Psalm 101 101 Psalms Book 4 Assamese Unlocked Literal Bible 1 ULB মই দয়া আৰু ন্যায়বিচাৰৰ গীত গাম; হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম। BSB BSB: A Psalm of David. I will sing of Your loving devotion and justice; to You, O LORD, I will sing praises.
2 ULB মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম। BSB BSB: I will ponder the way that is blameless—when will You come to me? I will walk in my house with integrity of heart.
3 ULB মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম; বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ, সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব। BSB BSB: I will set no worthless thing before my eyes. I hate the work of those who fall away; it shall not cling to me.
4 ULB কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব; দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব। BSB BSB: A perverse heart shall depart from me; I will know nothing of evil.
5 ULB যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে, তেওঁক মই উচ্ছন্ন কৰিম; গর্বিত দৃষ্টি আৰু অহঙ্কাৰী মনৰ লোকক মই সহ্য নকৰিম। BSB BSB: Whoever slanders his neighbor in secret, I will put to silence; the one with haughty eyes and a proud heart, I will not endure.
6 ULB দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব; তেওঁলোকে মোৰ সৈতে বাস কৰিব। যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ’ব। BSB BSB: My eyes favor the faithful of the land, that they may dwell with me; he who walks in the way of integrity shall minister to me.
7 ULB ছলনাকাৰীসকল মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব; মিথ্যাবাদীসকল মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব। BSB BSB: No one who practices deceit shall dwell in my house; no one who tells lies shall stand in my presence.
8 ULB প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম; যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম। BSB BSB: Every morning I will remove all the wicked of the land, that I may cut off every evildoer from the city of the LORD.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 101
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 101, and keep Opened free for readers who can’t pay.