2 ULB তেতিয়া পীলাতে তেওঁক সুধিলে, "তুমি ইহুদী সকলৰ ৰজা হয় নে?" তাতে তেওঁ উত্তৰ দি ক’লে, "তুমিয়েই কৈছা।" BSB BSB: So Pilate questioned Him, “Are You the King of the Jews?” “You have said so,” Jesus replied.
3 ULB এনেতে প্ৰধান পুৰোহিত সকলে তেওঁক বহুত অপবাদ দিলে। BSB BSB: And the chief priests began to accuse Him of many things.
4 ULB তেতিয়া পীলাতে আকৌ তেওঁক সুধিলে, "তুমি একো উত্তৰ নিদিয়া নে? চোৱা, এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান অপবাদ দিছে!" BSB BSB: Then Pilate questioned Him again, “Have You no answer? Look how many charges they are bringing against You!”
5 ULB কিন্তু যীচুৱে কোনো দিঘলীয়া উত্তৰ নিদিলে আৰু তাতে তেওঁ বিস্ময় মানিলে। BSB BSB: But to Pilate’s amazement, Jesus made no further reply.
6 ULB সেই পৰ্ব্বৰ সময়ত মানুহবোৰে বিচাৰিলে যি কোনো এজন বন্দীক পীলাতে মুকলি কৰি দিয়ে। BSB BSB: Now it was Pilate’s custom at the feast to release to the people a prisoner of their choosing.
7 ULB সেই সময়ত বিদ্ৰোহী লোক সকলৰ সৈতে কাৰাগাৰত, কিছুমান হত্যাকাৰীৰ লগত প্ৰতিষ্ঠিত ব্যৱস্থাৰ বিৰুদ্ধে যোৱা ৰাজদ্ৰোহী এজন আছিল; তেওঁৰ নাম আছিল বাৰাব্বা ৷ BSB BSB: And a man named Barabbas was imprisoned with the rebels who had committed murder during the insurrection.
8 ULB তেতিয়া লোক সকল পীলাতৰ ওচৰলৈ আহিল আৰু আগতে কৰি অহা নিয়ম অনুসৰি কৰিবলৈ তেওঁক অনুৰোধ কৰিলে৷ BSB BSB: So the crowd went up and began asking Pilate to keep his custom.
9 ULB পীলাতে তেওঁলোকক উত্তৰ দি ক’লে, "তোমালোকৰ বাবে মই ইহুদী সকলৰ ৰজাক যেন মুকলি কৰোঁ, তোমালোকে এনে ইচ্ছা কৰা নে?" BSB BSB: “Do you want me to release to you the King of the Jews?” Pilate asked.
10 ULB কিয়নো তেওঁ জানিছিল যে প্ৰধান পুৰোহিত সকলে ইর্ষা কৰি যীচুক তেওঁৰ ওচৰত শোধাই দিছিল৷ BSB BSB: For he knew it was out of envy that the chief priests had handed Jesus over.
11 ULB কিন্তু প্ৰধান পুৰোহিত সকলে যীচুৰ সলনি বাৰাব্বাক মুকলি কৰিবৰ বাবে দাবী কৰিবলৈ লোক সকলক উচটালে৷ BSB BSB: But the chief priests stirred up the crowd to have him release Barabbas to them instead.
12 ULB পাছত পীলাতে আকৌ উত্তৰ দি তেওঁলোকক সুধিলে, "তেনেহলে তোমালোকে যি জনক ইহুদী সকলৰ ৰজা বুলি কোৱা তেওঁক মই কি কৰিম?" BSB BSB: So Pilate asked them again, “What then do you want me to do with the One you call the King of the Jews?”
13 ULB তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, "তাক ক্ৰুচত দিয়ক।" BSB BSB: And they shouted back, “Crucify Him!”
14 ULB তেতিয়া পীলাতে তেওঁলোকক সুধিলে, "কিন্তু তেওঁনো কি দোষ কৰিলে?" তাতে তেওঁলোকে অধিককৈ আটাহ পাৰি ক’লে, "তাক ক্ৰুচত দিয়ক।" BSB BSB: “Why?” asked Pilate. “What evil has He done?” But they shouted all the louder, “Crucify Him!”
15 ULB তেতিয়া পীলাতে লোক সকলক সন্তুষ্ট কৰিবলৈ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰি দিলে আৰু যীচুক চাবুকেৰে কোবোৱাই, ক্ৰুচত দিবলৈ শোধাই দিলে। BSB BSB: And wishing to satisfy the crowd, Pilate released Barabbas to them. But he had Jesus flogged, and handed Him over to be crucified.
16 ULB তেতিয়া সেনাবোৰে চোতাললৈ অৰ্থাৎ প্ৰিটৰিয়মৰ ভিতৰলৈ তেওঁক লৈ গ'ল, আৰু গোটেই সৈন্য দলক মাতি গোট খুৱালে। BSB BSB: Then the soldiers led Jesus away into the palace (that is, the Praetorium) and called the whole company together.
17 ULB পাছত তেওঁলোকে যীচুক উজ্বল বৰণীয়া কাপোৰ পিন্ধালে, আৰু কাঁইটৰ কিৰীটি সাজি মুৰত পিন্ধাই দিলে; BSB BSB: They dressed Him in a purple robe, twisted together a crown of thorns, and set it on His head.
18 ULB মানুহবোৰে তেওঁক নমস্কাৰ জনাই কলে "হে ইহুদী সকলৰ ৰজা, জয় হওঁক!" BSB BSB: And they began to salute Him: “Hail, King of the Jews!”
19 ULB তেতিয়া নলেৰে তেওঁৰ মুৰত কোবালে আৰু থুই পেলালে৷ তাৰ পাছত তেওঁৰ আগত আঁঠুকাঢ়ি শ্ৰদ্ধা জনালে। BSB BSB: They kept striking His head with a staff and spitting on Him. And they knelt down and bowed before Him.
20 ULB এইদৰে তেওঁক ঠাট্টা-বিদ্ৰূপ কৰি উঠি, সেই উজ্বল বৰণীয়া কাপোৰ সোলোকাই তেওঁৰ নিজৰ কাপোৰ পিন্ধালে আৰু তেওঁক ক্ৰুচত দিবৰ বাবে বাহিৰলৈ লৈ গ’ল। BSB BSB: After they had mocked Him, they removed the purple robe and put His own clothes back on Him. Then they led Him out to crucify Him.
21 ULB সেই সময়ত মানুহবোৰে কুৰীণীয়া দেশৰ পৰা অহা চিমোন নামৰ (এই জন আলেকজেন্দাৰ আৰু ৰুফৰ বাপেক) লোক এজনক জবৰদস্তিৰে যীচুৰ ক্ৰুচটো কঢ়িয়াই নিবলৈ ধৰি আনিলে৷ BSB BSB: Now Simon of Cyrene, the father of Alexander and Rufus, was passing by on his way in from the country, and the soldiers forced him to carry the cross of Jesus.
22 ULB এইদৰে সৈন্য সকলে গলগথা বুলি কোৱা ঠাই খনলৈ যীচুক লৈ আহিল; (এই নামৰ অর্থ 'মুৰৰ লাওখোলা')৷ BSB BSB: They brought Jesus to a place called Golgotha, which means The Place of the Skull.
23 ULB তাতে তেওঁলোকে যীচুক গন্ধৰসেৰে মিহলি হোৱা দ্ৰাক্ষাৰস যাচিলে কিন্তু তেওঁ তাক গ্ৰহণ নকৰিলে। BSB BSB: There they offered Him wine mixed with myrrh, but He did not take it.
25 ULB তেতিয়া ন মান বজাত তেওঁলোকে যীচুক ক্ৰুচত দিলে। BSB BSB: It was the third hour when they crucified Him.
26 ULB আৰু "ইহুদী সকলৰ ৰজা৷" এই বুলি তেওঁৰ অপৰাধৰ জাননী ওপৰত লিখিলে। BSB BSB: And the charge inscribed against Him read: THE KING OF THE JEWS.
27 ULB তেওঁৰ লগত আন দুজন ডকাইতৰ সোঁফালে এজনক আৰু বাওঁফালে আন এজনক, এনেদৰে ক্ৰুচত দিলে। BSB BSB: Along with Jesus, they crucified two robbers, one on His right and one on His left.
29 ULB পাছত অহা-যোৱা কৰা বাটৰুৱা সকলে মুৰ জোকাৰি নিন্দা কৰি কবলৈ ধৰিলে, "হেৰৌ মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা, BSB BSB: And those who passed by heaped abuse on Him, shaking their heads and saying, “Aha! You who are going to destroy the temple and rebuild it in three days,
30 ULB নিজকে ৰক্ষা কৰ আৰু ক্ৰুচৰ পৰা নাম"৷ BSB BSB: come down from the cross and save Yourself!”
31 ULB সেইদৰে প্ৰধান পুৰোহিত সকলে অধ্যাপক সকলৰ সৈতে ঠাট্টা-বিদ্ৰূপ কৰি পৰস্পৰৰ মাজত ক’লে, "সি আন লোকক ৰক্ষা কৰিছিল কিন্তু নিজকেই ৰক্ষা কৰিব নোৱাৰে। BSB BSB: In the same way, the chief priests and scribes mocked Him among themselves, saying, “He saved others, but He cannot save Himself!
32 ULB হে খ্ৰীষ্ট, ইস্ৰায়েলৰ ৰজা, এতিয়াই ক্ৰুচৰ পৰা নামি আহা; তাতে আমি যেন দেখা পাওঁ আৰু বিশ্বাস কৰোঁ৷" তেতিয়া যি দুজনক তেওঁৰ লগত ক্ৰুচত দিয়া হ’ল, সেই দুজনেও তেওঁক নিন্দা কৰিলে। BSB BSB: Let the Christ, the King of Israel, come down now from the cross, so that we may see and believe!” And even those who were crucified with Him berated Him.
34 ULB আৰু ঠিক তিনি বজাৰ সময়ত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, "এলোই, এলোই, লামা চবক্তানী?" অৰ্থাৎ "হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কি কাৰণত মোক তুমি পৰিত্যাগ কৰিলা?" BSB BSB: At the ninth hour, Jesus cried out in a loud voice, “Eloi, Eloi, lema sabachthani?” which means, “My God, My God, why have You forsaken Me?” 35 ULB তেতিয়া ওচৰত থিয় দি থকা লোক সকলৰ মাজৰ কোনো কোনোৱে ইয়াকে শুনি ক’লে, "চোৱা, ই এলিয়াক মাতিছে।" BSB BSB: When some of those standing nearby heard this, they said, “Behold, He is calling Elijah.”
36 ULB তাতে কোনো এজনে বেগাই গৈ, স্পঞ্জ এটা চিৰকাৰে পুৰ কৰি, তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দি ক’লে, "ৰ’বা, এলিয়াই ইয়াক নমাই দিবলৈ আহে নে নাহে, তাকে আমি চাওঁ আহা৷" BSB BSB: And someone ran and filled a sponge with sour wine. He put it on a reed and held it up for Jesus to drink, saying, “Leave Him alone. Let us see if Elijah comes to take Him down.”
38 ULB তাতে মন্দিৰৰ আঁৰ কাপোৰ খন ওপৰৰ পৰা তললৈকে ফালি দুভাগ হ’ল। BSB BSB: And the veil of the temple was torn in two from top to bottom.
39 ULB তেওঁ এইদৰে প্ৰাণত্যাগ কৰা দেখি, তেওঁৰ ওচৰতে থিয় দি থকা এশৰ সেনাপতিয়ে ক’লে, "সচাকৈ এই মানুহ জন ঈশ্বৰৰ পুত্ৰ আছিল৷" BSB BSB: When the centurion standing there in front of Jesus saw how He had breathed His last, he said, “Truly this man was the Son of God!”
40 ULB সেই সময়ত বহু মহিলাই আতৰৰ পৰা চাই আছিল৷ তেওঁলোকৰ ভিতৰত মগ্দলীনী মৰিয়ম, সৰু যাকোব আৰু যোচিৰ মাক মৰিয়ম আৰু চালোমীও আছিল ৷ BSB BSB: And there were also women watching from a distance. Among them were Mary Magdalene, Mary the mother of James the younger and of Joses, and Salome.
41 ULB যীচু যেতিয়া গালীলত আছিল, তেতিয়া এই মহিলা সকলে তেওঁৰ পাছে পাছে গৈ তেওঁক সেৱা-শুশ্ৰূষা কৰিছিল৷ ইয়াৰ ওপৰিও বহু মহিলা তেওঁৰ লগত যিৰূচালেমলৈ আহিছিল৷ BSB BSB: These women had followed Jesus and ministered to Him while He was in Galilee, and there were many other women who had come up to Jerusalem with Him.
42 ULB এই দিনটো আছিল আয়োজন দিন; বিশ্ৰাম দিনৰ আগদিনা৷ সেয়েহে তেতিয়া আবেলি ওচৰ চাপি অহাত, BSB BSB: Now it was already evening. Since it was Preparation Day (that is, the day before the Sabbath),
43 ULB আৰিমথিয়াৰ যোচেফ সেই ঠাইলৈ আহিল৷ তেওঁ পৰিষদ মণ্ডলীৰ এজন সন্মানীয় সদস্য আছিল৷ তেওঁ ঈশ্ৱৰৰ ৰাজ্যলৈ অপেক্ষা কৰি আছিল৷ তেওঁ সাহসেৰে পীলাতৰ ওচৰলৈ গ'ল আৰু যীচুৰ দেহ বিচাৰিলে। BSB BSB: Joseph of Arimathea, a prominent Council member who himself was waiting for the kingdom of God, boldly went to Pilate to ask for the body of Jesus.
45 ULB যেতিয়া তেওঁ এশৰ সেনাপতিৰ পৰা যীচুৰ মৃত্যু জানিলে, তেতিয়া তেওঁ যোচেফক যীচুৰ দেহটো নিবলৈ অনুমতি প্ৰদান কৰিলে৷ BSB BSB: When Pilate had confirmed it with the centurion, he granted the body to Joseph.
47 ULB মগ্দলীনী মৰিয়ম আৰু যোচিৰ মাক মৰিয়মে যীচুক মৈদাম দিয়া ঠাইটো দেখা পালে৷ BSB BSB: Mary Magdalene and Mary the mother of Joseph saw where His body was placed.