1 ULB নিজৰ সিদ্ধতাত চলা দৰিদ্ৰ লোক, কোনো এজন কথাত বিপথগামী আৰু অজ্ঞানী লোকতকৈ ভাল। BSB BSB: Better a poor man who walks with integrity than a fool whose lips are perverse.
2 ULB জ্ঞানৰ অবিহনে অভিপ্রায় থকা ভাল নহয়; আৰু যি জনে বেগেৰে যায়, তেওঁ পথ হেৰুৱাই। BSB BSB: Even zeal is no good without knowledge, and he who hurries his footsteps misses the mark.
3 ULB মানুহৰ অজ্ঞানতাই তেওঁৰ জীৱন ধ্বংস কৰে; আৰু তেওঁৰ হৃদয় যিহোৱাৰ বিৰুদ্ধে ক্রোধাম্বিত হয়। BSB BSB: A man’s own folly subverts his way, yet his heart rages against the LORD.
4 ULB ধন-সম্পত্তিয়ে অনেক বন্ধু একত্রিত কৰে; কিন্তু দৰিদ্ৰ লোক নিজৰ বন্ধুসকলৰ পৰা বিছিন্ন হয়। BSB BSB: Wealth attracts many friends, but a poor man is deserted by his friend.
5 ULB মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; আৰু যি জনে মিছা কথা কয় তেৱোঁ অব্যাহতি নাপায়। BSB BSB: A false witness will not go unpunished, and one who utters lies will not escape.
6 ULB অনেক লোকে অনুগ্ৰহ পাবলৈ দয়ালু লোকৰ আগত নিবেদন কৰে, আৰু যি জনে উপহাৰ দিয়ে, তেওঁৰ সকলো বন্ধু হয়। BSB BSB: Many seek the favor of the prince, and everyone is a friend of the gift giver.
7 ULB যদি দৰিদ্ৰ লোকৰ ভায়েক সকলে তেওঁক ঘিণ কৰে; তেনেহলে তাতকৈ কিমান অধিক পৰিমাণে তেওঁৰ বন্ধুসকল তেওঁৰ পৰা আঁতৰি যাব! তেওঁ তেওঁলোকক আহ্বান কৰে, কিন্তু তেওঁলোক আতৰি যায়। BSB BSB: All the brothers of a poor man hate him—how much more do his friends avoid him! He may pursue them with pleading, but they are nowhere to be found.
8 ULB যিজনে জ্ঞান লাভ কৰে, তেওঁ নিজৰ প্ৰাণক প্ৰেম কৰে, যিজনে বিবেচনা শক্তি ৰাখে, তেওঁ যি ভাল তাক বিচাৰি পায়। BSB BSB: He who acquires wisdom loves himself; one who safeguards understanding will find success.
9 ULB মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; কিন্তু মিছা কথা কোৱা জন বিনষ্ট হ’ব। BSB BSB: A false witness will not go unpunished, and one who pours out lies will perish.
10 ULB অজ্ঞানী লোকে বিলাসীতা জীৱন যাপন কৰা অনুপযুক্ত; তেনেহলে ৰাজকুমাৰৰ ওপৰত দাসে শাসন কৰা তাতকৈ কিমান অধিক পৰিমাণে অনুপযুক্ত! BSB BSB: Luxury is unseemly for a fool—how much worse for a slave to rule over princes!
11 ULB মানুহৰ বিবেচনাই তেওঁক ক্ৰোধত ধীৰ কৰে, আৰু অপৰাধ অৱমাননা কৰা তেওঁৰ গৌৰৱ। BSB BSB: A man’s insight gives him patience, and his virtue is to overlook an offense.
12 ULB ৰজাৰ ক্ৰোধ ডেকা সিংহৰ গৰ্জ্জনৰ দৰে; কিন্তু তেওঁৰ অনুগ্ৰহ ঘাঁহৰ ওপৰত পৰা নিয়ৰৰ দৰে। BSB BSB: A king’s rage is like the roar of a lion, but his favor is like dew on the grass.
13 ULB মুর্খ পুত্ৰই পিতৃলৈ ধ্বংস আনে, আৰু কন্দল কৰা মহিলা টোপ-টোপকৈ পৰি থকা পানীৰ দৰে। BSB BSB: A foolish son is his father’s ruin, and a quarrelsome wife is like a constant dripping.
14 ULB ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ; কিন্তু জ্ঞানৱতী ভাৰ্যা যিহোৱাৰ পৰা পোৱা যায়। BSB BSB: Houses and wealth are inherited from fathers, but a prudent wife is from the LORD.
15 ULB এলাহে মানুহক দুৰ্ঘোৰ নিদ্রাত পেলায়, কিন্তু যিজনে কাম কৰিবলৈ ইচ্ছা নকৰে, তেওঁ ভোকত থাকিব। BSB BSB: Laziness brings on deep sleep, and an idle soul will suffer hunger.
16 ULB যি জনে আজ্ঞা পালন কৰে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যি জনে নিজৰ পথৰ বিষয়ে চিন্তা নকৰে, তেওঁৰ মৃত্যু হ’ব। BSB BSB: He who keeps a commandment preserves his soul, but he who is careless in his ways will die.
17 ULB যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব। BSB BSB: Kindness to the poor is a loan to the LORD, and He will repay the lender.
18 ULB আশা থাকোতে নিজৰ সন্তানক নিয়মানুবৰ্তিতা শিকোৱা; আৰু সন্তানক মাৰি পেলোৱাৰ কথা হৃদয়ত নাভাবিবা। BSB BSB: Discipline your son, for in that there is hope; do not be party to his death.
19 ULB অতি ক্ৰোধী মানুহে দণ্ড পোৱা উচিত; যদি তুমি তেওঁক মুক্ত কৰা, তেনেহলে তুমি দ্বিতীয় বাৰৰ বাবেও কৰিব লাগিব। BSB BSB: A man of great anger must pay the penalty; if you rescue him, you will have to do so again.
20 ULB তুমি জীৱনৰ শেষ বয়সত জ্ঞানী হ’বলৈ পৰামৰ্শ শুনা, আৰু নিৰ্দেশ গ্ৰহণ কৰা। BSB BSB: Listen to counsel and accept discipline, that you may be wise the rest of your days.
21 ULB মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে; কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব। BSB BSB: Many plans are in a man’s heart, but the purpose of the LORD will prevail.
22 ULB আনুগত্য মানুহৰ ইচ্ছাৰে হয়, আৰু মিছলীয়াতকৈ দৰিদ্ৰ লোক ভাল। BSB BSB: The desire of a man is loving devotion; better to be poor than a liar.
23 ULB যিহোৱাক তেওঁৰ পাবলগীয়া সন্মান দিয়া, আৰু সেয়ে তোমাৰ জীৱনদায়ক হ’ব, আৰু যি জনৰ সেয়া আছে, তেওঁ তৃপ্ত হৈ থাকিব; আৰু তেওঁ অনিষ্টৰ দ্বাৰাই পীড়িত নহ’ব। BSB BSB: The fear of the LORD leads to life, that one may rest content, without visitation from harm.
24 ULB এলেহুৱাই পাত্ৰৰ আহাৰত হাত সুমুৱাই, এনেকি পুনৰায় মুখলৈ ঘুৰাই নিব নোৱাৰিব। BSB BSB: The slacker buries his hand in the dish; he will not even bring it back to his mouth.
25 ULB নিন্দকক প্ৰহাৰ কৰা, তাতে অশিক্ষিত দূৰদর্শী হ’ব; আৰু সুবিবেচকক অনুযোগ কৰা, তাতে তেওঁ জ্ঞান লাভ কৰিব। BSB BSB: Strike a mocker, and the simple will beware; rebuke the discerning man, and he will gain knowledge.
26 ULB যি পুত্ৰই পিতৃক লুট কৰে, আৰু মাতৃক খেদি দিয়ে, তেওঁ এনে পুত্র যি জনে লাজ আৰু অপমান আনে। BSB BSB: He who assaults his father or evicts his mother is a son who brings shame and disgrace.
27 ULB হে মোৰ পুত্র, যদি তুমি উপদেশ শুনিবলৈ এৰি দিয়া, তুমি জ্ঞানৰ বাক্যৰ পৰা ভ্রান্ত হবা। BSB BSB: If you cease to hear instruction, my son, you will stray from the words of knowledge.
28 ULB দুৰ্নীতিগ্রস্ত সাক্ষীয়ে ন্যায় বিচাৰৰ নিন্দা কৰে, আৰু দুষ্টসকলৰ মুখে অপৰাধ গ্ৰাস কৰে। BSB BSB: A corrupt witness mocks justice, and a wicked mouth swallows iniquity.
29 ULB নিন্দকসকলৰ বাবে দণ্ড যুগুত আছে, আৰু অজ্ঞানী সকলৰ পিঠিৰ বাবে সাঁচ বহা কোব যুগুত আছে। BSB BSB: Judgments are prepared for mockers, and beatings for the backs of fools.
Select verses for actions: Enter goes to them and Escape comes back.