1 ULB হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা; মোৰ কাতৰোক্তি তোমাৰ আগত উপস্থিত হওক। BSB BSB: A prayer of one who is afflicted, when he grows faint and pours out his lament before the LORD. Hear my prayer, O LORD; let my cry for help come before You.
2 ULB সঙ্কটৰ কালত তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; মোলৈ কাণ পাতা; মই প্ৰাৰ্থনা কৰা কালত শীঘ্ৰে মোক উত্তৰ দিয়া। BSB BSB: Do not hide Your face from me in my day of distress. Incline Your ear to me; answer me quickly when I call.
3 ULB কিয়নো ধুঁৱাৰ নিচিনাকৈ মোৰ দিনবোৰ বিলীন হৈ গৈছে, মোৰ অস্থিবোৰ যেন অগ্নিশালৰ জুইত জ্বলিছে। BSB BSB: For my days vanish like smoke, and my bones burn like glowing embers.
4 ULB ৰ’দৰ তাপত লেৰেলি যোৱা ঘাঁহৰ নিচিনাকৈ মোৰ হৃদয় শুকাই গৈছে; এনে কি মই ভোজন কৰিবলৈও পাহৰি যাওঁ। BSB BSB: My heart is afflicted, and withered like grass; I even forget to eat my bread.
5 ULB মই বৰকৈ কেকাঁই থকাত মোৰ অস্থিবোৰ শৰীৰৰ ছালত লাগি গৈছে। BSB BSB: Through my loud groaning my skin hangs on my bones.
6 ULB মই মৰুভূমিত বাস কৰা অকলশৰীয়া এটি ফেঁচাৰ নিচিনা হ’লো, ধ্বংসস্তূপত থকা সৰু ফেঁচাটোৰ দৰে হ’লো। BSB BSB: I am like a desert owl, like an owl among the ruins.
7 ULB মই টোপনি যাব নোৱাৰো; ঘৰৰ চালত থকা অকলশৰীয়া চৰাইজনীৰ সদৃশ হ’লো। BSB BSB: I lie awake; I am like a lone bird on a housetop.
8 ULB মোৰ শত্ৰুবোৰে দিনে-ৰাতিয়ে মোক বিদ্রূপ কৰে; মোৰ বিৰুদ্ধে খঙত উন্মত্ত লোকসকলে মোৰ নাম শাও ৰূপে ব্যৱহাৰ কৰে। BSB BSB: All day long my enemies taunt me; they ridicule me and curse me.
9 ULB বাস্তৱিক মই আহাৰ স্বৰূপে ভস্ম খাওঁ; পেয় দ্রব্যৰে সৈতে মোৰ চকুলো মিহলাও; BSB BSB: For I have eaten ashes like bread and mixed my drink with tears
10 ULB ইয়াৰ কাৰণ হৈছে তোমাৰ ৰোষ আৰু তোমাৰ ক্রোধ; কিয়নো তুমি মোক ওপৰলৈ তুলি দলিয়াই পেলাই দিলা। BSB BSB: because of Your indignation and wrath, for You have picked me up and cast me aside.
11 ULB মোৰ দিনবোৰ সন্ধ্যা পৰৰ ছাঁৰ নিচিনা হৈছে; মই তৃণৰ দৰে শুকাই গৈছোঁ। BSB BSB: My days are like lengthening shadows, and I wither away like grass.
12 ULB কিন্তু, হে যিহোৱা, তুমি হ’লে তোমাৰ সিংহাসনত চিৰকাললৈকে থাকা; তোমাৰ নামৰ যশস্যা পুৰুষে পুৰুষে স্থায়ী। BSB BSB: But You, O LORD, sit enthroned forever; Your renown endures to all generations.
13 ULB তুমি উঠিবা, চিয়োনলৈ কৃপা কৰিবা; এতিয়াই তাৰ প্রতি দয়া কৰাৰ সময় হৈছে, কাৰণ নিৰূপিত সময় উপস্থিত হ’ল। BSB BSB: You will rise up and have compassion on Zion, for it is time to show her favor—the appointed time has come.
14 ULB তোমাৰ দাসসকলৰ ওচৰত তাৰ শিলবোৰ প্রিয়, তাৰ ধুলিকণাৰ ওপৰতো তেওঁলোকৰ মমতা আছে। BSB BSB: For Your servants delight in her stones and take pity on her dust.
15 ULB যিহোৱাৰ নামক সকলো জাতিয়ে ভয় কৰিব, পৃথিৱীৰ সমুদায় ৰজা তোমাৰ প্রতাপত ভীত হ’ব। BSB BSB: So the nations will fear the name of the LORD, and all the kings of the earth will fear Your glory.
16 ULB কিয়নো যিহোৱাই পুণৰ চিয়োনক নিৰ্ম্মান কৰিব; তেওঁ নিজৰ মহিমাৰে দৰ্শন দিব। BSB BSB: For the LORD will rebuild Zion; He has appeared in His glory.
17 ULB সেই সময়ত তেওঁ দীনহীনসকলৰ প্রার্থনাৰ উত্তৰ দিব, তেওঁলোকৰ প্রার্থনাক তেওঁ অগ্রাহ্য নকৰিব। BSB BSB: He will turn toward the prayer of the destitute; He will not despise their prayer.
18 ULB ভাৱী বংশধৰসকলৰ কাৰণে এই সকলো কথা লিখি থোৱা হ’ব, যাতে এতিয়া জন্ম নোহোৱা সন্তানসকলেও যিহোৱাৰ প্রশংসা কৰিব পাৰে। BSB BSB: Let this be written for the generation to come, so that a people not yet created may praise the LORD.
19 ULB কিয়নো তেওঁৰ পবিত্র উচ্চ স্থানৰ পৰা তেওঁ তললৈ দৃষ্টি কৰিলে; যিহোৱাই স্বর্গৰ পৰা পৃথিৱীলৈ দৃষ্টিপাত কৰিলে, BSB BSB: For He looked down from the heights of His sanctuary; the LORD gazed out from heaven to earth
20 ULB যাতে বন্দীসকলৰ কেকঁনি শুনিব পাৰে, মৃত্যুদণ্ডৰে অভিযুক্ত সকলক মুক্ত কৰিব পাৰে। BSB BSB: to hear a prisoner’s groaning, to release those condemned to death,
21 ULB চিয়োনত যিহোৱাৰ নাম প্রচাৰিত হ’ব, যিৰূচালেমত তেওঁৰ প্ৰশংসা-স্তুতি হ’ব, BSB BSB: that they may proclaim the name of the LORD in Zion and praise Him in Jerusalem,
22 ULB যেতিয়া যিহোৱাৰ সেৱা কৰিবৰ কাৰণে সকলো জাতি আৰু ৰাজ্যবোৰ একেলগে একত্রিত হ’ব। BSB BSB: when peoples and kingdoms assemble to serve the LORD.
23 ULB জীৱন পথৰ মাজতেই তেওঁ মোৰ শক্তি কমাই দিলে; মোৰ আয়ুস চুটি কৰি দিলে। BSB BSB: He has broken my strength on the way; He has cut short my days.
24 ULB সেয়ে মই কৈছো, “হে মোৰ ঈশ্বৰ, জীৱনৰ মাজভাগতে তুমি মোক তুলি নিনিবা; তোমাৰ বছৰবোৰতো সর্বপুৰুষলৈকে স্থায়ী।” BSB BSB: I say: “O my God, do not take me in the midst of my days! Your years go on through all generations.
26 ULB সেইবোৰ ধ্বংস হৈ যাব, কিন্তু তুমি হ’লে চিৰকাল থাকিবা; কাপোৰৰ দৰে সেই সকলো জীৰ্ণ হৈ যাব; তুমি সেইবোৰক বস্ত্ৰৰ নিচিনাকৈ সলনি কৰিবা; তাতে সেইবোৰ আৰু নাথাকিব। BSB BSB: They will perish, but You remain; they will all wear out like a garment. Like clothing You will change them, and they will be passed on.
27 ULB কিন্তু তুমি হ’লে সদায় একে, তোমাৰ বছৰৰ কেতিয়াও শেষ নহ’ব। BSB BSB: But You remain the same, and Your years will never end.
28 ULB তোমাৰ দাসসকলৰ সন্তানসকল জীয়াই থাকিব; তেওঁলোকৰ বংশধৰসকল তোমাৰ উপস্থিতিত থিৰে থাকিব। BSB BSB: The children of Your servants will dwell securely, and their descendants will be established before You.”
Select verses for actions: Enter goes to them and Escape comes back.