1 ULB এয়েই হৈছে হাৰোণ আৰু মোচিৰ বংশধৰৰ জীৱনী, যি কালত চীনয় পৰ্ব্বতত যিহোৱাই মোচিক কথা কৈছিল। BSB BSB: This is the account of Aaron and Moses at the time the LORD spoke with Moses on Mount Sinai.
2 ULB হাৰোণৰ পুত্ৰসকলৰ মাজত প্ৰথমে জন্ম পোৱা জনৰ নাম নাদব, তাৰ পাছত অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ। BSB BSB: These are the names of the sons of Aaron: Nadab the firstborn, then Abihu, Eleazar, and Ithamar.
3 ULB পুৰোহিতৰ কৰ্ম্ম কৰিবলৈ যিসকলক তেওঁ নিযুক্ত কৰিছিল, সেই অভিষিক্ত পুৰোহিত হাৰোণৰ পুত্ৰসকলৰ নাম এয়ে। BSB BSB: These were Aaron’s sons, the anointed priests, who were ordained to serve as priests.
4 ULB কিন্তু নাদব আৰু অবীহূৱে চীনয় পৰ্ব্বতৰ মৰুপ্রান্তত যিহোৱাৰ আগলৈ অগ্রহণীয় সাধাৰণ জুই নিওঁতে যিহোৱাৰ আগতে প্ৰাণ ত্যাগ কৰিলে। নাদব আৰু অবীহূৰ কোনো সন্তান নাছিল, এই হেতুকে, ইলিয়াজৰ আৰু ঈথামৰে নিজ পিতৃ হাৰোণৰ সৈতে পুৰোহিতৰ কৰ্ম্ম কৰিলে। BSB BSB: Nadab and Abihu, however, died in the presence of the LORD when they offered unauthorized fire before the LORD in the Wilderness of Sinai. And since they had no sons, only Eleazar and Ithamar served as priests during the lifetime of their father Aaron.
5 ULB আৰু যিহোৱাই মোচিক কথা কৈছিল। তেওঁ কৈছিল, BSB BSB: Then the LORD said to Moses,
6 ULB “হাৰোণ পুৰোহিতৰ পৰিচৰ্য্যাত সহায় কৰিবলৈ, তুমি লেবীৰ জনগোষ্ঠীক তেওঁৰ সন্মুখলৈ আনা। BSB BSB: “Bring the tribe of Levi and present them to Aaron the priest to assist him.
7 ULB আবাসৰ পৰিচৰ্যা কৰি, সাক্ষাৎ কৰা তম্বুৰ আগত হৰোণৰ আৰু গোটেই ইস্রায়েলৰ হৈ যি যি কৰিব লগীয়া, তাক তেওঁলোকে সম্পন্ন কৰিব লাগিব। BSB BSB: They are to perform duties for him and for the whole congregation before the Tent of Meeting, attending to the service of the tabernacle.
8 ULB আবাসৰ কাৰ্য্য কৰি সাক্ষাৎ কৰা তম্বুৰ আটাই বস্তুৰ বাবে যি যি যত্ন ল’ব লগীয়া আৰু ইস্ৰায়েলৰ সন্তানসকলৰ যি যি কৰিব লগীয়া, তাত তেওঁলোকে সহায় কৰিব লাগিব। BSB BSB: They shall take care of all the furnishings of the Tent of Meeting and fulfill obligations for the Israelites by attending to the service of the tabernacle.
9 ULB আৰু তুমি লেবীয়াসকলক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিবা। ইস্ৰায়েলৰ সন্তানসকলৰ পৰিচর্য্যাত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে তেওঁলোকক তেওঁলৈ দিয়া হ’ল। BSB BSB: Assign the Levites to Aaron and his sons; they have been given exclusively to him from among the Israelites.
10 ULB তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক পুৰোহিত ৰূপে নিযুক্ত কৰিবা, কিন্তু আন বংশৰ যিকোনো লোক ওচৰলৈ আহিলে তেওঁৰ প্ৰাণদণ্ড হ’ব।” BSB BSB: So you shall appoint Aaron and his sons to carry out the duties of the priesthood; but any outsider who approaches the tabernacle must be put to death.”
11 ULB আৰু যিহোৱাই মোচিক কথা কৈছিল। তেওঁ কৈছিল, BSB BSB: Again the LORD spoke to Moses, saying,
12 ULB “চোৱা, মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক ল’লো। ইস্ৰায়েলৰ সন্তানসকলৰ মাজত গৰ্ভভেদ কৰি অহা প্ৰথমে জন্ম পোৱা সকলৰ সলনি লবলৈ মই ইয়াকে কৰিলো। এই হেতুকে লেবীয়াসকল মোৰেই হ’ব। BSB BSB: “Behold, I have taken the Levites from among the children of Israel in place of every firstborn Israelite from the womb. The Levites belong to Me,
13 ULB কিয়নো সকলো প্ৰথমে জন্ম পোৱা সকল মোৰেই। যিদিনা মিচৰ দেশত সকলো প্ৰথমে জন্ম পোৱা সকলক ধংশ কৰিছিলো, সেই দিনাই মানুহৰ পৰা জীৱ-জন্তুলৈকে ইস্ৰায়েলৰ আটাই প্ৰথমে জন্ম পোৱা সকলক মোৰ অৰ্থে পবিত্ৰ কৰিলোঁ। এতেকে সেই সকলো মোৰেই হ’ব। মই যিহোৱা।” BSB BSB: for all the firstborn are Mine. On the day I struck down every firstborn in the land of Egypt, I consecrated to Myself all the firstborn in Israel, both man and beast. They are Mine; I am the LORD.”
14 ULB পাছে চীনয় মৰুপ্রান্তত যিহোৱাই মোচিক কৈছিল। তেওঁ কৈছিল, BSB BSB: Then the LORD spoke to Moses in the Wilderness of Sinai, saying,
15 ULB “তুমি নিজ নিজ পিতৃ-বংশ আৰু গোষ্ঠী অনুসাৰে লেবীৰ সন্তানসকলক গণনা কৰা। এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষক গণনা কৰিবা।” BSB BSB: “Number the Levites by their families and clans. You are to count every male a month old or more.”
16 ULB তাতে মোচিয়ে যেনেকৈ যিহোৱাৰ পৰা আজ্ঞা পালে, তেনেকৈ যিহোৱাৰ বাক্যৰ দৰেই তেওঁলোকক গণনা কৰিলে। BSB BSB: So Moses numbered them according to the word of the LORD, as he had been commanded.
17 ULB লেবীৰ পুত্ৰসকলৰ নাম আছিল গেৰ্চোন, কহাৎ আৰু মৰাৰী। BSB BSB: These were the sons of Levi by name: Gershon, Kohath, and Merari.
18 ULB আৰু নিজ নিজ বংশ অনুসাৰে গেৰ্চোনৰ পুতেক সকলৰ নাম লিবনী আৰু চিমিয়ী আছিল। BSB BSB: These were the names of the sons of Gershon by their clans: Libni and Shimei.
19 ULB আৰু নিজ নিজ বংশ অনুসাৰে কহাতৰ পুতেক সকলৰ নাম অম্ৰম, যিচহৰ, হিব্ৰোণ আৰু উজ্জীয়েল। BSB BSB: The sons of Kohath by their clans were Amram, Izhar, Hebron, and Uzziel.
20 ULB আৰু নিজ নিজ বংশ অনুসাৰে মৰাৰীৰ পুতেক সকলৰ নাম মহলী আৰু মূচী। নিজ নিজ পিতৃ-বংশ অনুসাৰে এই সকলেই লেবীয়াসকলৰ বংশ। BSB BSB: And the sons of Merari by their clans were Mahli and Mushi. These were the clans of the Levites, according to their families.
21 ULB গেৰ্চোনৰ পৰা লিবনীয়া সকলৰ বংশ আৰু চিমীয়ীয়া সকলৰ বংশ উৎপন্ন হ’ল। এওঁলোকেই হ‘ল গেৰ্চোনীয়া সকলৰ বংশ। BSB BSB: From Gershon came the Libnite clan and the Shimeite clan; these were the Gershonite clans.
22 ULB এওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষকে গণনা কৰা হ’ল, এওঁলোকৰ গণিত লোক সাত হাজাৰ পাঁচশ জন আছিল। BSB BSB: The number of all the males a month old or more was 7,500.
23 ULB গেৰ্চোনীয়া সকলৰ দুই বংশই আবাসৰ পশ্চিম দিশে তম্বু তৰি থাকিব। BSB BSB: The Gershonite clans were to camp on the west, behind the tabernacle,
24 ULB আৰু লায়েলৰ পুত্ৰ ইলিয়াচফ গেৰ্চোনীয়া সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব। BSB BSB: and the leader of the families of the Gershonites was Eliasaph son of Lael.
25 ULB গেৰ্চোনৰ পৰিয়ালে আবাসৰ আৱৰণৰ ভিতৰত থকা সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰ্দ্দাৰ যত্ন ল’ব। পৰ্দা তম্বু, তাৰ আৱৰণ আৰু প্রবেশ দুৱাৰৰ পৰ্দাবোৰৰ যত্ন ল’ব। BSB BSB: The duties of the Gershonites at the Tent of Meeting were the tabernacle and tent, its covering, the curtain for the entrance to the Tent of Meeting,
26 ULB আবাসৰ আৰু যজ্ঞ-বেদিৰ চাৰিওফালে থকা চোতালৰ আঁৰ কাপোৰবোৰ আৰু তাৰ দুৱাৰৰ পৰ্দ্দাবোৰৰ যত্ন ল’ব। তাৰ আটাই কামৰ ৰছী, সাক্ষাৎ কৰা তম্বুৰ এই সকলো বস্তু তেওঁলোকৰ জিম্মাত থাকিব। BSB BSB: the curtains of the courtyard, the curtain for the entrance to the courtyard that surrounds the tabernacle and altar, and the cords—all the service for these items.
27 ULB আৰু কহাতৰ পৰা অম্ৰীময়া সকলৰ বংশ, যিচহৰীয়া সকলৰ বংশ, হিব্ৰোণীয়া সকলৰ বংশ আৰু উজ্জীয়েলীয়া সকলৰ বংশ উৎপন্ন হ’ল; এই সকলো কহাতীয়া সকলৰ গোষ্ঠী। BSB BSB: From Kohath came the clans of the Amramites, the Izharites, the Hebronites, and the Uzzielites; these were the clans of the Kohathites.
28 ULB এওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ সংখ্যা আঠ হাজাৰ ছশ জন, পবিত্ৰস্থানৰ যি যি কৰিবলগীয়া, তাক এওঁলোকেই কৰিব। BSB BSB: The number of all the males a month old or more was 8,600. They were responsible for the duties of the sanctuary.
29 ULB কহাতৰ সন্তান সকলৰ বংশবোৰে আবাসৰ দক্ষিণফালে তম্বু কৰি থাকিব। BSB BSB: The clans of the Kohathites were to camp on the south side of the tabernacle,
30 ULB আৰু উজ্জীয়েলৰ পুত্ৰ ইলিচাফন কহাতীয়া গোষ্ঠী সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব। BSB BSB: and the leader of the families of the Kohathites was Elizaphan son of Uzziel.
31 ULB আৰু চন্দুক, মেজ, দীপাধাৰ বেদিবোৰ, পবিত্ৰস্থানৰ পৰিচৰ্য্যা কৰা আটাই বস্তুবোৰ যত্ন ল’ব। আৰু আঁৰ কৰি ৰখা বস্ত্ৰ এইবোৰ তেওঁলোকৰ জিম্মাত থাকিব আৰু তাৰ সম্পৰ্কীয় সকলো কাৰ্য্য তেওঁলোকে কৰিব। BSB BSB: Their duties were the ark, the table, the lampstand, the altars, the articles of the sanctuary used with them, and the curtain—all the service for these items.
32 ULB আৰু হাৰোণ পুৰোহিতৰ পুত্ৰ ইলিয়াজৰ লেবীয়া সকলৰ অধ্যক্ষৰো অধ্যক্ষ হ’ব। যিসকলৰ জিম্মাত পবিত্ৰস্থান থাকিব, তেওঁলোকৰ ওপৰত তেওঁ নিযুক্ত হ’ব। BSB BSB: The chief of the leaders of the Levites was Eleazar son of Aaron the priest; he oversaw those responsible for the duties of the sanctuary.
33 ULB আৰু মৰাৰীৰ পৰা মহলীয়া সকলৰ বংশ আৰু মুচীয়া সকলৰ বংশ উৎপন্ন হ’ল। এওঁলোকেই মৰাৰীয়া সকলৰ গোষ্ঠী। BSB BSB: From Merari came the clans of the Mahlites and Mushites; these were the Merarite clans.
34 ULB এওঁলোকৰ এমাহ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ সংখ্যা ছয় হাজাৰ দুশ জন। BSB BSB: The number of all the males a month old or more was 6,200.
35 ULB অবীহয়িলৰ পুত্ৰ চুৰীয়েল মৰাৰীৰ গোষ্ঠী সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব। তেওঁলোকে আবাসৰ উত্তৰফালে কাষত তম্বু তৰি থাকিব। BSB BSB: The leader of the families of the Merarites was Zuriel son of Abihail; they were to camp on the north side of the tabernacle.
36 ULB আৰু আবাসৰ তক্তা, তাৰ ডাং, তাৰ খুটা, তাৰ চুঙী আৰু তাৰ সকলো বস্তু মৰাৰীৰ সন্তান সকলৰ জিম্মাত থাকিব আৰু তাৰ সম্পৰ্কীয় আটাই কাৰ্য্য তেওঁলোকে কৰিব, BSB BSB: The duties assigned to the sons of Merari were the tabernacle’s frames, crossbars, posts, bases, and all its equipment—all the service for these items,
37 ULB লগত চোতালৰ চাৰিওফালে থকা খুটাবোৰ আৰু সেইবোৰৰ চুঙী, খুটি আৰু ৰছী তেওঁলোকৰ জিম্মাত থাকিব। BSB BSB: as well as the posts of the surrounding courtyard with their bases, tent pegs, and ropes.
38 ULB পাছে মোচি, হাৰোণ আৰু তেওঁৰ পুত্রসকলে পূৱফালে আবাসৰ আগত, সূৰ্য্য উদয় হোৱা ফালে, সাক্ষাৎ কৰা তম্বুৰ আগত তম্বু তৰি থাকিব। ইস্ৰায়েলৰ সন্তান সকলৰ পবিত্ৰ স্থানৰ বিষয়ে যি কৰিব লগীয়া, তাৰ কাৰ্য্য তেওঁলোকৰ জিম্মাত থাকিব। বিদেশী যি কোনো লোক তাৰ ওচৰ চাপিলে তেওঁৰ প্ৰাণদণ্ড হ’ব। BSB BSB: Moses, Aaron, and Aaron’s sons were to camp to the east of the tabernacle, toward the sunrise, before the Tent of Meeting. They were to perform the duties of the sanctuary as a service on behalf of the Israelites; but any outsider who approached the sanctuary was to be put to death.
39 ULB মোচি আৰু হাৰোণে যিহোৱাৰ আজ্ঞাৰ দৰে নিজ নিজ বংশ অনুসাৰে যি লেবীয়া সকলক গণনা কৰিলে, লেবীয়া সকলৰ সেই গণিত লোক, এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষৰ সংখ্যা সৰ্ব্বমুঠ বাইচ হাজাৰ। BSB BSB: The total number of Levites that Moses and Aaron counted by their clans at the LORD’s command, including all the males a month old or more, was 22,000.
40 ULB পাছে যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ, এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া প্ৰথমে জন্ম পোৱা সকলো পুৰুষক গণনা কৰা আৰু তেওঁলোকৰ নামৰ তালিকা কৰা। BSB BSB: Then the LORD said to Moses, “Number every firstborn male of the Israelites a month old or more, and list their names.
41 ULB আৰু মোৰ অৰ্থে, তুমি ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা আটাই মানুহৰ সলনি লেবীয়া সকলক গ্রহণ কৰা। ময়েই যিহোৱা। আৰু ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জগা আটাই পশুৰ সলনি লেবীয়া সকলৰ পশুবোৰ গ্ৰহণ কৰা।” BSB BSB: You are to take the Levites for Me—I am the LORD—in place of all the firstborn of Israel, and the livestock of the Levites in place of all the firstborn of the livestock of the Israelites.”
42 ULB মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ প্ৰথমে জন্মা আটাই লোকসকলক গণনা কৰিলে। BSB BSB: So Moses numbered all the firstborn of the Israelites, as the LORD had commanded him.
43 ULB তেওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া প্ৰথমে জন্মা সকলো পুৰুষৰ নামে সৈতে তেওঁ গণনা কৰিলে। তেওঁৰ গণনাত সংখ্যা বাইশ হাজাৰ দুশ ত্ৰেসত্তৰ জন হ’ল। BSB BSB: The total number of the firstborn males a month old or more, listed by name, was 22,273.
44 ULB পাছে যিহোৱাই মোচিক কথা ক’লে। তেওঁ ক’লে, BSB BSB: Again the LORD spoke to Moses, saying,
45 ULB “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা আটাই লোকৰ সলনি লেবীয়া সকলক লোৱা। আৰু তেওঁলোকৰ পশুবোৰৰ সলনি লেবীয়া সকলৰ পশুবোৰ লোৱা। লেবীয়া সকল মোৰেই হ’ব। ময়েই যিহোৱা। BSB BSB: “Take the Levites in place of all the firstborn of Israel, and the livestock of the Levites in place of their livestock. The Levites belong to Me; I am the LORD.
46 ULB তেওঁলোকক মোকলাবৰ বাবে, ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্ম পোৱা সকলৰ মাজত লেবীয়া সকলৰ সংখ্যাতকৈ বঢ়া যি দুশ ত্ৰেসত্তৰ জন লোক আছে, BSB BSB: To redeem the 273 firstborn Israelites who outnumber the Levites,
47 ULB তুমি তেওঁলোকৰ সলনি এজন এজনৰ সলনি পাঁচ পাঁচ চেকল ল’বা; বিশ গেৰাই এক চেকল হয়। BSB BSB: you are to collect five shekels for each one, according to the sanctuary shekel of twenty gerahs.
48 ULB আৰু সেই সংখ্যাতকৈ বঢ়া লোকসকলক যি ধনেৰে মোকলোৱা হ’ব, সেই ধন হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক দিবা।” BSB BSB: Give the money to Aaron and his sons as the redemption price for the excess among the Israelites.”
49 ULB তেতিয়া লেবীয়া সকলৰ যোগেদি মোক লোৱা লোক সকলৰ বাহিৰে যি লোক বাঢ়ি আছিল, তেওঁলোকক মোকলোৱা ধন মোচিয়ে সংগ্রহ কৰিলে। BSB BSB: So Moses collected the redemption money from those in excess of the number redeemed by the Levites.
50 ULB তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্ম পোৱা লোকসকলৰ পৰা পবিত্ৰস্থানৰ চেকল অনুসাৰে সেই ধন এক হাজাৰ তিনিশ পঁয়ষষ্ঠি চেকল সংগ্রহ কৰিলে। BSB BSB: He collected the money from the firstborn of the Israelites: 1,365 shekels, according to the sanctuary shekel.
51 ULB পাছত যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে সকলো কৰিলে, যিহোৱাই যিদৰে মোচিক আজ্ঞা দিছিল, মোচিয়ে সেই মোকলোৱা ধন হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক দিলে। BSB BSB: And Moses gave the redemption money to Aaron and his sons in obedience to the word of the LORD, just as the LORD had commanded him.
Select verses for actions: Enter goes to them and Escape comes back.