1 ULB যীচুৱে তেওঁৰ বাৰ জন শিষ্যক একেলগে ওচৰলৈ মাতি তেওঁলোকক অশুচি আত্মাক খেদাবলৈ আৰু সকলো ধৰণৰ ৰোগ-ব্যাধি আৰু অসুস্থ জনক সুস্থ কৰিবলৈ ক্ষমতা দিলে। BSB BSB: And calling His twelve disciples to Him, Jesus gave them authority over unclean spirits, so that they could drive them out and heal every disease and sickness.
2 ULB সেই বাৰ জন পাঁচনিৰ নাম এই, প্ৰথম চিমোন, যি জনক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহন, BSB BSB: These are the names of the twelve apostles: first Simon, called Peter, and his brother Andrew; James son of Zebedee, and his brother John;
3 ULB ফিলিপ আৰু বাৰ্থলময়, থোমা আৰু কৰ সংগ্রহকাৰী মথি, আল্ফয়ৰ পুতেক যাকোব আৰু থদ্দেয়, BSB BSB: Philip and Bartholomew; Thomas and Matthew the tax collector; James son of Alphaeus, and Thaddaeus;
4 ULB জাতীয়তাবাদী চিমোন আৰু যীচুক যি জনে শত্রুৰ হাতত শোধাই দিছিল, সেই ইস্কৰিয়োতীয়া যিহূদা। BSB BSB: Simon the Zealot, and Judas Iscariot, who betrayed Jesus.
6 ULB কিন্তু ইস্ৰায়েল জাতিৰ হেৰোৱা মেৰবোৰৰ ওচৰলৈ যোৱা। BSB BSB: Go rather to the lost sheep of Israel.
7 ULB বাটত যাওঁতে যাওঁতে এই কথা প্রচাৰ কৰিবা যে ‘স্বৰ্গৰাজ্য ওচৰ হ’ল।’ BSB BSB: As you go, preach this message: ‘The kingdom of heaven is near.’
8 ULB অসুস্থ লোকক সুস্থ কৰিবা, মৃত লোকক তুলিবা, কুষ্ঠ ৰোগী সকলক শুচি কৰিবা, ভূতবোৰক খেদাবা। তোমালোকে বিনামূল্যে পাইছা, বিনামূল্যেই দিবা। BSB BSB: Heal the sick, raise the dead, cleanse the lepers, drive out demons. Freely you have received; freely give.
9 ULB তোমালোকৰ কঁকালৰ পেটিত তোমালোকে সোণ, ৰূপ বা তাম নাইবা পইচাও নিনিবা। BSB BSB: Do not take along any gold or silver or copper in your belts.
10 ULB বাটত যোৱাৰ কাৰণে কোনো জোলোঙা, দুটা চোলা, জোতা বা লাখুটি এইবোৰও নলবা; কিয়নো বনুৱা নিজৰ পাৰিশ্রমিক পোৱাৰ যোগ্য। BSB BSB: Take no bag for the road, or second tunic, or sandals, or staff; for the worker is worthy of his provisions.
11 ULB তোমালোকে যেতিয়া কোনো নগৰ বা গাৱঁত সোমাবা, তাত এজন উপযুক্ত মানুহ বিচাৰি ল’বা আৰু আন ঠাইলৈ নোযোৱা পর্যন্ত সেই ঘৰতে থাকিবা। BSB BSB: Whatever town or village you enter, find out who is worthy there and stay at his house until you move on.
12 ULB যেতিয়া তোমালোকে কোনো এঘৰত সোমাবা, তেতিয়া সেই ঘৰৰ লোকক শুভেচ্ছা জনাই মঙ্গলবাদ দিবা। BSB BSB: As you enter the home, greet its occupants.
13 ULB সেই ঘৰ যদি উপযুক্ত হয়, তেন্তে তোমালোকৰ শান্তি সেই ঘৰৰ ওপৰলৈ নামি আহক; কিন্তু সেই ঘৰ যদি উপযুক্ত নহয়, তেন্তে তোমালোকৰ শান্তি তোমালোকৰ ওচৰলৈ উলটি আহক। BSB BSB: If the home is worthy, let your peace rest on it, but if it is not, let your peace return to you.
14 ULB যদি কোনোৱে তোমালোকক গ্রহণ নকৰে বা তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঘৰ বা নগৰৰ পৰা ওলাই যাওঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা। BSB BSB: And if anyone will not welcome you or heed your words, shake the dust off your feet when you leave that home or town.
15 ULB মই তোমালোকক সচাঁকৈ কওঁ, মহা-বিচাৰৰ দিনা সেই নগৰতকৈ বৰং চদোম আৰু ঘমোৰা নগৰৰ দশা অধিক সহিব পৰা হ’ব। BSB BSB: Truly I tell you, it will be more bearable for Sodom and Gomorrah on the day of judgment than for that town.
16 ULB শুনা! মই ৰাংকুকুৰবোৰৰ মাজলৈ তোমালোকক মেৰ পোৱালিৰ নিচিনাকৈ পঠিয়াইছো; এই হেতুকে তোমালোক সাপৰদৰে টেঙৰ আৰু কপৌৰ নিচিনা অমায়িক হোৱা। BSB BSB: Behold, I am sending you out like sheep among wolves; therefore be as shrewd as snakes and as innocent as doves.
17 ULB সতর্কভাৱে চলিবা; কিয়নো লোক সকলে তোমালোকক বিচাৰ সভাত শোধাই দিব আৰু তেওঁলোকৰ নাম-ঘৰবোৰত তোমালোকক কোবাব। BSB BSB: But beware of men, for they will hand you over to their councils and flog you in their synagogues.
18 ULB মোৰ কাৰণেই তোমালোকক ৰাজ্যপাল আৰু ৰজা সকলৰ সন্মুখলৈ লৈ যোৱা হ'বা, যাতে তোমালোকে তাত তেওঁলোকৰ আৰু অনা-ইহুদী সকলৰ ওচৰত সাক্ষ্য দিব পাৰা। BSB BSB: On My account you will be brought before governors and kings as witnesses to them and to the Gentiles.
19 ULB লোক সকলে যেতিয়া তোমালোকক ধৰাই দিব, তেতিয়া কেনেকৈ, কি কথা ক’ব লাগে, সেই বিষয় লৈ চিন্তা নকৰিবা; কিয়নো তেতিয়া যি কথা ক’ব লাগে, সেই বিষয়বোৰ সেই মুহূৰ্ত্ততে তোমালোকক দিয়া হ’ব। BSB BSB: But when they hand you over, do not worry about how to respond or what to say. In that hour you will be given what to say.
20 ULB কিয়নো সেই কথা তোমালোকে নহয়, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহে তোমালোকৰ ভিতৰৰ পৰা কব। BSB BSB: For it will not be you speaking, but the Spirit of your Father speaking through you.
21 ULB ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৃত্যুদণ্ডলৈ শোধাই দিব। সন্তান সকলে মাক-বাপেকৰ বিৰুদ্ধে উঠি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব। BSB BSB: Brother will betray brother to death, and a father his child; children will rise against their parents and have them put to death.
22 ULB মোৰ নামৰ কাৰণে, তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব। BSB BSB: You will be hated by everyone because of My name, but the one who perseveres to the end will be saved.
23 ULB যেতিয়া কোনো নগৰৰ লোকে তোমালোকক তাড়না কৰে, তেতিয়া আন এখন নগৰলৈ পলাই যাবা; মই তোমালোকক সচাঁকৈ কৈছো, ইস্রায়েল দেশৰ সকলো নগৰলৈ তোমালোকে গৈ শেষ কৰাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব। BSB BSB: When they persecute you in one town, flee to the next. Truly I tell you, you will not reach all the towns of Israel before the Son of Man comes.
24 ULB শিষ্য কেতিয়াও গুৰুতকৈ উর্দ্ধত নহয়, দাসো প্ৰভুতকৈ উর্দ্ধত নহয়। BSB BSB: A disciple is not above his teacher, nor a servant above his master.
25 ULB শিষ্য যদি গুৰুৰদৰে আৰু দাস যদি নিজৰ প্ৰভুৰদৰে হ’ব পাৰে, সেয়ে যথেষ্ট। ঘৰৰ গৰাকীকে যেতিয়া তেওঁলোকে বেলচবূব বুলিলে, তেন্তে তেওঁৰ পৰিয়ালৰ আন সকলোকে কিমান অধিক বুলিব! BSB BSB: It is enough for a disciple to be like his teacher, and a servant like his master. If the head of the house has been called Beelzebul, how much more the members of his household!
26 ULB গতিকে তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো লুকুৱাই ৰখা সকলো বিষয়েই প্রকাশ পাব আৰু গোপনে ৰখা সকলো বিষয়েই জনোৱা হ’ব। BSB BSB: So do not be afraid of them. For there is nothing concealed that will not be disclosed, and nothing hidden that will not be made known.
27 ULB মই তোমালোকক আন্ধাৰত যি কওঁ, সেইবোৰ তোমালোকে পোহৰত প্ৰকাশ কৰিবা আৰু তোমালোকে কাণেৰে যি শুনিছা, সেইবোৰ ঘৰৰ চালৰ ওপৰৰ পৰা ঘোষণা কৰিবা। BSB BSB: What I tell you in the dark, speak in the daylight; what is whispered in your ear, proclaim from the housetops.
30 ULB তোমালোকৰ মূৰৰ আটাইবোৰ চুলিৰো হিচাব ৰখা আছে। BSB BSB: And even the very hairs of your head are all numbered.
31 ULB এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া। BSB BSB: So do not be afraid; you are worth more than many sparrows.
33 ULB কিন্তু মানুহৰ আগত যি কোনোৱে মোক অস্বীকাৰ কৰে, স্বৰ্গত থকা মোৰ পিতৃৰ আগত ময়ো তেওঁক অস্বীকাৰ কৰিম। BSB BSB: But whoever denies Me before men, I will also deny him before My Father in heaven.
35 ULB বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলো; BSB BSB: For I have come to turn ‘a man against his father, a daughter against her mother, a daughter-in-law against her mother-in-law.
36 ULB নিজৰ পৰিয়ালৰ লোক সকলেই মানুহৰ শত্ৰু হ’ব। BSB BSB: A man’s enemies will be the members of his own household.’
39 ULB যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব বিচাৰে, তেওঁ জীৱন হেৰুৱাব; আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন উৎসর্গ কৰে, তেওঁ জীৱন পাব। BSB BSB: Whoever finds his life will lose it, and whoever loses his life for My sake will find it.
40 ULB যি কোনোৱে তোমালোকক গ্ৰহণ কৰে; তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে। BSB BSB: He who receives you receives Me, and he who receives Me receives the One who sent Me.
41 ULB এজন ভাৱবাদীক যদি কোনোৱে ভাৱবাদী বুলি গ্ৰহণ কৰে, তেওঁ ভাববাদীৰ পুৰস্কাৰ পাব আৰু এজন ধাৰ্ম্মিকক যদি কোনোৱে ধাৰ্ম্মিক বুলি গ্ৰহণ কৰে, তেওঁ ধাৰ্ম্মিকৰ পুৰস্কাৰ পাব। BSB BSB: Whoever receives a prophet because he is a prophet will receive a prophet’s reward, and whoever receives a righteous man because he is a righteous man will receive a righteous man’s reward.
42 ULB যি কোনোৱে এই সাধাৰণ লোক সকলৰ মাজৰ এজনক মোৰ শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱায়, মই তোমালোকক সচাঁকৈ কওঁ, তেওঁ কোনোমতেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব। BSB BSB: And if anyone gives even a cup of cold water to one of these little ones because he is My disciple, truly I tell you, he will never lose his reward.”