1 ULB হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা। BSB BSB: Of David. Bless the LORD, O my soul; all that is within me, bless His holy name.
2 ULB হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ উপকাৰবোৰ নাপাহৰিবা। BSB BSB: Bless the LORD, O my soul, and do not forget all His kind deeds—
3 ULB যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে, BSB BSB: He who forgives all your iniquities and heals all your diseases,
4 ULB যি জনাই তোমাৰ জীৱন বিনাশৰ গর্তৰ পৰা মুক্ত কৰে, যি জনাই অসীম দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে, BSB BSB: who redeems your life from the Pit and crowns you with loving devotion and compassion,
5 ULB যি জনাই উত্তম দ্রব্যৰে তোমাৰ মুখ তৃপ্ত কৰে, তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱন কাল দিব। BSB BSB: who satisfies you with good things, so that your youth is renewed like the eagle’s.
6 ULB যিহোৱাই উচিত কাৰ্য্য কৰে; উপদ্ৰৱ পোৱা লোকসকলৰ পক্ষে বিচাৰ নিষ্পত্তি কৰে। BSB BSB: The LORD executes righteousness and justice for all the oppressed.
7 ULB তেওঁ মোচিক নিজৰ পথবোৰ, আৰু ইস্ৰায়েলৰ বংশধৰসকলক নিজৰ কাৰ্য্যবোৰ জনালে BSB BSB: He made known His ways to Moses, His deeds to the people of Israel.
8 ULB যিহোৱা স্নেহশীল আৰু কৃপাময়। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান। BSB BSB: The LORD is compassionate and gracious, slow to anger, abounding in loving devotion.
9 ULB তেওঁ সদায় ধমকি দি নাথাকিব, চিৰকাললৈকে ক্ৰোধো নাৰাখিব। BSB BSB: He will not always accuse us, nor harbor His anger forever.
10 ULB তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য্য কৰা নাই, আমাৰ অধৰ্ম্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই। BSB BSB: He has not dealt with us according to our sins or repaid us according to our iniquities.
11 ULB কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ, তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়া সিমান মহৎ। BSB BSB: For as high as the heavens are above the earth, so great is His loving devotion for those who fear Him.
12 ULB পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে। BSB BSB: As far as the east is from the west, so far has He removed our transgressions from us.
13 ULB বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাসকলক স্নেহ কৰে; BSB BSB: As a father has compassion on his children, so the LORD has compassion on those who fear Him.
14 ULB কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে। BSB BSB: For He knows our frame; He is mindful that we are dust.
15 ULB মানুহৰ আয়ুস তৃণৰ নিচিনা; যেনেকৈ পথাৰৰ ফুল, তেনেকৈয়ে তেওঁ প্ৰফুল্লিত হয়। BSB BSB: As for man, his days are like grass—he blooms like a flower of the field;
16 ULB ফুলৰ ওপৰেদি বতাহ বলিলেই ফুল সৰি নাইকিয়া হয়; সেই স্থানেও তাক চিনি নাপাব। BSB BSB: when the wind passes over, it vanishes, and its place remembers it no more.
17 ULB কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে, আৰু তেওঁৰ ধার্মিকতা বংশৰ পিছত বংশ ধৰি বর্তি থাকে। BSB BSB: But from everlasting to everlasting the loving devotion of the LORD extends to those who fear Him, and His righteousness to their children’s children—
18 ULB তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোৱঁৰণ কৰি পালন কৰে। BSB BSB: to those who keep His covenant and remember to obey His precepts.
19 ULB যিহোৱাই স্বৰ্গত নিজৰ সিংহাসন স্থাপন কৰিলে; তেওঁৰ শাসন সকলোৰে ওপৰত আছে। BSB BSB: The LORD has established His throne in heaven, and His kingdom rules over all.
20 ULB হে যিহোৱাৰ দূতসকল! তোমালোক পৰাক্রমী বীৰ; যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, তোমালোকে তেওঁৰ ধন্যবাদ কৰা; BSB BSB: Bless the LORD, all His angels mighty in strength who carry out His word, who hearken to the voice of His command.
21 ULB হে যিহোৱাৰ বাহিনীসমূহ! যিহোৱাৰ ইচ্ছা পূৰণ কৰা তেওঁৰ পৰিচাৰকসকল, তেওঁৰ ধন্যবাদ কৰা। BSB BSB: Bless the LORD, all His hosts, you servants who do His will.
22 ULB হে যিহোৱাৰ সকলো নির্মিত বস্তু, তেওঁৰ অধীনৰ সকলো স্থানত তেওঁৰ ধন্যবাদ কৰা; হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। BSB BSB: Bless the LORD, all His works in all places of His dominion. Bless the LORD, O my soul!
Select verses for actions: Enter goes to them and Escape comes back.