1 ULB পাছে যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে, BSB BSB: Then the LORD said to Moses,
2 ULB “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘মই তোমালোকক যি দেশ দিম, তোমালোকে বসতি কৰিব লগা সেই দেশত সোমোৱাৰ পাছত, BSB BSB: “Speak to the Israelites and tell them: After you enter the land that I am giving you as a home
3 ULB যেতিয়া তোমালোকে প্ৰতিজ্ঞা-সিদ্ধিৰ অৰ্থে বা নিজ ইচ্ছাৰে এনেই দিবৰ অৰ্থে নাইবা তোমালোকৰ পৰ্ব্বৰ দিনত, গৰু, কি মেৰ, কি ভেড়াৰ জাকৰ পৰা আনি যিহোৱাক সুঘ্ৰাণ দিবৰ কাৰণে, হোম-বলি বা মঙ্গলাৰ্থক বলি আদি অগ্নিকৃত উপহাৰ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা, BSB BSB: and you present a food offering to the LORD from the herd or flock to produce a pleasing aroma to the LORD—either a burnt offering or a sacrifice, for a special vow or freewill offering or appointed feast—
4 ULB তেতিয়া যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰা লোকে হোম-বলি আৰু আন বলিৰ অৰ্থে দিয়া প্ৰত্যেক মেৰে সৈতে, হীনৰ চাৰিভাগৰ এভাগ এভাগ তেল মিহলোৱা মিহি আটাগুড়িৰ দহ ভাগৰ এভাগ ভক্ষ্য নৈবেদ্য আনিব। BSB BSB: then the one presenting his offering to the LORD shall also present a grain offering of a tenth of an ephah of fine flour mixed with a quarter hin of olive oil.
5 ULB আৰু তুমি হীনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰসৰ পেয় নৈবেদ্য যুগুত কৰিবা। BSB BSB: With the burnt offering or sacrifice of each lamb, you are to prepare a quarter hin of wine as a drink offering.
6 ULB বা এটা মতা মেৰে সৈতে, তুমি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে, হীনৰ তিনি ভাগৰ এভাগ তেল মিহলোৱা মিহি আটাগুড়ি দহ ভাগৰ দুভাগেৰে ভক্ষ্য নৈবেদ্য যুগুত কৰিবা। BSB BSB: With a ram you are to prepare a grain offering of two-tenths of an ephah of fine flour mixed with a third of a hin of olive oil,
7 ULB আৰু পেয় নৈবেদ্যৰ বাবে হীনৰ তিনি ভাগৰ এভাগ দ্ৰাক্ষাৰস উৎসৰ্গ কৰিবা। BSB BSB: and a third of a hin of wine as a drink offering, a pleasing aroma to the LORD.
8 ULB আৰু যিহোৱাৰ অৰ্থে প্ৰতিজ্ঞা সিদ্ধ কৰিবলৈ, বা মঙ্গলাৰ্থক বলিৰ অৰ্থে যেতিয়া তুমি হোম বলি বা আন বলিস্বৰূপে দমৰা গৰু উৎসৰ্গ কৰিবা, BSB BSB: When you prepare a young bull as a burnt offering or sacrifice to fulfill a vow or as a peace offering to the LORD,
9 ULB তেতিয়া সেই দমৰাই সৈতে, হীনৰ আধা ভাগ তেল মিহলোৱা দহ ভাগৰ তিনি ভাগ মিহি আটাগুড়িৰ ভক্ষ্য নৈবেদ্য অনা হ’ব। BSB BSB: present with the bull a grain offering of three-tenths of an ephah of fine flour mixed with half a hin of olive oil.
10 ULB আৰু পেয় নৈবেদ্যৰ অৰ্থে হীনৰ আধা ভাগ দ্ৰাক্ষাৰস আনিবা; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব। BSB BSB: Also present half a hin of wine as a drink offering. It is a food offering, a pleasing aroma to the LORD.
11 ULB প্ৰত্যেক দমৰা নাইবা প্ৰত্যেক মতা মেৰ, বা প্ৰত্যেক মতা মেৰ পোৱালি; বা প্ৰত্যেক ভেড়া পোৱালিৰ কাৰণে এইদৰে কৰিব লাগিব। BSB BSB: This is to be done for each bull, ram, lamb, or goat.
12 ULB তোমালোকে যিমান পশু উৎসৰ্গ কৰিবা, সেইবোৰৰ সংখ্যা অনুসাৰে প্ৰত্যেক পশুলৈ এইদৰে কৰিবা। BSB BSB: This is how you must prepare each one, no matter how many.
13 ULB স্বদেশীয় লোকসকলে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবৰ সময়ত, তেওঁলোক আটায়ে এই নিয়মৰ দৰে সেই সকলো যুগুত কৰিব। BSB BSB: Everyone who is native-born shall prepare these things in this way when he presents a food offering as a pleasing aroma to the LORD.
14 ULB আৰু তোমালোকৰ লগত প্ৰবাস কৰা কোনো বিদেশী লোকে, নাইবা তোমালোকৰ মাজত পুৰুষানুক্ৰমে বাস কৰা কোনো লোকে যদি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিবৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিব খোজে, তেন্তে তোমালোকে যেনেকৈ কৰা, তেৱোঁ তেনেকৈ কৰিব। BSB BSB: And for the generations to come, if a foreigner residing with you or someone else among you wants to prepare a food offering as a pleasing aroma to the LORD, he is to do exactly as you do.
15 ULB সমাজৰ কাৰণে হ’লে, তোমালোক আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোক, উভয়ৰে একেটা বিধি হ’ব: এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰ স্থায়ী বিধি। যিহোৱাৰ আগত তোমালোক যেনে, বিদেশীও তেনে। BSB BSB: The assembly is to have the same statute both for you and for the foreign resident; it is a permanent statute for the generations to come. You and the foreigner shall be the same before the LORD.
16 ULB তোমালোকৰ আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী, উভয়েৰে একে বিধি আৰু একে শাসন প্ৰণালী হ’ব’।” BSB BSB: The same law and the same ordinance will apply both to you and to the foreigner residing with you.”
17 ULB পাছে যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে, BSB BSB: Then the LORD said to Moses,
18 ULB “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘মই তোমালোকক যি দেশলৈ লৈ আহিছোঁ, সেই দেশত সোমোৱাৰ পাছত, BSB BSB: “Speak to the Israelites and tell them: When you enter the land to which I am bringing you
19 ULB তোমালোকে সেই দেশৰ অন্ন ভোজন কৰা কালত, যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় নৈবেদ্য উৎসৰ্গ কৰিবা। BSB BSB: and you eat the food of the land, you shall lift up an offering to the LORD.
20 ULB তোমালোকে প্ৰথমে উৎপন্ন হোৱা শস্যৰ খৰচীয়া আটাৰ এটা পিঠা উত্তোলনীয় নৈবেদ্যস্বৰূপে উৎসৰ্গ কৰিবা; মৰণা মৰা খোলাৰ উত্তোলনীয় নৈবেদ্যৰ নিচিনাকৈ এয়াকো উৎসৰ্গ কৰিবা। BSB BSB: From the first of your dough, you are to lift up a cake as a contribution; offer it just like an offering from the threshing floor.
21 ULB তোমালোকে পুৰুষানুক্ৰমে প্ৰথমে উৎপন্ন হোৱা শস্যৰ নিজ নিজ খৰচীয়া আটাৰ কিছু উত্তোলনীয় নৈবেদ্যস্বৰূপে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা। BSB BSB: Throughout your generations, you are to give the LORD an offering from the first of your dough.
22 ULB আৰু মোচিক যিহোৱাই কোৱা এই সকলো আজ্ঞা, তোমালোক ইস্রায়েলৰ সন্তানসকলে পালন কৰা নাছিলা, যদিওবা পালন নকৰিবলৈ তোমালোকৰ কোনো উদ্দেশ্য নাছিল, BSB BSB: Now if you stray unintentionally and do not obey all these commandments that the LORD has spoken to Moses—
23 ULB অৰ্থাৎ যিহোৱাই যি দিনা তোমালোকক আজ্ঞা দিছিল, সেই দিনাৰ পৰা তোমালোকৰ পুৰুষানুক্ৰমে তেওঁ মোচিৰ দ্বাৰাই যি যি আজ্ঞা কৰিছিল, সেই সকলোকে যেতিয়া তোমালোকে ভূলক্ৰমে পালন নকৰা। BSB BSB: all that the LORD has commanded you through Moses from the day the LORD gave them and continuing through the generations to come—
24 ULB তেতিয়া সেয়ে যদি সমাজে নজনাকৈ ভূলক্ৰমে কৰা হয়, তেন্তে গোটেই সমাজে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোমৰ কাৰণে এটা দমৰা আৰু নিয়মমতে তাৰ ভক্ষ্য ও পেয় নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণেএটা মতা ভেড়া উৎসৰ্গ কৰিব। BSB BSB: and if it was done unintentionally without the knowledge of the congregation, then the whole congregation is to prepare one young bull as a burnt offering, a pleasing aroma to the LORD, with its grain offering and drink offering according to the regulation, and one male goat as a sin offering.
25 ULB আৰু পুৰোহিতে ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই প্ৰায়শ্চিত্ত কৰিব; তাতে তেওঁলোকক ক্ষমা কৰা হ’ব। কিয়নো তাক ভূলক্ৰমে কৰা হ’ল আৰু তেওঁলোকে সেই ভূলৰ কাৰণে যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ উপহাৰ, তেওঁলোকৰ অগ্নিকৃত উপহাৰ আনিলে আৰু যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ পাপাৰ্থক বলিও আনিলে। BSB BSB: The priest is to make atonement for the whole congregation of Israel, so that they may be forgiven; for the sin was unintentional and they have brought to the LORD a food offering and a sin offering, presented before the LORD for their unintentional sin.
26 ULB এইদৰে ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই সমাজক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশীক ক্ষমা কৰা হ’ব; কিয়নো সকলো লোকৰ সম্পৰ্কে সেই কাৰ্য্য ভূলক্ৰমে কৰা হ’ল। BSB BSB: Then the whole congregation of Israel and the foreigners residing among them will be forgiven, since it happened to all the people unintentionally.
27 ULB আৰু যদি কোনো মানুহে ভূলক্ৰমে পাপ কৰে, তেন্তে, সি পাপাৰ্থক বলিস্বৰূপে এজনী এবছৰীয়া ভেড়া উৎসৰ্গ কৰিব লাগিব। BSB BSB: Also, if one person sins unintentionally, he is to present a year-old female goat as a sin offering.
28 ULB আৰু যিহোৱাৰ সাক্ষাতে সেই লোকে ভূলক্ৰমে পাপ কৰাত, সেই ভূল কৰা লোকক প্ৰায়শ্চিত্ত কৰিবলৈ পুৰোহিতে তেওঁৰ বাবে প্ৰায়শ্চিত্ত কাৰ্য্য কৰিব; তাতে তেওঁক ক্ষমা কৰা হ’ব। BSB BSB: And the priest shall make atonement before the LORD on behalf of the person who erred by sinning unintentionally; and when atonement has been made for him, he will be forgiven.
29 ULB ইস্ৰায়েলৰ সন্তানসকলৰ স্বজাতীয় বা তেওঁলোকৰ মাজত প্ৰাবস কৰা বিদেশী হওঁক উভয়ৰে বাবে, ভূলক্ৰমে কোনো কাৰ্য্য কৰা লোকৰ অৰ্থে একেটা বিধি হ’ব। BSB BSB: You shall have the same law for the one who acts in error, whether he is a native-born Israelite or a foreigner residing among you.
30 ULB কিন্তু স্বদেশীয় কি বিদেশীয় যি লোকে কৰোঁ বুলি পাপ কৰিব, তেওঁ যিহোৱাক অপমান কৰা হ’ব; সেই লোকক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব। BSB BSB: But the person who sins defiantly, whether a native or foreigner, blasphemes the LORD. That person shall be cut off from among his people.
31 ULB কিয়নো তেওঁ যিহোৱাৰ বাক্য হেয়জ্ঞান কৰিলে আৰু তেওঁৰ আজ্ঞা লঙ্ঘন কৰিলে; অৱশ্যে সেই মানুহক উচ্ছন্ন কৰা হ’ব আৰু তাৰ দোষ তাৰ গাতে থাকিব’।” BSB BSB: He shall certainly be cut off, because he has despised the word of the LORD and broken His commandment; his guilt remains on him.”
32 ULB আৰু ইস্ৰায়েলৰ সন্তানসকল যেতিয়া মৰুভূমিত আছিল, তেতিয়া তেওঁলোকে বিশ্ৰাম দিনত এজনক খৰি বুটলা পালে। BSB BSB: While the Israelites were in the wilderness, a man was found gathering wood on the Sabbath day.
33 ULB আৰু যিসকলে তেওঁক খৰি বুটলা পাইছিল, তেওঁলোকে মোচি, হাৰোণ আৰু গোটেই সমাজৰ আগলৈ তেওঁক আনিলে। BSB BSB: Those who found the man gathering wood brought him to Moses, Aaron, and the whole congregation,
34 ULB আৰু তেওঁলোকে তেওঁক বন্ধ কৰি ৰাখিলে; কিয়নো তেওঁলৈ কি কৰা উচিত, সেয়ে ঠিককৈ প্ৰকাশিত হোৱা নাছিল। BSB BSB: and because it had not been declared what should be done to him, they placed him in custody.
35 ULB পাছত যিহোৱাই মোচিক ক’লে, “সেই মানুহৰ প্ৰাণদণ্ড অৱশ্যে হ’ব লাগে; গোটেই সমাজে তাক ছাউনিৰ বাহিৰলৈ নি শিল দলিয়াই বধ কৰিব। BSB BSB: And the LORD said to Moses, “The man must surely be put to death. The whole congregation is to stone him outside the camp.”
36 ULB তেতিয়া, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, গোটেই সমজে তেওঁক ছাউনিৰ বাহিৰলৈ লৈ গৈ, তেওঁ মৰাকৈ, তেওঁলৈ শিল দলিয়ালে। BSB BSB: So the whole congregation took the man outside the camp and stoned him to death, as the LORD had commanded Moses.
37 ULB পাছত যিহোৱাই আকৌ মোচিক ক’লে। তেওঁ ক’লে BSB BSB: And the LORD said to Moses,
38 ULB “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া; তেওঁলোকে পুৰুষানুক্ৰমে নিজ নিজ কাপোৰৰ চুকত আৰিবলৈ সূতাৰ থোপা সাজক আৰু নিজ নিজ কাপোৰৰ চুকত লগাব লগীয়া থোপাত নীল বৰণীয়া ফিতা লগাওঁক। BSB BSB: “Speak to the Israelites and tell them that throughout the generations to come they are to make for themselves tassels for the corners of their garments, with a blue cord on each tassel.
39 ULB তোমালোকে যেন সেই থোপা দেখি, যিহোৱাৰ আজ্ঞাবোৰ সোঁৱৰণ কৰি পালন কৰা আৰু নিজৰ যি মন আৰু চকুৰ পাছত চলি তোমালোকে ব্যভিচাৰী হৈছিলা, সেই মন আৰু চকুৰ পাছত যেন আৰু নচলা। BSB BSB: These will serve as tassels for you to look at, so that you may remember all the commandments of the LORD, that you may obey them and not prostitute yourselves by following your own heart and your own eyes.
40 ULB কিন্তু মোৰ সকলো আজ্ঞা সোঁৱৰি পালন কৰি, নিজ ঈশ্বৰৰ উদ্দেশ্যে যেন পবিত্ৰ হোৱা, এই কাৰণে তোমালোকলৈ সেই থোপা হ’ব। BSB BSB: Then you will remember and obey all My commandments, and you will be holy to your God.
41 ULB তোমালোকৰ ঈশ্বৰ যিহোৱা হ’বৰ কাৰণে, যি জনাই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, ময়েই তোমালোকৰ সেই ঈশ্বৰ যিহোৱা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।” BSB BSB: I am the LORD your God who brought you out of the land of Egypt to be your God. I am the LORD your God.”
Select verses for actions: Enter goes to them and Escape comes back.