2 ULB “তোমালোকে লেবীৰ সন্তানসকলৰ মাজত নিজ নিজ বংশ আৰু পিতৃ-বংশ অনুসাৰে কহাতৰ সন্তানসকলৰ লোকপিয়ল গণনা কৰিবলৈ পৰিচালনা কৰা। BSB BSB: “Take a census of the Kohathites among the Levites by their clans and families,
3 ULB ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান পুৰুষ সাক্ষাৎ কৰা তেওঁলোকৰ লেখ লোৱা। তম্বুৰ কাৰ্য্য কৰিবলৈ কৰ্ম্মচাৰীবোৰৰ শ্ৰেণীত, এই লোকসকল অন্তৰ্ভুক্ত হ’ব লাগিব। BSB BSB: men from thirty to fifty years old—everyone who is qualified to serve in the work at the Tent of Meeting.
4 ULB মোৰ বাবে সংৰক্ষিত কৰি ৰখা অতিশয় পবিত্ৰ বস্তুৰ বিষয়ে কহাতীয়াসকলে সাক্ষাৎ কৰা তম্বুৰ কাম কৰিব লাগিব। BSB BSB: This service of the Kohathites at the Tent of Meeting regards the most holy things.
5 ULB যেতিয়া ছাউনি উঠিব লগা হ’ব, তেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তম্বুৰ ভিতৰত সোমাই, আঁৰ কৰি ৰখা প্ৰভেদক বস্ত্ৰ নমাই তাৰে সাক্ষ্য-ফলিৰ চন্দুক ঢাকিব। BSB BSB: Whenever the camp sets out, Aaron and his sons are to go in, take down the veil of the curtain, and cover the ark of the Testimony with it.
6 ULB তেওঁলোকে তাৰ ওপৰত তহচৰ ছালৰ এক আৱৰণ দিব। তেওঁলোকে তাৰ ওপৰত সম্পূৰ্ণ নীল বৰণীয়া এখন বস্ত্ৰ মেলি দিব। তেওঁলোকে তাক বৈ নিবলৈ তাত কানমাৰি সুমুৱাব। BSB BSB: They are to place over this a covering of fine leather, spread a solid blue cloth over it, and insert its poles.
7 ULB আৰু তেওঁলোকে দৰ্শন পিঠাৰ মেজৰ ওপৰত এখন নীল বৰণীয়া কাপোৰ পাৰিব। তাৰ ওপৰত তেওঁলোকে থাল, পিয়লা, বাটি, আৰু পেয় নৈবেদ্য দ্ৰাক্ষাৰসৰ পাত্ৰ থব। আৰু নিত্য পিঠা সদায় তাৰ ওপৰত ৰাখিব। BSB BSB: Over the table of the Presence they are to spread a blue cloth and place the plates and cups on it, along with the bowls and pitchers for the drink offering. The regular bread offering is to remain on it.
8 ULB সেইবোৰৰ ওপৰত তেওঁলোকে ৰঙা বৰণীয়া কাপোৰ এখন মেলি দিব আৰু তহচৰ ছালৰ এক আৱৰণেৰে তাক ঢাকিব। আৰু তেওঁলোকে তাক কঢ়িয়াই লৈ যাবলৈ তাত কানমাৰি সুমুৱাই দিব। BSB BSB: And they shall spread a scarlet cloth over them, cover them with fine leather, and insert the poles.
9 ULB আৰু এখন নীল বৰণীয়া কাপোৰ লৈ, দীপাধাৰ, তাৰ প্ৰদীপ, শলাকানি-কটা, এঙেৰুৱা ধৰা আৰু তাৰ পৰিচৰ্য্যা কৰা গোটেই তেলৰ পাত্ৰ ঢাকিব। BSB BSB: They are to take a blue cloth and cover the lampstand used for light, together with its lamps, wick trimmers, and trays, as well as the jars of oil with which to supply it.
10 ULB তাক আৰু তাৰ সকলো সঁজুলি তহচৰ ছালৰ এক আৱৰণেৰে মেৰাই লৈ এখন বৈ নিয়া যতনৰ ওপৰত থ’ব। BSB BSB: Then they shall wrap it and all its utensils inside a covering of fine leather and put it on the carrying frame.
11 ULB পাছত তেওঁলোকে সোণৰ বেদিৰ ওপৰত নীল বৰণীয়া কাপোৰ পাৰি দিব। তহচৰ ছালৰ এক আৱৰণেৰে তাক ঢাকিব আৰু পাছত বৈ নিয়া কানমাৰি সুমুৱাই দিব। BSB BSB: Over the gold altar they are to spread a blue cloth, cover it with fine leather, and insert the poles.
12 ULB তেওঁলোকে পবিত্ৰস্থানত পৰিচৰ্য্যা কৰিব লগা সকলো সা-সৰঞ্জাম লৈ, নীল বৰণীয়া কাপোৰেৰে মেৰাব। আৰু তেওঁলোকে তহচৰ ছালৰ এক আৱৰণেৰে ঢাকি, তাক বৈ নিয়া যতনৰ ওপৰত ৰাখিব। BSB BSB: They are to take all the utensils for serving in the sanctuary, place them in a blue cloth, cover them with fine leather, and put them on the carrying frame.
13 ULB আৰু যজ্ঞ বেদিৰ পৰা ছাই উলিয়াই পেলাই দি, তাৰ ওপৰত এখন বেঙেনা বৰণীয়া কাপোৰ পাৰিব। BSB BSB: Then they shall remove the ashes from the bronze altar, spread a purple cloth over it,
14 ULB আৰু তাৰ ওপৰত তাৰ পৰিচৰ্য্যা কৰিব লগা আটাই সঁজুলি আদি বেদিৰ সকলো পাত্ৰ ৰাখিব। তেওঁলোকে অৰ্থাৎ আঙঠা-ধৰা, ত্ৰিশূল, ছাই উলিয়াওঁৱা হেতা, তেজ ছটিওৱা পাত্ৰ, পাছে তেওঁবিলাকে তাৰ ওপৰত তহচৰ ছালৰ এক আৱৰণ দি, কানমাৰি সুমুৱাই দি তাক ঢাকি ৰাখিব। BSB BSB: and place on it all the vessels used to serve there: the firepans, meat forks, shovels, and sprinkling bowls—all the equipment of the altar. They are to spread over it a covering of fine leather and insert the poles.
16 ULB আৰু প্ৰদীপৰ অৰ্থে তেল, সুগন্ধি ধূপ, নিত্য ভক্ষ্য নৈবেদ্য, অভিষেকাৰ্থক তেল, হাৰোণ পুৰোহিতৰ পুত্ৰ ইলিয়াজৰৰ জিম্মাত থাকিব। গোটেই আবাস আৰু তাত থকা সকলো পবিত্ৰস্থান আৰু তাৰ সকলো বস্তু তেওঁৰ জিম্মাত থাকিব। BSB BSB: Eleazar son of Aaron the priest shall oversee the oil for the light, the fragrant incense, the daily grain offering, and the anointing oil. He has oversight of the entire tabernacle and everything in it, including the holy objects and their utensils.”
17 ULB পাছে যিহোৱাই মোচি আৰু হাৰোণক কথা কৈছিল। তেওঁ ক’লে, BSB BSB: Then the LORD said to Moses and Aaron,
18 ULB “তোমালোকে লেবীয়াসকলৰ মাজৰ পৰা কহাতীয়া গোষ্ঠীৰ বংশক উচ্ছন্ন হ’বলৈ নিদিবা। BSB BSB: “Do not allow the Kohathite tribal clans to be cut off from among the Levites.
19 ULB তেওঁলোকক সুৰক্ষিত কৰি ৰাখিবা, এইবোৰ কৰাৰ দ্বাৰাই তেওঁলোক নমৰিব, কিন্তু জীয়াই থাকিব। যেতিয়া তেওঁলোকে অতি পবিত্ৰস্থানৰ ওচৰ চাপে, BSB BSB: In order that they may live and not die when they come near the most holy things, do this for them: Aaron and his sons are to go in and assign each man his task and what he is to carry.
20 ULB তেতিয়া কিন্তু তেওঁলোকে মৰা নপৰিবৰ বাবে পবিত্ৰ বস্তুবোৰ খন্তেকৰ বাবে চাবলৈ পবিত্রস্থানৰ ভিতৰলৈ নাহিব। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে ভিতৰত সোমাই কহাতীয়াসকলৰ প্ৰতিজনক নিজ নিজ কৰিব লগীয়া কামত আৰু নিযুক্ত কৰিব।” BSB BSB: But the Kohathites are not to go in and look at the holy objects, even for a moment, or they will die.”
21 ULB যিহোৱাই মোচিক পুনৰ কথা ক’লে। তেওঁ ক’লে, BSB BSB: And the LORD said to Moses,
22 ULB “তুমি পিতৃ-বংশ আৰু বংশানুসাৰে গেৰ্চোনৰ সন্তান সকলৰো লোকপিয়ল পৰিচালনা কৰিবা। BSB BSB: “Take a census of the Gershonites as well, by their families and clans,
23 ULB ত্ৰিশ বছৰ বয়সৰে পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য্য কৰিবলৈ কৰ্ম্মকাৰীসকলৰ শ্ৰেণীত সোমায়, তেওঁলোকক গণনা কৰা। BSB BSB: from thirty to fifty years old, counting everyone who comes to serve in the work at the Tent of Meeting.
24 ULB পৰিচৰ্যা আৰু ভাৰ বৈ লৈ যোৱাই গেৰ্চোনীয়া গোষ্ঠীসকলৰ কাম আছিল। BSB BSB: This is the service of the Gershonite clans regarding work and transport:
25 ULB তেওঁলোকে আবাসৰ কাপোৰবোৰ সাক্ষাৎ কৰা তম্বু, তাৰ আৱৰণ, তাৰ ওপৰত থকা তহচৰ ছালৰ আৱৰণ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰ্দ্দা এই সকলো বৈ লৈ যাব লাগিব। BSB BSB: They are to carry the curtains of the tabernacle, the Tent of Meeting with the covering of fine leather over it, the curtains for the entrance to the Tent of Meeting,
26 ULB আবাসৰ আৰু যজ্ঞ-বেদিৰ চাৰিওফালে থকা চোতালৰ আঁৰ কাপোৰবোৰ আৰু তাৰ দুৱাৰৰ পৰ্দ্দা, সেইবোৰৰ ৰছী আৰু তাৰ কাম কৰা আটাই হাতিয়াৰ, এইবোৰ তেওঁলোকে বব আৰু এইবোৰৰ সম্পৰ্কীয় যি যি কাম কৰিব লগা হ’ব, তাকো কৰিব লাগিব। BSB BSB: the curtains of the courtyard, and the curtains for the entrance at the gate of the courtyard that surrounds the tabernacle and altar, along with their ropes and all the equipment for their service. The Gershonites will do all that needs to be done with these items.
27 ULB গেৰ্চোনৰ সন্তানসকলৰ সকলো ভাৰ বোৱা কাৰ্য্য, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ আজ্ঞা অনুসাৰে হ’ব। ভাৰ বোৱা আটাই বস্তু তোমালোকে তেওঁলোকৰ জিম্মালৈ দিবা। BSB BSB: All the service of the Gershonites—all their transport duties and other work—is to be done at the direction of Aaron and his sons; you are to assign to them all that they are responsible to carry.
28 ULB গেৰ্চোনৰ সন্তানসকলৰ গোষ্ঠীসকলে সাক্ষাৎ কৰা তম্বুৰ কৰিব লগা কাম এয়ে। আৰু তেওঁলোকে কৰিব লগা কাম হাৰোণৰ পুত্ৰ ঈথামৰৰ জিম্মাত থাকিব। BSB BSB: This is the service of the Gershonite clans at the Tent of Meeting, and their duties shall be under the direction of Ithamar son of Aaron the priest.
29 ULB পাছত নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে মৰাৰীৰ সন্তানসকলকো তুমি গণনা কৰা, BSB BSB: As for the sons of Merari, you are to number them by their clans and families,
30 ULB ত্ৰিশ বছৰ বয়সৰে পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য্য কৰিবলৈ কৰ্ম্মকাৰীসকলৰ শ্ৰেণীত সোমায়, তেওঁলোকক গণনা কৰা। BSB BSB: from thirty to fifty years old, counting everyone who comes to serve in the work of the Tent of Meeting.
31 ULB আৰু সাক্ষাৎ কৰা তম্বুৰ তেওঁলোকৰ সকলো কাৰ্য্য অনুসাৰে তেওঁলোকৰ জিম্মাত থকা তেওঁলোকে বৈ নিব লগা বস্তু এই- আবাসৰ তক্তা, তাৰ ডাং, খুটা, চুঙী, BSB BSB: This is the duty for all their service at the Tent of Meeting: to carry the frames of the tabernacle with its crossbars, posts, and bases,
32 ULB আৰু চোতালৰ চাৰিওফালে থকা খুটা, সেইবোৰৰ চুঙী, খুটি, ৰছী আৰু তাৰ আটাই কাৰ্য্যৰ হাতিয়াৰ; তোমালোকে নাম ধৰি ধৰি, তেওঁলোকে বৈ নিব লগা সকলো বস্তু তেওঁলোকক গতাই দিবা। BSB BSB: and the posts of the surrounding courtyard with their bases, tent pegs, and ropes, including all their equipment and everything related to their use. You shall assign by name the items that they are responsible to carry.
33 ULB মৰাৰীৰ সন্তানসকলৰ গোষ্ঠীসকলে তেওঁলোকৰ সকলো কাৰ্য্য অনুসাৰে সাক্ষাৎ কৰিব লগা তম্বুৰ কৰিব লগা কাৰ্য্য এয়ে। তেওঁলোকৰ কাৰ্য্য হাৰোণ পুৰোহিতৰ পুত্ৰ ঈথামৰৰ জিম্মাত থাকিব। BSB BSB: This is the service of the Merarite clans according to all their work at the Tent of Meeting, under the direction of Ithamar son of Aaron the priest.”
34 ULB পাছত মোচি, হাৰোণ আৰু মণ্ডলীৰ অধ্যক্ষসকলে কহাতৰ সন্তানসকলৰ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰিলে। BSB BSB: So Moses, Aaron, and the leaders of the congregation numbered the Kohathites by their clans and families,
35 ULB তেওঁলোকৰ মাজৰ পৰা ত্ৰিশ বছৰ বয়সৰে পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য্য কৰিবলৈ কৰ্ম্মকাৰীসকলৰ শ্ৰেণীত সোমাল, তেওঁলোকক গণনা কৰিলে। BSB BSB: everyone from thirty to fifty years old who came to serve in the work at the Tent of Meeting.
36 ULB তেতিয়া তেওঁলোকৰ গোষ্ঠী অনুসাৰে তেওঁলোকৰ গণিত লোক দুই হাজাৰ সাতশ পঞ্চাশ জন হ’ল। BSB BSB: And those numbered by their clans totaled 2,750.
37 ULB মোচিৰ যোগেদি দিয়া যিহোৱাৰ আজ্ঞা মতে যিসকলক মোচি আৰু হাৰোণে গণনা কৰিলে, সাক্ষাৎ কৰা তম্বুৰ কাম কৰা, কহাতীয়া গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল। BSB BSB: These were counted from the Kohathite clans, everyone who could serve at the Tent of Meeting. Moses and Aaron numbered them according to the command of the LORD through Moses.
38 ULB গেৰ্চোনৰ সন্তানসকলৰ মাজত, যিসকলক নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰা হ’ল, BSB BSB: Then the Gershonites were numbered by their clans and families,
39 ULB ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাম কৰিবলৈ কৰ্ম্মকাৰীসকলৰ শ্ৰেণীত সোমাল, BSB BSB: everyone from thirty to fifty years old who came to serve in the work at the Tent of Meeting.
40 ULB নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে তেওঁলোকৰ মাজৰ সেই গণিত লোক দুই হাজাৰ ছশ ত্ৰিশ জন হ’ল। BSB BSB: And those numbered by their clans and families totaled 2,630.
41 ULB যিহোৱাই আজ্ঞা কৰাৰ দৰে মোচি আৰু হাৰোণে যিসকলক গণনা কৰিলে, সাক্ষাৎ কৰা তম্বুৰ কাৰ্য্য কৰা গেৰ্চোনৰ গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল। BSB BSB: These were counted from the Gershonite clans who served at the Tent of Meeting, whom Moses and Aaron counted at the LORD’s command.
42 ULB আৰু মৰাৰীৰ সন্তানসকলৰ গোষ্ঠীসকলৰ মাজত যিসকলক নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰা হ’ল, BSB BSB: And the Merarites were numbered by their clans and families,
43 ULB ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য্য কৰিবলৈ কৰ্ম্মকাৰীসকলৰ শ্ৰেণীত সোমাল, BSB BSB: everyone from thirty to fifty years old who came to serve in the work at the Tent of Meeting.
44 ULB নিজ নিজ গোষ্ঠী অনুসাৰে তেওঁসকলৰ মাজৰ সেই গণিত লোক তিনি হাজাৰ দুশ জন হ’ল। BSB BSB: The men registered by their clans numbered 3,200.
45 ULB মোচিৰ যোগেদি যিহোৱাই আজ্ঞা কৰাৰ দৰে মোচি আৰু হাৰোণে যিসকলক গণনা কৰিলে, মৰাৰীৰ সন্তানসকলৰ গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল। BSB BSB: These were counted from the Merarite clans, whom Moses and Aaron numbered at the LORD’s command through Moses.
46 ULB নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে, মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ অধ্যক্ষ সকলে গণনা কৰা, লেবীয়া লোকসকলৰ যিমান লোকক গণনা কৰা হ’ল, BSB BSB: So Moses, Aaron, and the leaders of Israel numbered by their clans and families all the Levites
47 ULB ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক দাস্যকৰ্ম্ম কৰিবলৈ, সাক্ষাৎ কৰা তম্বুৰ ভাৰ বোৱা কাম কৰিবলৈ সোমাল, BSB BSB: from thirty to fifty years old who came to do the work of serving and carrying the Tent of Meeting.
48 ULB তেওঁলোকৰ মাজৰ সেই গণিত লোক আঠ হাজাৰ পাঁচশ আশী জন হ’ল। BSB BSB: And the number of men was 8,580.
49 ULB কি কি কামত আৰু কি কি ভাৰত কিমান মানুহ লাগিব, তাক যিহোৱাৰ আজ্ঞাৰ দৰে মোচিৰ যোগেদি গণনা কৰা হ’ল। এইদৰে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই তেওঁলোক তেওঁৰ যোগেদি গণিত হ’ল। BSB BSB: At the LORD’s command through Moses they were numbered, and each one was assigned his work and burden, as the LORD had commanded Moses.
Select verses for actions: Enter goes to them and Escape comes back.