1 ULB মনৰ কল্পনা মানুহৰ; কিন্তু জিভাৰ উত্তৰ যিহোৱাৰ পৰা আহে। BSB BSB: The plans of the heart belong to man, but the reply of the tongue is from the LORD.
2 ULB মানুহৰ সকলো পথ নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু যিহোৱাই আত্মাবোৰ পৰীক্ষা কৰে। BSB BSB: All a man’s ways are pure in his own eyes, but his motives are weighed out by the LORD.
3 ULB তোমাৰ কাৰ্যৰ ভাৰ যিহোৱাত সমৰ্পণ কৰা; তাতে তোমাৰ অভিপ্ৰায় সিদ্ধ হ’ব। BSB BSB: Commit your works to the LORD and your plans will be achieved.
4 ULB যিহোৱাই সেই উদ্দেশ্যে সকলোকে সৃষ্টি কৰিলে; এনে কি, তেওঁ দুষ্টলোককো দুৰ্দ্দশা-দিনৰ বাবে সৃষ্টি কৰিলে। BSB BSB: The LORD has made everything for His purpose—even the wicked for the day of disaster.
5 ULB অহঙ্কাৰী হৃদয়ৰ প্ৰত্যেক লোকক যিহোৱাই ঘিণ কৰে; যদিও তেওঁলোকে হাতত ধৰাধৰিকৈ থাকে, তথাপিও তেওঁলোকে দণ্ড নোপোৱাকৈ নাথাকিব। BSB BSB: Everyone who is proud in heart is detestable to the LORD; be assured that he will not go unpunished.
6 ULB বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য চুক্তিৰ দ্বাৰাই অপৰাধৰ প্ৰায়শ্চিত্ত হয়, আৰু যিহোৱালৈ ৰখা ভয়ৰ দ্বাৰাই মানুহ বেয়াৰ পৰা আঁতৰি আহে। BSB BSB: By loving devotion and faithfulness iniquity is atoned for, and by the fear of the LORD one turns aside from evil.
7 ULB যেতিয়া কোনো লোকৰ আচৰণে যিহোৱাক সন্তুষ্ট কৰে, তেতিয়া তেওঁ সেই জনৰ শত্রুসকলকো তেওঁৰ লগত শান্তিত থাকিব দিয়ে। BSB BSB: When a man’s ways please the LORD, He makes even the man’s enemies live at peace with him.
8 ULB অন্যায়েৰে সৈতে অধিক আয়তকৈ ন্যায়েৰে সৈতে অলপেই ভাল। BSB BSB: Better a little with righteousness than great gain with injustice.
9 ULB মানুহে হৃদয়ত নিজৰ পথৰ বিষয়ে পৰিকল্পনা কৰে; কিন্তু যিহোৱাই তেওঁৰ ভৰিৰ খোজ নিৰূপণ কৰে। BSB BSB: A man’s heart plans his course, but the LORD determines his steps.
10 ULB ৰজাৰ ওঁঠত ঈশ্বৰীয় বাক্য থাকে; বিচাৰত তেওঁৰ মুখে অন্যায়ৰ কথা নকয়। BSB BSB: A divine verdict is on the lips of a king; his mouth must not betray justice.
11 ULB সঠিক তুলাচনী যিহোৱাৰ পৰা আহে; আৰু মোনাত থকা সকলোবোৰ দগা তেওঁৰেই সৃষ্টি। BSB BSB: Honest scales and balances are from the LORD; all the weights in the bag are His concern.
12 ULB যেতিয়া ৰজাই বেয়া কৰ্ম কৰে, তেতিয়া কিছুমান অবজ্ঞা কৰিবলগীয়া বিষয় হয়, কাৰণ তেওঁৰ সিংহাসন সৎ কাৰ্য কৰাৰ দ্বাৰাই স্থাপন কৰা হৈছে। BSB BSB: Wicked behavior is detestable for kings, for a throne is established through righteousness.
13 ULB ন্যায় কথা কোৱা ওঁঠে ৰজাক আনন্দিত কৰে; আৰু তেওঁ পোনপটীয়াকৈ কথা কোৱা লোকক ভাল পায়। BSB BSB: Righteous lips are a king’s delight, and he who speaks honestly is beloved.
14 ULB ৰজাৰ ক্ৰোধ মৃত্যুৰ বাৰ্ত্তাবাহক স্বৰূপ; কিন্তু জ্ঞানী লোকে তেওঁৰ ক্রোধ শান্ত কৰিবলৈ চেষ্টা কৰে। BSB BSB: The wrath of a king is a messenger of death, but a wise man will pacify it.
15 ULB ৰজাৰ মুখমণ্ডলৰ উজ্জলতা জীৱন স্বৰূপ, আৰু তেওঁৰ অনুগ্ৰহ বসন্ত কালৰ বৰষুণৰ মেঘৰ দৰে। BSB BSB: When a king’s face brightens, there is life; his favor is like a rain cloud in spring.
16 ULB সোণতকৈ প্ৰজ্ঞা লাভ কৰা কেনে উত্তম! আৰু সুবিবেচনা নিৰ্বাচন কৰা ৰূপতকৈ কেনে উত্তম। BSB BSB: How much better to acquire wisdom than gold! To gain understanding is more desirable than silver.
17 ULB ন্যায়পৰায়ণ লোকৰ ৰাজপথ পাপৰ পৰা আঁতৰি থাকে; যি জনে নিজৰ জীৱন সুৰক্ষিত কৰে, তেওঁ নিজৰ পথৰ তত্বাৱধান কৰে। BSB BSB: The highway of the upright leads away from evil; he who guards his way protects his life.
18 ULB বিনাশৰ পূর্ব্বে অহঙ্কাৰ আহে, আৰু পতনৰ পূৰ্ব্বে মনৰ গৰ্ব্ব হয়। BSB BSB: Pride goes before destruction, and a haughty spirit before a fall.
19 ULB অহঙ্কাৰী সকলৰ সৈতে লুটদ্ৰব্য ভাগ কৰি লোৱাতকৈ, দৰিদ্ৰ সকলৰ সৈতে নম্ৰ হোৱাই ভাল। BSB BSB: It is better to be lowly in spirit among the humble than to divide the spoil with the proud.
20 ULB যিসকলে শিক্ষা লাভ কৰি অনুশীলন কৰে, তেওঁলোকে মঙ্গল বিচাৰি পায়; আৰু যি সকলে যিহোৱাত নিৰ্ভৰ কৰে, তেওঁলোক সুখী হয়। BSB BSB: Whoever heeds instruction will find success, and blessed is he who trusts in the LORD.
21 ULB যিজন হৃদয়েৰে জ্ঞানী, তেওঁক সুবিবেচক বুলি কোৱা হয়, আৰু মৃদু কথাই শিক্ষা দিয়া সক্ষমতা বৃদ্ধি কৰে। BSB BSB: The wise in heart are called discerning, and pleasant speech promotes instruction.
22 ULB বিবেচক লোকৰ বাবে সুবিবেচনা জীৱনৰ ভুমুকস্বৰূপ; কিন্তু অজ্ঞানী সকলৰ শাস্তি তেওঁলোকৰ অজ্ঞানতা। BSB BSB: Understanding is a fountain of life to its possessor, but the discipline of fools is folly.
23 ULB জ্ঞানী লোকৰ হৃদয়ে তেওঁৰ মুখেৰে জ্ঞান প্রকাশ কৰে; আৰু তেওঁৰ ওঁঠত বিশ্বাসৰ কথা থাকে। BSB BSB: The heart of the wise man instructs his mouth and adds persuasiveness to his lips.
24 ULB সন্তোষজনক বাক্য মৌচাকৰ দৰে; সেয়ে আত্মালৈ মিঠা, আৰু হাড়বোৰলৈ আৰোগ্য স্বৰূপ। BSB BSB: Pleasant words are a honeycomb, sweet to the soul and healing to the bones.
25 ULB এনে পথ আছে, যি মানুহৰ দৃষ্টিত শুদ্ধ; কিন্তু শেষতে সেয়ে মৃত্যুৰ পথ হয়। BSB BSB: There is a way that seems right to a man, but its end is the way of death.
26 ULB পৰিশ্ৰমী লোকৰ ক্ষুধাই তেওঁক পৰিশ্ৰম কৰায়; তেওঁৰ ক্ষুধাই তেওঁক উদগায়। BSB BSB: A worker’s appetite works for him because his hunger drives him onward.
27 ULB নিষ্কৰ্মা লোকে দুষ্কর্ম খান্দি উলিয়াই, আৰু তেওঁৰ কথা জলন্ত আঙঠাৰ দৰে। BSB BSB: A worthless man digs up evil, and his speech is like a scorching fire.
28 ULB উচ্ছৃঙ্খল লোকে বিবাদ সৃষ্টি কৰে; পৰচৰ্চ্চাকাৰীয়ে প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়। BSB BSB: A perverse man spreads dissension, and a gossip divides close friends.
29 ULB অত্যাচাৰী লোকে নিজৰ চুবুৰীয়াক মিছা কথা কয়; আৰু যি পথ বেয়া, সেই পথলৈ তেওঁক লৈ যায়। BSB BSB: A violent man entices his neighbor and leads him down a path that is not good.
30 ULB যিজনে চকু টিপিয়াই, তেওঁ অসৎ বিষয়ৰ পৰিকল্পনা কৰে। যিসকলে ওঁঠ কামুৰে তেওঁলোকে পাপ কাৰ্য হ’বলৈ দিয়ে। BSB BSB: He who winks his eye devises perversity; he who purses his lips is bent on evil.
31 ULB পকা চুলি গৌৰৱৰ মুকুট। সৎ পথত চলাৰ দ্বাৰাই ইয়াক পোৱা যায়। BSB BSB: Gray hair is a crown of glory; it is attained along the path of righteousness.
32 ULB ক্ৰোধত ধীৰ লোক বীৰতকৈ উত্তম; আৰু নিজৰ মনক দমন কৰা লোক নগৰ জয়কাৰীতকৈয়ো শ্ৰেষ্ঠ। BSB BSB: He who is slow to anger is better than a warrior, and he who controls his temper is greater than one who captures a city.
33 ULB চিঠি-খেলৰ গুটি কোঁচত পৰে, কিন্তু সিদ্ধান্ত যিহোৱাৰ পৰা হয়। BSB BSB: The lot is cast into the lap, but its every decision is from the LORD.
Select verses for actions: Enter goes to them and Escape comes back.