 ULB তাতে যীচুৱে তেওঁক সু-বিবেচনাৰে উত্তৰ দিয়া দেখি তেওঁক ক’লে, "তুমি ঈশ্বৰৰ ৰাজ্যৰ পৰা দুৰৈত নাই।" তেতিয়াৰে পৰা তেওঁক আৰু কোনো কথা সুধিবলৈ কাৰো সাহ নহ’ল। BSB BSB: When Jesus saw that the man had answered wisely, He said, “You are not far from the kingdom of God.” And no one dared to question Him any further.
35 ULB পাছত যীচুৱে ধৰ্ম্ম-ধামত উপদেশ দিওঁতে, সমিধান দি সেই লোক সমূহক ক’লে, "খ্ৰীষ্ট যে দায়ুদৰ সন্তান, ইয়াক অধ্যাপক সকলে কেনেকৈ কব পাৰে? BSB BSB: While Jesus was teaching in the temple courts, He asked, “How can the scribes say that the Christ is the Son of David?
36 ULB কিয়নো দায়ুদে পবিত্ৰ আত্মাৰে নিজে কৈছিল, 'প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মোৰ সোঁহাতে বহি থাকা, যেতিয়ালৈ মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰাও৷' BSB BSB: Speaking by the Holy Spirit, David himself declared: ‘The Lord said to my Lord, “Sit at My right hand until I put Your enemies under Your feet.”’
37 ULB দায়ুদে নিজেই তেওঁক 'প্ৰভু' বুলিছিল, তেন্তে তেওঁ কেনেকৈ তেওঁৰ সন্তান হয়?" আৰু লোক সমূহে আনন্দেৰে তেওঁৰ কথা শুনিলে। BSB BSB: David himself calls Him ‘Lord.’ So how can He be David’s son?” And the large crowd listened to Him with delight.
38 ULB তেতিয়া তেওঁৰ উপদেশৰ মাজত তেওঁ ক’লে, "অধ্যাপক সকললৈ তেওঁলোকে সাৱধান হোৱা; তেওঁলোকে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ BSB BSB: In His teaching Jesus also said, “Watch out for the scribes. They like to walk around in long robes, to receive greetings in the marketplaces,
39 ULB আৰু হাত-বজাৰত নমস্কাৰ, নাম-ঘৰত প্ৰধান আসন, ভোজত প্ৰধান ঠাই, BSB BSB: and to have the chief seats in the synagogues and the places of honor at banquets.
40 ULB এই সকলোকে ইচ্ছা কৰে আৰু বাঁৰী মহিলা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে৷ তেওঁলোকে অধিক দণ্ড পাব। BSB BSB: They defraud widows of their houses, and for a show make lengthy prayers. These men will receive greater condemnation.”
41 ULB পাছত যীচুৱে ভঁৰালৰ সন্মুখত বহি, লোক সকলে ভঁৰালত ধন কেনেকৈ সুমুৱাইছিল, তাকে চাই আছিল। তেতিয়া অনেক ধনী লোকে বহু ধন সুমুৱাই দিলে। BSB BSB: As Jesus was sitting opposite the treasury, He watched the crowd putting money into it. And many rich people put in large amounts.
42 ULB পাছত এজনী দৰিদ্ৰ বাঁৰী মহিলাই আহি অতি কম মূল্যৰ তামৰ মুদ্ৰাৰ দুই পাই সুমুৱাই দিলে। BSB BSB: Then one poor widow came and put in two small copper coins, which amounted to a small fraction of a denarius.
43 ULB তেতিয়া যীচুৱে তেওঁ নিজৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, "মই তোমালোকক স্বৰূপকৈ কওঁ, ভঁৰালত সুমুৱাই দিয়া সকলোতকৈ এই দৰিদ্ৰ বাঁৰীয়ে অধিক দিলে। BSB BSB: Jesus called His disciples to Him and said, “Truly I tell you, this poor widow has put more than all the others into the treasury.
44 ULB কিয়নো সকলোৱে নিজৰ নিজৰ অতিৰিক্ত ধনৰ পৰা দিলে, কিন্তু এই দৰিদ্ৰ বাঁৰীয়ে তেওঁৰ নাটনি হোৱাতো, তেওঁৰ যি আছিল অৰ্থাৎ তেওঁৰ সকলো জীৱিকা দিলে।" BSB BSB: For they all contributed out of their surplus, but she out of her poverty has put in all she had to live on.”