1 ULB যীচুৱে তেওঁৰ বাৰ জন শিষ্যক এইদৰে আদেশ দি শেষ কৰিলে। তাৰ পাছত তেওঁ নগৰে নগৰে শিক্ষা দিবৰ বাবে আৰু প্রচাৰ কৰিবৰ কাৰণে সেই ঠাইৰ পৰা গুচি গ’ল। BSB BSB: After Jesus had finished instructing His twelve disciples, He went on from there to teach and preach in their cities.
3 ULB “আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম? BSB BSB: to ask Him, “Are You the One who was to come, or should we look for someone else?”
4 ULB যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যোৱা, তোমালোকে যি শুনিছা আৰু দেখিছা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ। BSB BSB: Jesus replied, “Go back and report to John what you hear and see:
5 ULB অন্ধই দৃষ্টিশক্তি পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই পুণৰ শুনিছে, মৃত সকলক জীৱনলৈ পুণৰুত্থিত কৰা হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছে। BSB BSB: The blind receive sight, the lame walk, the lepers are cleansed, the deaf hear, the dead are raised, and the good news is preached to the poor.
6 ULB ধন্য সেই লোক, যি জনে মোক লৈ কোনো বাধা নাপায়। BSB BSB: Blessed is the one who does not fall away on account of Me.”
7 ULB যোহনৰ শিষ্য সকল যেতিয়া উলটি গ’ল, সেই সময়ত যীচুৱে যোহনৰ বিষয়ে লোক সকলৰ আগত এই কথা কবলৈ ধৰিলে, “আপোনালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ গৈছিল- বতাহে লৰোৱা এক নল-খাগৰি? BSB BSB: As John’s disciples were leaving, Jesus began to speak to the crowds about John: “What did you go out into the wilderness to see? A reed swaying in the wind?
8 ULB তেনেহলে কি চাবলৈ ওলাই গৈছিল- মিহি কাপোৰ পিন্ধা মানুহ নে? বাস্তৱিকতে, যি সকলে মিহি কাপোৰ পিন্ধে, তেওঁলোক ৰাজকাৰেঙত থাকে। BSB BSB: Otherwise, what did you go out to see? A man dressed in fine clothes? Look, those who wear fine clothing are found in kings’ palaces.
9 ULB তেন্তে কি চাবলৈ ওলাই গৈছিল- এজন ভাৱবাদীক নে? হয়, মই আপোনালোকক কওঁ, ‘তেওঁ ভাৱবাদীতকৈয়ো মহান। BSB BSB: What then did you go out to see? A prophet? Yes, I tell you, and more than a prophet.
10 ULB এইজন তেৱেঁই, যি জনৰ বিষয়ে শাস্ত্রত লিখা আছে, ‘চোৱা, মই তোমাৰ আগত মোৰ বার্তাবাহকক পঠাম, তেওঁ তোমাৰ আগত তোমাৰ পথ প্রস্তুত কৰিব।’ BSB BSB: This is the one about whom it is written: ‘Behold, I will send My messenger ahead of You, who will prepare Your way before You.’
11 ULB মই আপোনালোকক সচাঁকৈয়ে কওঁ, মহিলাৰ গর্ভত যিমান মানুহৰ জন্ম হৈছে, তেওঁলোকৰ মাজত যোহন বাপ্তাইজকতকৈ মহান কোনো নাই; কিন্তু স্বৰ্গৰাজ্যত আটাইতকৈ গুৰুত্বহীন সৰু ব্যক্তিও যোহনতকৈ মহান। BSB BSB: Truly I tell you, among those born of women there has risen no one greater than John the Baptist. Yet even the least in the kingdom of heaven is greater than he.
12 ULB যোহন বাপ্তাইজকৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য ভীষনভাৱে আক্ৰান্ত হৈছে আৰু বলৱান লোকে বলেৰে তাক নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰিছে। BSB BSB: From the days of John the Baptist until now, the kingdom of heaven has been subject to violence, and the violent lay claim to it.
13 ULB যোহনৰ সময়লৈকে সকলো ভাৱবাদীয়ে আৰু বিধান-শাস্ত্ৰই ভাবোক্তি প্ৰকাশ কৰিছে। BSB BSB: For all the Prophets and the Law prophesied until John.
15 ULB যাৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক। BSB BSB: He who has ears, let him hear.
16 ULB এই যুগৰ লোক সকলক কাৰ লগত তুলনা কৰিম? এওঁলোক এনেকুৱা ল’ৰা-ছোৱালীৰ নিচিনা যি সকলে বজাৰত বহি সঙ্গী সকলক মাতি কয়, BSB BSB: To what can I compare this generation? They are like children sitting in the marketplaces and calling out to others:
17 ULB ‘আমি তোমালোকৰ কাৰণে বাঁহী বজালো, তোমালোকে নানাচিলা; আমি শোকৰ গান গালো, তোমালোকে বিলাপ নকৰিলা।’ BSB BSB: ‘We played the flute for you, and you did not dance; we sang a dirge, and you did not mourn.’
18 ULB যোহনে আহি ভোজন গ্রহণ বা দ্রাক্ষাৰস পান একো নকৰাৰ কাৰণে লোকে কয়, ‘তেওঁক ভূতে পাইছে’। BSB BSB: For John came neither eating nor drinking, and they say, ‘He has a demon!’
19 ULB মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে কাৰণে লোকে কয়, ‘এই চোৱা, এইজন এজন খকুৱা আৰু মদাহী মানুহ; কৰ সংগ্রহকাৰী আৰু পাপীবোৰৰ বন্ধু! কিন্তু জ্ঞান যে সত্য, নিজৰ কৰ্মৰ দ্বাৰাই প্রমাণিত হয়।” BSB BSB: The Son of Man came eating and drinking, and they say, ‘Look at this glutton and drunkard, a friend of tax collectors and sinners!’ But wisdom is vindicated by her actions.”
20 ULB যীচুৱে যিবোৰ নগৰত বেচি ভাগ পৰক্রম কাৰ্য কৰিছিল, সেইবোৰ ঠাইৰ নিবাসী সকলক তেওঁ গৰিহণা দিলে, কাৰণ তেওঁলোকে মন পালটন নকৰিলে। BSB BSB: Then Jesus began to denounce the cities in which most of His miracles had been performed, because they did not repent.
22 ULB কিন্তু মই আপোনালোকক কওঁ, বিচাৰৰ দিনা আপোনালোকতকৈ তূৰ আৰু চীদোনৰ দশা সহিব পৰা হ’ব। BSB BSB: But I tell you, it will be more bearable for Tyre and Sidon on the day of judgment than for you.
23 ULB তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে তোমাক স্বৰ্গলৈ তোলা হ’ব? কেতিয়াও নহয়, তোমাক তললৈ, অৰ্থাৎ নৰকলৈহে অনা হ’ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম-কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ'লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেতেন। BSB BSB: And you, Capernaum, will you be lifted up to heaven? No, you will be brought down to Hades! For if the miracles that were performed in you had been performed in Sodom, it would have remained to this day.
24 ULB কিন্তু মই তোমালোকক কওঁ, বিচাৰৰ দিনা তোমালোকতকৈ চদোমৰ দশা সহিবৰ বাবে অধিক সহজ হ’ব। BSB BSB: But I tell you that it will be more bearable for Sodom on the day of judgment than for you.”
25 ULB সেই সময়ত যীচুৱে মাত লগাই ক’লে, "হে পিতৃ, তুমি স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই তোমাৰ প্রশংসা কৰো, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখিছা, কিন্তু শিশু সকলৰ দৰে সৰল লোক সকলৰ আগত প্ৰকাশ কৰিলা। BSB BSB: At that time Jesus declared, “I praise You, Father, Lord of heaven and earth, because You have hidden these things from the wise and learned, and revealed them to little children.
26 ULB হয় পিতৃ, এইদৰে তোমাৰ দৃষ্টিত ই সন্তোষজনক হৈছে।' BSB BSB: Yes, Father, for this was well-pleasing in Your sight.
27 ULB কিয়নো মোৰ পিতৃয়ে সকলোকে মোৰ হাতত সমৰ্পন কৰিছে; পিতৃৰ বাহিৰে পুত্রক কোনেও নাজানে: পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। পুত্ৰই যি জনৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেৱেঁই তেওঁক জানে। BSB BSB: All things have been entrusted to Me by My Father. No one knows the Son except the Father, and no one knows the Father except the Son and those to whom the Son chooses to reveal Him.
28 ULB হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম। BSB BSB: Come to Me, all you who are weary and burdened, and I will give you rest.
29 ULB মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা। BSB BSB: Take My yoke upon you and learn from Me, for I am gentle and humble in heart, and you will find rest for your souls.
30 ULB কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু। BSB BSB: For My yoke is easy and My burden is light.”