1 ULB তাৰ পাছত যীচু পুনৰ নাম-ঘৰত সোমাল; আৰু তাত হাত শুকাই যোৱা ৰোগী এজন আছিল। BSB BSB: Once again Jesus entered the synagogue, and a man with a withered hand was there.
2 ULB বিশ্ৰাম-বাৰে সেই ব্যক্তি জনক তেওঁ সুস্থ কৰিব নে নকৰে, ইয়াকে লোক সকলে চাই আছিল৷ তেওঁলোকে তেওঁক অপবাদ দিবৰ বাবে কাৰণ বিচাৰি আছিল। BSB BSB: In order to accuse Jesus, they were watching to see if He would heal on the Sabbath.
3 ULB তেতিয়া যীচুৱে সেই হাত শুকাই যোৱা ৰুগীয়া মানুহ জনক ক’লে, "উঠা, আৰু সকলোৰে মাজত থিয় হোৱা।" BSB BSB: Then Jesus said to the man with the withered hand, “Stand up among us.”
4 ULB তাৰ পাছত তেওঁ লোক সকলক সুধিলে, "বিশ্ৰাম-বাৰে বেয়া কৰ্ম নে ভাল কৰ্ম কৰিব পায়? আৰু নৰ-বধ কৰিব পায় নে প্ৰাণ-ৰক্ষা কৰিব পায়?" কিন্তু তেওঁলোক মনে মনে থাকিল। BSB BSB: And He asked them, “Which is lawful on the Sabbath: to do good or to do evil, to save life or to destroy it?” But they were silent.
5 ULB তেতিয়া তেওঁলোকৰ হৃদয়ৰ কঠিনতা দেখি তেওঁ অসন্তুষ্ট হৈ খঙেৰে চাৰিওফালে চালে আৰু সেই মানুহ জনক ক’লে, "তোমাৰ হাত মেলা।" তেতিয়া তেওঁ হাত খন মেলি দিলে আৰু যীচুৱে সেই হাত খন পূর্বৰ সুস্থ অৱস্থালৈ আনিলে। BSB BSB: Jesus looked around at them with anger and sorrow at their hardness of heart. Then He said to the man, “Stretch out your hand.” So he stretched it out, and it was restored.
6 ULB তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গৈ হেৰোদীয়া মানুহ সকলৰ সৈতে আলোচনা কৰিলে আৰু তেওঁক বিনষ্ট কৰিবৰ বাবে তেওঁৰ বিৰুদ্ধে মন্ত্রণা কৰিবলৈ ধৰিলে। BSB BSB: At this, the Pharisees went out and began plotting with the Herodians how they might kill Jesus.
7 ULB তাৰ পাছত যীচুৱে যেতিয়া তেওঁৰ শিষ্য সকলৰ সৈতে সাগৰৰ পাৰলৈ গ’ল; তেতিয়া গালীল আৰু যিহূদীয়াৰ পৰা অহা মানুহৰ দল এটাই তেওঁক অনুসৰণ কৰিলে; BSB BSB: So Jesus withdrew with His disciples to the sea, accompanied by a large crowd from Galilee, Judea,
8 ULB আৰু যিৰূচালেম, ইদোমৰ যৰ্দ্দনৰ সিপাৰৰ পৰা, তূৰ আৰু চিদোনৰ চাৰিওফালৰ পৰা মানুহৰ এটা বৃহৎ দলে তেওঁ কৰি থকা সকলো কৰ্মৰ কথা শুনিলে আৰু তেওঁলোক ওচৰ চাপি আহিল। BSB BSB: Jerusalem, Idumea, the region beyond the Jordan, and the vicinity of Tyre and Sidon. The large crowd came to Him when they heard what great things He was doing.
9 ULB তেতিয়া লোক সকলৰ সমাগম অধিক হোৱা দেখি, তেওঁ হেচা-ঠেলাৰ মাজত নপৰিবৰ বাবে শিষ্য সকলক এখন নাও যুগুত ৰাখিবলৈ আজ্ঞা দিলে। BSB BSB: Jesus asked His disciples to have a boat ready for Him so that the crowd would not crush Him.
10 ULB কিয়নো তেওঁ অনেক লোকক সুস্থ কৰা দেখি, ব্যাধিয়ে ধৰা সকলোৱেই তেওঁক চুবলৈ হেঁচা-ঠেলা কৰি আছিল। BSB BSB: For He had healed so many that all who had diseases were pressing forward to touch Him.
11 ULB আৰু অশুচি আত্মাবোৰে তেওঁক যেতিয়াই দেখে, তেতিয়াই তেওঁৰ আগত পৰে আৰু কান্দি কান্দি কয়, "আপুনি ঈশ্বৰৰ পুত্ৰ।" BSB BSB: And when the unclean spirits saw Him, they fell down before Him and cried out, “You are the Son of God!”
12 ULB কিন্তু তেওঁক প্ৰকাশ নকৰিবলৈ সিহঁতক দৃঢ়কৈ আদেশ দিলে। BSB BSB: But He warned them sternly not to make Him known.
13 ULB পাছে তেওঁ পৰ্ব্বতত উঠি, যি সকলক তেওঁ ইচ্ছা কৰিলে, তেওঁলোকক মাতিলে, আৰু তেওঁলোক তেওঁৰ ওচৰলৈ আহিল। BSB BSB: Then Jesus went up on the mountain and called for those He wanted, and they came to Him.
14 ULB তেতিয়া তেওঁ বাৰ জনক নিযুক্ত কৰিলে (যি সকলক তেওঁ পাঁচনি নাম দিছিল) যাতে তেওঁলোক তেওঁৰ সঙ্গে সঙ্গে থাকিব পাৰে আৰু তেওঁলোকক যাতে প্রচাৰ কৰিবলৈ পঠিয়াব পাৰে, BSB BSB: He appointed twelve of them, whom He designated as apostles, to accompany Him, to be sent out to preach,
15 ULB আৰু তেওঁলোকে যেন ভূত খেদাবৰ বাবে ক্ষমতাও পাব পাৰে৷ BSB BSB: and to have authority to drive out demons.
16 ULB তেওঁ যি বাৰ জনক নিযুক্ত কৰিলে, সেই কেইজন হ'ল- চিমোন, যি জনক তেওঁ পিতৰ নাম দিছল৷ BSB BSB: These are the twelve He appointed: Simon (whom He named Peter),
18 ULB আন্দ্ৰিয়, ফিলিপ, বাৰ্থলময়, মথি, থোমা, আলফ্য়ৰ পুতেক যাকোব, থদ্দেয়, জাতীয়তাবাদী চিমোন, BSB BSB: Andrew, Philip, Bartholomew, Matthew, Thomas, James son of Alphaeus, Thaddaeus, Simon the Zealot,
19 ULB আৰু তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া ঈষ্কৰিয়োতীয়া যিহূদা। BSB BSB: and Judas Iscariot, who betrayed Jesus.
20 ULB পাছত তেওঁ এটা ঘৰত সোমাল; আৰু পুনৰায় তাত ইমান মানুহ গোট খালে যে, তেওঁলোকে ভোজন কৰিব নোৱাৰিলে। BSB BSB: Then Jesus went home, and once again a crowd gathered, so that He and His disciples could not even eat.
21 ULB তেওঁৰ আত্মীয় সকলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে তেওঁক, "তেওঁ বলিয়া হ’ল" বুলি কৈ ধৰিবলৈ ওলাই গ’ল। BSB BSB: When His family heard about this, they went out to take custody of Him, saying, “He is out of His mind.”
23 ULB তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি দৃষ্টান্তেৰে ক’লে, "চয়তানে চয়তানক কেনেকৈ খেদাব পাৰে? BSB BSB: So Jesus called them together and began to speak to them in parables: “How can Satan drive out Satan?
24 ULB যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে নিজে ভাগ হৈ যায়, তেন্তে সেই ৰাজ্য এক হৈ থাকিব নোৱাৰে। BSB BSB: If a kingdom is divided against itself, it cannot stand.
25 ULB আৰু কোনো ঘৰ যদি নিজৰ বিৰুদ্ধে নিজে ভাগ হয়, তেন্তে সেই ঘৰ এক হৈ থাকিব নোৱাৰে। BSB BSB: If a house is divided against itself, it cannot stand.
26 ULB চয়তানেও যদি নিজৰ বিৰুদ্ধে নিজে থিয় হয়, তেনেহলে সি থাকিব নোৱাৰিব কিন্তু তাৰ গতি অন্ত হব। BSB BSB: And if Satan is divided and rises against himself, he cannot stand; his end has come.
27 ULB বলৱান জনক প্ৰথমে নাবান্ধিলে, কোনেও তেওঁৰ ঘৰত সোমাই তেওঁৰ বস্তু লুট কৰিব নোৱাৰে; বান্ধিলেহে তেওঁৰ ঘৰ লুট কৰিব পাৰিব৷ BSB BSB: Indeed, no one can enter a strong man’s house to steal his possessions unless he first ties up the strong man. Then he can plunder his house.
28 ULB মই আপোনালোকক স্বৰূপকৈ কওঁ, মনুষ্য-সন্তান সকলৰ সকলো বিধৰ পাপ, আৰু ঈশ্বৰক নিন্দা কৰা যি নিন্দা, এইবোৰ সকলোৰে ক্ষমা হয়; BSB BSB: Truly I tell you, the sons of men will be forgiven all sins and blasphemies, as many as they utter.
29 ULB কিন্তু যি কোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে, সেই জনৰ ক্ষমা কেতিয়াও নহ’ব; সি অনন্ত পাপৰ অধিকাৰী।" BSB BSB: But whoever blasphemes against the Holy Spirit will never be forgiven; he is guilty of eternal sin.”
30 ULB যীচুৱে এই কথা তেওঁলোকক কলে; কাৰণ তেওঁলোকে কৈছিল, "তেওঁৰ গাত অশুচি আত্মা আছে"৷ BSB BSB: Jesus made this statement because they were saying, “He has an unclean spirit.”
31 ULB এনেতে তেওঁৰ মাক আৰু ভায়েক সকল আহি, বাহিৰত থিয় হৈ তেওঁক মাতি পঠালে। BSB BSB: Then Jesus’ mother and brothers came and stood outside. They sent someone in to summon Him,
32 ULB তেতিয়া লোক সকল তেওঁৰ চাৰিওকাষে বহি আছিল; আৰু তেওঁলোকে তেওঁক ক’লে, "চাওঁক, আপোনাৰ মা আৰু ভাই সকলে বাহিৰত আপোনাক বিচাৰিছে।" BSB BSB: and a crowd was sitting around Him. “Look,” He was told, “Your mother and brothers are outside, asking for You.”
33 ULB তাতে তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, "মোৰ আই আৰু মোৰ ভাই সকল কোন?" BSB BSB: But Jesus replied, “Who are My mother and My brothers?”
34 ULB পাছত তেওঁৰ চাৰিওফালে বহি থকা লোক সকলক চাই তেওঁ ক’লে, "এওঁলোকলৈ চোৱা, এওঁলোকেই মোৰ আই আৰু মোৰ ভাই; BSB BSB: Looking at those seated in a circle around Him, He said, “Here are My mother and My brothers!
35 ULB কিয়নো যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, সেই জনেই মোৰ ভাই, ভনী, আৰু আইয়ো হয়৷" BSB BSB: For whoever does the will of God is My brother and sister and mother.”