1 ULB পাছত গোটেই সমাজে বৰকৈ ক্রন্দন কৰিলে; সেই ৰাতি তেওঁলোকে সকলোৱে চকুলো টুকিলে। BSB BSB: Then the whole congregation lifted up their voices and cried out, and that night the people wept.
2 ULB আৰু ইস্ৰায়েলৰ সন্তানসকলৰ সকলোৱে মোচি আৰু হাৰোণৰ অহিতে নিন্দা কৰিবলৈ ধৰিলে। আৰু গোটেই সমাজে তেওঁলোকৰ আগতে ক’লে, “হায় হায়, আমি এই মৰুভূমিত মৰাতকৈ মিচৰ দেশতেই মৰা হ’লে কেনে ভাল আছিল! BSB BSB: All the Israelites grumbled against Moses and Aaron, and the whole congregation said to them, “If only we had died in the land of Egypt, or if only we had died in this wilderness!
3 ULB যিহোৱাই আমাক তৰোৱালৰ আগত পেলাবলৈ আৰু আমাৰ পত্নীসকল আৰু আমাৰ কনমানি সকলক লুট কৰাবলৈ এই দেশলৈ আমাক কিয় আনিছে? মিচৰ দেশলৈ উলটি যোৱা জানো আমাৰ পক্ষে ভাল নহয়?” BSB BSB: Why is the LORD bringing us into this land to fall by the sword? Our wives and children will become plunder. Would it not be better for us to go back to Egypt?”
4 ULB পাছত তেওঁলোকে ইজনে সিজনক ক’লে, “আহাঁ, আমি কোনো এজনক প্ৰধান কৰি লৈ মিচৰ দেশলৈ উলটি যাওঁ ব’লা। BSB BSB: So they said to one another, “Let us appoint a leader and return to Egypt.”
5 ULB তেতিয়া মোচি আৰু হাৰোণে ইস্ৰায়েলৰ সন্তানসকলৰ সমাজৰ, আৰু তেওঁলোকৰ গোটেই গোট খোৱা সমাজৰ আগত উবুৰি হৈ পৰিল। BSB BSB: Then Moses and Aaron fell facedown before the whole assembly of the congregation of Israel.
6 ULB দেশ গুপুতে চাই অহাসকলৰ মাজত নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেবে নিজ নিজ কাপোৰ ফালিলে। BSB BSB: Joshua son of Nun and Caleb son of Jephunneh, who were among those who had spied out the land, tore their clothes
7 ULB ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই সমাজক ক’লে, “আমি যি দেশ চাবলৈ দেশৰ মাজেদি গৈছিলোঁ সেয়ে যাৰ পাৰ নাই উত্তম দেশ। BSB BSB: and said to the whole congregation of Israel, “The land we passed through and explored is an exceedingly good land.
8 ULB যিহোৱাই যদি আমাত সন্তোষ পায়, তেন্তে তেওঁ আমাক সেই দেশলৈ নিব, গাখীৰ আৰু মৌজোল বোৱা সেই দেশ আমাক দিব। BSB BSB: If the LORD delights in us, He will bring us into this land, a land flowing with milk and honey, and He will give it to us.
9 ULB কেৱল তোমালোকে কোনো ধৰণৰ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ নকৰিবা, সেই দেশৰ লোকসকললৈ ভয়ো নকৰিবা। কিয়নো তেওঁলোক আমাৰ ভক্ষ্যনস্বৰূপ। সিহঁতৰ আশ্ৰয় সিহঁতৰ পৰা গুচিল, কাৰণ যিহোৱা আমাৰ সঙ্গত আছে; তেওঁলোকলৈ ভয় নকৰিবা।” BSB BSB: Only do not rebel against the LORD, and do not be afraid of the people of the land, for they will be like bread for us. Their protection has been removed, and the LORD is with us. Do not be afraid of them!”
10 ULB কিন্তু গোটেই সমাজে তেওঁলোকক শিল দলিয়াই বধ কৰিবলৈ ক’লে, তাতে সাক্ষাৎ কৰা তম্বুত যিহোৱাৰ প্ৰতাপ ইস্ৰায়েলৰ সন্তানসকলৰ আগত প্ৰকাশিত হ’ল। BSB BSB: But the whole congregation threatened to stone Joshua and Caleb. Then the glory of the LORD appeared to all the Israelites at the Tent of Meeting.
11 ULB পাছত যিহোৱাই মোচিক ক’লে, “এই লোকসকলে কিমান দিন মোক হেয়জ্ঞান কৰিব? আৰু তেওঁলোকৰ মাজত মই দেখুউৱা আটাইবোৰ চিন দেখিওঁ, তেওঁলোকে কিমান কাল মোত অবিশ্বাস কৰি থাকিব? BSB BSB: And the LORD said to Moses, “How long will this people treat Me with contempt? How long will they refuse to believe in Me, despite all the signs I have performed among them?
12 ULB মই মহামাৰীৰ দ্বাৰাই তেওঁলোকক আঘাত কৰিম আৰু তেওঁলোকৰ আধিপত্য গুচাম আৰু তেওঁলোকতকৈ তোমাকেই ডাঙৰ আৰু বলৱান জাতি কৰিম।” BSB BSB: I will strike them with a plague and destroy them—and I will make you into a nation greater and mightier than they are.”
13 ULB মোচিয়ে যিহোৱাক ক’লে, “তেনে কৰিলে, মিচৰীয়াসকলে তাক শুনিবলৈ পাব; কিয়নো সিহঁতৰেই মাজৰ পৰা তুমি নিজ শক্তিৰ দ্বাৰাই এই লোকসকলক উলিয়াই আনিলা। BSB BSB: But Moses said to the LORD, “The Egyptians will hear of it, for by Your strength You brought this people from among them.
14 ULB আৰু তেওঁলোকে এই দেশ নিবাসীসকলকো সম্বাদ দিব। তেওঁলোকে শুনিছে, যে, তুমি যিহোৱা এই লোকসকলৰ মাজত আছা, তুমি যিহোৱাই সন্মুখা-সন্মুখিকৈ তেওঁলোকক দৰ্শন দি থাকা, তোমাৰ মেঘ তেওঁলোকৰ ওপৰত আছে আৰু তুমি দিনত মেঘ-স্তম্ভ আৰু ৰাতি অগ্নি স্তম্ভত তেওঁলোকৰ আগে আগে যোৱা। BSB BSB: And they will tell it to the inhabitants of this land. They have already heard that You, O LORD, are in the midst of this people, that You, O LORD, have been seen face to face, that Your cloud stands over them, and that You go before them in a pillar of cloud by day and a pillar of fire by night.
15 ULB এতিয়া যদি তুমি এই লোকসকলক এজনক মৰাৰ দৰে মাৰা, তেন্তে এই যি আন জাতিসকলে তোমাৰ যশস্যাৰ কথা শুনিছে, সিহঁতে ক’ব, BSB BSB: If You kill this people as one man, the nations who have heard of Your fame will say,
16 ULB ‘যিহোৱাই এই লোকসকলক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁলোকক নিবলৈ তেওঁ অসমৰ্থ হ’ল, এই কাৰণে অৰণ্যত তেওঁলোকক মাৰিলে। BSB BSB: ‘Because the LORD was unable to bring this people into the land He swore to give them, He has slaughtered them in the wilderness.’
17 ULB এতিয়া মই এই নিবেদন কৰোঁ, যে, যিহোৱা ক্ৰোধত ধীৰ আৰু দয়াতো মহান, অপৰাধ আৰু আজ্ঞা-লঙ্ঘন ক্ষমা কৰোঁতা, তথাপি তেওঁ অৱশ্যে দোষীক নিৰ্দ্দোষী নকৰে আৰু তৃতীয় চতুৰ্থ পুৰুষলৈকে সন্তানসকলক পিতৃসকলৰ অপৰাধৰ প্ৰতিফল দিওঁতা, BSB BSB: So now I pray, may the power of my Lord be magnified, just as You have declared:
18 ULB তুমি এই কথা কোৱামতে প্ৰভূৰ মহৎ প্ৰভাৱ দেখা যাওঁক। BSB BSB: ‘The LORD is slow to anger and abounding in loving devotion, forgiving iniquity and transgression. Yet He will by no means leave the guilty unpunished; He will visit the iniquity of the fathers upon their children to the third and fourth generation.’
19 ULB বিনয় কৰোঁ, তুমি মিচৰ দেশৰ পৰা এতিয়ালৈকে এই লোকসকলক যেনেকৈ ক্ষমা কৰি আহিছা, তেনেকৈ তোমাৰ মহৎ কৃপাৰ দৰে তেওঁলোকৰ এই অপৰাধ ক্ষমা কৰা।” BSB BSB: Pardon, I pray, the iniquity of this people, in keeping with the greatness of Your loving devotion, just as You have forgiven them ever since they left Egypt.”
20 ULB তেতিয়া যিহোৱাই ক’লে, “তোমাৰ বাক্যমতে মই তেওঁলোকক ক্ষমা কৰিলোঁ। BSB BSB: “I have pardoned them as you requested,” the LORD replied.
21 ULB তথাপি মই যদি সঁচাকৈ জীৱন্ত ঈশ্বৰ হওঁ আৰু গোটেই পৃথিৱী যদি যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হয়, BSB BSB: “Yet as surely as I live and as surely as the whole earth is filled with the glory of the LORD,
22 ULB তেন্তে তেওঁলোকৰ মাজত যিমান লোকে মোৰ প্ৰতাপ আৰু মিচৰত ও মৰুভূমিত দেখুউৱা মোৰ চিন দেখিও, এই দহবাৰ মোক পৰীক্ষা কৰিছে আৰু মোৰ বাক্যলৈ কাণ নকৰা হৈছে। BSB BSB: not one of the men who have seen My glory and the signs I performed in Egypt and in the wilderness—yet have tested Me and disobeyed Me these ten times—
23 ULB তেওঁলোকৰ পূৰ্ব্বপুৰুষ সকলক মই যি দেশ দিবলৈ শপত কৰিছিলোঁ, তেওঁলোকৰ কোনেও সেই দেশ দেখিবলৈ নাপাব, মোক হেয়জ্ঞান কৰা সকলৰ কোনেও তাক দেখা নাপাব, BSB BSB: not one will ever see the land that I swore to give their fathers. None of those who have treated Me with contempt will see it.
24 ULB কিন্তু মোৰ দাস কালেবৰ মন বেলেগ, তেওঁ সম্পূৰ্ণকৈ মোৰ আজ্ঞামতে চলিলে; এতেকে কেৱল তেওঁ যি দেশত সোমাল, সেই দেশৰ ভিতৰলৈ মই তেওঁক নিম আৰু তেওঁৰ বংশই তাক অধিকাৰ কৰিব। BSB BSB: But because My servant Caleb has a different spirit and has followed Me wholeheartedly, I will bring him into the land he has entered, and his descendants will inherit it.
25 ULB অমালেকীয়া আৰু কনানীয়া লোকসকলে উপত্যকাত বাস কৰিছে; কাইলৈ তোমালোকে মুখ ঘূৰাই চুফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাবা।” BSB BSB: Now since the Amalekites and Canaanites are living in the valleys, turn back tomorrow and head for the wilderness along the route to the Red Sea.”
26 ULB পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে। তেওঁ ক’লে, BSB BSB: Then the LORD said to Moses and Aaron,
27 ULB “মোৰ বিৰুদ্ধে নিন্দা কৰি থকা এই দুষ্ট সমাজৰ ভাৰ মই কিমান কাল সহিম? ইস্ৰায়েলৰ সন্তান সকলে মোৰ বিৰুদ্ধে যি যি বকিছিল, তাক মই শুনিলোঁ। BSB BSB: “How long will this wicked congregation grumble against Me? I have heard the complaints that the Israelites are making against Me.
28 ULB তুমি তেওঁলোকক কোৱা, যিহোৱাই এই কথা কৈছে, ‘মোৰ জীৱনৰ শপত’, ‘তোমালোকে মোৰ কাণত যি ক’লা, অৱশ্যে মই তোমালোকলৈ তাক কৰিমঃ BSB BSB: So tell them: As surely as I live, declares the LORD, I will do to you exactly as I heard you say.
29 ULB তোমালোকৰ সম্পূৰ্ণ সংখ্যা অনুসাৰে গণিত হোৱা বিশ বছৰ আৰু তাতকৈয়ো অধিক বয়সীয়া তোমালোকৰ যি সকলো লোকে মোৰ অহিতে বকিছিল, তোমালোকৰ সেই সকলোৰ শৱ এই মৰুভূমিত পতিত হ’ব। BSB BSB: Your bodies will fall in this wilderness—all who were numbered in the census, everyone twenty years of age or older—because you have grumbled against Me.
30 ULB মই তোমালোকক যি দেশত বাস কৰাবলৈ শপত কৰিছিলোঁ, সেই দেশত তোমালোকে সোমাবলৈ নাপাবা; কেৱল যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱা সোমাব। BSB BSB: Surely none of you will enter the land in which I swore to settle you, except Caleb son of Jephunneh and Joshua son of Nun.
31 ULB কিন্তু তোমালোকে নিজৰ যি ল’ৰা-ছোৱালীবোৰৰ বিষয়ে লুটদ্ৰব্য হ’ব বুলি কৈছিলা, মই তেওঁলোকক তাত সোমোৱাম; আৰু তোমালোকে যি দেশ অগাহ্য কৰিলা, তেওঁলোকে তাৰ পৰিচয় পাব। BSB BSB: But I will bring your children, whom you said would become plunder, into the land you have rejected—and they will enjoy it.
32 ULB কিন্তু তোমালোকৰ বিষয়ে হ’লে, তোমালোকৰ শৱ এই মৰুভূমিত পতিত হ’ব। BSB BSB: As for you, however, your bodies will fall in this wilderness.
33 ULB আৰু তোমালোকৰ সন্তানসকলে চল্লিশ বছৰ এই মৰুভূমিত ভ্ৰমি ফুৰি, মৰুভূমিত তোমালোকৰ শৱৰ সংখ্যা পূৰ নহয়মানলৈকে তোমালোকৰ ব্যভিচাৰৰ ফল সিহঁতে ভোগ কৰিব। BSB BSB: Your children will be shepherds in the wilderness for forty years, and they will suffer for your unfaithfulness until the last of your bodies lies in the wilderness.
34 ULB তোমালোকে যি চল্লিশ দিন দেশ চাই ফুৰিছিলা সেই দিনৰ লেখ অনুসাৰে চল্লিশ বছৰ অৰ্থাৎ এক এক বছৰ তোমালোকে নিজ নিজ অপৰাধৰ ফল ভোগ কৰিবা; আৰু মোৰ বিপক্ষতা কেনে তাক জানিবলৈ পাবা। BSB BSB: In keeping with the forty days you spied out the land, you shall bear your guilt forty years—a year for each day—and you will experience My alienation.
35 ULB মই যিহোৱাই ইয়াক ক’লোঁ। মোৰ বিপৰীতে গোট খোৱা এই গোটেই দুষ্ট সমাজলৈ মই ইয়াক অৱশ্যে কৰিম; এই অৰণ্যত তেওঁলোক নিচেইকৈ বিনষ্ট হ’ব, এই ঠাইতে তেওঁলোক মৰিব’।” BSB BSB: I, the LORD, have spoken, and I will surely do these things to this entire wicked congregation, which has conspired against Me. They will meet their end in the wilderness, and there they will die.”
36 ULB পাছত দেশ চাবলৈ মোচিয়ে পঠোৱা যি লোকসকলে উলটি আহি সেই দেশৰ কুযশ কৰি তেওঁৰ অহিতে গোটেই সমাজক বকাইছিল, BSB BSB: So the men Moses had sent to spy out the land, who had returned and made the whole congregation grumble against him by bringing out a bad report about the land—
37 ULB দেশৰ কুযশ কৰা সেই লোকসকল যিহোৱাৰ আগত মহামাৰীৰ দ্বাৰাই মৰিল। BSB BSB: those men who had brought out the bad report about the land—were struck down by a plague before the LORD.
38 ULB দেশ চাবলৈ যোৱা সেই লোকসমূহৰ মাজত কেৱল নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেব জীয়াই থাকিল। BSB BSB: Of those men who had gone to spy out the land, only Joshua son of Nun and Caleb son of Jephunneh remained alive.
39 ULB মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক সেই সকলো কথা যেতিয়া জনালে, লোকসকলে অতিশয় শোক কৰিলে। BSB BSB: And when Moses relayed these words to all the Israelites, the people mourned bitterly.
40 ULB পাছত তেওঁলোকে ৰাতিপুৱাতে ওলাই পৰ্ব্বতৰ টিঙলৈ উঠিবলৈ উদ্যত হৈ ক’লে, “চোৱা, এইয়া আমি আছোঁ, যিহোৱাই যি ঠাইৰ বিষয়ে প্ৰতিজ্ঞা কৰিছিল, আমি সেই ঠাইলৈ যাওঁ; কিয়নো আমি পাপ কৰিলোঁ।” BSB BSB: Early the next morning they got up and went up toward the ridge of the hill country. “We have indeed sinned,” they said, “but we will go to the place the LORD has promised.”
41 ULB তাতে মোচিয়ে ক’লে, এতিয়া যিহোৱাৰ আজ্ঞা কিয় লঙ্ঘন কৰিছা? তোমালোকৰ সেই কাৰ্য্য সাম্ফল নহ’ব। BSB BSB: But Moses said, “Why are you transgressing the commandment of the LORD? This will not succeed!
42 ULB তোমালোকে উঠি নাযাবা, কাৰণ যিহোৱা তোমালোকৰ মাজত নাই; গ’লে শত্ৰুৰ আগত পৰাজয় হ’বা। BSB BSB: Do not go up, lest you be struck down by your enemies, because the LORD is not among you.
43 ULB কিয়নো অমালেকীয়া আৰু কনানীয়া লোকসকল সেই ঠাইত তোমালোকৰ আগত আছে আৰু তোমালোক তৰোৱালৰ ধাৰত পতিত হ’বা। তোমালোক যিহোৱাৰ পাছত চলিবলৈ বিমুখ হোৱাত যিহোৱা তোমালোকৰ লগত নাথাকিব।” BSB BSB: For there the Amalekites and Canaanites will face you, and you will fall by the sword. Because you have turned away from the LORD, He will not be with you.”
44 ULB তথাপি তেওঁলোকে কুসাহ কৰি, পৰ্ব্বতৰ টিঙলৈ উঠি গ’ল; কিন্তু যিহোৱাৰ নিয়ম-চন্দুক আৰু মোচি ছাউনিৰ পৰা নগ’ল। BSB BSB: But they dared to go up to the ridge of the hill country, though neither Moses nor the ark of the covenant of the LORD moved from the camp.
45 ULB তেতিয়া সেই পৰ্ব্বতত থকা অমালেকীয়া আৰু কনানীয়া লোকসকল নামি আহি তেওঁলোকৰ কিছুমানক বধ কৰিলে, আৰু হৰ্মালৈকে তেওঁলোকক আঘাত কৰি কৰি খেদিলে। BSB BSB: Then the Amalekites and Canaanites who lived in that part of the hill country came down, attacked them, and routed them all the way to Hormah.
Select verses for actions: Enter goes to them and Escape comes back.