1 ULB পাছত যিহোৱাই মোচিক ক’লে, BSB BSB: Then the LORD said to Moses,
2 ULB “তুমি ইস্ৰায়েলৰ সন্তানসকলক এই আজ্ঞা দিয়া, তেওঁলোকক এই কথা কোৱা, ‘যেতিয়া তোমালোক কনান দেশত সোমাবা,(তোমালোকে অধিকাৰৰ অৰ্থে পাব লগা দেশ এই, চাৰিসীমা অনুসাৰে এয়ে কনান দেশ), BSB BSB: “Command the Israelites and say to them: When you enter the land of Canaan, it will be allotted to you as an inheritance with these boundaries:
3 ULB তেতিয়া ইদোমৰ কাষত থকা ছিন মৰুভূমিৰ পৰা তোমালোকৰ দক্ষিণ অঞ্চল হ’ব; তোমালোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰৰ অন্তৰ পৰা পূৱফালে হ’ব। BSB BSB: Your southern border will extend from the Wilderness of Zin along the border of Edom. On the east, your southern border will run from the end of the Salt Sea,
4 ULB আৰু তোমালোকৰ সীমা পৰ্ব্বত পাৰ হৈ যোৱা অক্ৰব্বীম নামেৰে ঠাইৰ দক্ষিণে ঘূৰি ছিনলৈকে যাব আৰু কাদেচ-বৰ্ণেয়াৰ দক্ষিণফালে ওলাব আৰু হচৰ-অদ্দৰ ওলাই অশ্মোনলৈকে যাব। BSB BSB: cross south of the Ascent of Akrabbim, continue to Zin, and go south of Kadesh-barnea. Then it will go on to Hazar-addar and proceed to Azmon,
5 ULB পাছত এই সীমা অশ্মোনৰ পৰা মিচৰ জুৰিলৈ ঘূৰি আহিব আৰু সমুদ্ৰতত এই সীমা শেষ হ’ব। BSB BSB: where it will turn from Azmon, join the Brook of Egypt, and end at the Sea.
6 ULB আৰু তোমালোকৰ পশ্চিম সীমা হ’লে, মহাসাগৰ আৰু তাৰ অঞ্চল; এয়ে তোমালোকৰ পশ্চিম সীমা হ’ব। BSB BSB: Your western border will be the coastline of the Great Sea; this will be your boundary on the west.
7 ULB আৰু তোমালোকৰ উত্তৰ সীমা এই; তোমালোকে মহাসাগৰ পৰা হোৰ পৰ্ব্বত লক্ষ্য কৰিবা। BSB BSB: Your northern border will run from the Great Sea directly to Mount Hor,
8 ULB পাছত হোৰ পৰ্ব্বতৰ পৰা হমাতৰ প্ৰৱেশস্থানলৈকে ঠিক কৰিবা আৰু তাৰ পৰা সেই সীমা ওলাই চাদদ পাব। BSB BSB: and from Mount Hor to Lebo-hamath, then extend to Zedad,
9 ULB আৰু সেই সীমা বাহিৰ হৈ জিফ্ৰোণলৈ যাব আৰু হচৰ-ঐননত তাৰ শেষ হ’ব। এয়ে তোমালোকৰ উত্তৰ সীমা হ’ব। BSB BSB: continue to Ziphron, and end at Hazar-enan. This will be your boundary on the north.
10 ULB আৰু তোমালোকে হচৰ-ঐননৰ পৰা চফামলৈকে তোমালোকৰ পূৱ সীমা ঠিক কৰিবা। BSB BSB: And your eastern border will run straight from Hazar-enan to Shepham,
11 ULB পাছে সেই সীমা চফামৰ পৰা ঐনৰ পূৱফাল হৈ ৰিব্লালৈ নামি যাব; সেয়ে আৰু নামি কিন্নেৰৎ সাগৰৰ পূৱ চুকত লাগিব। BSB BSB: then go down from Shepham to Riblah on the east side of Ain and continue along the slopes east of the Sea of Chinnereth.
12 ULB পাছত সেই সীমা যৰ্দ্দনলৈ নামি লৱণ-সমুদ্ৰত তাৰ শেষ হ’ব। সেই চাৰিফালৰ সীমা অনুসাৰেই তোমালোকৰ দেশ হ’ব’।” BSB BSB: Then the border will go down along the Jordan and end at the Salt Sea. This will be your land, defined by its borders on all sides.”
13 ULB পুনৰায় মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক এই আজ্ঞা কৰিলে, “যি দেশ তোমালোকে চিঠি-খেলেৰে অধিকাৰ কৰিবা, যি দেশ যিহোৱাই ন-ফৈদ আধা ফৈদক দিবলৈ আজ্ঞা কৰিছে, সেয়ে এই দেশ। BSB BSB: So Moses commanded the Israelites, “Apportion this land by lot as an inheritance. The LORD has commanded that it be given to the nine and a half tribes.
14 ULB কিয়নো নিজ নিজ পিতৃ-বংশ অনুসাৰে ৰূবেণৰ সন্তানসকলৰ ফৈদ আৰু নিজ নিজ পিতৃ-বংশ অনুসাৰে গাদৰ সন্তানসকলৰ ফৈদ আৰু মনচিৰ আধা ফৈদে নিজ নিজ আধিপত্য ল’লে। BSB BSB: For the tribes of the Reubenites and Gadites, along with the half-tribe of Manasseh, have already received their inheritance.
15 ULB যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পূৱ পাৰত সূৰ্য্য ওলোৱা ফালে সেই আঢ়ৈ ফৈদে নিজ নিজ আধিপত্য ল’লে।” BSB BSB: These two and a half tribes have received their inheritance across the Jordan from Jericho, toward the sunrise.”
16 ULB পাছে যিহোৱাই মোচিক ক’লে, BSB BSB: Then the LORD said to Moses,
17 ULB “যিসকলে দেশ ভাগ কৰি তোমালোকক দিব, তেওঁলোকৰ নাম এই, ইলিয়াজৰ পুৰোহিত আৰু নুনৰ পুত্ৰ যিহোচূৱা। BSB BSB: “These are the names of the men who are to assign the land as an inheritance for you: Eleazar the priest and Joshua son of Nun.
18 ULB আৰু আধিপত্যৰ অৰ্থে দেশ ভাগ কৰিবলৈ প্ৰত্যেক ফৈদৰ এজন এজন অধ্যক্ষ ল’বা। BSB BSB: Appoint one leader from each tribe to distribute the land.
19 ULB সেই লোকসকলৰ নাম এই: যিহূদা ফৈদৰ যিফুন্নিৰ পুত্ৰ কালেব। BSB BSB: These are their names: Caleb son of Jephunneh from the tribe of Judah;
20 ULB আৰু চিমিয়োনৰ সন্তানসকলৰ ফৈদৰ অম্মীহূদৰ পুত্ৰ চমূৱেল। BSB BSB: Shemuel son of Ammihud from the tribe of Simeon;
21 ULB আৰু বিন্যামীন ফৈদৰ কিশ্লোনৰ পুত্ৰ ইলীদদ। BSB BSB: Elidad son of Chislon from the tribe of Benjamin;
22 ULB আৰু দানৰ সন্তানবিলাকৰ ফৈদৰ অধ্যক্ষ যগ্লীৰ পুত্ৰ বুক্লী। BSB BSB: Bukki son of Jogli, a leader from the tribe of Dan;
23 ULB আৰু যোচেফৰ পুত্ৰসকলৰ মাজত মনচিৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ এপোদৰ পুত্ৰ হন্নীয়েল। BSB BSB: Hanniel son of Ephod, a leader from the tribe of Manasseh son of Joseph;
24 ULB আৰু ইফ্ৰয়ীমৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ চিপ্তনৰ পুত্ৰ কেমূৱেল। BSB BSB: Kemuel son of Shiphtan, a leader from the tribe of Ephraim;
25 ULB আৰু জবূলূনৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ পৰ্ণাকৰ পুত্ৰ ইলিচাফন। BSB BSB: Eli-zaphan son of Parnach, a leader from the tribe of Zebulun;
26 ULB আৰু ইচাখৰৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ অজ্জনৰ পুত্ৰ পল্টীয়েল। BSB BSB: Paltiel son of Azzan, a leader from the tribe of Issachar;
27 ULB আৰু আচেৰৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ চলোমীৰ পুত্ৰ অহীহূদ। BSB BSB: Ahihud son of Shelomi, a leader from the tribe of Asher;
28 ULB আৰু নপ্তালীৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ অম্মীহূদৰ পুত্ৰ পদহেল। BSB BSB: and Pedahel son of Ammihud, a leader from the tribe of Naphtali.”
29 ULB কনান দেশত ইস্ৰায়েলৰ সন্তানসকলৰ কাৰণে আধিপত্য ভাগ কৰি দিবলৈ যিহোৱাই এই সকলো লোকক আজ্ঞা কৰিলে।| BSB BSB: These are the ones whom the LORD commanded to apportion the inheritance to the Israelites in the land of Canaan.
Select verses for actions: Enter goes to them and Escape comes back.