1 ULB জ্ঞানৱান সন্তানে নিজৰ পিতৃৰ কথা শুনে; কিন্তু নিন্দকে অনুযোগ নুশুনে। BSB BSB: A wise son heeds his father’s discipline, but a mocker does not listen to rebuke.
2 ULB মানুহে নিজৰ মুখৰ ফলৰ দ্বাৰাই মঙ্গল ভোগ কৰে; কিন্তু বিশ্বাসঘাতকে অত্যাচাৰলৈ অভিলাষ কৰে। BSB BSB: From the fruit of his lips a man enjoys good things, but the desire of the faithless is violence.
3 ULB যিজনে নিজৰ মুখ চম্ভালে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যিজনে মুখ বহলকৈ মেলে, তেওঁৰ সৰ্ব্বনাশ হয়। BSB BSB: He who guards his mouth protects his life, but the one who opens his lips invites his own ruin.
4 ULB এলেহুৱাই ইচ্ছা কৰিলেও একো নাপায়; কিন্তু পৰিশ্ৰমীজনে ইচ্ছা কৰিলে সম্পূৰ্ণভাৱে সন্তুষ্ট হয়। BSB BSB: The slacker craves yet has nothing, but the soul of the diligent is fully satisfied.
5 ULB সত্যতাত চলাজনে মিছা কথা ঘিণ কৰে; কিন্তু দুষ্টলোকে নিজকে বিৰক্ত কৰে আৰু তেওঁ লজ্জাজনক কাৰ্য কৰে। BSB BSB: The righteous hate falsehood, but the wicked bring shame and disgrace.
6 ULB যেতিয়া এজন লোকে সত্যতাত চলে, তেওঁ ন্যয়ৰ পথ সুৰক্ষিত কৰে। কিন্তু দুষ্টলোকসকল তেওঁলোকৰ পাপৰ কাৰণে বিনষ্ট হয়। BSB BSB: Righteousness guards the man of integrity, but wickedness undermines the sinner.
7 ULB এনে লোক আছে, যিয়ে নিজকে ধনী দেখুৱাই, কিন্তু তেওঁৰ একো নাথাকে; আৰু এনে লোকো আছে যি সকলো দান কৰে, তথাপি তেওঁ প্রকৃততেই ধনৱান। BSB BSB: One pretends to be rich, but has nothing; another pretends to be poor, yet has great wealth.
8 ULB এজন ধনী লোকে নিজৰ সম্পত্তিৰ দ্বাৰাই নিজৰ জীৱনৰ প্রায়শ্চিত কৰিব পাৰে, কিন্তু এজন দুখীয়া তেনেধৰণৰ ভীতিপ্রদৰ্শনৰ সন্মুখীন নহয়। BSB BSB: Riches may ransom a man’s life, but a poor man hears no threat.
9 ULB যিজনে সত্যতাত চলে, তেওঁৰ প্ৰদীপ প্রজ্বলিত হৈ থাকে; কিন্তু দুষ্টলোকৰ চাকি নুমাই যাব। BSB BSB: The light of the righteous shines brightly, but the lamp of the wicked is extinguished.
10 ULB অহঙ্কাৰে কেৱল বিবাদ জন্মায়; কিন্তু যিসকলে সুপৰামৰ্শ শুনে, তেওঁলোকৰ লগত প্ৰজ্ঞা থাকে। BSB BSB: Arrogance leads only to strife, but wisdom is with the well-advised.
11 ULB অধিক অহঙ্কাৰে সম্পত্তি হ্রাস কৰে; কিন্তু যি জনে পৰিশ্ৰমেৰে ধন উপাৰ্জন কৰে, তেওঁৰ ধন বৃদ্ধি হয়। BSB BSB: Dishonest wealth will dwindle, but what is earned through hard work will be multiplied.
12 ULB যেতিয়া আশা সিদ্ধ হ’বলৈ পলম হয়, তেতিয়া হৃদয় ভাগি পৰে; কিন্তু আকাঙ্ক্ষা সিদ্ধ হোৱাই জীৱনৰ বৃক্ষৰ দৰে। BSB BSB: Hope deferred makes the heart sick, but desire fulfilled is a tree of life.
13 ULB যি জনে নিৰ্দেশ অবজ্ঞা কৰে, তেওঁ তাৰ আলোচনাৰ বিষয় হ’ব; কিন্তু যি জনে আজ্ঞা সন্মান কৰে, তেওঁ পুৰস্কাৰ পায়। BSB BSB: He who despises instruction will pay the penalty, but the one who respects a command will be rewarded.
14 ULB জ্ঞানী লোকৰ শিক্ষা জীৱনৰ ভুমুকস্বৰূপ হয়। মৃত্যু ফান্দৰ পৰা তোমাক আঁতৰাই ৰাখিব। BSB BSB: The teaching of the wise is a fountain of life, turning one from the snares of death.
15 ULB ভাল অন্তদৃষ্টিয়ে অনুগ্ৰহ জয় কৰে; কিন্তু বিশ্বাস-ঘাতকসকলৰ পথ দুৰ্গম। BSB BSB: Good understanding wins favor, but the way of the faithless is difficult.
16 ULB জ্ঞানে প্ৰতিটো সিদ্ধান্ত লওঁতে সুবিবেচনা কৰে; কিন্তু অজ্ঞানী লোকে মুৰ্খতা বিস্তাৰ কৰে। BSB BSB: Every prudent man acts with knowledge, but a fool displays his folly.
17 ULB দুষ্ট বৰ্ত্তাবাহক সমস্যাত পৰে; কিন্তু এজন বিশ্বাসী দূতে পুনৰ মিলন কৰায়। BSB BSB: A wicked messenger falls into trouble, but a faithful envoy brings healing.
18 ULB যি জনে নিয়মানুৱৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ দৰিদ্ৰ হয় আৰু লাজত পৰে; কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা গ্রহণ কৰে, তেওঁ সন্মান পায়। BSB BSB: Poverty and shame come to him who ignores discipline, but whoever heeds correction is honored.
19 ULB বাঞ্ছা সিদ্ধিয়ে আত্মা সন্তুষ্টি দিয়ে; কিন্তু অজ্ঞানীলোকে বেয়াৰ পৰা আঁতৰি আহিবলৈ ইচ্ছা নকৰে। BSB BSB: Desire fulfilled is sweet to the soul, but turning from evil is detestable to fools.
20 ULB জ্ঞানীলোকৰ সঙ্গত থাকা, তাতে তুমিও জ্ঞানী হবা; কিন্তু অজ্ঞানীলোকৰ সঙ্গীয়ে কষ্ট ভোগ কৰিব। BSB BSB: He who walks with the wise will become wise, but the companion of fools will be destroyed.
21 ULB দুৰ্যোগে পাপীৰ পাছত দৌৰ মাৰে; কিন্তু যিসকলে সত্যতাত চলে, তেওঁলোকে উত্তম পুৰস্কাৰ পায়। BSB BSB: Disaster pursues sinners, but prosperity is the reward of the righteous.
22 ULB ভাল ব্যক্তিয়ে নিজৰ নাতি-নাতিনীয়েকৰ বাবে উত্তৰাধিকাৰ এৰি যায়; কিন্তু পাপীৰ ধন সম্পত্তি সত্যতাত চলাজনৰ বাবে সংৰক্ষিত হয়। BSB BSB: A good man leaves an inheritance to his children’s children, but the sinner’s wealth is passed to the righteous.
23 ULB দুখীয়াসকলে নতুন মাটিত চহালে বহুতো শস্য উৎপন্ন হয়; কিন্তু অন্যায়ৰ দ্বাৰাই ই নষ্ট হয়। BSB BSB: Abundant food is in the fallow ground of the poor, but without justice it is swept away.
24 ULB যি জনে নিজৰ সন্তানক নিয়মানুৱৰ্তিতাত নচলায়, তেওঁ তাক ঘিণ কৰে, কিন্তু যিজনে তাক প্রেম কৰে, তেওঁ উচিত সময়ত তাক শাস্তিও দিয়ে। BSB BSB: He who spares the rod hates his son, but he who loves him disciplines him diligently.
25 ULB যিসকলে সত্যতাত চলে, তেওঁলোকে হেঁপাহ পলোৱাকৈ আহাৰ খায়; কিন্তু দুষ্টলোক সদায় ভোকত থাকে। BSB BSB: A righteous man eats to his heart’s content, but the stomach of the wicked is empty.
Select verses for actions: Enter goes to them and Escape comes back.