1 ULB তেতিয়া যিহোৱাই মোচিক ক’লে, BSB BSB: And the LORD said to Moses,
2 ULB “মই ইস্ৰায়েল সন্তানসকলক যি দেশ দিম, সেই কনান দেশ গুপুতে চাবলৈ তুমি কেইজন মান মানুহ পঠোৱা। তোমালোকে তেওঁলোকৰ নিজ নিজ পিতৃ-বংশৰ প্রত্যেকখন জনগোষ্ঠীৰ পৰা এজন এজন অধ্যক্ষক পঠোৱা।” BSB BSB: “Send out for yourself men to spy out the land of Canaan, which I am giving to the Israelites. From each of their fathers’ tribes send one man who is a leader among them.”
3 ULB তেতিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে মোচিয়ে পাৰণ মৰুভূমিৰ পৰা তেওঁলোকক পঠিয়ালে। তেওঁলোক সকলোৱে ইস্ৰায়েলৰ সন্তানসকলৰ মূল মানুহ আছিল। BSB BSB: So at the command of the LORD, Moses sent them out from the Wilderness of Paran. All the men were leaders of the Israelites,
4 ULB তেওঁলোকৰ নাম এই এই; ৰূবেণ ফৈদৰ মাজৰ জক্কূৰৰ পুত্ৰ চম্মুৱা। BSB BSB: and these were their names: From the tribe of Reuben, Shammua son of Zaccur;
5 ULB চিমিয়োন ফৈদৰ মাজৰ হোৰীৰ পুত্ৰ চাফট। BSB BSB: from the tribe of Simeon, Shaphat son of Hori;
6 ULB যিহূদা ফৈদৰ মাজৰ যিফুন্নিৰ পুত্ৰ কালেব। BSB BSB: from the tribe of Judah, Caleb son of Jephunneh;
7 ULB ইচাখৰ ফৈদৰ মাজৰ যোচেফৰ পুত্ৰ যিগাল। BSB BSB: from the tribe of Issachar, Igal son of Joseph;
8 ULB ইফ্ৰায়িম ফৈদৰ মাজৰ নূনৰ পুত্ৰ হোচেয়া। BSB BSB: from the tribe of Ephraim, Hoshea son of Nun;
9 ULB বিন্যামীন ফৈদৰ মাজৰ ৰাফূৰ পুত্ৰ পল্টী। BSB BSB: from the tribe of Benjamin, Palti son of Raphu;
10 ULB জবূলূন ফৈদৰ মাজৰ চোদীৰ পুত্ৰ গদ্দীয়েল। BSB BSB: from the tribe of Zebulun, Gaddiel son of Sodi;
11 ULB যোচেফ ফৈদৰ অৰ্থাৎ মনচি ফৈদৰ মাজৰ চুচীৰ পুত্ৰ গদ্দী। BSB BSB: from the tribe of Manasseh (a tribe of Joseph), Gaddi son of Susi;
12 ULB দান ফৈদৰ মাজৰ গমল্লীৰ পুত্ৰ অম্মীয়েল। BSB BSB: from the tribe of Dan, Ammiel son of Gemalli;
13 ULB আচেৰ ফৈদৰ মাজৰ মীখায়েলৰ পুত্ৰ চখূৰ। BSB BSB: from the tribe of Asher, Sethur son of Michael;
14 ULB নপ্তালী ফৈদৰ মাজৰ বফচীৰ পুত্ৰ নহ্বী। BSB BSB: from the tribe of Naphtali, Nahbi son of Vophsi;
15 ULB গাদ ফৈদৰ মাজৰ মাখীৰ পুত্ৰ গূৱেল। BSB BSB: and from the tribe of Gad, Geuel son of Machi.
16 ULB এই এই নামৰ লোকসকল মোচিয়ে গুপুতে দেশ চাবলৈ পঠিয়ালে। মোচিয়ে নুনৰ পুত্ৰ হোচেয়াৰ নাম যিহোচুৱা ৰাখিলে। BSB BSB: These were the names of the men Moses sent to spy out the land; and Moses gave to Hoshea son of Nun the name Joshua.
17 ULB কনান দেশ চাবলৈ পঠোৱা সময়ত মোচিয়ে তেওঁলোকক ক’লে, “তোমালোক এই দক্ষিণ অঞ্চলেদি গৈ পৰ্ব্বতত উঠাগৈ। BSB BSB: When Moses sent them to spy out the land of Canaan, he told them, “Go up through the Negev and into the hill country.
18 ULB আৰু সেই দেশ কেনেকুৱা আৰু তাত বাস কৰা লোকসকল বলী নে নিৰ্ব্বলী আৰু তাকৰ নে সৰহ। BSB BSB: See what the land is like and whether its people are strong or weak, few or many.
19 ULB আৰু তেওঁলোক যি দেশত বাস কৰিছে, সেই দেশ কেনেকুৱা, ভাল নে বেয়া আৰু যি যি নগৰত তেওঁলোকে বাস কৰিছে, সেইবোৰ নগৰ কেনেধৰণৰ, মুকলি নে গড়েৰে আবৃত হোৱা? BSB BSB: Is the land where they live good or bad? Are the cities where they dwell open camps or fortifications?
20 ULB আৰু সিহঁতৰ মাটি কেনেকুৱা, সাৰোৱা নে অসাৰোৱা, তাৰ মাজত গছ-গছনি আছে নে নাই, এই সকলোকে তোমালোকে চাবা। তোমালোকে সাহিয়াল হোৱা আৰু সেই দেশৰ কোনো কোনো ফল লগত আনিবা।” তেতিয়া প্ৰথমে পকা দ্ৰাক্ষাফলৰ সময় আছিল। BSB BSB: Is the soil fertile or unproductive? Are there trees in it or not? Be courageous and bring back some of the fruit of the land.” (It was the season for the first ripe grapes.)
21 ULB তাতে তেওঁলোকে উঠি গৈ, ছিন মৰুভূমিৰ পৰা ৰহোবলৈ, হমাতৰ প্ৰৱেশস্থানলৈকে দেশখন গুপুতে চালে। BSB BSB: So they went up and spied out the land from the Wilderness of Zin as far as Rehob, toward Lebo-hamath.
22 ULB তেওঁলোক দক্ষিম অঞ্চলেদি গৈ, হিব্ৰোণলৈকে উঠিল, সেই ঠাইতে অহামন, চেচয় আৰু তল্ময়, এই তিনিজন অনাক’ৰ সন্তান আছিল। মিচৰ দেশত থকা চোৱন নগৰ স্থাপন কৰাৰ সাত বছৰৰ আগেয়ে হিব্ৰোণ স্থাপন কৰা হ’ল। BSB BSB: They went up through the Negev and came to Hebron, where Ahiman, Sheshai, and Talmai, the descendants of Anak, dwelled. It had been built seven years before Zoan in Egypt.
23 ULB পাছে তেওঁলোকে ইষ্কোল উপত্যকালৈ আহি সেই ঠাইতে এথোপা দ্ৰাক্ষাফল থকা দ্ৰাক্ষলতাৰ এটা ডাল কাটি, কানমাৰি লগাই দুজনে সাঙ্গী কৰি ল’লে আৰু কিছুমান ডালিম আৰু ডিমৰু ফলো লগত ললে। BSB BSB: When they came to the Valley of Eshcol, they cut down a branch with a single cluster of grapes, which they carried on a pole between two men. They also took some pomegranates and figs.
24 ULB ইস্ৰায়েলৰ সন্তানসকলে সেই ঠাইতে সেই দ্ৰাক্ষাৰ থোপা কাটিলে দেখি, সেই ঠাইৰ নাম ইষ্কোল উপত্যকা ৰখা হ’ল। BSB BSB: Because of the cluster of grapes the Israelites cut there, that place was called the Valley of Eshcol.
25 ULB চল্লিশ দিনৰ পাছত, তেওঁলোকে দেশ চাই উলটি আহিল। BSB BSB: After forty days the men returned from spying out the land,
27 ULB আৰু তেওঁলোকে মোচিক ক’লে, “আপুনি যি দেশলৈ আমাক পঠাইছিল, আমি সেই দেশলৈ গৈছিলোঁ। সঁচাকৈ সেই দেশ গাখীৰ আৰু মৌজোল বৈ থকা দেশ। চাওঁক এইয়া তাৰ ফল। BSB BSB: And they gave this account to Moses: “We went into the land to which you sent us, and indeed, it is flowing with milk and honey. Here is some of its fruit!
28 ULB সেই দেশত থকা লোকসকল বলী আৰু নগৰবোৰ গড়েৰে আবৃত আৰু অতি ডাঙৰ। আৰু সেই ঠাইতে আমি অনাকীয়া সন্তানসকলকো দেখিলোঁ। BSB BSB: Nevertheless, the people living in the land are strong, and the cities are large and fortified. We even saw the descendants of Anak there.
29 ULB দক্ষিণ অঞ্চলত অমালেকে বাস কৰিছে। আৰু পৰ্ব্বতত হিত্তীয়া, যিবূচীয়া, আৰু ইমোৰীয়া লোকসকলে বাস কৰিছে। সমুদ্ৰৰ দাঁতিত আৰু যৰ্দ্দনৰ পাৰত কনানীয়া লোকসকলে বাস কৰিছে।” BSB BSB: The Amalekites live in the land of the Negev; the Hittites, Jebusites, and Amorites live in the hill country; and the Canaanites live by the sea and along the Jordan.”
30 ULB পাছত কালেবে মোচিৰ আগত লোকসকলক শান্ত কৰিবৰ অৰ্থে ক’লে, “আহা, আমি একেবাৰে উঠি গৈ, তাক অধিকাৰ কৰোঁ; কিয়নো তাক জয় কৰিবলৈ অৱশ্যে আমাৰ অধিক শক্তি আছে।” BSB BSB: Then Caleb quieted the people before Moses and said, “We must go up and take possession of the land, for we can certainly conquer it!”
31 ULB কিন্তু যি লোকসকল তেওঁৰ লগত গৈছিল, তেওঁলোকে ক’লে, “আমি সেই লোকসকলৰ বিৰুদ্ধে উঠি যাব নোৱাৰোঁ, কিয়নো আমাতকৈ সিহঁত বলী।” BSB BSB: But the men who had gone up with him replied, “We cannot go up against the people, for they are stronger than we are!”
32 ULB এইদৰে, তেওঁলোকে যি দেশ চাবলৈ গৈছিল, ইস্ৰায়েলৰ সন্তানসকলৰ আগত সেই দেশ দুৰ্যশ কৰি ক’লে, “আমি যি দেশৰ মাজেদি চাই চাই গৈছিলোঁ; সেই দেশ নিজৰ নিবাসীসকলক গ্ৰাস কৰোঁতা দেশ। আৰু তাৰ মাজত আমি যিমান মানুহ দেখিলোঁ, তেওঁলোক অতি ওখ ওখ লোক। BSB BSB: So they gave the Israelites a bad report about the land that they had spied out: “The land we explored devours its inhabitants, and all the people we saw there are great in stature.
33 ULB আৰু তাৰ নাফিল বংশ অনাকৰ সন্তান নাফিলসকলক দেখি, আমাৰ মানত আমি ফৰিঙৰ নিচিনা হ’লো; আৰু সিহঁতৰ দৃষ্টিতো তেনেকুৱাই আছিলোঁ।” BSB BSB: We even saw the Nephilim there—the descendants of Anak that come from the Nephilim! We seemed like grasshoppers in our own sight, and we must have seemed the same to them!”
Select verses for actions: Enter goes to them and Escape comes back.